Isaiah 54:14 in Assamese 14 ধাৰ্ম্মিকতাত মই তোমালোকক পুনৰ স্থাপন কৰিম; তোমালোকৰ আৰু অত্যাচাৰ অভিজ্ঞতা নহ’ব, কাৰণ তোমালোকৰ ভয় নহ’ব; আৰু আতঙ্কজনক কোনো কথাই তোমালোকৰ ওচৰলৈ নাহিব।
Other Translations King James Version (KJV) In righteousness shalt thou be established: thou shalt be far from oppression; for thou shalt not fear: and from terror; for it shall not come near thee.
American Standard Version (ASV) In righteousness shalt thou be established: thou shalt be far from oppression, for thou shalt not fear; and from terror, for it shall not come near thee.
Bible in Basic English (BBE) All your rights will be made certain to you: have no fear of evil, and destruction will not come near you.
Darby English Bible (DBY) In righteousness shalt thou be established: thou shalt be far from oppression, for thou shalt not fear; and from terror, for it shall not come near thee.
World English Bible (WEB) In righteousness shall you be established: you shall be far from oppression, for you shall not be afraid; and from terror, for it shall not come near you.
Young's Literal Translation (YLT) In righteousness thou establishest thyself, Be far from oppression, for thou fearest not, And from ruin, for it cometh not near unto thee.
Cross Reference Proverbs 3:25 in Assamese 25 তুমি আকস্মিক বিপদলৈ বা দুষ্টবোৰৰ দ্বাৰাই অহা বিনাশ আহিব, তেতিয়া তুমি ভয় নকৰিবা।
Isaiah 1:26 in Assamese 26 মই আগৰ দৰেই তোমালোকৰ বিচাৰকৰ্ত্তাসকলক, আৰু আৰম্ভণীৰ দৰে তোমালোকৰ পৰামৰ্শদাতাসকলক পুনৰায় স্থাপন কৰিম; তাৰ পাছতহে তোমালোকে ধাৰ্মিকতাৰ দ্বাৰাই আৰু বিশ্বাসীৰ নগৰ নামেৰে প্ৰখ্যাত হ’বা।”
Isaiah 2:4 in Assamese 4 তেওঁ দেশবোৰৰ মাজত বিচাৰ কৰিব, আৰু অনেক লোকৰ বাবে সিদ্ধান্ত ল’ব; তেওঁলোকে নিজৰ তৰোঁৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু যাঠি ভাঙি কলম দিয়া কটাৰী গঢ়াব; এখন দেশে আনখন দেশৰ বিৰুদ্ধে তৰুৱাল নাদাঙিব, নাইবা তেওঁলোকে যুদ্ধ-বিদ্যা আৰু নিশিকিব।
Isaiah 9:4 in Assamese 4 কাৰণ তুমি মিদিয়নৰ সময়ত কৰা দৰে, তেওঁৰ ভাৰ স্বৰূপ যুৱলি, তেওঁৰ কান্ধৰ কানমাৰি, আৰু তেওঁৰ উপদ্ৰৱকাৰী দণ্ড ভাঙি পেলালা।
Isaiah 45:24 in Assamese 24 লোকসকলে ক’ব “কেৱল যিহোৱাত হে পৰিত্রান আৰু শক্তি আছে।”’” যিসকলো তেওঁৰ প্রতি কুপিত তেওঁলোক তেওঁৰ সন্মুখত লাজত সঙ্কুচিত হ’ব।
Isaiah 51:13 in Assamese 13 যি জনাই আকাশ-মণ্ডল বিস্তাৰ কৰিলে, আৰু পৃথিবীৰ মূল স্থাপন কৰিলে, তোমালোকৰ সেই নিৰ্ম্মাণকৰ্ত্তা যিহোৱাক কিয় পাহৰিছা ? কাৰণ যেতিয় অতি ক্রোধত অত্যাচাৰীয়ে ধ্বংস কৰিবলৈ সিদ্ধান্ত লয়, তেতিয়া প্রতিদিনে তোমালোক অবিৰাম ভাবে আতঙ্কত থাকা। সেই অত্যাচাৰীসকলৰ ক্ৰোধ ক’ত ?
Isaiah 52:1 in Assamese 1 হে চিয়োন, সজাগ হোৱা, সজাগ হোৱা, তোমালোকৰ শক্তি তুলি ধৰা; হে পবিত্ৰ নগৰ যিৰূচালেম, তোমালোকৰ সুন্দৰ বস্ত্ৰবোৰ পিন্ধা; কাৰণ পুনৰ কেতিয়াও চুন্নৎ নোহোৱা বা অশুচি লোক তোমালোকৰ মাজত নোসোমাব।
Isaiah 60:21 in Assamese 21 মই গৌৰৱান্বিত হ’বলৈ মই ৰোৱা গছৰ পোখা আৰু মোৰ হাতে কৰা কৰ্ম্মস্বৰূপ যি তোমাৰ লোক সকলোৱেই ধাৰ্ম্মিক হ’ব; তেওঁলোকে অনন্ত কাললৈকে দেশ অধিকাৰ কৰিব।
Isaiah 61:10 in Assamese 10 মই যিহোৱাত অতিশয় আনন্দ কৰিম মোৰ প্ৰাণে মোৰ ঈশ্বৰত উল্লাস কৰিব; কাৰণ তেওঁ মোক পৰিত্ৰাণৰূপ বস্ত্ৰ পিন্ধালে, আৰু ধাৰ্ম্মিকতাৰূপ চোলাৰে মোক বিভূষিত কৰিলে, যিদৰে দৰাই পাগুৰিৰে নিজকে বিভূষিত কৰে, আৰু কন্যাই যিদৰে অলঙ্কাৰেৰে নিজকে শোভিত কৰে।
Jeremiah 23:3 in Assamese 3 আৰু যি যি দেশলৈ মই মোৰ জাকক খেদিলোঁ, তাৰ পৰা তেওঁলোকৰ অৱশিষ্ট ভাগ গোটাম, আৰু পুনৰায় তেওঁলোকৰ গঁৰাললৈ তেওঁলোকক আনিম; তাতে তেওঁলোক প্ৰজাবন্ত হৈ বহুবংশ হব।
Jeremiah 30:10 in Assamese 10 এই হেতুকে, যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; হে ইস্ৰায়েল ব্যাকুল নহবা। কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক, আৰু বন্দী-অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম। কাৰণ যাকোব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব।
Jeremiah 31:23 in Assamese 23 ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মই যেতিয়া এই লোকসকলৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, তেতিয়া তেওঁলোকে যিহূদা দেশত আৰু তাৰ নগৰবোৰত পুনৰায় এই কথা ক’ব: ‘হে ধৰ্ম্মনিবাস, হে পৱিত্ৰ পৰ্ব্বত, যহোৱাই তোমাক আশীৰ্ব্বাদ কৰক।’
Ezekiel 36:27 in Assamese 27 আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰি, তোমালোকক মোৰ বিধিবোৰত চলাম; তাতে তোমালোকে মোৰ শাসন প্ৰণালীবোৰ পালন কৰি সেই মতে কাৰ্য্য কৰিবা।
Ezekiel 37:23 in Assamese 23 আৰু তেওঁলোকৰ নিজৰ মুৰ্ত্তিৰে, নিজৰ ঘিণ লগীয়া বস্তুৰে, নাইবা নিজৰ অপৰাধৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰিব; কিন্তু তেওঁলোকে পাপ কৰা তেওঁলোকৰ আটাই বাসস্থানৰ পৰা মই তেওঁলোকক ৰক্ষা কৰিম, আৰু তেওঁলোকক শুচি কৰিম; তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।
Joel 3:17 in Assamese 17 “তেতিয়া মই যে মোৰ পবিত্ৰ পৰ্ব্বত চিয়োনত বাস কৰোঁতা তোমালোকৰ ঈশ্বৰ যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা। তেতিয়া যিৰূচালেম পবিত্ৰ হ’ব, আৰু কোনো বিদেশী সৈন্য দলে তাৰ মাজেদি পুনৰ অহা-যোৱা কৰিব নোৱাৰিব।
Micah 4:3 in Assamese 3 তেওঁ অনেক লোকৰ মাজত বিচাৰ কৰিব, আৰু দূৰত থকা বহুতো দেশবাসীৰ বিষয়ে সিদ্ধান্ত ল’ব; তেওঁলোকে তেওঁলোকৰ তৰোৱাল ভাঙি নাঙলৰ ফাল, আৰু তেওঁলোকৰ যাঠী ভাঙি কলম দিয়া কটাৰী গঢ়াই ল’ব; এটা দেশে আন দেশৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, অথবা তেওঁলোকে যুদ্ধবিদ্যা পুনৰ নিশিকিব।
Zephaniah 3:13 in Assamese 13 ইস্ৰায়েলৰ সেই অৱশিষ্ট ভাগে অপৰাধ নকৰিব; তেওঁলোকে মিছা কথা নকব আৰু তেওঁলোকৰ মুখত ছলনাৰ কথা নাথাকিব। এইদৰে তেওঁলোকে চৰিব আৰু শুব; তেওঁলোকক ভয় দেখুৱাবলৈ কোনো নাথাকিব।”
Zechariah 2:4 in Assamese 4 আৰু দ্বিতীয় দূতজনে তেওঁক ক’লে, “তুমি বেগাই যোৱা আৰু সেই ডেকাক এই কথা কোৱা, ‘যিৰূচালেম গড় নোহোৱা গাওঁৰ নিচিনা বসতিস্থান হ’ব; যিৰূচালেমৰ মাজত থকা অধিক মানুহ আৰু পশুৰ কাৰণে।
Zechariah 8:3 in Assamese 3 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মই চিয়োনলৈ উলটি আহিলোঁ আৰু যিৰূচালেমৰ মাজত বাস কৰিম, কাৰণ যিৰূচালেম সত্যপুৰী বুলি আৰু বাহিনীসকলৰ যিহোৱাৰ পৰ্ব্বতখন পবিত্ৰ বুলি প্ৰখ্যাত হ’ব’!”
Zechariah 9:8 in Assamese 8 কোনেও মাজেদি অহা-যোৱা কৰিব নোৱাৰাকৈ মোৰ বংশৰ চাৰিওফালে সৈন্যসামন্তৰ বিৰুদ্ধে মই ছাউনি পাতিম, তেতিয়া কোনো অত্যাচাৰী লোক তেওঁলোকৰ মাজেদি পুনৰায় যাব নোৱাৰিব; কাৰণ নিজ চকুৰে এতিয়া মই দৃষ্টি কৰিলোঁ!
2 Peter 3:13 in Assamese 13 কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশমণ্ডল আৰু নতুন জগতলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্মিকতা নিবাস কৰে।