Isaiah 60:9 in Assamese 9 নিশ্চয়ে দ্বীপবোৰে মোলৈ অপেক্ষা কৰিব; তোমাৰ পুত্রসকলক তেওঁলোকৰ ৰূপৰ আৰু সোণৰ সৈতে দূৰৰ পৰা আনিবলৈ, ঈশ্বৰ যিহোৱাই, ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাক গৌৰৱান্বিত কৰাৰ কাৰণে, তৰ্চীচৰ জাহাজ আগ হ’ব।
Other Translations King James Version (KJV) Surely the isles shall wait for me, and the ships of Tarshish first, to bring thy sons from far, their silver and their gold with them, unto the name of the LORD thy God, and to the Holy One of Israel, because he hath glorified thee.
American Standard Version (ASV) Surely the isles shall wait for me, and the ships of Tarshish first, to bring thy sons from far, their silver and their gold with them, for the name of Jehovah thy God, and for the Holy One of Israel, because he hath glorified thee.
Bible in Basic English (BBE) Vessels of the sea-lands are waiting for me, and the ships of Tarshish first, so that your sons may come from far, and their silver and gold with them, to the place of the name of the Lord your God, and to the Holy One of Israel, because he has made you beautiful.
Darby English Bible (DBY) For the isles shall await me, and the ships of Tarshish first, to bring thy sons from afar, their silver and their gold with them, unto the name of Jehovah thy God, and to the Holy One of Israel, for he hath glorified thee.
World English Bible (WEB) Surely the isles shall wait for me, and the ships of Tarshish first, to bring your sons from far, their silver and their gold with them, for the name of Yahweh your God, and for the Holy One of Israel, because he has glorified you.
Young's Literal Translation (YLT) Surely for Me isles do wait, And ships of Tarshish first, To bring thy sons from afar, Their silver and their gold with them, To the name of Jehovah thy God, And to the Holy One of Israel, Because He hath beautified thee.
Cross Reference Genesis 9:27 in Assamese 27 ঈশ্বৰে যেফতক যেন বিস্তাৰিত কৰে, সি চেমৰ তম্বুত বসতি কৰক, আৰু কনান তাৰ দাস হওঁক।
Genesis 10:2 in Assamese 2 যেফতৰ সন্তানসকলৰ নাম গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক আৰু তীৰচ।
Exodus 33:19 in Assamese 19 যিহোৱাই ক’লে, “মই তোমাৰ ওচৰেৰে মোৰ সকলো ধাৰ্মিকতা গমন কৰাম, আৰু তোমাৰ আগত মোৰ নাম (যিহোৱা) ঘোষণা কৰিম। যাক মই অনুগ্ৰহ কৰিব খোজোঁ, তাক মই অনুগ্ৰহ কৰিম, আৰু যাক মই দয়া কৰিব খোজোঁ, তাক মই দয়া কৰিম।”
Exodus 34:5 in Assamese 5 যিহোৱা মেঘৰ মাজত নামি আহিল; আৰু মোচিৰ সৈতে সেই ঠাইত থিয় হ’ল। তেওঁ “যিহোৱা” নাম উচ্চাৰণ কৰিলে।
Joshua 9:9 in Assamese 9 তেওঁলোকে তেওঁক ক’লে, “আপোনাৰ ঈশ্বৰ যিহোৱাৰ নাম শুনি আপোনাৰ দাসসকলে বহুত দূৰ দেশৰ পৰা আহিছো৷ কিয়নো তেওঁৰ যশস্যা আৰু মিচৰ দেশত কৰা তেওঁৰ সকলো কৰ্ম্ম,
1 Kings 8:41 in Assamese 41 তদুপৰি আপোনাৰ প্ৰজা ইস্ৰায়েলৰ লোকৰ মাজৰ নোহোৱা বিদেশী লোকে যেতিয়া আপোনাৰ নামৰ গুণ শুনি দূৰ দেশৰ পৰা আহিব -
1 Kings 10:1 in Assamese 1 যেতিয়া চিবা দেশৰ ৰাণীয়ে শুনিলে যে, যিহোৱাৰ নামৰ দ্বাৰাই চলোমনৰ যশস্যাৰ কথা শুনিলে, তেতিয়া তেওঁক কঠিন প্ৰশ্নৰ দ্বাৰাই পৰীক্ষা কৰিবলৈ তেওঁ আহিল।
1 Kings 10:22 in Assamese 22 সমূদ্ৰত হীৰমৰ জাহাজবোৰৰ সৈতে চলোমনৰ জাহাজবোৰ আছিল; সেই জাহাজবোৰে সোণ, ৰূপ, হাতীদাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনিবছৰৰ মূৰত এবাৰ এবাৰ আহিছিল।
1 Kings 22:48 in Assamese 48 পাছত যিহোচাফটে সোণৰ কাৰণে ওফীৰলৈ যাবলৈ জাহাজ সাজিলে; কিন্তু সেই জাহাজবোৰ যাব নোৱাৰিলে, কিয়নো ইচিয়োন-গেবৰত সেই জাহাজবোৰ ভাগি থাকিল।
Psalm 68:30 in Assamese 30 নলনিৰ বনৰীয়া জন্তু সেই মিচৰক তুমি ধমকি দিয়া; বলদে নিজৰ দামুৰিৰ জাকবোৰক নিয়ন্ত্রণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া। যিসকলে উপহাৰ কামনা কৰে, তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা; যিসকল জাতিয়ে যুদ্ধ ভাল পায়, তেওঁলোকক সিচঁৰিত কৰি দিয়া।
Psalm 72:10 in Assamese 10 তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।
Proverbs 18:20 in Assamese 20 নিজৰ মুখৰ ফলেৰে পেট পৰিপূৰ্ণ হয়; আৰু তেওঁৰ ওঁঠৰ শস্যেৰে তেওঁ সন্তুষ্ট হয়।
Isaiah 2:16 in Assamese 16 তৰ্চীচৰ সকলো জাহাজ, আৰু সকলো ধুনীয়া নাওৰ বিৰুদ্ধে,
Isaiah 11:11 in Assamese 11 পথোচ, কুচ, এলম, চিনাৰ, হমাৎ, সমুদ্ৰৰ দ্বীপবোৰ, অচুৰ আৰু মিচৰীয়াৰ বাকী থকা অৱশিষ্ট লোকসকলক উদ্ধাৰ কৰিবলৈ সেই দিনা প্ৰভুৱে তেওঁৰ হাত পুনৰ আগবঢ়াব।
Isaiah 14:1 in Assamese 1 যিহোৱাই যাকোবক দয়া কৰিব; ইস্ৰায়েলক পুনৰায় মনোনীত কৰিব, আৰু তেওঁলোকৰ নিজৰ দেশত তেওঁলোকক স্থাপন কৰিব। বিদেশীসকলে তেওঁলোকৰ সৈতে যোগ দিব আৰু তেওঁলোকে নিজেই যাকোবৰ বংশত সংযুক্ত হ’ব।
Isaiah 42:4 in Assamese 4 তেওঁ পৃথিবীত ন্যায় বিচাৰ স্থাপন নকৰালৈকে দুৰ্ব্বল কি নিৰুৎসাহ নহ’ব; আৰু দ্বীপবোৰে তেওঁৰ বিধানৰ বাবে অপেক্ষা কৰিব।
Isaiah 42:10 in Assamese 10 হে সমুদ্ৰৰ ভিতৰত থকা সকল আৰু তাত থকা সকলোবোৰ, হে দ্বীপবোৰ আৰু তাৰ নিবাসীসকল তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা, আৰু পৃথিৱীৰ সীমাৰ পৰা তেওঁৰ প্ৰশংসাৰ গান কৰা।
Isaiah 43:4 in Assamese 4 এতিয়াও তুমি মোৰ দৃষ্টিত বহুমূল্য আৰু আদৰণীয়, মই তোমাক প্ৰেম কৰোঁ; সেই বাবে মই তোমাৰ সলনি মানুহবোৰক, তোমাৰ প্রাণৰ সলনি লোকসমুহক দিম।
Isaiah 43:6 in Assamese 6 মই উত্তৰ দিশক ক’ম, ‘তেওঁলোকক এৰি দিয়া, আৰু দক্ষিণ দিশক ক’ম, ধৰি নাৰাখিবা, মোৰ পুত্রসকলক দূৰৰ পৰা, আৰু মোৰ জীয়েকসকলক পৃথিৱীৰ সীমাৰ পৰা আনি দিয়া।
Isaiah 49:1 in Assamese 1 হে দ্বীপবাসী, মোৰ বাক্য শুনা! আৰু দূৰত থকা লোকসকল, মনোযোগ দিয়া। যিহোৱাই মোক জন্ম হোৱা দিনৰ পৰা, যেতিয়া মোৰ মাতৃয়ে মোক পৃথিবীলৈ আনিলে তেতিয়াৰ পৰা মাতিলে।
Isaiah 51:5 in Assamese 5 মোৰ ধাৰ্ম্মিকতা ওচৰ হ’য়, মোৰ পৰিত্ৰাণ উলায় যাব , আৰু মোৰ বাহুৱে জাতিবোৰৰ বিচাৰ কৰিব; উপকূলভূমিয়ে মোলৈ বাট চাব, আৰু মোৰ বাহুবলৰ কাৰণ আগ্রহেৰে বাট চাব।
Isaiah 52:1 in Assamese 1 হে চিয়োন, সজাগ হোৱা, সজাগ হোৱা, তোমালোকৰ শক্তি তুলি ধৰা; হে পবিত্ৰ নগৰ যিৰূচালেম, তোমালোকৰ সুন্দৰ বস্ত্ৰবোৰ পিন্ধা; কাৰণ পুনৰ কেতিয়াও চুন্নৎ নোহোৱা বা অশুচি লোক তোমালোকৰ মাজত নোসোমাব।
Isaiah 55:5 in Assamese 5 চোৱা, যি জাতিক তোমালোকে নাজানা, এনে জাতিক তোমালোকে আহ্বান কৰিবা, আৰু যি জাতিয়ে তোমালোকক নাজানে, এনে জাতি তোমালোকৰ ওচৰলৈ দৌৰি আহিব; তোমালোকৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা, যি জনে তোমালোকক গৌৰৱাম্বিত কৰিলে, তেওঁৰ বাবে এনে ঘটিব।
Isaiah 57:17 in Assamese 17 তেওঁৰ হিংসাত্মক কাৰ্যৰ দ্বাৰাই কৰা পাপৰ কাৰণে, মই ক্ৰোধিত হৈছিলো, আৰু তেওঁক দণ্ড দিছিলো; মই মোৰ মুখ লুকুৱাই ক্ৰোধ কৰিলোঁ; কিন্তু তেওঁ বিপথে গৈ নিজৰ মনৰ ইচ্ছামতে চলি থাকিল।
Isaiah 60:4 in Assamese 4 তুমি চকু ফুৰাই চাৰিওফালে চোৱা; তেওঁলোক সকলোৱে গোট খাই তোমাৰ ওচৰ চাপিছে; তোমাৰ পুত্ৰসকল দূৰৰ পৰা আহিছে আৰু তোমাৰ জীয়েকসকলক বাহুত বুকি অনা হৈছে।
Isaiah 66:19 in Assamese 19 মই তেওঁলোকৰ মাজত এক মহৎ চিন স্থাপন কৰিম। তাৰ পাছত মই তেওঁলোকৰ মাজৰ পৰা ৰক্ষা পোৱাসকলক জাতিবিলাকলৈ পঠাম: মোৰ কীৰ্ত্তি নুশুনা, বা মোৰ প্ৰতাপ নেদেখা তৰ্চীচ, পুল, আৰু ধনুৰ্দ্ধৰ লুদ, তুবল, যাবন এই জাতিবিলাকলৈ, আৰু দূৰত থকা দ্বীপনিবাসীসকলৰ ওচৰলৈ পঠাম। তেওঁলোকে জাতিবিলাকৰ মাজত মোৰ প্ৰতাপ প্ৰচাৰ কৰিব।”
Jeremiah 3:17 in Assamese 17 সেই সময়ত লোকসকলে ক’ব, “যিৰূচালেম যিহোৱাৰ সিংহাসন বুলি প্ৰখ্যাত হব, আৰু সকলো জাতিয়ে তাৰ ওচৰত যিৰূচালেমত যিহোৱাৰ নামেৰে গোট খাব আৰু তেওঁলোকে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে আৰু নচলিব।
Jeremiah 30:19 in Assamese 19 আৰু সেইবোৰৰ পৰা স্তুতি-গীত আৰু আমোদকাৰীসকলৰ ধ্বনি উঠিব, মই তেওঁলোকক বৃদ্ধি কৰিম, তেতিয়া তেওঁলো কম নহ’ব; মই তেওঁলোকক গৌৰৱযুক্তও কৰিম, তাতে তেওঁলোক সামান্য নহ’ব।
Zephaniah 2:11 in Assamese 11 যিহোৱা তেওঁলোকৰ ওচৰত ভীষণৰূপে ভয়ানক হ’ব; তেওঁ পৃথিৱীৰ সকলো দেৱ-দেৱীক শক্তিহীন কৰিব; তেতিয়া সকলো জাতিৰ লোকে যিহোৱাৰ আৰাধনা কৰিব; নিজ নিজ দেশৰ পৰা, সমুদ্রৰ উপকূলসমূহৰ পৰা তেওঁৰ ওচৰত প্রণিপাত কৰিব।
Zechariah 14:14 in Assamese 14 যিহূদায়ো যিৰূচালেমত যুঁজ কৰিব! তেওঁলোকে চাৰিওফালে থকা সকলো জাতিৰ সোণ ৰূপ, কাপোৰ আদি ধন-সম্পত্তি অধিকৰূপে গোটাব।
Luke 2:32 in Assamese 32 তেওঁ অনা-ইহুদী সকলৰ আগত সত্য প্রকাশ কৰাৰ এক পোহৰ হ’ব আৰু তেৱেঁই আপোনাৰ প্রজা ইস্রায়েল লোকৰ গৌৰৱ হ’ব।”
John 17:26 in Assamese 26 তুমি কোন হয়, সেই বিষয়ে মই তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিছোঁ, আৰু ইয়াৰ পাছতো মই ইয়াকে কৰি থাকিম, তেতিয়া তুমি মোক যেনে প্ৰেম কৰা, তেওঁলোকেও একেদৰে আন লোকক প্ৰেম কৰিব আৰু মই তেওঁলোকৰ লগত থাকিম।”
Acts 9:15 in Assamese 15 কিন্তু প্ৰভুৱে তেওঁক ক’লে, “তুমি যোৱা, কিয়নো অনা-ইহুদী আৰু ৰজা সকলৰ লগতে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোৰ নাম প্ৰচাৰ কৰিবলৈ, সেই জন মোৰ মনোনীত পাত্ৰ।
2 Corinthians 8:4 in Assamese 4 নিজ ইচ্ছাৰে অনেক মিনতি কৰি, পবিত্ৰ লোক সকলৰ সহভাগিতাত পৰিচৰ্যা কাৰ্যৰ সহভাগী হ’বলৈ আমাৰ আগত যাচনা কৰিলে;
Galatians 3:26 in Assamese 26 কিয়নো খ্ৰীষ্ট যীচুত কৰা বিশ্বাসৰ দ্বাৰাই আপোনালোক সকলো ঈশ্বৰৰ সন্তান হৈছে।
Galatians 4:26 in Assamese 26 কিন্তু উৰ্দ্ধলোকত থকা যিৰূচালেম স্বাধীন; তেওঁ হৈছে, আমাৰ মাতৃ।