Isaiah 60:2 in Assamese 2 কাৰণ চোৱা, আন্ধাৰে পৃথিৱী ঢাকিব, আৰু ঘোৰ অন্ধকাৰে লোকসমূহক ঢাকিব; কিন্তু যিহোৱা তোমাৰ ওপৰত উদয় হ’ব, আৰু তোমাৰ ওপৰত তেওঁৰ গৌৰৱ প্ৰকাশিত হ’ব।
Other Translations King James Version (KJV) For, behold, the darkness shall cover the earth, and gross darkness the people: but the LORD shall arise upon thee, and his glory shall be seen upon thee.
American Standard Version (ASV) For, behold, darkness shall cover the earth, and gross darkness the peoples; but Jehovah will arise upon thee, and his glory shall be seen upon thee.
Bible in Basic English (BBE) For truly, the earth will be dark, and the peoples veiled in blackest night; but the Lord will be shining on you, and his glory will be seen among you.
Darby English Bible (DBY) For behold, darkness shall cover the earth, and gross darkness the peoples; but Jehovah will arise upon thee, and his glory shall be seen on thee.
World English Bible (WEB) For, behold, darkness shall cover the earth, and gross darkness the peoples; but Yahweh will arise on you, and his glory shall be seen on you.
Young's Literal Translation (YLT) For, lo, the darkness doth cover the earth, And thick darkness the peoples, And on thee rise doth Jehovah, And His honour on thee is seen.
Cross Reference Leviticus 9:23 in Assamese 23 পাছত মোচি আৰু হাৰোণ সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সোমাল আৰু তেওঁলোকে বাহিৰ ওলাই লোকসকলক আশীৰ্ব্বাদ কৰিলে; তেতিয়া সকলো লোকসকলৰ আগত যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হ’ল।
Numbers 16:19 in Assamese 19 আৰু কোৰহে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ ওচৰত তেওঁলোকৰ অহিতে গোটেই সমাজকে গোট খুৱালে; তেতিয়া যিহোৱাৰ প্ৰতাপ গোটেই সমাজলৈ প্ৰকাশিত হ’ল।
1 Kings 8:11 in Assamese 11 পুৰোহিতসকলে পৰিচৰ্য্যা কৰিবৰ অৰ্থে থিয় হৈ থাকিব নোৱাৰা হৈছিল; কিয়নো যিহোৱাৰ গৃহ যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হৈছিল।
Psalm 80:1 in Assamese 1 হে ইস্ৰায়েলৰ ৰখীয়া, কাণ পাতা; তুমি যোচেফৰ বংশক ভেড়াৰ জাকৰ দৰে চলাই আনিছা! তুমি কৰূববোৰৰ ওপৰত বহি, আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা!
Jeremiah 13:16 in Assamese 16 তোমালোকৰ ঈশ্বৰ যিহোৱাই অন্ধকাৰ নৌ আনোতেই, অন্ধকাৰময় পৰ্ব্বতত তোমাৰ ভৰি উজুটি নৌ খাওঁতেই, আৰু তোমালোকে পোহৰলৈ বাট চোৱাত তেওঁ তাক মৃত্যুচ্ছায়াত পৰিবৰ্ত্তন নৌ কৰোঁতেই, আৰু তাক ঘোৰ অন্ধকাৰ নৌ কৰোঁতেই তেওঁক গৌৰৱাম্বিত কৰা।
Ezekiel 10:4 in Assamese 4 তেতিয়া যিহোৱাৰ গৌৰৱ কৰূব কেইজনৰ পৰা উঠি গৈ গৃহৰ দুৱাৰ ডলিৰ ওপৰত আছিল; আৰু গৃহটি মেঘেৰে আৰু চোতালখন যিহোৱাৰ গৌৰৱৰ দীপ্তিৰে পৰিপূৰ্ণ হৈছিল।
Habakkuk 3:3 in Assamese 3 ঈশ্বৰ তৈমনৰ পৰা, আৰু পবিত্ৰ জনা পাৰণ পৰ্ব্বতৰ পৰা আহিছে; চেলা। তেওঁৰ গৌৰৱে আকাশ-মণ্ডল আৱৰি ধৰিছিল, আৰু পৃথিবী তেওঁৰ প্ৰশংসাৰে পৰিপূৰ্ণ হৈছিল।
Haggai 2:7 in Assamese 7 আৰু মই প্রত্যেক দেশবোৰক কঁপাম, আৰু প্রত্যেক দেশে মোলৈ বহুমূল্যৱান বস্তু আনিব; বাহিনীসকলৰ যিহোৱাই কৈছে, মই এই গৃহ গৌৰৱেৰে পৰিপূৰ্ণ কৰিম।
Malachi 4:2 in Assamese 2 কিন্তু মোৰ নামত ভয় ৰাখোঁতা যি তোমালোক, তোমালোকৰ প্রতি ধাৰ্ম্মিকতাৰূপ সূৰ্য্য উদিত হ’ব, যাৰ কিৰণ সুস্থতাদায়ক; তোমালোকে বাহিৰ হৈ গোহালীৰ পৰা মুকলি হোৱা দামুৰিৰ নিচিনাকৈ ডেও দিবা।
Matthew 15:14 in Assamese 14 তেওঁলোকৰ কথা এৰি দিয়া; তেওঁলোক অন্ধ পথ প্ৰদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব।”
Matthew 23:19 in Assamese 19 হে অন্ধ সকল, নৈবেদ্য আৰু নৈবেদ্যক পবিত্ৰ কৰা যি বেদী, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?
Matthew 23:24 in Assamese 24 হে অন্ধ পথদৰ্শক সকল, আপোনালোকে পোক এটাকে ছেকি পেলাই, কিন্তু উটকে গিলি খায়!
John 1:1 in Assamese 1 আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ।
John 1:14 in Assamese 14 সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
John 1:18 in Assamese 18 ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে।
John 8:55 in Assamese 55 আপোনালোকে তেওঁক নাজানে; মই হ’লে তেওঁক জানো; মই তেওঁক নাজানো বুলি যদি কওঁ, তেনেহলে আপোনালোকৰ নিচিনা মিছলীয়া হ’ম। কিন্তু মই তেওঁক জানো, আৰু তেওঁৰ বাক্য পালন কৰোঁ।
Acts 14:16 in Assamese 16 অতীতত তেওঁ সকলো জাতিক নিজৰ ইচ্ছা অনুসাৰে চলিবলৈ দিছিল।
Acts 17:23 in Assamese 23 কিয়নো মই ঘূৰি ফুৰোতে আৰু আপোনালোকে উপাসনা কৰা বস্তুবোৰ লক্ষ্য কৰোঁতে, ‘অবিদিত ঈশ্বৰলৈ বেদী’ বুলি লিখা এটা বেদী দেখা পালোঁ। এতেকে আপোনালোকে নাজানি যি জনৰ উপাসনা কৰিছে, তেওঁৰ সম্বন্ধে মই আপোনালোকৰ ওচৰত প্রচাৰ কৰিছোঁ।
Acts 17:30 in Assamese 30 এই কাৰণতে, মানুহৰ অজ্ঞানতাৰ এনে কালছোৱাক ঈশ্বৰে ক্ষমাৰ চকুৰে চাইছে, কিন্তু এতিয়া তেওঁ সকলো ঠাইতে আটাই মানুহক মন-পালটন কৰিবলৈ আজ্ঞা দিছে।
Acts 26:18 in Assamese 18 এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হ’বলৈ আৰু অন্ধকাৰৰ পৰা পোহৰলৈ, চয়তানৰ ক্ষমতাৰ অধীনৰ পৰা ঈশ্ৱৰলৈ ঘূৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰলৈ মই তোমাক নিযুক্ত কৰি পঠাওঁ, তাতে তেওঁলোকে ঈশ্বৰৰ পৰা পাপৰ ক্ষমা যেন পায় আৰু মোক বিশ্বাস কৰাৰ যোগেদি মই যেন তেওঁলোকক এই ভাগ দিব পাৰোঁ’৷”
Romans 1:21 in Assamese 21 কিয়নো ঈশ্বৰৰ বিষয়ে জানিও, তেওঁক ঈশ্বৰ বুলি তেওঁলোকে স্তুতি বা ধন্যবাদো নকৰিলে; কিন্তু নিজৰ তৰ্ক-বিতৰ্কত অজ্ঞানী হ’ল আৰু তেওঁলোকৰ অবোধ হৃদয় অন্ধকাৰময় হ’ল।
2 Corinthians 3:18 in Assamese 18 আৰু আমি সকলোৱে, ওৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ মহিমা (গৌৰৱ) চাওতে চাওতে, সেই মহিমাৰ পৰা মহিমা পাই, আত্মাৰূপ প্ৰভুৰ দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ, সেই একে প্ৰতিমূৰ্তিৰ হ’ব লাগিছোঁ।
2 Corinthians 4:4 in Assamese 4 ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ মহিমা প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ জগতৰ অধিকাৰীয়ে সেই অবিশ্বাসী লোক সকলৰ মন (জ্ঞান-চকু) অন্ধ কৰিলে।
Ephesians 4:17 in Assamese 17 এতেকে প্ৰভুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে, বিশ্বাস নকৰা অনা-ইহুদী লোক সকলৰ দৰে আপোনালোকে জীৱন-যাপন নকৰিব। কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ।
Colossians 1:13 in Assamese 13 তেৱেঁই আমাক অন্ধকাৰৰ ক্ষমতাৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থ’লে৷
Hebrews 1:2 in Assamese 2 কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা ক’লে; ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হ’বলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি সমগ্ৰ জগত খনো সৃষ্টি কৰিলে।
1 Peter 2:9 in Assamese 9 কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে; এইদৰে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, যাতে আপোনালোকে তেওঁৰ আচৰিত কৰ্মবোৰ প্ৰকাশ কৰে৷ এই কাৰণে,