Isaiah 63:15 in Assamese 15 স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰা, আৰু তোমাৰ পবিত্ৰতাৰ আৰু গৌৰৱৰ নিবাসৰ পৰা মনযোগ দিয়া; তোমাৰ আগ্রহ আৰু মহৎ কাৰ্যবোৰ ক’ত?
Other Translations King James Version (KJV) Look down from heaven, and behold from the habitation of thy holiness and of thy glory: where is thy zeal and thy strength, the sounding of thy bowels and of thy mercies toward me? are they restrained?
American Standard Version (ASV) Look down from heaven, and behold from the habitation of thy holiness and of thy glory: where are thy zeal and thy mighty acts? the yearning of thy heart and thy compassions are restrained toward me.
Bible in Basic English (BBE) Let your eyes be looking down from heaven, from your holy and beautiful house: where is your deep feeling, the working of your power? do not keep back the moving of your pity and your mercies:
Darby English Bible (DBY) Look down from the heavens, and behold from the habitation of thy holiness and of thy glory! Where is thy zeal and thy strength, the sounding of thy bowels and of thy tender mercies? Are they restrained toward me?
World English Bible (WEB) Look down from heaven, and see from the habitation of your holiness and of your glory: where are your zeal and your mighty acts? the yearning of your heart and your compassion is restrained toward me.
Young's Literal Translation (YLT) Look attentively from the heavens, And see from Thy holy and beauteous habitation, Where `is' Thy zeal and Thy might? The multitude of Thy bowels and Thy mercies Towards me have refrained themselves.
Cross Reference Deuteronomy 26:15 in Assamese 15 হে যিহোৱা, আপুনি নিজ পবিত্ৰ নিবাস স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰক আৰু আপোনাৰ প্ৰজা ইস্ৰায়েলীয়াসকলক আশীর্বাদ কৰক। আমাৰ পুৰ্ব্ব-পুৰুষসকলৰ আগত তুমি কৰা শপত অনুসাৰে যি গাখীৰ-মৌ বোৱা ভুমি আমাক দিছা, সেই দেশক আশীৰ্ব্বাদ কৰা।’
1 Kings 8:27 in Assamese 27 কিন্তু বাস্তৱিকে ঈশ্বৰে পৃথিৱীত বাস কৰিব নে ? চাওঁক, স্বৰ্গই আৰু স্বৰ্গৰো স্বৰ্গই আপোনাক ধাৰণ কৰিব নোৱাৰে, তেন্তে মই নিৰ্ম্মাণ কৰা গৃহই জানো পাৰিব!
2 Chronicles 30:27 in Assamese 27 পাছত লেবীয়া, পুৰোহিতসকলে উঠি লোকসকলক আশীৰ্ব্বাদ কৰিলে৷ তেওঁলোকৰ মাত শুনা গ’ল আৰু তেওঁলোকৰ প্ৰাৰ্থনা স্বৰ্গলৈ অৰ্থাৎ পবিত্ৰ ঠাইত উঠিল, য’ত ঈশ্বৰ নিবাস কৰে।
Psalm 25:6 in Assamese 6 হে যিহোৱা, তোমাৰ দয়া আৰু অসীম প্রেমৰ কথা তুমি পাহৰি নাযাবা, কিয়নো সেই সকলো অনাদি কালৰ পৰা আছে।
Psalm 33:14 in Assamese 14 পৃথিৱী নিবাসী সকলো লোকৰ ওপৰত তেওঁ নিজৰ বাসস্থানৰ পৰা দৃষ্টি ৰাখে।
Psalm 77:7 in Assamese 7 “যিহোৱাই মোক চিৰকালৰ বাবে ত্যাগ কৰিব নেকি? তেওঁ মোক পুনৰ কেতিয়াও দয়া নকৰিব নেকি?
Psalm 80:14 in Assamese 14 হে বাহিনীবোৰৰ ঈশ্বৰ, তুমি উলটি আঁহা; স্বৰ্গৰ পৰা তুমি তললৈ দৃষ্টি কৰা আৰু এই দ্ৰাক্ষালতাৰ দেখা-শুনা কৰা,
Psalm 89:49 in Assamese 49 হে যিহোৱা, তোমাৰ পূৰ্ব্ব-কালৰ সেই অটল প্রেম ক’ত? সেই প্রেম তুমি তোমাৰ বিশ্বস্ততাৰ দ্বাৰাই দায়ুদৰ আগত শপত খাইছিলা।
Psalm 102:19 in Assamese 19 কিয়নো তেওঁৰ পবিত্র উচ্চ স্থানৰ পৰা তেওঁ তললৈ দৃষ্টি কৰিলে; যিহোৱাই স্বর্গৰ পৰা পৃথিৱীলৈ দৃষ্টিপাত কৰিলে,
Psalm 113:5 in Assamese 5 আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোন আছে? যি জনাৰ আসন আকাশৰ ওপৰত সমাসীন,
Psalm 123:1 in Assamese 1 হে স্বৰ্গৰ সিংহাসনত থাকোঁতা জনা, মই তোমাৰ ফালেই মোৰ চকু তুলি চাই থাকোঁ।
Isaiah 9:7 in Assamese 7 দায়ুদৰ সিংহাসন আৰু তেওঁৰ ৰাজ্যৰ ওপৰত শাসন কৰোতে তাক সুস্থিৰ আৰু দৃঢ় কৰিবলৈ, এই সময়ৰ পৰা চিৰকাললৈকে ন্যায় আৰু ধাৰ্মিকতাৰ সৈতে ৰাজ্যত তেওঁৰ শাসন আৰু শান্তি বৃদ্ধি হৈ থাকিব। বাহিনীসকলৰ যিহোৱাৰ আগ্রহে ইয়াক সিদ্ধ কৰিব।
Isaiah 26:11 in Assamese 11 হে যিহোৱা, আপোনাৰ হাত দঙা আছে, তথাপি তেওঁলোক দৃষ্টি নকৰে; কিন্তু তেওঁলোকে লোকসকলৰ বাবে আপোনাৰ উৎসাহ দেখি লজ্জিত হ’ব; কাৰণ অগ্নিয়ে আপোনাৰ শত্রুবোৰক গ্ৰাস কৰিব।
Isaiah 49:15 in Assamese 15 মহিলাই নিজে জন্ম দিয় সন্তানক জানো পাহৰিব পাৰে,সেয়ে স্নেহ নকৰাকৈ জানো নিজৰ পিয়াহ খোৱাব পাৰে? হয়, তেওঁলোকে হয়তো পাহৰিব পাৰে, কিন্তু মই তোমাক নাপাহৰো।
Isaiah 51:9 in Assamese 9 সজাগ হোৱা,সজাগ হোৱা, যিহোৱাৰ বাহু-বল আৰু শক্তিৰে তোমালোকে নিজকে আবৃত কৰা। প্ৰাচীন কালৰ প্রজননসকল, পুৰনি দিনৰ দৰে সজাগ হোৱা। সাগৰৰ ৰাক্ষসক গুৰি কৰা আৰু সর্পসিংহক খোঁচা জন আপুনিয়ে নে ?
Isaiah 57:15 in Assamese 15 এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰস্থানত বাস কৰো, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।
Isaiah 59:17 in Assamese 17 তেওঁ ধাৰ্ম্মিকতাৰূপ বুকু-পটা পিন্ধিলে, আৰু মূৰত পৰিত্ৰাণৰূপ শিৰোৰক্ষক পিন্ধিলে, আৰু গাৰ বস্ত্রৰ বাবে প্ৰতিকাৰৰূপ সাজ পৰিধান কৰিলে, আৰু আবেগপূৰ্ণ জামা গাত দিলে।
Isaiah 63:9 in Assamese 9 তেওঁলোকৰ সমস্ত দূখত তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল। তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল, আৰু তেওঁ পূৰ্ব্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।
Isaiah 66:1 in Assamese 1 যিহোৱাই এই কথা কৈছে, “স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিবী মোৰ ভৰিৰ পীৰা; তোমালোকে মোৰ অৰ্থে কেনেকুৱা গৃহ নিৰ্ম্মাণ কৰিবা? মই বিশ্রাম ল’ব পৰা স্থান ক’ত?
Jeremiah 31:20 in Assamese 20 ইফ্ৰয়িম মোৰ প্ৰিয় পুত্ৰ নহয় নে? সি মোৰ মৰমৰ লৰা নহয় নে? কিয়নো যিমানবাৰ মই তাৰ অহিতে কথা কওঁ, সিমানবাৰ পুনৰায় তাক অনুগ্ৰহেৰে সোঁৱৰণ কৰোঁ; এইদৰে তাৰ কাৰণে মোৰ হৃদয়ে হেঁপাহ কৰে। অৱশ্যে মই তাক দয়া কৰিম।” - এয়ে যিহোৱাৰ বচন।
Lamentations 3:50 in Assamese 50 যেতিয়ালৈকে যিহোৱাই স্বৰ্গৰ পৰা তললৈ চাই দৃষ্টি নকৰে।
Hosea 11:8 in Assamese 8 হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে; মোৰ সকলো মমতা জাগি উঠিছে।
Luke 1:78 in Assamese 78 কোমল চিত্তৰ আৰু দয়ালু ঈশ্বৰে আমাক ক্ষমা কৰিব। এই কৰুণাৰে পুৱাৰ অৰুণৰ দৰে ত্রাণকর্তাই স্বর্গৰ পৰা আমাক সহায় কৰিবলৈ আহিব।
Philippians 2:1 in Assamese 1 এতেকে খ্ৰীষ্টত যদি কোনো আশ্বাস, প্ৰেমৰ যদি কোনো সান্ত্বনা, আত্মাৰ যদি কোনো সহভাগিতা আৰু কোনো স্নেহ আৰু দয়া থাকে,
1 John 3:17 in Assamese 17 কিন্তু যি জনৰ জগতত জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখিও যদি স্নেহ নকৰি হৃদয় বন্ধ কৰি থয় আৰু তেওঁৰ পৰা নিজ স্নেহ আটক কৰে, তেনেহলে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকিব?