Isaiah 9:3 in Assamese 3 তুমি সেই দেশৰ লোক বহু সংখ্যক কৰিলা, তুমি তেওঁলোকৰ আনন্দ বৃদ্ধি কৰিলা; শস্য দোৱাৰ সময়ত আনন্দ কৰাৰ দৰে, আৰু লুটদ্ৰব্য ভাগ-বাঁটি লোৱাত আনন্দ কৰা দৰে, তেওঁলোকে তোমাৰ সাক্ষাতে আনন্দ কৰে।
Other Translations King James Version (KJV) Thou hast multiplied the nation, and not increased the joy: they joy before thee according to the joy in harvest, and as men rejoice when they divide the spoil.
American Standard Version (ASV) Thou hast multiplied the nation, thou hast increased their joy: they joy before thee according to the joy in harvest, as men rejoice when they divide the spoil.
Bible in Basic English (BBE) You have made them very glad, increasing their joy. They are glad before you as men are glad in the time of getting in the grain, or when they make division of the goods taken in war.
Darby English Bible (DBY) Thou hast multiplied the nation, hast increased its joy: they joy before thee like to the joy in harvest; as [men] rejoice when they divide the spoil.
World English Bible (WEB) You have multiplied the nation, you have increased their joy: they joy before you according to the joy in harvest, as men rejoice when they divide the spoil.
Young's Literal Translation (YLT) Thou hast multiplied the nation, Thou hast made great its joy, They have joyed before Thee as the joy in harvest, As `men' rejoice in their apportioning spoil.
Cross Reference Judges 5:3 in Assamese 3 হে ৰজাসকল শুনা! নেতাসকল, মনোযোগ দিয়া! মই, ময়েই যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
1 Samuel 30:16 in Assamese 16 পাছত সেই মিচৰীয়াজনে দায়ূদক নমাই লৈ গ’ল; সেই সময়ত তেওঁলোকে গোটেই দেশত উৎসৱ পাতি ভোজন পান কৰি আছিল।
2 Chronicles 20:25 in Assamese 25 তেতিয়া যিহোচাফট আৰু তেওঁৰ লোকসকলে তেওঁলোকৰ লুটদ্ৰব্য আনিবলৈ গৈ শৱৰ লগত বহুত সম্পত্তি আৰু বহুমূল্য বাখৰ পালে৷ তেওঁলোকে সেইবোৰ নিজৰ বাবে তেওঁলোকৰ গাৰ পৰা উলিয়াই আনিলে৷ তাতে ইমান ধন হ’ল যে তেওঁলোকৰ যিমান ধন কঢ়িয়াব পৰা ক্ষমতা আছিল তাতোকৈয়ো অধিক ধন তেওঁলোকে বৈ নিলে৷ সেই লুটদ্ৰব্য ইমান অধিক আছিল যে সেইবোৰ লৈ যাবলৈ তেওঁলোকৰ তিনি দিন লাগিল।
Nehemiah 9:23 in Assamese 23 আপুনি তেওঁলোকৰ সন্তানক আকাশ-মণ্ডলৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে, আৰু তেওঁলোকক আপুনি তেওঁলোকৰ দেশলৈ আনিলে। আপুনি তেওঁলোকৰ পূৰ্ব-পুৰুষ সকলক ক’লে, “তালৈ যোৱা আৰু অধিকাৰ কৰা।”
Psalm 4:7 in Assamese 7 প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়, তাতোকৈও অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা।
Psalm 107:38 in Assamese 38 তেওঁ তেওঁলোকক আশীৰ্বাদ কৰে আৰু তেওঁলোক সংখ্যাত অতিশয় বৃদ্ধি পায়; তেওঁ তেওঁলোকৰ পশুধনবোৰক হ্রাস হবলৈ নিদিয়ে।
Psalm 119:162 in Assamese 162 মই তোমাৰ বাক্যত আনন্দ কৰো, যেনেকৈ যুদ্ধত বহুত লুটদ্ৰব্য পোৱা জনে আনন্দ কৰে।
Psalm 126:5 in Assamese 5 যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দধ্বনিৰে দাব।
Isaiah 12:1 in Assamese 1 সেই দিনা তুমি ক’বা, “হে যিহোৱা, মই আপোনাৰ ধন্যবাদ কৰিম; কাৰণ যদিও আপুনি মোৰ ওপৰত ক্ৰোধ আছিল, তথাপিও আপোনাৰ ক্ৰোধ আঁতৰিল, আৰু আপুনি মোক শান্ত্বনা দিলে।
Isaiah 16:9 in Assamese 9 বাস্তৱিকতে মই চিবমাৰ দ্রাক্ষাবাৰীৰ কাৰণে যাজেৰৰ সৈতে কান্দিম। হে হিচবোন, আৰু ইলিয়ালি, মই মোৰ চকুলোৰে পানী দিম; তোমাৰ পথাৰৰ গ্রীষ্মকালৰ ফল আৰু শস্য দোৱাৰ কাৰণে মই আনন্দৰ উচ্চধ্বনি সমাপ্ত কৰিম।
Isaiah 25:9 in Assamese 9 সেই দিনা এই দৰে কোৱা হ’ব, “চোৱা, এৱেঁই আমাৰ ঈশ্বৰ, আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আৰু এৱেঁই আমাক পৰিত্ৰাণ দিব; এৱেঁই যিহোৱা; আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আমি তেওঁৰ পৰিত্ৰাণত উল্লাসিত হৈ আনন্দ কৰিম।
Isaiah 26:15 in Assamese 15 আপুনি জাতিটো বৃদ্ধি কৰিলে; আপুনাৰ গৌৰৱ হ’ল, আপুনি দেশৰ আটাই সীমা বহল কৰিলে।
Isaiah 35:2 in Assamese 2 প্রচুৰ পৰিমানে ফুলিব, আনন্দ আৰু গানেৰে সৈতে উল্লাসিত হ’ব; লিবানোনৰ গৌৰৱ, কৰ্মিল আৰু চাৰোণৰ মহিমা তাক দিয়া হ’ব; তেওঁলোকে যিহোৱাৰ গৌৰৱ, আৰু আমাৰ ঈশ্বৰৰ জ্যোতি দেখিবলৈ পাব।
Isaiah 35:10 in Assamese 10 যিহোৱাৰ মুক্তিপণ ঘূৰি আহিব, আৰু গীত গানেৰে সৈতে চিয়োনলৈ আহিব; তেওঁলোকৰ মুৰত চিৰস্থায়ী আনন্দৰ মুকুট হ’ব; উল্লাস আৰু আনন্দই তেওঁলোকক লগ ধৰিব; শোক আৰু হুমুনিয়াহ দূৰ হৈ যাব।
Isaiah 49:20 in Assamese 20 তোমালোকৰ সন্তাপৰ সময়ত জন্ম হোৱা সন্তানসকলে তোমালোকে শুনাকৈ ক’ব, ‘এই ঠাই আমাৰ কাৰণে অতি ঠেক , আমাৰ বাবে ঠাই যুগুত কৰা; আমি যেন ইয়াত বাস কৰিব পাৰো।’
Isaiah 54:1 in Assamese 1 সন্তান জন্ম নিদিয়া মহিলা সকল গান গোৱা, কেতিয়াও প্ৰসৱ-বেদনা নোপোৱা মহিলা সকল, তোমালোকে আনন্দ গান আৰু উচ্চধ্বনিৰে উল্লাসিত হোৱা; কাৰণ যিহোৱাই কৈছে, বিবাহিত মহিলাৰ সন্তানতকৈ পৰিত্যক্ত মহিলাৰ সন্তান অধিক।
Isaiah 55:12 in Assamese 12 সেয়ে তোমালোক আনন্দেৰে বাহিৰ ওলাই যাবা, আৰু তোমালোকক শান্তিৰে নিয়া হব; পৰ্ব্বত আৰু পাহাৰবোৰে তোমালোকৰ আগত উচ্ছ-স্বৰে আনন্দ কৰিব, আৰু পথাৰত থকা গছবোৰে হাত তালি দিব ।
Isaiah 61:7 in Assamese 7 তোমালোকৰ লাজৰ পৰিৱৰ্তে তোমালোকে দুগুণ পাবা, আৰু তেওঁলোকে অপমানৰ পৰিৱৰ্তে নিজৰ অংশত আনন্দ কৰিব; সেয়ে তেওঁলোকে তেওঁলোকৰ দেশত দুগুণ অংশ লাভ কৰিব, আৰু তেওঁলোকৰ অনন্তকলীয়া আনন্দ হ’ব।
Isaiah 61:10 in Assamese 10 মই যিহোৱাত অতিশয় আনন্দ কৰিম মোৰ প্ৰাণে মোৰ ঈশ্বৰত উল্লাস কৰিব; কাৰণ তেওঁ মোক পৰিত্ৰাণৰূপ বস্ত্ৰ পিন্ধালে, আৰু ধাৰ্ম্মিকতাৰূপ চোলাৰে মোক বিভূষিত কৰিলে, যিদৰে দৰাই পাগুৰিৰে নিজকে বিভূষিত কৰে, আৰু কন্যাই যিদৰে অলঙ্কাৰেৰে নিজকে শোভিত কৰে।
Isaiah 65:18 in Assamese 18 কিন্তু মই যি সৃষ্টি কৰোঁ, তাত তোমালোকে অনন্ত কাল আনন্দ আৰু উল্লাস কৰা; কিয়নো চোৱা, মই যিৰূচালেমক উল্লাসৰ বিষয়, আৰু তাৰ লোকসকলক আনন্দৰ বিষয় কৰি সৃষ্টি কৰোঁ।
Isaiah 66:10 in Assamese 10 তেওঁক প্রেম কৰা সকলোৱে, যিৰূচালেমৰ সৈতে আনন্দ কৰা আৰু তেওঁৰ বাবে সন্তুষ্ট হোৱা, তেওঁত শোক কৰা সকলোৱে, তেওঁৰ সৈতে আনন্দ কৰা,
Jeremiah 31:7 in Assamese 7 কাৰণ যিহোৱাই এই কথা কৈছে: “তোমালোকে যাকোবৰ কাৰণে আনন্দেৰে গীত গোৱা! আৰু জাতিবোৰৰ মুখিয়ালসকলৰ কাৰণে উল্লাসেৰে জয়-ধ্বনি কৰা, প্ৰচাৰ কৰা! প্ৰশংসা কৰা। আৰু কোৱা, ‘যিহোৱাই নিজ প্ৰজা ইস্ৰায়েলৰ অৱশিষ্ট ভাগক ৰক্ষা কৰিলে।’
Jeremiah 31:12 in Assamese 12 তেতিয়া তেওঁলোকে আহি চিয়োনৰ উচ্ছস্থানত আনন্দ কৰিব। তেওঁলোকে যিহোৱাৰ সততাত আনন্দ কৰিব, যেনে ঘেহুঁ, নতুন দ্ৰাক্ষাৰস, তেল আৰু ভেড়াৰ জাকৰ পোৱালীবোৰ। কিয়নো তেওঁলোকৰ জীৱন পানী দিয়া উদ্যানৰ নিচিনা হ’ব, আৰু তেওঁলোকে কেতিয়াও পুনৰ শোক অনুভৱ নকৰিব।
Hosea 4:7 in Assamese 7 পুৰোহিতসকল সংখ্যাত যিমানে বৃদ্ধি পাইছে, সিমানে তেওঁলোকে মোৰ বিৰুদ্ধে পাপ কৰিছে; মই তেওঁলোকৰ গৌৰৱ লাজত পৰিবৰ্ত্তন কৰিম ।
Zechariah 2:11 in Assamese 11 তেতিয়া সেই দিনা অনেক জাতিয়ে যিহোৱাৰ লগ ল’ব। তেওঁ ক’ব, “তোমালোক মোৰ প্ৰজা হ’বা; আৰু মই তোমাৰ মাজত বাস কৰিম।” তেতিয়া বাহিনীসকলৰ যিহোৱাই যে মোক তোমাৰ ওচৰলৈ পঠালে, ইয়াকে তুমি জানিবা।
Zechariah 8:23 in Assamese 23 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘সেই দিনা জাতিসকলৰ মাজৰ আটাই ভাষা ক’ব পৰা দহ জন লোকে এজন যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰি ক’ব, “আমি তোমালোকৰ লগত যাম, কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে!”
Zechariah 10:8 in Assamese 8 মই তেওঁলোকক সুহুৰিয়াই মাতি একগোট কৰিম, কিয়নো মই তেওঁলোকক উদ্ধাৰ কৰিম আৰু তেওঁলোক পুনৰায় বৃদ্ধি পোৱাৰ দৰে বৃদ্ধি পাব!
Luke 11:22 in Assamese 22 কিন্তু যেতিয়া তেওঁতকৈ আন এজন বলৱান লোক আহি তেওঁক পৰাজয় কৰে, তেতিয়া সেই বলৱান লোক জনে তেওঁৰ পৰা অস্ত্ৰ-শস্ত্ৰবোৰৰ সৈতে তেওঁৰ সকলো সম্পত্তি লুণ্ঠন কৰে।
Acts 8:8 in Assamese 8 তাতে সেই নগৰত মহা আনন্দ হ’ল।
Philippians 4:4 in Assamese 4 আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক; পুনৰায় কওঁ, আনন্দ কৰক।
1 Peter 1:8 in Assamese 8 তেওঁক আপোনালোকে দেখা নাই, কিন্তু আপোনালোকে তেওঁক প্ৰেম কৰিছে; এতিয়াও আপোনালোকে তেওঁক দেখা নাই কিন্তু আপোনালোকে তেওঁক বিশ্বাস কৰি আছে আৰু আপোনালোক অনির্বচনীয় উল্লাসত মহা আনন্দিত হৈ গৌৰৱময় হৈছে৷