Isaiah 55:13 in Assamese 13 কাঁইট গছৰ সলনি চিৰসেউজীয়া গছ গজিব; আৰু কাঁইটীয়া জাৰনিৰ পৰিবর্তে সুগন্ধি পাত আৰু ফুলযুক্ত গছ গজিব; আৰু সেয়ে যিহোৱা আৰু তেওঁৰ নামৰ বাবে হ’ব, কেতিয়াও লুপ্ত নোহোৱা, অনন্ত কালৰ বাবে এক চিন হ’ব ।
Other Translations King James Version (KJV) Instead of the thorn shall come up the fir tree, and instead of the brier shall come up the myrtle tree: and it shall be to the LORD for a name, for an everlasting sign that shall not be cut off.
American Standard Version (ASV) Instead of the thorn shall come up the fir-tree; and instead of the brier shall come up the myrtle-tree: and it shall be to Jehovah for a name, for an everlasting sign that shall not be cut off.
Bible in Basic English (BBE) In place of the thorn will come up the fir-tree, and in place of the blackberry the myrtle: and it will be to the Lord for a name, for an eternal sign which will not be cut off.
Darby English Bible (DBY) Instead of the thorn shall come up the cypress, and instead of the nettle shall come up the myrtle; and it shall be to Jehovah for a name, for an everlasting sign [that] shall not be cut off.
World English Bible (WEB) Instead of the thorn shall come up the fir tree; and instead of the brier shall come up the myrtle tree: and it shall be to Yahweh for a name, for an everlasting sign that shall not be cut off.
Young's Literal Translation (YLT) Instead of the thorn come up doth fir, Instead of the brier come up doth myrtle, And it hath been to Jehovah for a name, For a sign age-during -- it is not cut off!
Cross Reference Isaiah 5:6 in Assamese 6 মই তাৰ জাৱৰবোৰ তাতে ৰাখিম; আৰু ইয়াক কলম দিয়া নহ’ব, বা কোৰ মৰাও নহ’ব। কিন্তু তাত কাঁইট গছ আৰু কাঁইটিয়া বন গজি উঠিব, আৰু মই মেঘক ইয়াৰ ওপৰত বৰষুণ নিদিবলৈ আজ্ঞা দিম।
Isaiah 11:6 in Assamese 6 কুকুৰনেচীয়া বাঘ ভেড়া পোৱালিৰ সৈতে বাস কৰিব, আৰু নাহৰফুটুকী বাঘ ছাগলী পোৱালিৰ সৈতে শুব। দামুৰি আৰু যুবা সিংহ, আৰু হৃষ্টপুষ্ট দামুৰি একেলগে থাকিব। এটি সৰু লৰাই সিহঁতক চলাব।
Isaiah 41:19 in Assamese 19 মই অৰণ্যত বনৰীয়া এৰচ, বাবল, মেন্দি আৰু জলফাই গছ ৰুম; আৰু মৰুভূমিত দেৱদাৰু, তিধৰ, তাচুৰ গছ একেলগে ৰুই থম।
Isaiah 43:21 in Assamese 21 এই লোকসকলক মোৰ নিজৰ বাবে নিৰ্মাণ কৰিলোঁ, যাতে তেওঁলোকে মোৰ প্রশংসা গুণ কীৰ্ত্তন কৰিব পাৰে।
Isaiah 54:10 in Assamese 10 যদিও পৰ্ব্বতবোৰ ধ্বংস হ’ব, আৰু পাহাৰবোৰ কঁপিব; তথাপিও তোমালোকৰ পৰা মোৰ বিশ্বাসযোগ্য চুক্তি আঁতৰি নাযাব, বা মোৰ শান্তিৰ চুক্তি লৰচৰ নহব, যি জনে তোমালোকক অনুগ্ৰহ কৰে সেই যিহোৱাই কৈছে।
Isaiah 60:13 in Assamese 13 লিবানোনৰ গৌৰৱ তোমালৈ আহিব; দেৱদাৰু, তিধৰ, আৰু তাচুৰ গছ একেলগে, মোৰ পবিত্ৰস্থান ভূষিত কৰিবৰ অৰ্থে আহিব; আৰু মই মোৰ চৰণ থোৱা ঠাই প্ৰতাপযুক্ত কৰিম।
Isaiah 60:21 in Assamese 21 মই গৌৰৱান্বিত হ’বলৈ মই ৰোৱা গছৰ পোখা আৰু মোৰ হাতে কৰা কৰ্ম্মস্বৰূপ যি তোমাৰ লোক সকলোৱেই ধাৰ্ম্মিক হ’ব; তেওঁলোকে অনন্ত কাললৈকে দেশ অধিকাৰ কৰিব।
Isaiah 61:3 in Assamese 3 চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।
Isaiah 63:12 in Assamese 12 মোচিৰ সোঁহাতত নিজৰ প্ৰৰাক্রমী শক্তি দিয়া ঈশ্বৰ ক’ত? নিজৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে তেওঁলোকৰ আগত জলসমূহ দুভাগ কৰা ঈশ্বৰ ক’ত?
Jeremiah 13:11 in Assamese 11 কিয়নো যিহোৱাই কৈছে, মানুহৰ কঁকালত যেনেকৈ টঙালি লাগি থাকে, তেনেকৈ মই গোটেই ইস্ৰায়েল বংশক আৰু গোটেই যিহূদা বংশক মোৰ প্ৰজা, আৰু মোৰ কীৰ্ত্তি, প্ৰশংসা, আৰু ভুষণস্বৰূপ কৰিবৰ অৰ্থে নিজতে লগাই ৰাখিছিলোঁ; কিন্তু তেওঁলোকে মোৰ কথা নুশুনিলে।’
Jeremiah 33:9 in Assamese 9 আৰু মই তেওঁলোকলৈ কৰা সকলো মঙ্গল-কাৰ্য্যৰ কথা পৃথিৱীৰ যি জাতিসকলে শুনিব, আৰু মই তেওঁলোকৰ কাৰণে কৰা আটাই মঙ্গল আৰু শান্তিৰ কথা শুনি ভয়ত কঁপিব, সেই সকলো জাতিৰ আগত এই নগৰ মোৰ পক্ষে আনন্দজনক নাম, প্ৰশংসা আৰু গৌৰৱৰ বিষয় হ’ব’।”
Jeremiah 50:5 in Assamese 5 তেওঁবিলাকে এই ফাললৈ মুখ কৰি চিয়োনৰ বিষয়ে সুধিব আৰু ক’ব যে আহা, আমি পাহৰিব নোৱাৰা চিৰকলীয়া এটি নিয়মেৰে যিহোৱাত আসক্ত হওঁ।
Micah 7:4 in Assamese 4 তেওঁলোকৰ মাজৰ শ্রেষ্ঠ জন জংঘলী গোলাপৰ দৰে, ন্যায়পৰায়ণ লোক জোপোহা কাঁইটীয়া গছৰ বেৰা; তোমাৰ প্ৰহৰীসকলৰ দ্বাৰাই কোৱা ভবিষ্যতবাণীৰ দিন এয়ে; তোমাৰ দণ্ডৰ দিন এয়া; এতিয়া তাত বিভ্রান্তিৰ সৃষ্টি হৈছে।
Luke 2:14 in Assamese 14 “উৰ্দ্ধলোকত ঈশ্বৰৰ মহিমা, আৰু পৃথিৱীত তেওঁৰ প্ৰীতিৰ পাত্ৰ মানুহবোৰৰ মাজত শান্তি।”
John 15:8 in Assamese 8 ইয়াতে মোৰ পিতৃ মহিমান্বিত হয়, তোমালোকে অধিক ফল ধৰি নিজকে প্ৰমাণ কৰা যে, তোমালোক মোৰ প্ৰকৃত শিষ্য।
Romans 6:19 in Assamese 19 আপোনালোকৰ মাংসৰ দুৰ্বলতাৰ কাৰণে, মই মানুহৰ দৰে কৈছোঁ৷ কিয়নো আপোনালোকে যেনেকৈ পূৰ্বতে অধৰ্মৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অশুচিতা আৰু অধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰিছিল, তেনেকৈ এতিয়া পবিত্ৰতা লাভৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক দাস স্বৰূপে ধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰক।
1 Corinthians 6:9 in Assamese 9 যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই বিষয়ে আপোনালোকে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়,
2 Corinthians 5:17 in Assamese 17 এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চাওক, সকলো নতুন হ’ল।
Ephesians 3:20 in Assamese 20 আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে।
1 Peter 2:9 in Assamese 9 কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে; এইদৰে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, যাতে আপোনালোকে তেওঁৰ আচৰিত কৰ্মবোৰ প্ৰকাশ কৰে৷ এই কাৰণে,
1 Peter 4:11 in Assamese 11 যদি কোনোৱে কথা কয়, তেনেহলে ঈশ্বৰৰ বাক্যৰদৰে কওক; যদি কোনোৱে সেৱা শুশ্ৰূষা কৰে, তেনেহলে ঈশ্বৰে দিয়া শক্তি অনুসাৰে কৰক; এইদৰে সকলো বিষয়তে যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়; তেওঁৰেই মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন।