Cross Reference Deuteronomy 10:17 in Assamese 17 কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ; পৰাক্রমী আৰু ভয়ঙ্কৰ ঈশ্বৰ; কাৰো মুখলৈ নাচায় আৰু উৎকোচো নলয়।
Judges 13:18 in Assamese 18 তেতিয়া যিহোৱাৰ দূতে ক’লে, “মোৰ নাম কেলেই সুধিছা? কিয়নো এই নাম অতি আশ্চৰ্য্যকৰ!”
Nehemiah 9:32 in Assamese 32 সেয়েহে এতিয়া, হে আমাৰ মহান, পৰাক্রমী, আৰু ঐশ্ৱৰ্য্যৱান ঈশ্বৰ, আপুনি নিয়ম ৰক্ষা কৰোঁতা ঈশ্ৱৰ আৰু আপোনাৰ প্রেম সদা কাললৈকে একে। ৰজা অচুৰীয়াৰ ৰাজত্ব কৰা দিনৰ পৰা আজিলৈকে আমাৰ, আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, ভাববাদী, আমাৰ পূৰ্ব-পুৰুষ, আৰু আপোনাৰ সকলো লোকৰ ওপৰলৈ অহা দুখ যাতনা আপোনাৰ দৃষ্টিত যেন নগণ্য নহওক।
Psalm 2:6 in Assamese 6 যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”
Psalm 45:3 in Assamese 3 হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা; গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা।
Psalm 45:6 in Assamese 6 হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰস্থায়ী, অনন্ত কাললৈকে থাকে; তোমাৰ ৰাজকীয় ৰাজদণ্ড ন্যায়শাসনৰ দণ্ড।
Psalm 50:1 in Assamese 1 পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে, সূৰ্য্যৰ উদয়স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে।
Psalm 72:3 in Assamese 3 পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব; পাহাৰবোৰেও ধার্মিকর্তা উৎপাদন কৰিব।
Psalm 72:7 in Assamese 7 তেওঁৰ সময়ত ধাৰ্ম্মিক জন জকমকাব; যিমান দিনলৈ চন্দ্ৰ থাকিব তিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব।
Psalm 72:17 in Assamese 17 ৰজাৰ নাম চিৰস্থায়ী হব; সূৰ্য্য থাকেমানে তেওঁৰ নাম থাকিব; লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব; সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলি ক’ব।
Psalm 85:10 in Assamese 10 গভীৰ প্রেম আৰু বিশ্বস্ততাৰ মিলন ঘটিব; ধাৰ্ম্মিকতা আৰু শান্তিয়ে পৰস্পৰে চুম্বন কৰিব।
Psalm 110:1 in Assamese 1 যিহোৱাই মোৰ প্ৰভুক ক’লে, “যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ, তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”
Proverbs 8:23 in Assamese 23 অনাদি কালৰ পৰা, পৃথিবীৰ আৰম্ভণীৰে পৰা মই স্থাপিত হৈ আছোঁ।
Isaiah 7:14 in Assamese 14 এই হেতুকে প্ৰভুৱে নিজেই তোমালোকক এটা চিন দিব: চোৱা, যুৱতী কন্যা গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁৰ নাম ইম্মানুৱেল (আমাৰ লগত ঈশ্বৰ) ৰখা হ’ব।
Isaiah 8:18 in Assamese 18 চিয়োন পৰ্বতত থকা বাহিনীসকলৰ যিহোৱাৰ পৰা যিহোৱাই চিন স্বৰূপে ইস্রায়েলৰ অদ্ভুত লক্ষ্যণৰ বাবে দিয়া পুত্রসকল আৰু মোক চোৱা,
Isaiah 10:21 in Assamese 21 যাকোবৰ অৱশিষ্ট লোকসকল পৰাক্ৰমী ঈশ্বৰলৈ ঘুৰি আহিব।
Isaiah 11:1 in Assamese 1 যিচয়ৰ মূলৰ পৰা এটি পোখা ওলাব, আৰু মূলৰ পৰা এটা শাখা ওলাই ফলৱান হ’ব।
Isaiah 11:6 in Assamese 6 কুকুৰনেচীয়া বাঘ ভেড়া পোৱালিৰ সৈতে বাস কৰিব, আৰু নাহৰফুটুকী বাঘ ছাগলী পোৱালিৰ সৈতে শুব। দামুৰি আৰু যুবা সিংহ, আৰু হৃষ্টপুষ্ট দামুৰি একেলগে থাকিব। এটি সৰু লৰাই সিহঁতক চলাব।
Isaiah 22:21 in Assamese 21 মই তোমাৰ ৰাজবস্ত্ৰ, আৰু তোমাৰ টঙালী তেওঁক পিন্ধাম, আৰু মই তোমাৰ ক্ষমতাৰ ভাৰ তেওঁৰ হাতত অৰ্পণ কৰিম। তেওঁ যিৰুচালেম নিবাসীসকলৰ আৰু যিহূদা বংশৰ পিতৃস্বৰূপ হ’ব।
Isaiah 26:3 in Assamese 3 যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পুৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে।
Isaiah 26:12 in Assamese 12 হে যিহোৱা, আপুনি আমালৈ শান্তি নিৰূপন কৰিব; কিয়নো আপুনি আমাৰ বাবে সকলো কাৰ্যকেই সিদ্ধ কৰি আহিছে।
Isaiah 28:29 in Assamese 29 যি জনা শিক্ষাত আশ্চৰ্য, আৰু প্রজ্ঞাত মহান, বাহিনীসকলৰ সেই যিহোৱাৰ পৰা এয়াও ওলাইছে।
Isaiah 45:24 in Assamese 24 লোকসকলে ক’ব “কেৱল যিহোৱাত হে পৰিত্রান আৰু শক্তি আছে।”’” যিসকলো তেওঁৰ প্রতি কুপিত তেওঁলোক তেওঁৰ সন্মুখত লাজত সঙ্কুচিত হ’ব।
Isaiah 53:2 in Assamese 2 কাৰণ তেওঁ যিহোৱাৰ আগত গছ পুলিৰ দৰে, আৰু শুকান মাটিত অঙ্কুৰিত হোৱা কোমল গজালিৰ দৰে বাঢ়ি উঠিল; তেওঁৰ কোনো বৈশিষ্ট্যপূর্ণ চেহেৰা বা ঐশ্বর্য নাছিল, আমি যেতিয়া তেওঁক চাওঁ তেতিয়া আমাক আকর্ষণ কৰিব পৰা তেওঁৰ কোনো সৌন্দৰ্য নাছিল।
Isaiah 53:5 in Assamese 5 কিন্তু আমাৰ বিদ্রোহী কার্যবোৰৰ বাবে তেওঁক খোঁচা হ’ল, আমাৰ পাপবোৰৰ বাবে গুড়ি কৰা হ’ল। আমাৰ শান্তিৰ বাবে তেওঁক শাস্তি দিয়া হ’ল, আৰু তেওঁৰ আঘাতৰ দ্বাৰাই আমি সুস্থ হলোঁ।
Isaiah 53:10 in Assamese 10 তথাপি যিহোৱাই তেওঁক আঘাতপ্রাপ্ত কৰি গুড়ি কৰিবলৈ ইচ্ছা কৰিলে; কিন্তু তোমালোকে যদি তেওঁৰ জীৱন পাপৰ বাবে উৎসর্গ কৰিব খুজিছা, তেনেহ’লে তুমি নিজৰ সন্তানসকলক দেখিবা, তেওঁৰ আয়ুস দীঘল হ’ব, আৰু যিহোৱাৰ উদ্দেশ্য তেওঁৰ যোগেদি সিদ্ধ কৰিব।
Isaiah 63:16 in Assamese 16 কাৰণ তুমি আমাৰ পিতৃ; কাৰণ অব্ৰাহামে আমাক নাজানে, আৰু ইস্ৰায়েলে আমাক স্বীকাৰ নকৰে; হে যিহোৱা, তুমিয়েই আমাৰ পিতৃ; আৰু পূৰ্ব্বকালৰে পৰা তুমি আমাৰ মুক্তিদাতা, এয়ে তোমাৰ নাম।
Isaiah 66:12 in Assamese 12 কিয়নো যিহোৱাই এই কথা কৈছে, “চোৱা, মই নদীৰ দৰে তেওঁৰ ওপৰত উন্নতি বিস্তাৰ কৰিম, সীমা বাগৰি যোৱা সোতঁৰ দৰে জাতিবিলাকৰ ঐশ্বৰ্য বঢ়াম; তোমালোকে তেওঁৰ ফালে চুপিবলৈ পাবা; তোমালোকক কোলাত লৈ নিয়া যাব, আৰু আঁঠুৰ ওপৰত নচোৱা হ’ব।
Jeremiah 23:5 in Assamese 5 যিহোৱাই কৈছে, “চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্ম্মিক গজালি উৎপন্ন কৰিম এনে কাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য্য কৰিব, আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব।
Jeremiah 31:22 in Assamese 22 হে অবিশ্ৱাসী জীয়াৰী, তুমি কিমান কাল অস্থিৰে থাকিবা? কাৰণ যিহোৱাই পৃথিৱীত এটা নতুন বস্তু সৃষ্টি কৰিলে: তিৰোতাসকলে শক্তিশালী পুৰুষসকলক আবৰি ধৰিব।
Daniel 9:24 in Assamese 24 অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্রায়শ্চিত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক’বলৈ, আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্র নগৰৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে।
Micah 5:4 in Assamese 4 যিহোৱাৰ শক্তিৰে তেওঁ থিয় হ’ব, আৰু তেওঁৰ পশুৰ জাক চৰাব, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ নামৰ মহিমাত, তেওঁলোকে বাস কৰিব; কাৰণ তেওঁ পৃথিবীৰ শেষলৈকে মহান হ’ব।
Zechariah 6:12 in Assamese 12 আৰু তুমি তেওঁক ক’বা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “চোৱা, সেই পুৰুষ জনৰ নাম পোখা! তেওঁ যি ঠাইত আছে, সেই ঠাইতেই বাঢ়িব; আৰু তেওঁ তেতিয়া যিহোৱাৰ মন্দিৰ সাজিব!
Zechariah 9:9 in Assamese 9 হে চিয়োন-জীয়াৰী, অতিশয় উল্লাস কৰা, হে যিৰূচালেম-জীয়াৰী, জয়ধ্বনি কৰা! চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।
Matthew 1:23 in Assamese 23 “চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব; এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ।”
Matthew 11:27 in Assamese 27 কিয়নো মোৰ পিতৃয়ে সকলোকে মোৰ হাতত সমৰ্পন কৰিছে; পিতৃৰ বাহিৰে পুত্রক কোনেও নাজানে; পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। পুত্ৰই যি জনৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেৱেঁই তেওঁক জানে।
Matthew 28:18 in Assamese 18 তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু এই জগতত সকলো অধিকাৰ মোক দিয়া হ’ল।
Luke 1:35 in Assamese 35 তেতিয়া স্বর্গৰ দূতে উত্তৰ দি তেওঁক ক’লে, “পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব, আৰু সর্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। এই হেতুকে সেই পবিত্র গর্ভফলৰ নাম ঈশ্বৰৰ পুত্র বুলি প্রখ্যাত হ’ব,
Luke 2:11 in Assamese 11 আজি দায়ুদৰ নগৰত তোমালোকৰ কাৰণে ত্ৰাণকর্তা জন্মিল; তেওঁ অভিষিক্ত প্ৰভু (খ্ৰীষ্ট)।
Luke 2:14 in Assamese 14 “উৰ্দ্ধলোকত ঈশ্বৰৰ মহিমা, আৰু পৃথিৱীত তেওঁৰ প্ৰীতিৰ পাত্ৰ মানুহবোৰৰ মাজত শান্তি।”
Luke 21:15 in Assamese 15 কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম।
John 1:1 in Assamese 1 আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ।
John 1:14 in Assamese 14 সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
John 1:16 in Assamese 16 আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্রহৰ ওপৰিও বিনামূলীয়া অনুগ্রহ পালোঁ।
John 3:16 in Assamese 16 কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।
John 14:27 in Assamese 27 মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।
Acts 10:36 in Assamese 36 যি জন সকলোৰে প্ৰভু, সেই যীচু খ্ৰীষ্টৰ দ্বাৰাই শান্তিৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে, ঈশ্বৰে যি বাক্য ইস্ৰায়েলৰ লোক সকললৈ পঠালে,
Acts 20:28 in Assamese 28 আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই লোক সকলৰ বাবে সাৱধান হওক, আৰু ঈশ্বৰে নিজে দান কৰা তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।
Romans 5:1 in Assamese 1 এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে।
Romans 8:32 in Assamese 32 যি জনে নিজৰ পুত্ৰক অব্যাহতি দি, আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনে আমাক তেওঁৰ সৈতে অনুগ্ৰহেৰে সকলো নিদিব নে?
Romans 9:5 in Assamese 5 ওপৰ-পুৰুষ সকলো তেওঁলোকৰেই; আৰু শৰীৰৰ সম্বন্ধে খ্ৰীষ্টও তেওঁলোকৰ পৰাই হ’ল৷ যি জন সৰ্ব্বোপৰি, সেই ঈশ্বৰ যুগে যুগে ধন্য। আমেন।
1 Corinthians 1:30 in Assamese 30 কাৰণ ঈশ্বৰৰ কার্যৰ দ্বাৰাই আপোনালোক এতিয়া খ্রীষ্ট যীচুৰ লগত যুক্ত হ’ল। খ্রীষ্টই হৈছে আমাৰ বাবে ঈশ্বৰে দিয়া জ্ঞান, তেৱেঁই আমাৰ জীৱনৰ ধাৰ্মিকতা, পবিত্রতা আৰু মুক্তি।
1 Corinthians 15:25 in Assamese 25 কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব।
2 Corinthians 5:19 in Assamese 19 সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত জগত খনক মিলন কৰিলে, তেওঁলোকৰ পাপময় বাধাবোৰ গণনা নকৰিলে; আৰু সেই মিলনৰ বার্তা আমাক গতাই দিলে।
Ephesians 1:21 in Assamese 21 সকলো শাসন, ক্ষমতা, পৰাক্ৰম, আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায়, সেই সকলো নামৰ উর্দ্ধত খ্রীষ্টৰ নাম স্থাপিত হ’ল।
Ephesians 2:14 in Assamese 14 তেৱেঁই আমাৰ শান্তি। কিয়নো তেওঁ ইহুদী আৰু অনা-ইহুদী উভয়কে এক কৰিলে। খ্রীষ্টই ক্রুচত নিজৰ দেহ উৎসর্গ কৰি আমাৰ পৰস্পৰৰ মাজৰ ঘৃণা আৰু শত্রুতাৰ প্রাচীৰ ভাঙি পেলালে।
Colossians 1:20 in Assamese 20 আৰু তেওঁৰ দ্বাৰাই সকলোবোৰ তেওঁৰে সৈতে মিলন সাধন কৰিলে৷ এই জগতত থকা হওক বা স্বৰ্গত থকা হওক, তেওঁৰ ক্ৰুচৰ পুত্ৰৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰিবলৈ ঈশ্বৰে সকলোতে ভাল দেখিলে।
Colossians 2:3 in Assamese 3 সেই খ্ৰীষ্টতেই জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে।
1 Timothy 3:16 in Assamese 16 আৰু একেলগে আমি একমত হৈ কওঁ যে, ‘ঈশ্বৰভক্তিৰ নিগূঢ় সত্য অতি মহান৷ তেওঁ মাংসত প্ৰকাশিত হ’ল, আত্মাত ধাৰ্মিক বুলি গণিত কৰা হ’ল, দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ’ল, অন্যান্য জাতি সকলৰ আগত ঘোষণা কৰা হ’ল, জগতত লোকসকলে বিশ্বাস কৰা হ’ল, মহিমাৰে তুলি নিয়া হ’ল’।
Titus 2:13 in Assamese 13 এতিয়া আমি যেন পৰমধন্য আশা সিদ্ধিৰ অৰ্থে মহান ঈশ্বৰ আৰু ত্ৰাণকর্তা যীচু খ্ৰীষ্টৰ প্ৰতাপৰ আবির্ভাৱৰ বাবে অপেক্ষা কৰি থাকো৷
Hebrews 1:8 in Assamese 8 কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক’লে, “হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাল স্থায়ী, তোমাৰ ৰাজ্যৰ শাসন, ন্যায়ৰ শাসন।
Hebrews 2:13 in Assamese 13 তেওঁ আকৌ কৈছে, “মই তেওঁকহে বিশ্বাস কৰিম।” তেওঁ আকৌ ইয়াকো কৈছে, “চোৱা, এয়া মই আৰু মোৰ সন্তান সকল, ঈশ্বৰে যি সকলক মোক দিছে।”
Hebrews 7:2 in Assamese 2 অব্ৰাহামে যি সকলো অধিকাৰ কৰিছিল, তাৰ পৰা দহ ভাগৰ এভাগ তেওঁক দিছিল; “মল্কিচেদকৰ” নামৰ অর্থ হৈছে “ধাৰ্মিকতাৰ ৰজা” আৰু তেওঁ “চালেমৰ ৰজা” অৰ্থাৎ “শান্তিৰাজ”।
Hebrews 13:20 in Assamese 20 এতিয়া শান্তিৰ ঈশ্বৰে, যি জন অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেষবোৰৰ মহান ৰক্ষক, আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা পুনৰায় আনিলে, তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে অাপোনালোকক সকলো সদবিষয়ত সিদ্ধ কৰক;
1 John 4:10 in Assamese 10 ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ, এনে নহয়; কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হ’বলৈ নিজ পুত্ৰক পঠাই দিলে, ইয়াতেই প্ৰেম আছে।
1 John 5:20 in Assamese 20 আমি ইয়াকো জানো যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানো কোন সত্য আৰু এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।
Revelation 19:16 in Assamese 16 তেওঁৰ বস্ত্ৰত আৰু কৰঙণত, এই নাম লিখা আছে, “ৰজা সকলৰো ৰজা আৰু প্ৰভু সকলৰো প্ৰভু৷”