James 3:2 in Assamese 2 কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ।
Other Translations King James Version (KJV) For in many things we offend all. If any man offend not in word, the same is a perfect man, and able also to bridle the whole body.
American Standard Version (ASV) For in many things we all stumble. If any stumbleth not in word, the same is a perfect man, able to bridle the whole body also.
Bible in Basic English (BBE) For we all go wrong in a number of things. If a man never makes a slip in his talk, then he is a complete man and able to keep all his body in control.
Darby English Bible (DBY) For we all often offend. If any one offend not in word, *he* [is] a perfect man, able to bridle the whole body too.
World English Bible (WEB) For in many things we all stumble. If anyone doesn't stumble in word, the same is a perfect man, able to bridle the whole body also.
Young's Literal Translation (YLT) for we all make many stumbles; if any one in word doth not stumble, this one `is' a perfect man, able to bridle also the whole body;
Cross Reference 1 Kings 8:46 in Assamese 46 ধৰি লওঁক, তেওঁলোকে যদি আপোনাৰ বিৰুদ্ধে পাপ কৰে, (কিয়নো পাপ নকৰা মানুহ কোনো নাই;) আৰু আপুনি তেওঁলোকলৈ ক্রুদ্ধ হৈ তেওঁলোকক যদি শত্ৰুৰ হাতত সোধাই দিয়ে, আৰু তাতে যদি তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকক বন্দী কৰি দূৰত বা ওচৰত থকা শত্ৰুৰ দেশলৈ লৈ যায়,
2 Chronicles 6:36 in Assamese 36 তেওঁলোকে যদি আপোনাৰ বিৰুদ্ধে পাপ কৰে - কিয়নো পাপ নকৰা মানুহ কোনো নাই - আৰু আপুনি তেওঁলোকলৈ ক্ৰুদ্ধ হৈ তেওঁলোকক শত্ৰুৰ হাতত শোধাই দিয়ে আৰু তাতে তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকক বন্দী কৰি, দূৰত বা ওচৰত থকা দেশলৈ লৈ যায়,
Psalm 34:13 in Assamese 13 তুমি দুষ্টতাৰ পৰা তোমাৰ জিভা আৰু ছলনা বাক্যৰ পৰা তোমাৰ ওঁঠক ৰাখা।
Proverbs 13:3 in Assamese 3 যিজনে নিজৰ মুখ চম্ভালে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যিজনে মুখ বহলকৈ মেলে, তেওঁৰ সৰ্ব্বনাশ হয়।
Proverbs 20:9 in Assamese 9 কোনে ক’ব পাৰে “মই মোৰ হৃদয় শুদ্ধ কৰি ৰাখিছোঁ, আৰু মোৰ পাপৰ পৰা মই মুক্ত হ’লোঁ?
Ecclesiastes 7:20 in Assamese 20 পৃথিৱীত বাস্তৱিক এনে কোনো সৎলোক নাই, যি জনে ভাল কাম কৰে আৰু কেতিয়াও পাপ নকৰে।
Isaiah 64:6 in Assamese 6 কিয়নো আমি সকলোৱেই অশুচি লোকৰ সদৃশ হলোঁ, আৰু আমাৰ সকলো ধাৰ্ম্মিকতা চুৱা কাপোৰৰ দৰে হল; আমি সকলোৱে পাতৰ দৰে জয় পৰিছোঁ, আৰু আমাৰ অপৰাধবোৰে বতাহৰ দৰে আমাক উড়ুৱাই লৈ গৈছে।
Matthew 12:37 in Assamese 37 কিয়নো আপোনালোকৰ নিজৰ কথাৰ দ্বাৰাই আপোনালোক নিৰ্দ্দোষী বুলি প্ৰমাণিত হ’ব আৰু আপোনালোকৰ নিজৰ কথাৰ দ্বাৰাই আপোনালোকক দোষী বুলি প্ৰমাণিত কৰা হ’ব।
Romans 3:10 in Assamese 10 এই বিষয়ে লিখাও আছে, ‘ধাৰ্মিক কোনো নাই; এজনো নাই৷
Romans 7:21 in Assamese 21 এতেকে বিচাৰি পাইছোঁ যে, যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে, এনে এক ধাৰণা মোৰ হৈছে।
1 Corinthians 9:27 in Assamese 27 কিন্তু লোকৰ আগত ঘোষণা কৰি, শেষত নিজে যেন ঈশ্বৰৰ দৃষ্টিত অগ্ৰাহ্য নহওঁ, এই কাৰণে মই নিজ শৰীৰকো আঘাত কৰি নিয়ন্ত্রণত ৰাখিছোঁ।
Galatians 3:22 in Assamese 22 কিন্তু ধৰ্মশাস্ত্ৰৰ বচনে সকলোকে পাপৰ অধীনত ৰাখিলে। সেই বাবেই যীচু খ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই আমাক উদ্ধাৰ কৰিবলৈ ঈশ্বৰৰ সেই প্রতিজ্ঞা; যেন যি সকলে বিশ্বাস কৰে, তেওঁলোক সেই প্রতিজ্ঞাৰ অধিকাৰী হয়।
Galatians 5:17 in Assamese 17 কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে; কাৰণ আপোনালোকে যি কৰিবলৈ ইচ্ছা কৰে, তাক যেন আপোনালোকে নকৰে, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী।
Colossians 1:28 in Assamese 28 সেই জন তেৱেঁই, যি জনৰ বিষয়ে আমি প্ৰচাৰ কৰি আছোঁ৷ আমি প্ৰত্যেক জনকে সতৰ্ক কৰোঁ আৰু সকলো প্ৰজ্ঞাৰে প্ৰতিজনক শিক্ষা দি খ্ৰীষ্টক প্ৰচাৰ কৰোঁ যাতে খ্ৰীষ্টে সকলোকে ঈশ্বৰৰ ওচৰত সিদ্ধ লোক ৰূপে উপস্থিত কৰিব পাৰে৷
Colossians 4:12 in Assamese 12 ইপাফ্ৰাই আপোনালোকক মঙ্গলবাদ জনাইছে৷ তেওঁ আপোনালোকৰ মাজৰ এজন আৰু খ্ৰীষ্ট যীচুৰ দাস৷ তেওঁ সদায় প্ৰাৰ্থনাৰে আপোনালোকৰ পক্ষে প্ৰাণপণ কৰিছে, যাতে আপোনালোকে ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু নিশ্চয়কৈ স্থিৰে থাকে৷
Hebrews 13:21 in Assamese 21 তেওঁৰ দৃষ্টিত যি উত্তম, আৰু সন্তোষজনক, সেয়া তেওঁ যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাত কাৰ্য কৰক; তেওঁৰ মহিমা চিৰকাল হওক। আমেন।
James 1:4 in Assamese 4 এই কাৰণে ধৈৰ্যক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷
James 1:26 in Assamese 26 কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম-কৰ্ম ব্যৰ্থ।
James 2:10 in Assamese 10 কিয়নো কোনোৱে যদি সকলো বিধান পালন কৰোঁতে, এটা বিধানো যদি তেওঁৰ ত্ৰুটি হয়, তেনেহলে তেওঁ সকলো আইন ভংগ কৰিলে আৰু দোষী হ’ল৷
James 3:5 in Assamese 5 সেইদৰে জিভাও অতি ক্ষুদ্ৰ অঙ্গ কিন্তু ই মহা-দৰ্পৰ কথা কয়। লক্ষ্য কৰক, যে সৰু জুইৰ ফিৰিঙতি এটিয়ে কিমান ডাঙৰ হাবি পুৰি পেলায়!
1 Peter 3:10 in Assamese 10 “কাৰণ, যি জনে জীৱনক প্ৰেম কৰিবলৈ, আৰু মঙ্গলৰ দিন চাবলৈ ইচ্ছা কৰে, তেখেতে কু-কথাৰ পৰা নিজৰ জিভা, আৰু ছলনা-বাক্যৰ পৰা নিজৰ ওঁঠ ৰাখক;
1 Peter 5:10 in Assamese 10 আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব।
1 John 1:8 in Assamese 8 আমাৰ পাপ নাই বুলি যদি কওঁ, তেনেহলে আমি নিজেই নিজকে ভুলাওঁ; আৰু আমাৰ অন্তৰত সত্যতা নাই।