Isaiah 56:3 in Assamese 3 “যিহোৱাই নিশ্চয়কৈ মোক নিজৰ লোকসকলৰ পৰা পৃথক কৰি থ’ব,” এই বুলি যিসকল বিদেশী যিহোৱাৰ অনুগামী তেওঁলোকে নকওক। “চোৱা, মই শুকান গছ,” এই বুলি নপুংসকে ক’ব নালাগে।
Other Translations King James Version (KJV) Neither let the son of the stranger, that hath joined himself to the LORD, speak, saying, The LORD hath utterly separated me from his people: neither let the eunuch say, Behold, I am a dry tree.
American Standard Version (ASV) Neither let the foreigner, that hath joined himself to Jehovah, speak, saying, Jehovah will surely separate me from his people; neither let the eunuch say, Behold, I am a dry tree.
Bible in Basic English (BBE) And let not the man from a strange country, who has been joined to the Lord, say, The Lord will certainly put a division between me and his people: and let not the unsexed man say, See, I am a dry tree.
Darby English Bible (DBY) And let not the son of the alien, that hath joined himself to Jehovah, speak saying, Jehovah hath entirely separated me from his people; neither let the eunuch say, Behold, I am a dry tree;
World English Bible (WEB) Neither let the foreigner, who has joined himself to Yahweh, speak, saying, Yahweh will surely separate me from his people; neither let the eunuch say, Behold, I am a dry tree.
Young's Literal Translation (YLT) Nor speak let a son of the stranger, Who is joined unto Jehovah, saying: `Jehovah doth certainly separate me from His people.' Nor say let the eunuch, `Lo, I am a tree dried up,'
Cross Reference Numbers 18:4 in Assamese 4 তেওঁলোকে তোমাৰ লগ লৈ সাক্ষাৎ কৰা তম্বুৰ আটাই দাস্যকৰ্ম্মৰ সম্বন্ধে যি কৰিব লাগে, অৰ্থাৎ কৰিব লগীয়া তম্বুৰ সেই কাৰ্য্য কৰিব আৰু আন বংশৰ কোনো মানুহ তোমালোকৰ ওচৰ নাচাপিব।
Numbers 18:7 in Assamese 7 এই হেতুকে তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে যজ্ঞবেদী সম্বন্ধীয় সকলো বিষয়ত আৰু প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ সকলো বিষযত নিজ নিজ পুৰোহিত পদৰ কৰিবলগীয়া কাৰ্য্য কৰিবা, তোমালোকে নিজেই দাস্যকৰ্ম্ম সকলো কাম সমাধা কৰিবা, মই দান স্বৰূপেই পুৰোহিত পদৰ কাৰ্য্য তোমালোকক দিলোঁ। কিন্তু আন বংশৰ যি কোনো লোক ওচৰ চাপিলে, তেওঁৰ প্ৰাণদণ্ড হ’ব।
Deuteronomy 23:1 in Assamese 1 যি পুৰুষৰ অণ্ডকোষ চূর্ণ বা গুপুত অঙ্গ কটা হৈছে, তেওঁ যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
Isaiah 14:1 in Assamese 1 যিহোৱাই যাকোবক দয়া কৰিব; ইস্ৰায়েলক পুনৰায় মনোনীত কৰিব, আৰু তেওঁলোকৰ নিজৰ দেশত তেওঁলোকক স্থাপন কৰিব। বিদেশীসকলে তেওঁলোকৰ সৈতে যোগ দিব আৰু তেওঁলোকে নিজেই যাকোবৰ বংশত সংযুক্ত হ’ব।
Isaiah 39:7 in Assamese 7 আপোনাৰ ঔৰসত যি যি পুত্রসকল জন্ম হ’ব, তেওঁলোকৰ আপুনি পিতৃ তুল্য হ’ব; তেওঁলোকে তেওঁলোকক লৈ যাব আৰু তেওঁলোক বাবিলৰ ৰাজ গৃহত নপুংসক দাস হ’ব।”
Isaiah 56:5 in Assamese 5 তেওঁলোকৰ বাবে মই মোৰ গৃহত আৰু মোৰ দেৱালৰ ভিতৰত ল’ৰা আৰু ছোৱালী সকলতকৈ উত্তম কীর্তিস্তম্ভ স্হাপন কৰিম; কেতিয়াও লুপ্ত নোহোৱা চিৰস্থায়ী কীর্তিস্তম্ভ তেওঁলোকক দিম।”
Jeremiah 38:7 in Assamese 7 এনেতে যিৰিমিয়াক কূপত পেলোৱা কথা ৰাজগৃহত থকা এবদ-মেলক নামেৰে এজন কূচ দেশীয় নপুংসকে শুনিলে। তেতিয়া ৰজা বিন্যামীনৰ দুৱাৰত বহি আছিল।
Jeremiah 39:16 in Assamese 16 “তুমি গৈ কূচীয়া এবদ-মেলকক কোৱা, ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মঙ্গলৰ কাৰণে নহয়, অমঙ্গলৰ কাৰণেহে মই এই নগৰলৈ মোৰ বাক্য ফলিওৱাম। সেই দিনা তোমাৰ আগত সেইবোৰ ফলিয়াব।
Jeremiah 50:5 in Assamese 5 তেওঁবিলাকে এই ফাললৈ মুখ কৰি চিয়োনৰ বিষয়ে সুধিব আৰু ক’ব যে আহা, আমি পাহৰিব নোৱাৰা চিৰকলীয়া এটি নিয়মেৰে যিহোৱাত আসক্ত হওঁ।
Daniel 1:3 in Assamese 3 তাৰ পাছত ৰজাই তেওঁৰ নপুংসকসকলৰ অধ্যক্ষ অস্পনজকক কৈছিল, “ৰাজ-বংশৰ আৰু প্ৰধানলোকসকলৰ মাজৰ কিছুমান
Zephaniah 2:11 in Assamese 11 যিহোৱা তেওঁলোকৰ ওচৰত ভীষণৰূপে ভয়ানক হ’ব; তেওঁ পৃথিৱীৰ সকলো দেৱ-দেৱীক শক্তিহীন কৰিব; তেতিয়া সকলো জাতিৰ লোকে যিহোৱাৰ আৰাধনা কৰিব; নিজ নিজ দেশৰ পৰা, সমুদ্রৰ উপকূলসমূহৰ পৰা তেওঁৰ ওচৰত প্রণিপাত কৰিব।
Zechariah 8:20 in Assamese 20 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘লোকসকল আকৌ আহিব, আনকি ভিন ভিন নগৰত নিবাস কৰা লোকসকলো আহিব।
Matthew 8:10 in Assamese 10 যীচুৱে এই কথা শুনি বিস্মিত হ’ল আৰু যি সকল লোক তেওঁৰ পাছে পাছে গৈ আছিল, সেই লোক সকলক উদ্দেশ্য কৰি তেওঁ ক’লে, “মই আপোনালোকক সঁচাকৈয়ে কৈছোঁ, ইস্ৰায়েলত ইমান বেচি বিশ্বাস মই কাৰো মাজত দেখা পোৱা নাই।
Matthew 15:26 in Assamese 26 কিন্তু যীচুৱে উত্তৰ দি ক’লে, “ল’ৰা-ছোৱালীৰ খোৱা বস্তুবোৰ কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়।”
Matthew 19:12 in Assamese 12 কোনোৱে মাকৰ গৰ্ভৰ পৰাই নপুংসক হৈ জন্ম পাইছে; আন কাৰোবাক মানুহেই নপুংসক কৰিছে; পুনৰ এনে কোনো কোনো লোক আছে, যি সকলে স্ৱৰ্গৰাজ্যৰ কাৰণে নিজকে নিজে নপুংসক কৰিছে। যি জনে এই শিক্ষা গ্রহণ কৰিব পাৰে, তেওঁ গ্ৰহণ কৰক।”
Luke 7:6 in Assamese 6 তেতিয়া যীচুৱে তেওঁলোকৰ লগত গৈ ঘৰৰ ওচৰ পাওঁতে, সেই সেনাপতিয়ে বন্ধুবোৰক তেওঁৰ ওচৰত ক’বলৈ পঠালে যে, “হে প্ৰভু, নিজকে দুখ নিদিব; কিয়নো আপুনি যে আহি মোৰ ঘৰৰ ভিতৰত সোমাব, মই এনে যোগ্য নহওঁ;
Acts 8:26 in Assamese 26 পাছত ঈশ্বৰৰ এজন দূতে ফিলিপক ক’লে, “উঠা, দক্ষিণ ফাললৈ যি পথ যিৰূচালেমৰ পৰা গাজালৈ নামি গৈছে, সেই পথেদি নামি যোৱা।” (এই পথটো মৰুভূমিৰ মাজত আছিল)৷
Acts 10:1 in Assamese 1 চীজাৰিয়া নগৰত ইটালীয়া নামৰ সৈন্য দলৰ কৰ্ণীলিয় নামেৰে এজন এশৰ সেনাপতি আছিল৷
Acts 10:34 in Assamese 34 তেতিয়া পিতৰে মাত দিলে আৰু ক’লে, “ইয়াকে মই সঁচাকৈ উপলদ্ধি কৰিছোঁ যে, ঈশ্বৰে কাৰো পক্ষপাতীত্ব নকৰে৷
Acts 13:47 in Assamese 47 কিয়নো প্ৰভুৱে আমাক এনে আজ্ঞা দিলে, ‘তোমাক মই অনা-ইহুদী লোকৰ পোহৰ কৰি থলোঁ, যেন তুমি জগতৰ সীমালৈকে পৰিত্ৰাণস্বৰূপ হোৱা’৷
Acts 17:4 in Assamese 4 তাতে কিছুমান ইহুদীয়ে এই কথাত সন্মতি জনাই পৌল আৰু চীলৰ লগত যোগ দিলে। তাৰোপৰি অনেক ঈশ্বৰভক্ত গ্রীক আৰু গণ্য-মান্য মহিলা সকলকে ধৰি এক বৃহৎ দলে তেওঁলোকৰ লগত যোগ দিলে।
Acts 18:7 in Assamese 7 পাছত, তেওঁ তাৰ পৰা গৈ ঈশ্বৰৰ উপাসনা কৰা তীত-যুষ্ট নামেৰে এজনৰ ঘৰত উপস্থিত হ’ল৷ তেওঁৰ ঘৰ নাম-ঘৰৰ কাষতে লাগি আছিল।
Romans 2:10 in Assamese 10 কিন্তু প্ৰথমে ইহুদী, পাছত গ্ৰীক লোক, এইদৰে সৎকৰ্ম্ম সাধন কৰা সকলো লোকলৈ গৌৰৱ, মৰ্যদা, আৰু শান্তি হ’ব;
Romans 15:9 in Assamese 9 আৰু অনা-ইহুদী লোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ, এই বিষয়ে এনে ধৰণে লিখাও আছে, ‘এই কাৰণে মই অনা-ইহুদী সকলৰ মাজত তোমাৰ স্তুতি কৰিম; আৰু তোমাৰ নামেৰে গীতো গাম।”
Romans 15:16 in Assamese 16 অনা-ইহুদী সকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত নৈবেদ্য স্বৰূপে পৰম গ্ৰহণীয় হ’বলৈ মই অনা-ইহুদী সকলৰ বাবে খ্ৰীষ্ট যীচুৰ পুৰোহিতৰূপে, ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ৷
1 Corinthians 6:17 in Assamese 17 কিন্তু যি জন প্ৰভুত আসক্ত লোক, তেওঁ তেৱেঁ সৈতে এক আত্মা হয়।
Ephesians 2:12 in Assamese 12 সেই সময়ত আপোনালোক খ্রীষ্টৰ পৰা পৃথক হৈ আছিল; আপোনালোক ইস্ৰায়েলৰ নাগৰিক নাছিল; প্ৰতিজ্ঞাযুক্ত বিধান সমূহৰ লগত আপোনালোকৰ কোনো সম্বন্ধ নাছিল; আপোনালোকৰ আশা নাছিল; এই জগতত আপোনালোক ঈশ্বৰবিহীন আছিল।
Ephesians 2:22 in Assamese 22 তেওঁতেই আপোনালোক একেলগে গঁথা হৈ, আত্মাত ঈশ্বৰৰ এক আবাস ৰূপে গঢ়ি উঠিছে।
1 Peter 1:1 in Assamese 1 মই পিতৰ, যীচু খ্ৰীষ্টৰ পাঁচনি; যি সকল প্ৰবাসী লোক পন্ত, গালাতীয়া, কোপ্পাদকিয়া, এচিয়া আৰু বিথুনিয়া দেশত গোট গোট হৈ আছে, সেই প্ৰবাসী, মনোনীত লোক সকলৰ সমীপলৈ৷