Isaiah 59:12 in Assamese 12 কিয়নো আপোনাৰ সাক্ষাতে আমাৰ অপৰাধ অনেক, আৰু আমাৰ পাপবোৰে আমাৰ বিৰুদ্ধে সাক্ষ্য দিছে; কিয়নো আমাৰ অপৰাধবোৰ আমাৰ লগত আছে, আৰু আমি আমাৰ অৰ্ধম্মবোৰ জানো।
Other Translations King James Version (KJV) For our transgressions are multiplied before thee, and our sins testify against us: for our transgressions are with us; and as for our iniquities, we know them;
American Standard Version (ASV) For our transgressions are multiplied before thee, and our sins testify against us; for our transgressions are with us, and as for our iniquities, we know them:
Bible in Basic English (BBE) For our evil doings are increased before you, and our sins give witness against us: for our evil doings are with us, and we have knowledge of our sins:
Darby English Bible (DBY) For our transgressions are multiplied before thee, and our sins testify against us; for our transgressions are with us; and our iniquities, we know them:
World English Bible (WEB) For our transgressions are multiplied before you, and our sins testify against us; for our transgressions are with us, and as for our iniquities, we know them:
Young's Literal Translation (YLT) For our transgressions have been multiplied before Thee, And our sins have testified against us, For our transgressions `are' with us, And our iniquities -- we have known them.
Cross Reference Ezra 9:6 in Assamese 6 মই কলোঁ, “হে মোৰ ঈশ্বৰ, মই আপোনাৰ সন্মুখত মুখ তুলিবলৈ অতি লজ্জিত আৰু দুখিত হৈছোঁ। কিয়নো আমাৰ অপৰাধবোৰ বৃদ্ধি পাই সীমা চেৰাই গৈছে, আৰু আমাৰ দোষবোৰ বাঢ়ি গৈ আকাশ স্পৰ্শ কৰিছে।
Ezra 9:13 in Assamese 13 আমাৰ কু-ক্ৰিয়াবোৰৰ আৰু মহাদোষৰ কাৰণে আমালৈ ঘটা সকলো অমঙ্গলৰ পাছত, আমাৰ ঈশ্বৰ যি আপুনি, আপুনি আমাৰ অপৰাধৰ পাবলগা দণ্ড কম কৰি, আমাক জীৱিত কৰি ৰাখিলে।
Nehemiah 9:33 in Assamese 33 আমাৰ ওপৰত ঘটা সকলো বিষয়ত আপুনি ন্যায়ৱান আছিল, কিয়নো আপুনি সত্যতাৰে ব্যৱহাৰ কৰিলে; কিন্তু আমি কু-আচৰণ কৰিলোঁ।
Isaiah 1:4 in Assamese 4 হায় হায় পাপী জাতি, আৰু অপৰাধত ভাৰাগ্ৰস্ত লোক, কুকৰ্ম কৰাসকলৰ বংশধৰ, হে ভ্ৰষ্টতাৰে কাৰ্য কৰা সন্তানসকল! তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে, তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ জনাক হেয়জ্ঞান কৰিলে; তেওঁলোক নিজকে তেওঁৰ পৰা বিছিন্ন কৰিলে।
Isaiah 3:9 in Assamese 9 তেওঁলোকৰ মুখ-চোৱা কাৰ্যই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে, আৰু তেওঁলোকৰ নিজৰ পাপ গোপন নকৰি চদোমৰ দৰে প্ৰকাশ কৰে। তেওঁলোকৰ সন্তাপ হ’ব! কাৰণ তেওঁলোকে নিজৰ ওপৰত আকস্মিক দুৰ্ঘটনা আনে।
Jeremiah 3:2 in Assamese 2 “চকু তুলি গছশূন্য পাহাৰ টিলাবোৰলৈ চোৱা। তুমি আৰাধ্য কৰা প্রতিমাবোৰ প্রত্যেক পাহাৰ টিলাবোৰতেই আছে। তুমি অৰণ্যত থকা আৰবীয়াৰ দৰে মানুবোৰলৈ বাট চাই ৰাজ-আলিত আক্রমণ কৰি লুটপাত কৰিবলৈ বহি থকাৰ দৰে যেন তেওঁলোক সকলোৱে প্রেমিকহে যাৰে সৈতে বেশ্যাকৰ্ম্ম কৰিলা। কিয়নো প্রতিমাবোৰক আৰাধনা কৰি আৰু বেশ্যাকৰ্ম্ম আৰু কুকৰ্ম্মৰ দ্বাৰাই তুমি দেশখন মোলৈ অগ্রহণীয় কৰিলা।
Jeremiah 5:3 in Assamese 3 হে যিহোৱা, তোমাৰ দৃষ্টি সত্যলৈ নহয় নে? তুমি তেওঁলোকক প্ৰহাৰ কৰিলা; তথাপি তেওঁলোক দুখিত নহ’ল। তুমি তেওঁলোকলৈ বিনাশ আনিলা, তথাপি তেওলোক শাস্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, তেওঁলোকে নিজ নিজ মুখ শিলতকৈয়ো টান কৰি উভটি আহিবলৈ অমান্তি হ’ল।
Jeremiah 5:25 in Assamese 25 তোমালোকৰ অপৰাধে এইবোৰ ঘটাল। আৰু তোমালোকৰ পাপবোৰে তোমালোকৰ পৰা মঙ্গল আটক কৰিলে।
Jeremiah 7:8 in Assamese 8 চোৱা! উপকাৰ কৰিব নোৱাৰা মিছা কথাত তোমালোকে বিশ্বাস কৰিছা।
Jeremiah 14:7 in Assamese 7 হে যিহোৱা, যদিও আমাৰ অপৰাধবোৰে আমাৰ অহিতে সাক্ষ্য দিছে, তথাপি তুমি নিজ নামলৈ চাই কাৰ্য্য কৰা। কিয়নো আমাৰ বিপথগমন অনেক; আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
Ezekiel 5:6 in Assamese 6 কিন্তু ই মোৰ শাসন-প্রণালীবোৰৰ বিৰুদ্ধে জাতি সমূহতকৈয়ো অধিক দুষ্কৰ্ম কৰিলে আৰু ইয়াৰ চাৰিওফালে থকা দেশৰ লোকসকলতকৈয়ো মোৰ বিধিবোৰৰ বিৰুদ্ধে অধিক বিদ্ৰোহ কৰিলে; কিয়নো তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিধিবোৰৰ বিৰুদ্ধে গ’ল, সেইবোৰত তেওঁলোক নচলিল।
Ezekiel 7:23 in Assamese 23 তুমি এডাল শিকলি গঢ়োৱা, কিয়নো দেশ ৰক্তপাতৰ অপৰাধেৰে পৰিপূৰ্ণ হৈ আছে আৰু নগৰ অত্যাচাৰেৰে সম্পূৰ্ণকৈ ভৰি আছে।
Ezekiel 8:8 in Assamese 8 তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এই দেৱালখন খান্দি পেলোৱা।” তেতিয়া মই দেৱালখন খান্দোতে এখন দুৱাৰ দেখা পালো!
Ezekiel 16:51 in Assamese 51 চমৰিয়াই তোমাৰ পাপৰ আধাও কৰা নাই; কিন্তু তুমি তেওঁলোকতকৈ তোমাৰ ঘিণলগীয়া কাৰ্য্য অধিক বৃদ্ধি কৰিলা আৰু তুমি কৰা তোমাৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ দ্বাৰাই তোমাৰ বায়েৰা-ভনীয়েৰাক ধাৰ্ম্মিক পাতিলা।
Ezekiel 22:2 in Assamese 2 “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোচৰ নচলোৱা নে? ৰক্তপাতকাৰিণী নগৰীৰ ওপৰত গোচৰ নচলোৱা নে? তেন্তে তাইৰ আটাই ঘিণলগীয়া কাৰ্য তাইক জনোৱা।
Ezekiel 22:24 in Assamese 24 “হে মনুষ্য সন্তান, তুমি যিহূদাক কোৱা, ‘তুমি হাবি নকটা, বা ক্ৰোধৰ দিনা বৰষুণ নিদিয়া দেশ!
Ezekiel 23:2 in Assamese 2 “হে মনুষ্য সন্তান, দুজনী মহিলা আছিল; তেওঁলোক একেজনী মাতৃৰে জীয়েক।
Ezekiel 24:6 in Assamese 6 এই হেতুকে প্ৰভু যিহোৱাই কৈছে: কঁহে (মামৰে) ধৰা আৰু কঁহ নুগুচা টৌৰূপ ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; তুমি চিঠী নেখেলোৱাকৈ এডোখৰ এডোখৰকৈ তাৰ সকলোকে উলিওৱা।
Daniel 9:5 in Assamese 5 আমি পাপ কৰিলোঁ, অসৎ কাৰ্য, দুষ্কৰ্ম, আৰু বিদ্ৰোহ আচৰণ কৰিলোঁ, আৰু তোমাৰ আজ্ঞা আৰু বিধান ত্যাগ কৰিলোঁ;
Hosea 4:2 in Assamese 2 কেৱল শপত ভাঙা, মিছা কথা কোৱা, নৰ-বধ কৰা, চুৰ কৰা আৰু ব্যভিচাৰ চলিছে; ৰক্তপাতৰ উপৰি ৰক্তপাত হৈছে।
Hosea 5:5 in Assamese 5 ইস্ৰায়েলৰ অহংঙ্কাৰেই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে; ইফ্ৰয়িমে নিজৰ অপৰাধতে উজুটি খাইছে; তেওঁলোকৰ লগতে যিহূদায়েও উজুটি খাইছে।
Hosea 7:10 in Assamese 10 ইস্ৰায়েলৰ অহঙ্কাৰেই তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিছে; এই সকলোবোৰৰ উপৰিও, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ তেওঁলোক উলটি নাহিল বা তেওঁক নিবিচাৰিলেও।
Matthew 23:32 in Assamese 32 এই হেতুকে চাওক, আপোনালোকেও নিজৰ পূৰ্বপুৰুষ সকলৰ জোখৰ পাত্ৰ পূৰ কৰক।
Romans 3:19 in Assamese 19 আমি জানো যে, বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগতে ঈশ্বৰৰ সন্মুখত হিচাব দিবলৈ বাধ্য৷
1 Thessalonians 2:15 in Assamese 15 ইহুদী সকলে প্ৰভু যীচুক আৰু ভাববাদী সকলক হত্যা কৰিছিল আৰু এতিয়া আমাকো তাড়না কৰি আছে। তেওঁলোকে ঈশ্বৰক সন্তুষ্ট নকৰে, কিন্তু তেওঁলোক সকলোৰে বিপক্ষত থাকে।