Isaiah 59:6 in Assamese 6 তেওঁলোকে গঁথা ঊন বস্ত্ৰৰ বাবে বৱ্যহাৰ কৰা নহ’ব, আৰু তেওঁলোকে কৰা বস্ত্ৰেৰে নিজৰ গা নাঢাকিব; তেওঁলোকৰ কাৰ্য অধৰ্ম্মৰ কাৰ্য, আৰু তেওঁলোকৰ নিজৰ হাতেৰে অত্যাচাৰ কৰে।
Other Translations King James Version (KJV) Their webs shall not become garments, neither shall they cover themselves with their works: their works are works of iniquity, and the act of violence is in their hands.
American Standard Version (ASV) Their webs shall not become garments, neither shall they cover themselves with their works: their works are works of iniquity, and the act of violence is in their hands.
Bible in Basic English (BBE) Their twisted threads will not make clothing, and their works will give them nothing for covering themselves: their works are works of sin, and violent acts are in their hands.
Darby English Bible (DBY) Their webs shall not become garments, neither shall they cover themselves with their works; their works are works of iniquity, and the act of violence is in their hands.
World English Bible (WEB) Their webs shall not become garments, neither shall they cover themselves with their works: their works are works of iniquity, and the act of violence is in their hands.
Young's Literal Translation (YLT) Their webs become not a garment, Nor do they cover themselves with their works, Their works `are' works of iniquity, And a deed of violence `is' in their hands.
Cross Reference Genesis 6:11 in Assamese 11 সেই কালত ঈশ্বৰৰ দৃষ্টিত গোটেই পৃথিবী দুর্নীতি আৰু হিংসাৰে পৰিপূৰ্ণ হৈ পৰিছিল।
Job 8:14 in Assamese 14 তাৰ ভাৰসা উচ্ছন্ন হয়, আৰু তাৰ আশ্ৰয় মকৰাৰ জালস্বৰূপ হয়।
Psalm 58:2 in Assamese 2 বৰং তোমালোকৰ মনত আছে অন্যায়, আৰু দুষ্টতাৰ কার্য কৰিছা; তোমালোকে পৃথিবীত নিজৰ হাতৰ উপদ্ৰৱ তুলেৰে জুখিদিছা।
Isaiah 5:7 in Assamese 7 কিয়নো ইস্ৰায়েল বংশৰ বাহিনীসকলৰ যিহোৱাৰ দ্ৰাক্ষাবাৰী, আৰু যিহূদাৰ লোকসকল তেওঁৰ আনন্দদায়ক গছ ৰোৱা লোক; তেওঁ ন্যায়ৰ বাবে অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে তাত হত্যা কৰা হৈছিল; ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে সহায়ৰ বাবে ক্রন্দন হৈছিল।
Isaiah 28:18 in Assamese 18 মৃত্যুৰ সৈতে কৰা তোমালোকৰ নিয়মটি মচি পেলুৱা হ’ব, আৰু চিয়োলৰ সৈতে কৰা চুক্তি স্থিৰ নাথাকিব; প্লাৱন কৰা ধল পানী দেশৰ মাজেদি গ’লে, তোমালোকক তাৰ দ্বাৰাই গচকি পেলোৱা হ’ব।
Isaiah 30:1 in Assamese 1 “হে সন্তাপ পোৱা বিদ্রোহী সন্তান” এইয়া যিহোৱাৰ ঘোষনা। তেওঁলোকে মোৰ নির্দেশ নমনাকৈ পৰিকল্পনা কৰে, আৰু আন দেশৰ সৈতে সন্ধি কৰে, কিন্তু মোৰ আত্মাৰ দ্বাৰাই তেওঁলোক পৰিচালিত নহয়, সেয়ে তেওঁলোকে পাপৰ উপৰি পাপ কৰে।
Isaiah 30:12 in Assamese 12 এই হেতুকে ইস্ৰায়েলৰ পবিত্ৰ জনাই কৈছে, “তোমালোকে এই বাক্য হেয়জ্ঞান কৰিছা, আৰু উপদ্ৰৱ আৰু বিপৰীত আচৰণত বিশ্বাস কৰি তাৰ ওপৰত নিৰ্ভয় কৰিছা;
Isaiah 57:12 in Assamese 12 ময়ে তোমাৰ ধাৰ্ম্মিকতা প্ৰকাশ কৰিম, কিন্তু তোমাৰ কাৰ্যৰ দৰে, তোমাক সেইবোৰে সহায় নকৰিব।
Isaiah 58:4 in Assamese 4 চোৱা, তোমালোকে বিবাদ আৰু দ্বন্দ কৰা, আৰু খঙেৰে ভুকু মাৰিবৰ অৰ্থেহে লঘোন দিয়া; বৰ্ত্তমানে তোমালোকে ঊৰ্দ্ধলোকত তোমালোকৰ মাত শুনাব পৰাকৈ লঘোন নিদিয়া।
Isaiah 64:6 in Assamese 6 কিয়নো আমি সকলোৱেই অশুচি লোকৰ সদৃশ হলোঁ, আৰু আমাৰ সকলো ধাৰ্ম্মিকতা চুৱা কাপোৰৰ দৰে হল; আমি সকলোৱে পাতৰ দৰে জয় পৰিছোঁ, আৰু আমাৰ অপৰাধবোৰে বতাহৰ দৰে আমাক উড়ুৱাই লৈ গৈছে।
Jeremiah 6:7 in Assamese 7 যেনকৈ ভুমুকে নিজৰ শীতল পানী উলিয়াই থাকে, তেনেকৈ তাই নিজৰ দুষ্টতা উলিয়াই থাকে। তাইৰ মাজত অত্যাচাৰ আৰু লুটৰ কথা শুনা যায়; নৰিয়া পৰা আৰু ঘা লগা সদায় মোৰ চকুত পৰে।
Ezekiel 7:11 in Assamese 11 দৌৰাত্ম্য দুষ্টতাৰ দণ্ড হৈ উঠিল- তেওঁলোকৰ এজনো আৰু তেওঁলোকৰ মাজৰ কোনেও বা তেওঁলোকৰ ধন-সম্পত্তি আৰু তেওঁলোকৰ কোনো প্ৰাধান্যতাৰ অৱশিষ্ট নাথাকিব।
Ezekiel 7:23 in Assamese 23 তুমি এডাল শিকলি গঢ়োৱা, কিয়নো দেশ ৰক্তপাতৰ অপৰাধেৰে পৰিপূৰ্ণ হৈ আছে আৰু নগৰ অত্যাচাৰেৰে সম্পূৰ্ণকৈ ভৰি আছে।
Amos 3:10 in Assamese 10 কিয়নো প্রভু যিহোৱাই এই কথা কৈছে, “তেওঁলোকে ন্যায় কাৰ্য্য কৰিব নাজানে; তেওঁলোকৰ দুর্গবোৰৰ ভিতৰত তেওঁলোকে অত্যাচাৰ আৰু লুট-দ্রব্য সাঁচি থৈছে।
Amos 6:3 in Assamese 3 তোমালোকে বেয়া দিনক দূৰ কৰি এক অত্যাচাৰীৰ ৰাজত্বক ওচৰ চপাই আনিলা।
Micah 2:1 in Assamese 1 যিবোৰে নিজৰ নিজৰ শয্যাত অধৰ্ম কল্পনা কৰে, আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; কাৰণ তেওঁলোকৰ ক্ষমতা আছে।
Micah 2:8 in Assamese 8 ইতিমধ্যে মোৰ লোকসকল শত্রুৰ দৰে হৈ উঠিছে; নিৰাপদে আছোঁ বুলি ভাবি যুদ্ধৰ পৰা ঘূৰি অহা সৈন্যসকলৰ দৰে, সন্দেহ নোহোৱা পথিকৰ পৰা তুমি পোচাক, আৰু বস্ত্র খুলি লৈছা;
Micah 3:1 in Assamese 1 মই কলোঁ, “ যাকোবৰ মূখ্যলোকসকল, আৰু ইস্রায়েলৰ বংশৰ শাসনকৰ্ত্তাসকল এতিয়া শুনা: ন্যায় বুজি পোৱাটো তোমালোকৰ বাবে উচিত নহয় নে?
Micah 6:12 in Assamese 12 ধনী লোকসকল অত্যাচাৰেৰে পৰিপূৰ্ণ, তাৰ নিবাসী সকলে মিছা কথা কয়, আৰু তেওঁলোকৰ জিভা প্রতাৰণাপূৰ্ণ।
Habakkuk 1:2 in Assamese 2 “হে যিহোৱা, মই কিমান দিন সহায়ৰ বাবে কান্দি থাকিম, আৰু আপুনি নুশুনাকৈ থাকিব? মই আপোনাৰ আগত অত্যাচাৰৰ ভয়ত কাতৰোক্তি কৰিছোঁ, কিন্তু আপুনি মোক ৰক্ষা নকৰে।
Zephaniah 1:9 in Assamese 9 যিসকলে জাঁপ দি দুৱাৰডলি পাৰ হয়, যিসকলে নিজৰ প্রভুৰ গৃহ হিংস্রতা আৰু ছলনাৰে পূৰ কৰে, সেই দিনা মই তেওঁলোক সকলোকে দণ্ড দিম।”
Zephaniah 3:3 in Assamese 3 তাইৰ ৰাজপুত্রবোৰ যেন গৰ্জ্জনকাৰী সিংহ আৰু বিচাৰকৰ্ত্তাবোৰ গধূলি বেলাৰ ক্ষুধার্ত ৰাংকুকুৰ; সিহঁতে ৰাতিপুৱাৰ কাৰণে একো পেলাই নাৰাখে।
Romans 3:20 in Assamese 20 কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহ তেওঁৰ আগত ধাৰ্মিক বুলি প্ৰমাণিত নহ’ব; কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে।
Romans 4:6 in Assamese 6 এইদৰে দায়ুদেও কৈছিল, ‘সেই ব্যক্তি ধন্য যি ব্যক্তিৰ ধাৰ্মিকতা ঈশ্বৰে গণনা কৰে, কিন্তু তেওঁৰ কৰ্মৰ দ্বাৰা নহয়’,
Revelation 3:17 in Assamese 17 কাৰণ তুমি কৈছা, মই ধনী, ধন সাঁচিলো, মোৰ একোৰে অভাৱ নাই; কিন্তু তুমিয়েই যে দয়া নোপোৱা, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলঙ্গ, তাক নাজানা।