Isaiah 54:3 in Assamese 3 তোমালোকৰ সোঁহাত আৰু বাওঁহাত মেলি দিয়া হ’ব, আৰু তোমালোকৰ বংশধৰসকলে দেশবোৰ জয় কৰিব, আৰু পৰিত্যক্ত নগৰবোৰ পুনৰ স্থাপন কৰিব।
Other Translations King James Version (KJV) For thou shalt break forth on the right hand and on the left; and thy seed shall inherit the Gentiles, and make the desolate cities to be inhabited.
American Standard Version (ASV) For thou shalt spread aboard on the right hand and on the left; and thy seed shall possess the nations, and make the desolate cities to be inhabited.
Bible in Basic English (BBE) For I will make wide your limits on the right hand and on the left; and your seed will take the nations for a heritage, and make the waste towns full of people.
Darby English Bible (DBY) For thou shalt spread abroad on the right hand and on the left; and thy seed shall possess nations, and they shall make desolate cities to be inhabited.
World English Bible (WEB) For you shall spread aboard on the right hand and on the left; and your seed shall possess the nations, and make the desolate cities to be inhabited.
Young's Literal Translation (YLT) For right and left thou breakest forth, And thy seed doth nations possess,
Cross Reference Genesis 28:14 in Assamese 14 তোমাৰ বংশ পৃথিৱীৰ ধুলিৰ নিচিনা অসংখ্য হ’ব; তুমি পূৱ, পশ্চিম, উত্তৰ আৰু দক্ষিণলৈ বিস্তাৰিত হৈ যাবা; পৃথিৱীৰ সমুদায় জাতি, তোমাৰ আৰু তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
Genesis 49:10 in Assamese 10 চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোকসমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
Psalm 72:8 in Assamese 8 তেওঁলোকে এখন সমুদ্ৰৰ পৰা আনএখন সমুদ্ৰলৈকে ৰাজ্যশাসন কৰিব, আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব।
Isaiah 2:2 in Assamese 2 পিছৰ দিনবোৰত, যিহোৱাৰ পৰ্ব্বতত গৃহ স্থাপন কৰা হ’ব পৰ্ব্বতবোৰৰ দৰে ওখ আৰু পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু সকলো জাতি তালৈ সোঁত বোৱাৰ দৰে বৈ যাব।
Isaiah 11:9 in Assamese 9 মোৰ সমগ্র পবিত্ৰ পৰ্ব্বতত সিহঁতে আঘাত বা ধ্বংস নকৰিব; কাৰণ পানীয়ে যি দৰে সমুদ্ৰক ঢাকে, সেইদৰে যিহোৱাৰ জ্ঞানে পৃথিৱী পৰিপূৰ্ণ কৰিব।
Isaiah 35:1 in Assamese 1 মৰুপ্রান্ত আৰু নিৰ্জন ঠাইবোৰ আনন্দিত হ’ব, আৰু গোলাপ ফুলৰ দৰে, মৰুভুমিত ফুল ফুলিব আৰু প্ৰফুল্লিত হ’ব।
Isaiah 42:1 in Assamese 1 সৌৱা চোৱা, মোৰ দাস, মই তেওঁক ধৰি ৰাখিছোঁ; মোৰ মনোনীত লোকত, মোৰ আত্মাই সন্তোষ্ট হৈছে; মই তেওঁৰ ওপৰত মোৰ আত্মা স্থিতি কৰিলোঁ; তেওঁ দেশবাসীসকলৰ মাজত ন্যায় বিচাৰ কৰিব।
Isaiah 43:5 in Assamese 5 ভয় নকৰিবা, কিয়নো মই তোমাৰ লগত আছোঁ; মই পূৱ দিশৰ পৰা তোমাৰ বংশক আনিম, আৰু পশ্চিম দিশৰ পৰা তোমাক গোটাম।
Isaiah 49:8 in Assamese 8 যিহোৱাই এই কথা কৈছে, একে সময়তে মই তোমাক মোৰ অনুগ্ৰহ আৰু উত্তৰ দিবলৈ সিদ্ধান্ত ল’ম, আৰু পৰিত্ৰাণৰ দিনা মই তোমাক সহায় কৰিম; উওৰাধিকাৰি সূত্রে পোৱা উচ্ছন্ন হৈ যোৱা দেশ পুনৰ নির্দিষ্ট কৰি গঠন কৰিবলৈ, মই তোমাক সুৰক্ষা দিম,আৰু তোমাক চুক্তি হিচাবে লোকসকলৰ কাৰণে দিম।
Isaiah 49:12 in Assamese 12 চোৱা, এইবোৰ দূৰৰ পৰা আহিব, কিছুমান উত্তৰৰ পৰা আৰু কিছুমান পশ্চিম দিশৰ পৰা; আৰু আনবোৰ চিনীম দেশৰ পৰা আহিব।
Isaiah 49:18 in Assamese 18 চাৰিওফালে চোৱা; তেওঁলোক সকলো গোট খাইছে আৰু তোমাৰ ওচৰলৈ আহিছে। “নিশ্চিতভাবে যি দৰে মই জীয়াই আছো”এয়া যিহোৱাৰ ঘোষনা-“তোমালোকে সেইবোৰ অলঙ্কাৰৰ দৰে নিশ্চয় পিন্ধিবা; তোমালোকে সেইবোৰ কন্যাৰ দৰে পিন্ধিবা।
Isaiah 52:9 in Assamese 9 যিৰূচালেমৰ উচ্ছন্ন লোকসকল, একেলগে গানেৰে আনন্দত উল্লাস কৰা, কাৰণ যিহোৱাই তেওঁৰ লোকসকলক শান্ত্বনা দিলে, তেওঁ যিৰূচালেমক মুক্ত কৰিলে।
Isaiah 55:5 in Assamese 5 চোৱা, যি জাতিক তোমালোকে নাজানা, এনে জাতিক তোমালোকে আহ্বান কৰিবা, আৰু যি জাতিয়ে তোমালোকক নাজানে, এনে জাতি তোমালোকৰ ওচৰলৈ দৌৰি আহিব; তোমালোকৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা, যি জনে তোমালোকক গৌৰৱাম্বিত কৰিলে, তেওঁৰ বাবে এনে ঘটিব।
Isaiah 60:3 in Assamese 3 লোকসমূহ তোমাৰ পোহৰৰ ওচৰলৈ আহিব, আৰু ৰজাসকলে তোমাৰ উদয় হোৱা দীপ্তিৰ ওচৰলৈ আহিব।
Isaiah 61:5 in Assamese 5 বিদেশী লোকসকল দায়িত্ব ল’ব আৰু তোমালোকৰ জাকবোৰ চৰাব, আৰু বিদেশী লোকসকলৰ পুত্র সকলে তোমালোকৰ পথাৰত আৰু দ্ৰাক্ষাবাৰীত কাম কৰিব।
Ezekiel 36:35 in Assamese 35 আৰু তেতিয়া তেওঁলোকে ক’ব, “এই যি দেশ ধ্বংস কৰা হৈছিল, এই দেশ এদন বাৰীৰ নিচিনা হ’ল, আৰু এই যি নগৰবোৰ ধ্বংসস্থান, উচ্ছন্ন, আৰু ভগ্ন হৈছিল, এই নগৰবোৰ গড়েৰে আবৃত আৰু বাসস্থান হ’ল।”
Romans 9:25 in Assamese 25 সেইদৰে তেওঁ হোচেয়াৰ পুস্তকতো কৈছে: ‘যি লোক প্ৰকৃততে মোৰ নহয়, তেওঁক মোৰ লোক বুলি, আৰু অপ্ৰিয় জনীক প্ৰেমৰ বুলি মাতিম’।
Romans 10:18 in Assamese 18 কিন্তু মই কওঁ, “তেওঁলোকে জানো শুনিবলৈ পোৱা নাই? আচলতে সঁচাকৈ শুনিবলৈ পালে৷ তেওঁলোকৰ স্বৰ গোটেই পৃথিৱীলৈ, আৰু তেওঁলোকৰ কথা জগতৰ সীমালৈকে বিয়পি গ’ল৷”
Romans 11:12 in Assamese 12 পাছত তেওঁলোকৰ অপৰাধেই যদি জগতৰ ধন আৰু তেওঁলোকৰ হানিয়েই যদি অনা-ইহুদী সকলৰ ধন হয়, তেনেহলে তেওঁলোকৰ পৰিপূৰ্ণতা তাতকৈ কিমান অধিক হ’ব?
Colossians 1:23 in Assamese 23 আপোনালোকে যি শুভবাৰ্তা শুনিছে, তাতে যদি বিশ্বাস কৰি স্থিৰে থাকে আৰু শুভবাৰ্তাৰ পৰা উৎপন্ন হোৱা যি আশা আপোনালোকে পালে, সেই আশাৰ মূলৰ পৰা যদি আতৰি নাযায়, তেনেহলে খ্ৰীষ্টে সকলোবোৰ সম্পন্ন কৰিব আৰু স্বৰ্গৰ তলত থকা সকলো সৃষ্টিৰ মাজত সেই একে শুভবাৰ্তা প্ৰচাৰিত হৈ আছে; মই পৌল, এই শুভবাৰ্তাৰ এজন দাস৷