Isaiah 9:18 in Assamese 18 দুষ্টতা জুইৰ দৰে পুৰিব, ই কাঁইটীয়া বননী আৰু কাঁইটীয়া হাবি গ্রাস কৰিব; এনে কি, ই ঘন হাবিও পুৰিব, যাৰ ধোঁৱা স্তম্ভ হৈ ওপৰলৈ উঠিব।
Other Translations King James Version (KJV) For wickedness burneth as the fire: it shall devour the briers and thorns, and shall kindle in the thickets of the forest, and they shall mount up like the lifting up of smoke.
American Standard Version (ASV) For wickedness burneth as the fire; it devoureth the briers and thorns; yea, it kindleth in the thickets of the forest, and they roll upward in a column of smoke.
Bible in Basic English (BBE) For evil was burning like a fire; the blackberries and thorns were burned up; the thick woods took fire, rolling up in dark clouds of smoke.
Darby English Bible (DBY) For wickedness burneth as a fire: it devoureth briars and thorns, and kindleth in the thickets of the forest, and they go rolling up like a pillar of smoke.
World English Bible (WEB) For wickedness burns as the fire; it devours the briers and thorns; yes, it kindles in the thickets of the forest, and they roll upward in a column of smoke.
Young's Literal Translation (YLT) For burned as a fire hath wickedness, Brier and thorn it devoureth, And it kindleth in thickets of the forest, And they lift themselves up, an exaltation of smoke!
Cross Reference Numbers 11:1 in Assamese 1 পাছত লোকসকলে, যিহোৱাৰ কাণত পৰাকৈ বাটৰ দুখৰ কাৰণে বকা লোকৰ নিচিনাকৈ আচৰণ কৰিলে, তাকে শুনি যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; তাতে তেওঁলোকৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধাগ্নি জ্বলি উঠি, ছাউনিৰ শেষ ভাগত লোকসকলক গ্ৰাস কৰিবলৈ ধৰিলে।
Deuteronomy 32:22 in Assamese 22 কিয়নো মোৰ ক্ৰোধত এক অগ্নি প্ৰজ্বলিত হৈছে, চিয়োলৰ গভীৰতালৈকে পুৰিছে, ই পৃথিবী আৰু তাৰ উৎপাদিত বস্তু গ্ৰাস কৰিছে, পৰ্ব্বতৰ ভিত্তিমূলবোৰ জ্বলাইছে।
Job 31:11 in Assamese 11 কিয়নো সেয়ে গৰ্হিত কাৰ্য্য, আৰু বিচাৰকৰ্ত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ;
Psalm 37:20 in Assamese 20 দুষ্টবোৰ বিনষ্ট হব, যিহোৱাৰ শত্রুবোৰ পথাৰৰ তৃণৰ শোভাৰ সদৃশ হব; তেওঁলোক অদৃশ্য হৈ যাব; ধোঁৱাৰ নিচিনাকৈ তেওঁলোক নোহোৱা হ’ব।
Psalm 83:14 in Assamese 14 বনজুইয়ে অৰণ্যক যেনেকৈ দগ্ধ কৰি দিয়ে, জুইৰ শিখাই পর্বতবোৰ জ্বলাই দিয়ে,
Isaiah 1:31 in Assamese 31 পৰাক্ৰমী লোক জ্বলি শেষ হৈ যোৱা পদার্থৰ দৰে, আৰু তেওঁৰ কৰ্ম ফিৰিঙতিৰ দৰে হ’ব; সেইবোৰ দুয়ো একেলগে জ্বলিব আৰু কোনেও তাক নোমাব নোৱাৰিব।
Isaiah 5:24 in Assamese 24 এই হেতুকে জুইৰ জিভাই যেনেকৈ নৰা গ্ৰাস কৰে আৰু অগ্নিশিখাত যেনেকৈ শুকান ঘাঁহ ভষ্ম হৈ যায়, সেয়ে তেওঁলোকৰ ভিত্তিমূল পচিব, আৰু তেওঁলোকৰ ফুলবোৰ ধুলিৰ দ্বৰে উড়ি যাব; কাৰণ তেওঁলোকে বাহিনীসকলৰ যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ জনাৰ বাক্য তুচ্ছজ্ঞান কৰিলে।
Isaiah 10:16 in Assamese 16 এই হেতুকে বাহিনীসকলৰ যিহোৱাই সর্বোত্তম যুদ্ধাৰুৰ মাজলৈ দুৰ্বলতা পঠিয়াব; আৰু তেওঁৰ মহিমা জ্বলি থকা জুইৰ দৰে প্রজ্বলিত হ’ব।
Isaiah 27:4 in Assamese 4 মই ক্ৰোধ কৰা নাই; অহ, কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি, যুদ্ধত মই তেওঁলোকৰ বিৰুদ্ধে গলে! মই সেইবোৰক একেলগে দগ্ধ কৰিম।
Isaiah 30:30 in Assamese 30 যিহোৱাই নিজৰ জলন্ত ক্ৰোধেৰে আৰু গ্ৰাস কৰোঁতা অগ্নিশিখাৰে, প্ৰচণ্ড বতাহ আৰু ধুমুহাৰে, আৰু শিলাবৃষ্টিৰে, তেওঁ নিজৰ মহিমান্বিত স্বৰ শুনাব, আৰু নিজৰ বাহু লৰচৰ কৰি দেখুৱাব।
Isaiah 30:33 in Assamese 33 কাৰণ জলন্ত ঠাই এখন পূৰ্ব্বৰে পৰা তৈয়াৰ কৰা আছে। বাস্তবিকতে এইটো ৰজাৰ বাবে প্রস্তুত; আৰু ঈশ্বৰে তাক দ আৰু বহল কৰিলে। জুই আৰু অধিক খৰিৰে স্তূপ প্রস্তুত আছে। গন্ধক প্রবাহিত হোৱাৰ দৰে যিহোৱাৰ নিঃশ্বাসে ইয়াক জ্বলাব।
Isaiah 33:12 in Assamese 12 কাঁটিয়া জোপোহা কাটি জুইত পোৰাৰ দৰে লোকসকল জ্বলি চূণ হ’ব।
Isaiah 34:8 in Assamese 8 কাৰণ এইয়ে যিহোৱাৰ প্ৰতিশোধ লোৱা দিন হ’ব, চিয়োনৰ অৰ্থে পোনৰ প্ৰতিফল দিয়া বছৰ হ’ব।
Isaiah 66:16 in Assamese 16 কাৰণ যিহোৱাই অগ্নিৰে আৰু নিজৰ তৰোৱালৰ দ্বাৰাই সকলো মৰ্ত্ত্যলোকৰ বিচাৰ নিষ্পত্তি কৰিব; আৰু যিহোৱাৰ দ্বাৰাই হত হোৱা লোক অনেক হ’ব।
Ezekiel 20:47 in Assamese 47 আৰু তুমি দক্ষিণ অঞ্চলৰ সেই কাঠনিক কোৱা, ‘যিহোৱাৰ বাক্য শুনা, প্ৰভু যিহোৱাই এই কথা কৈছে! চোৱা, মই তোমাৰ মাজত একুৰা জুই জ্বলাম আৰু সেই জুইয়ে তোমাৰ মাজত থকা প্ৰত্যেক কেঁচাপতীয়া আৰু প্ৰত্যেক শুকান গছ ভষ্ম কৰিব; সেই প্ৰজ্বলিত অগ্নি নুমুৱা নহ’ব আৰু দক্ষিণৰ পৰা উত্তৰলৈকে সকলোৰে মুখ তাৰে পোৰা হ’ব।
Hosea 13:3 in Assamese 3 সেই বাবে তেওঁলোক প্ৰভাতৰ কুৱঁলীৰ নিচিনা হ’ব, সোনকালে অদৃশ্য হৈ যোৱা নিয়ৰৰ নিচিনা, মৰণা মৰা মজিয়াৰ পৰা বা’মৰলী বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা, খিড়িকীয়েদি বাহিৰলৈ ওলোৱা ধুঁৱাৰ নিচিনা হ’ব।
Joel 2:20 in Assamese 20 মই তোমালোকৰ পৰা উত্তৰদেশীয় সৈন্য-সামন্তক দূৰ কৰিম, আৰু মই তাক শুকান আৰু ধ্বংস কৰা দেশলৈ খেদি দিম। তাৰ আগ-ভাগ পূৱ সাগৰত, আৰু তাৰ পাছ-ভাগ পশ্চিম সাগৰত পেলাই দিম; তাতে তাৰ গেলা গন্ধ ওলাব, দুৰ্গন্ধ উঠিব। কাৰণ সি মহৎ কাৰ্য কৰিলে।”
Amos 7:4 in Assamese 4 প্ৰভু যিহোৱাই মোক এইদৰে দর্শন দিলে: যিহোৱা ঈশ্বৰে বিচাৰৰ অর্থে অগ্নিক মাতিলে। সেই অগ্নিয়ে মহাসমুদ্রক শুকুৱাই পেলালে আৰু ভূমিকো গ্ৰাস কৰিবলৈ ধৰিলে।
Nahum 1:6 in Assamese 6 তেওঁৰ ক্ৰোধৰ আগত কোনে থিয় হ’ব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধক কোনে সহ্য কৰিব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধৰ সন্মুখত কোনে থিয় হ’ব পাৰে? তেওঁৰ ক্ৰোধ অগ্নিৰ দৰে আহে আৰু তেওঁৰ দ্বাৰাই শিলবোৰ ডোখৰ ডোখৰকৈ ভঙা হয়।
Nahum 1:10 in Assamese 10 কিয়নো, সিহঁত জোঁট লগা কাঁইটৰ নিচিনা হলেও, সিহঁতক শুকান নৰাৰ নিচিনাকৈ ভস্ম কৰা হ’ব।
Malachi 4:1 in Assamese 1 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “কিয়নো চোৱা, সেই দিন আহিছে; সেয়ে অগ্নিশালৰ নিচিনাকৈ জ্বলিব। সেই দিনা সকলো গৰ্ব্বী ও দুষ্টাচাৰী লোক নৰাৰ নিচিনা হ’ব; যি দিন আহি আছে, সেই দিনে তেওঁলোকক পুৰি পেলাব; এডাল শিপা কি ডাল একোকে অৱশিষ্ট নথকাকৈ তেওঁলোকক পুৰি পেলাব।
Matthew 13:49 in Assamese 49 জগতৰ শেষ কালতো এইদৰেই হ’ব। স্বৰ্গৰ দূত সকলে আহি ধাৰ্মিক সকলৰ মাজৰ পৰা দুষ্টবোৰক পৃথক কৰিব, আৰু জ্বলন্ত অগ্নিত সিহঁতক পেলাব;
Matthew 25:41 in Assamese 41 তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক ক’ব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা।
Mark 9:43 in Assamese 43 যদি তোমাৰ হাত, তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে সেই হাত কাটি পেলোৱা; দুহতীয়া হৈ নৰকৰ নুনুমুৱা জুইলৈ যোৱাতকৈ, কোঙা হৈ জীৱনত সোমোৱা তোমাৰ ভাল।
Hebrews 6:8 in Assamese 8 কিন্তু সেই মাটিয়ে যদি কাঁইট গছ আৰু পুলি কাঁইট উৎপন্ন কৰে, তেনেহলে ই অকামিলা হৈ যায় আৰু সেই মাটি অভিশপ্ত হ’বলৈ গৈ আছে। তাৰ শেষগতি জ্বলন।
Revelation 14:11 in Assamese 11 তেওঁলোকৰ যাতনাৰ ধোৱাঁ চিৰকাল উঠি থাকিব৷ সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক আৰাধনা কৰা সকলৰ আৰু যি কোনোৱে তাৰ নামৰ ছাব লয়, সেই সকলৰ দিনে-ৰাতিয়ে একো জিৰণি নাই।