Isaiah 64:6 in Assamese 6 কিয়নো আমি সকলোৱেই অশুচি লোকৰ সদৃশ হলোঁ, আৰু আমাৰ সকলো ধাৰ্ম্মিকতা চুৱা কাপোৰৰ দৰে হল; আমি সকলোৱে পাতৰ দৰে জয় পৰিছোঁ, আৰু আমাৰ অপৰাধবোৰে বতাহৰ দৰে আমাক উড়ুৱাই লৈ গৈছে।
Other Translations King James Version (KJV) But we are all as an unclean thing, and all our righteousnesses are as filthy rags; and we all do fade as a leaf; and our iniquities, like the wind, have taken us away.
American Standard Version (ASV) For we are all become as one that is unclean, and all our righteousnesses are as a polluted garment: and we all do fade as a leaf; and our iniquities, like the wind, take us away.
Bible in Basic English (BBE) And there is no one who makes prayer to your name, or who is moved to keep true to you: for your face is veiled from us, and you have given us into the power of our sins.
Darby English Bible (DBY) And we are all become as an unclean [thing], and all our righteousnesses are as filthy rags; and we all fade as a leaf, and our iniquities, like the wind, have carried us away;
World English Bible (WEB) For we are all become as one who is unclean, and all our righteousness are as a polluted garment: and we all do fade as a leaf; and our iniquities, like the wind, take us away.
Young's Literal Translation (YLT) And we are as unclean -- all of us, And as a garment passing away, all our righteous acts; And we fade as a leaf -- all of us. And our iniquities as wind do take us away.
Cross Reference Job 14:4 in Assamese 4 অশুচিৰ পৰা শুচি কোনে উলিয়াব পাৰে? কোনেও নোৱাৰে।
Job 15:14 in Assamese 14 মৰ্ত্ত্য নো কি যে, তেওঁ শুচি হ’ব পাৰে? তিৰোতাৰ পৰা জন্মা মনুষ্যই বা কি, তেওঁ যে ধাৰ্মিক হ’ব পাৰে?
Job 25:4 in Assamese 4 তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্ম্মিক হ’ব পাৰে? আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে?
Job 40:4 in Assamese 4 “চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম? মই মোৰ মুখত হাত দিওঁ।
Job 42:5 in Assamese 5 পূৰ্বেত তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলো, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলো।
Psalm 1:4 in Assamese 4 দুষ্টসকল তেনেকুৱা নহয়; তেওঁলোক বতাহে উৰুৱাই নিয়া তুঁহৰ দৰে।
Psalm 51:5 in Assamese 5 চোৱা, অধৰ্ম্মতে মোৰ জন্ম হল; মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে ।
Psalm 90:5 in Assamese 5 তুমি মানুহক ধলৰ দৰে উটুৱাই লৈ যোৱা, তেওঁলোক এক সপোনৰ দৰে; তেওঁলোক যেন ৰাতিপুৱা নতুনকৈ ঠন ধৰি উঠা ঘাঁহৰ দৰে;
Isaiah 6:5 in Assamese 5 মই তেতিয়া কলোঁ, মোৰ সন্তাপ হওক! কিয়নো মই দণ্ডপ্রাপ্ত হৈছোঁ, কাৰণ মই অশুচি ওঠৰ মানুহ, আৰু মই অশুচি ওঁঠৰ মানুহৰ মাজত বাস কৰিছোঁ; কাৰণ মই নিজৰ চকুৰে ৰজা, যিহোৱা, বাহিনীসকলৰ যিহোৱাক দেখিছো।
Isaiah 40:6 in Assamese 6 এজনে কৈছে, “কান্দা।” আন এজনে উত্তৰ দিছে, “মই কিয় কান্দিম?” সকলো মাংসই তৃণ হ’য়, আৰু তেওঁৰ সকলো বিশ্বাসযোগ্য চুক্তি পথাৰৰ ফুলৰ দৰে।
Isaiah 46:12 in Assamese 12 সুকার্য্যৰ পৰা দূৰৈত থাকা জেদী লোকসকল মোৰ কথা শুনা ।
Isaiah 48:1 in Assamese 1 হে ইস্ৰায়েল নামেৰে প্ৰখ্যাত, আৰু যিহূদাৰ জল সমোহৰ পৰা উৎপন্ন হোৱা যাকোবৰ বংশ, এই কথা শুনা, যিসকলে যিহোৱাৰ নাম লৈ শপত খায়, ইস্ৰায়েলৰ ঈশ্বৰৰ ওচৰত সাহায্য প্রার্থনা কৰে, কিন্তু আন্তৰিকতাৰে বা সত্যনিষ্ঠাৰে নকৰে।
Isaiah 53:6 in Assamese 6 আমি সকলোৱে ভেড়াৰ দৰে অপথে গৈছিলোঁ; আমি প্ৰতিজনে নিজৰ নিজৰ পথে ঘুৰিছিলোঁ, আৰু যিহোৱাই আমাৰ সকলোৰে ঘোৰ অধর্মৰ ভাৰ তেওঁৰ ওপৰত দিলে।
Isaiah 57:12 in Assamese 12 ময়ে তোমাৰ ধাৰ্ম্মিকতা প্ৰকাশ কৰিম, কিন্তু তোমাৰ কাৰ্যৰ দৰে, তোমাক সেইবোৰে সহায় নকৰিব।
Jeremiah 4:11 in Assamese 11 সেই কালত এই জাতিক আৰু যিৰূচালেমক এই কথা কোৱা যাব, “ঘেঁহুৰ পৰা তুঁহ আঁতৰোৱা কোমল বতাহৰ দৰে নহয়, কিন্তু অৰণ্যত থকা গছ-শূন্য পৰ্ব্বতবোৰৰ পৰা গৰম বতাহৰ দৰে এক বৃহৎ সৈন্যৰ দলে তোমালোকক আক্রমণ কৰিব।
Hosea 4:19 in Assamese 19 শাস্তিৰ এক বায়ুৱে নিজৰ ডেউকাৰে সেই জাতিক মেৰিয়াই উৰাই লৈ যাব; তাতে তেওঁলোকে নিজৰ উৎসর্গবোৰৰ কাৰণে লাজ পাব।
Zechariah 3:3 in Assamese 3 সেই সময়ত যিহোচূৱাই মলিন বস্ত্ৰ পিন্ধি দূতজনৰ আগত থিয় হৈ আছিল,
Zechariah 5:8 in Assamese 8 দূতে মোক ক’লে, “এয়ে দুষ্টতা!” এইবুলি তেওঁ তাইক ঐফা-পাত্ৰৰ ভিতৰলৈ হেঁচা মাৰি ঠেলি দিলে আৰু মুকলি কৰা সীহৰ ঢাকনি খন পুনৰ বন্ধ কৰিলে।
Romans 7:18 in Assamese 18 কিয়নো মই জানো যে, মোৰ জীৱনত, অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে৷ ইচ্ছা কৰিবলৈ মই সমৰ্থ, কিন্তু উত্তমতা সাধন কৰিবলৈ হ’লে নোৱাৰো।
Romans 7:24 in Assamese 24 হায়, হায়, মই কেনে দূৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে উদ্ধাৰ কৰিব?
Ephesians 2:1 in Assamese 1 পূর্বতে আপোনালোক নিজ অপৰাধ আৰু পাপবোৰত মৰি আছিল।
Philippians 3:9 in Assamese 9 আৰু এতিয়া মই তেওঁত বিচাৰি পালোঁ৷ মোৰ নিজ ধাৰ্মিকতা, বা বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহয়; ইয়াৰ পৰিৱৰ্তে এতিয়া মই বিশ্বাসত ধাৰ্মিক হ’লো, সেয়া মই খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ঈশ্বৰৰ পৰা পোৱা ধাৰ্মিকতাৰে, ধাৰ্মিক হলোঁ৷
Titus 3:3 in Assamese 3 কিয়নো পূর্বে আমিও নির্ব্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানা বিধ অভিলাষ আৰু সুখভোগৰ সেৱাকর্ম কৰা, হিংসা আৰু ঈৰ্ষাত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলোঁ।
James 1:10 in Assamese 10 যি জন ধনৱান, তেৱোঁ ঈশ্বৰে শিকোৱা নম্ৰতাত আনন্দ কৰক; কিয়নো বনৰীয়া ফুল এটাৰ নিচিনা তেৱোঁ লুপ্ত হৈ যাব।
1 Peter 1:24 in Assamese 24 কাৰণ মনুষ্য মাত্রে তৃণ সদৃশ, আৰু তাৰ সকলো গৌৰৱ তৃণৰ ফুল সদৃশ। তৃণ শুকাই আৰু ফুলো সৰে;
Revelation 3:17 in Assamese 17 কাৰণ তুমি কৈছা, মই ধনী, ধন সাঁচিলো, মোৰ একোৰে অভাৱ নাই; কিন্তু তুমিয়েই যে দয়া নোপোৱা, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলঙ্গ, তাক নাজানা।
Revelation 7:13 in Assamese 13 তেতিয়া সেই পৰিচাৰক সকলৰ এজনে মোক সুধিলে, “বগা বস্ত্ৰ পিন্ধা এওঁলোক কোন আৰু ক’ৰ পৰা আহিল?”