James 1:17 in Assamese 17 সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে হয়, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰা তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷
Other Translations King James Version (KJV) Every good gift and every perfect gift is from above, and cometh down from the Father of lights, with whom is no variableness, neither shadow of turning.
American Standard Version (ASV) Every good gift and every perfect gift is from above, coming down from the Father of lights, with whom can be no variation, neither shadow that is cast by turning.
Bible in Basic English (BBE) Every good and true thing is given to us from heaven, coming from the Father of lights, with whom there is no change or any shade made by turning.
Darby English Bible (DBY) Every good gift and every perfect gift comes down from above, from the Father of lights, with whom is no variation nor shadow of turning.
World English Bible (WEB) Every good gift and every perfect gift is from above, coming down from the Father of lights, with whom can be no variation, nor turning shadow.
Young's Literal Translation (YLT) every good giving, and every perfect gift is from above, coming down from the Father of the lights, with whom is no variation, or shadow of turning;
Cross Reference Genesis 1:2 in Assamese 2 পৃথিবীৰ আকাৰ নাছিল আৰু সম্পূর্ণ শূণ্য আছিল; তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল আৰু ঈশ্বৰৰ আত্মাই সেই জলৰ ওপৰত উমাই আছিল।
Genesis 1:14 in Assamese 14 তাৰ পাছত ঈশ্বৰে ক’লে, “পোহৰ হ’বলৈ আকাশত অনেক জ্যোতিবোৰ হওঁক; সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপে ব্যৱহাৰ হওঁক।
Genesis 41:16 in Assamese 16 তেতিয়া যোচেফে ফৰৌণক উত্তৰ দি ক’লে, “এইটো মোৰ বাবে অসাধ্য। ঈশ্বৰেহে ফৰৌণ ৰজাৰ সপোনৰ অর্থ বুজাই দিয়াৰ লগতে মনত শান্তনা দিব।”
Exodus 31:3 in Assamese 3 মই বচলেলক মোৰ আত্মাৰে পৰিপূৰ্ণ কৰিম, তেওঁলৈ সকলো প্রকাৰ শিল্পকৰ্মৰ বাবে প্রজ্ঞা, বুদ্ধি, আৰু জ্ঞান দিম।
Numbers 11:17 in Assamese 17 পাছত মই সেই ঠাইলৈ নামি আহি তোমাৰে সৈতে কথা হ’ম আৰু তোমাত যি আত্মা আছে, তাৰ কিছু লৈ তেওঁলোকত ৰাখিম; তাতে, তুমি যেন অকলেই লোকসকলৰ ভাৰ নোবোৱা, এইবাবে তেওঁলোকে তোমাৰ লগত লোকসকলৰ ভাৰ বব।
Numbers 23:19 in Assamese 19 ঈশ্বৰ মনুষ্য নহয়, যে তেওঁ মিছা কথা ক’ব, তেওঁ মানুহৰ সন্তানো নহয়, যে তেওঁ মন ঘূৰাব। তেওঁ কৈ জানো সিদ্ধ নকৰিব? তেওঁ বাক্য কৈ জানো সাম্ফল নকৰিব?
Deuteronomy 4:19 in Assamese 19 আকাশৰ ফালে যেতিয়া আপোনালোকে চকু তুলি চায় আৰু সূৰ্য্য, চন্দ্ৰ, তৰা আদি কৰি আকাশৰ বাহিনীবোৰ দেখে, তেতিয়া আপোনালোক সাৱধান হ’ব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আকাশৰ তলত থকা সকলো জাতিকে দিয়া এই সকলোবোৰ বস্তুলৈ আকৰ্ষিত হৈ সেইবোৰক সেৱা আৰু ভক্তি-পূজা কৰাৰ পৰাও সাৱধান হ’ব।
1 Samuel 15:29 in Assamese 29 আৰু ইস্ৰায়েলৰ যিহোৱাই কেতিয়াও মিছা কথা নকয়, বা তেওঁ মন সলনি নকৰে; কাৰণ তেওঁ মানুহ নহয় যে তেওঁ মন সলনি কৰিব।”
1 Chronicles 22:12 in Assamese 12 যেতিয়া তেওঁ ইস্রায়েলৰ দায়িত্ৱভাৰ তোমাৰ ওপৰত দিব তেতিয়া কেৱল যিহোৱাই তোমাক বুদ্ধি আৰু বিবেচনা দিয়ক, যাতে তুমি তোমাৰ ঈশ্ৱৰ যিহোৱাৰ বিধি পালন কৰিব পাৰিবা।
1 Chronicles 29:19 in Assamese 19 আপোনাৰ আজ্ঞা, সাক্ষ্য, আৰু বিধিবোৰ সম্পূৰ্ণ হৃদয়েৰে পালন কৰিবলৈ, আৰু এই সকলো কাৰ্য কৰিবলৈ, আৰু মই যি গৃহৰ বাবে ব্যৱস্থা কৰি থৈছোঁ, তাক নিৰ্মাণ কৰিবলৈ মোৰ পুত্ৰ চলোমনক সিদ্ধ মন দিয়ক।”
Psalm 19:1 in Assamese 1 গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে; আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম্ম দেখুৱায়।
Psalm 84:11 in Assamese 11 কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য্য আৰু ঢালস্বৰূপ; তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।
Psalm 122:6 in Assamese 6 তোমালোকে যিৰূচালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা; “যিসকলে যিৰূচালেমক ভাল পায়, তেওঁলোক উন্নত হওঁক।
Proverbs 2:6 in Assamese 6 কাৰণ যিহোৱাইহে প্রজ্ঞা দিয়ে, তেওঁৰে মুখৰ পৰা জ্ঞান আৰু বিবেচনা শক্তি ওলায়।
Daniel 2:21 in Assamese 21 তেওঁ সময়, আৰু কাল পৰিবৰ্তন কৰে; তেওঁ ৰজাক তেওঁৰ সিংহাসনৰ পৰা আঁতৰাই, আৰু সিংহাসনত ৰজাক বহুৱাই; তেওঁ জ্ঞানীলোকক প্রজ্ঞা দিয়ে, আৰু বিবেচকসকলক জ্ঞান দিয়ে।
Daniel 2:27 in Assamese 27 তেতিয়া দানিয়েলে ৰজাৰ আগত উত্তৰ দি ক’লে, “মহাৰাজে দাবী কৰা নিগূঢ় বিষয়, জ্ঞানসম্পন্ন লোক, বা মৃতলোকৰ সৈতে কথা পতাৰ দাবী কৰাজন, বা মায়াবী, বা জ্যোতিষীৰ দ্বাৰাই প্রকাশিত হোৱা সম্ভৱ নহয়।
Malachi 3:6 in Assamese 6 “কিয়নো মই, যিহোৱা, মোৰ কোনো পৰিবৰ্ত্তন নাই; সেয়ে, হে যাকোবৰ বংশধৰ, তোমালোক বিনষ্ট হোৱা নাই।
Matthew 7:11 in Assamese 11 তোমালোক দুষ্ট হৈয়ো যদি নিজৰ সন্তানক উত্তম বস্তু দিব জানা, তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত যি সকলে বিচাৰে, সেই লোক সকলক জানো তেওঁ অধিকৰূপে ভাল বস্তু নিদিব?
Luke 11:13 in Assamese 13 এতেকে তোমালোক দুর্জন হৈয়ো নিজ নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা, তেনেহলে তাতকৈয়ো তোমালোকৰ স্বর্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?”
John 1:9 in Assamese 9 সেই পোহৰ জগতলৈ আহিছিল আৰু সকলো মানুহকে পোহৰ দিয়া, সেই সত্য পোহৰ আছিল।
John 3:27 in Assamese 27 যোহনে উত্তৰ দিলে, “স্বৰ্গৰ পৰা দিয়া নহ’লে কোনেও একোকে লাভ কৰিব নোৱাৰে।
John 8:12 in Assamese 12 ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
1 Corinthians 4:7 in Assamese 7 কিয়নো আপুনি যে আন লোক সকলতকৈ বিশিষ্ট সেয়া কোনে দেখা পায়? ঈশ্বৰৰ পৰা যি দান হিচাপে পোৱা নাই, তেনে কি বস্তুৱেই বা আপোনাৰ আছে? আপুনি যেতিয়া দান হিচাপে পাই, তেতিয়া দান যেন পোৱা নাই, এনে দ্বিধাবোধ কৰি অহংকাৰ কিয় কৰে?
Ephesians 2:8 in Assamese 8 কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোকে পৰিত্ৰাণ পালে; আৰু সেয়ে আমাৰ পৰা নহয়; কিন্তু সেয়া ঈশ্বৰৰহে এক দান।
Titus 3:3 in Assamese 3 কিয়নো পূর্বে আমিও নির্ব্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানা বিধ অভিলাষ আৰু সুখভোগৰ সেৱাকর্ম কৰা, হিংসা আৰু ঈৰ্ষাত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলোঁ।
Hebrews 1:11 in Assamese 11 সেইবোৰ ধ্বংস হৈ যাব; কিন্তু তুমি নিত্য; সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব।
Hebrews 13:8 in Assamese 8 যীচু খ্ৰীষ্ট কালি, আজি, আৰু চিৰকাললৈকে সেই একে হৈ আছে।
James 3:17 in Assamese 17 কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, অকপট আৰু নিৰ্মল।
1 John 1:5 in Assamese 5 আমি যি বাৰ্তা তেওঁৰ পৰা শুনি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ, সেই বার্তাই হ’ল, ঈশ্বৰ পোহৰ আৰু তেওঁত আন্ধাৰ অকণ মানো নাই।
1 John 4:10 in Assamese 10 ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ, এনে নহয়; কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হ’বলৈ নিজ পুত্ৰক পঠাই দিলে, ইয়াতেই প্ৰেম আছে।
Revelation 21:23 in Assamese 23 সেই নগৰত দীপ্তিৰ বাবে সূৰ্য বা চন্দ্ৰৰ প্ৰয়োজন নাই; কিয়নো তাত ঈশ্বৰৰ মহিমাই দীপ্তি দিয়ে, আৰু মেষ-পোৱালি জন তাৰ প্ৰদীপ স্বৰূপ।
Revelation 22:5 in Assamese 5 তাতে ৰাতিও নহ’ব; আৰু চাকিৰ পোহৰ বা সূৰ্যৰ পোহৰ তেওঁলোকৰ প্ৰয়োজন নহব; কিয়নো প্ৰভু পৰমেশ্বৰে তেওঁলোকক দীপ্তি দিব আৰু তেওঁলোকে চিৰকাল ৰাজত্ব কৰিব।