Isaiah 51:5 in Assamese 5 মোৰ ধাৰ্ম্মিকতা ওচৰ হ’য়, মোৰ পৰিত্ৰাণ উলায় যাব , আৰু মোৰ বাহুৱে জাতিবোৰৰ বিচাৰ কৰিব; উপকূলভূমিয়ে মোলৈ বাট চাব, আৰু মোৰ বাহুবলৰ কাৰণ আগ্রহেৰে বাট চাব।
Other Translations King James Version (KJV) My righteousness is near; my salvation is gone forth, and mine arms shall judge the people; the isles shall wait upon me, and on mine arm shall they trust.
American Standard Version (ASV) My righteousness is near, my salvation is gone forth, and mine arms shall judge the peoples; the isles shall wait for me, and on mine arm shall they trust.
Bible in Basic English (BBE) Suddenly will my righteousness come near, and my salvation will be shining out like the light; the sea-lands will be waiting for me, and they will put their hope in my strong arm.
Darby English Bible (DBY) My righteousness is near, my salvation is gone forth, and mine arms shall judge the peoples: the isles shall wait for me, and in mine arm shall they trust.
World English Bible (WEB) My righteousness is near, my salvation is gone forth, and my arms shall judge the peoples; the isles shall wait for me, and on my arm shall they trust.
Young's Literal Translation (YLT) Near `is' My righteousness, Gone out hath My salvation and Mine arms, Peoples they judge, on Me isles do wait, Yea, on Mine arm they do wait with hope.
Cross Reference Deuteronomy 30:14 in Assamese 14 কিন্তু বাক্য আপোনালোকৰ নিচেই ওচৰতে আছে; আপোনালোকৰ মুখত আৰু হৃদয়তে আছে যাতে আপোনালোকে তাক পালন কৰিব পাৰে।
1 Samuel 2:10 in Assamese 10 যিহোৱাৰ সৈতে প্ৰতিবাদ কৰা সকলক খণ্ড খণ্ড কৰা হ’ব, তেওঁ স্বৰ্গৰ পৰা সিহঁতৰ বিৰুদ্ধে বজ্ৰধ্ৱনি কৰিব। যিহোৱাই পৃথিৱীৰ অন্তলৈকে বিচাৰ কৰিব, তেৱেঁই তেওঁৰ ৰজাক বল দিব, আৰু নিজ অভিষিক্ত জনক উচ্চ-স্থানলৈ নিব।”
Psalm 50:4 in Assamese 4 তেওঁ নিজৰ লোকসকলৰ ন্যায়বিচাৰ কৰিবৰ কাৰণে, তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে ।
Psalm 67:4 in Assamese 4 জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব; এই লোকসকলৰ ন্যায়বিচাৰ তুমি ন্যায়ৰে কৰিবা, পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। চেলা
Psalm 85:9 in Assamese 9 তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁৰ পৰিত্রাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট; তাতে আমাৰ দেশত তেওঁৰ মহিমাই বিৰাজ কৰিব।
Psalm 96:13 in Assamese 13 যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্ম্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতিসমূহৰ বিচাৰ কৰিব।
Psalm 98:9 in Assamese 9 যিহোৱাৰ সন্মুখতে তেনে কৰক; কিয়নো তেওঁ আহি আছে; পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে। তেওঁ ধাৰ্ম্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ ন্যায়েৰে জাতিসমূহৰ বিচাৰ কৰিব।
Psalm 110:6 in Assamese 6 তেওঁ জাতিসমূহৰ মাজত বিচাৰ নিষ্পত্তি কৰিব, তেওঁ মৰা শৱেৰে দেশ পৰিপূৰ্ণ কৰিব; তেওঁ বিশাল পৃথিৱীত ৰজাসকলৰ মূৰ গুড়ি কৰিব।
Isaiah 2:2 in Assamese 2 পিছৰ দিনবোৰত, যিহোৱাৰ পৰ্ব্বতত গৃহ স্থাপন কৰা হ’ব পৰ্ব্বতবোৰৰ দৰে ওখ আৰু পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু সকলো জাতি তালৈ সোঁত বোৱাৰ দৰে বৈ যাব।
Isaiah 40:10 in Assamese 10 চোৱা, প্ৰভু যিহোৱা জয়যুক্ত বীৰস্বৰূপে আহিছে, আৰু তেওঁ নিজ বাহুবলেৰে শাসন কৰিব। চোৱা তেওঁৰ পুৰস্কাৰ তেওঁৰ লগত আছে, তেওঁৰ প্রতিদান তেওঁৰ আগে আগে যায়।
Isaiah 42:4 in Assamese 4 তেওঁ পৃথিবীত ন্যায় বিচাৰ স্থাপন নকৰালৈকে দুৰ্ব্বল কি নিৰুৎসাহ নহ’ব; আৰু দ্বীপবোৰে তেওঁৰ বিধানৰ বাবে অপেক্ষা কৰিব।
Isaiah 46:13 in Assamese 13 মই মোৰ ধাৰ্ম্মিকতা ওচৰলৈ আনো; এইটো দূৰত নাথাকে, আৰু মোৰ পৰিত্ৰাণে বাট নাচায়; আৰু মই চিয়োনক পৰিত্রান আৰু ইস্ৰায়েলক মোৰ সৌন্দর্য্য দিম।
Isaiah 49:1 in Assamese 1 হে দ্বীপবাসী, মোৰ বাক্য শুনা! আৰু দূৰত থকা লোকসকল, মনোযোগ দিয়া। যিহোৱাই মোক জন্ম হোৱা দিনৰ পৰা, যেতিয়া মোৰ মাতৃয়ে মোক পৃথিবীলৈ আনিলে তেতিয়াৰ পৰা মাতিলে।
Isaiah 56:1 in Assamese 1 যিহোৱাই এই কথা কৈছে, “তোমালোকে যি ন্যায়সঙ্গত তাক পালন কৰা, যি সত্যপৰায়ণ তাক কৰা; কাৰণ মোৰ পৰিত্ৰাণ অতি ওচৰ, আৰু মোৰ ধর্মপৰায়ণতা মুহর্ততে প্ৰকাশ পাব।
Isaiah 60:9 in Assamese 9 নিশ্চয়ে দ্বীপবোৰে মোলৈ অপেক্ষা কৰিব; তোমাৰ পুত্রসকলক তেওঁলোকৰ ৰূপৰ আৰু সোণৰ সৈতে দূৰৰ পৰা আনিবলৈ, ঈশ্বৰ যিহোৱাই, ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাক গৌৰৱান্বিত কৰাৰ কাৰণে, তৰ্চীচৰ জাহাজ আগ হ’ব।
Isaiah 63:5 in Assamese 5 মই দেখিলোঁ যে, সহায় কৰা কোনো এজন নাছিল, মই আচৰিত হৈছিলোঁ যে সহায় কৰা কোনো নাছিল; কিন্তু মোৰ নিজৰ বাহুৱে মোৰ বাবে পৰিত্ৰাণ সিদ্ধ কৰিলে, আৰু মোৰ অতি ক্ৰোধেই মোক উপকাৰ কৰিলে।
Ezekiel 47:1 in Assamese 1 তেতিয়া তেওঁ মোক গৃহটিৰ দুৱাৰমুখলৈ ওলোটাই নিলে; আৰু চোৱা! গৃহটিৰ দুৱাৰ ডলিৰ তলৰ পৰা জলসমূহ ওলাই পূৱ দিশলৈ বৈ গৈছিল কিয়নো গৃহটিৰ আগফাল পূৱদিশে আছিল; আৰু বেদিটোৰ দক্ষিণে গৃহটিৰ সোঁ কাষৰ তলৰ পৰা সেই জলসমূহ নামি গৈছিল।
Joel 3:12 in Assamese 12 জাতি সমূহ নিজে জাগি উঠক, আৰু যিহোচাফটৰ উপত্যকালৈ আহক; কিয়নো মই সেই ঠাইত চাৰিওফালে থকা জাতিসকলৰ বিচাৰ কৰিবলৈ বহিম।
Zephaniah 2:11 in Assamese 11 যিহোৱা তেওঁলোকৰ ওচৰত ভীষণৰূপে ভয়ানক হ’ব; তেওঁ পৃথিৱীৰ সকলো দেৱ-দেৱীক শক্তিহীন কৰিব; তেতিয়া সকলো জাতিৰ লোকে যিহোৱাৰ আৰাধনা কৰিব; নিজ নিজ দেশৰ পৰা, সমুদ্রৰ উপকূলসমূহৰ পৰা তেওঁৰ ওচৰত প্রণিপাত কৰিব।
Matthew 3:2 in Assamese 2 তেওঁ ক’লে, “মন-পালটন কৰক। কিয়নো স্বৰ্গৰাজ্য ওচৰ হ’ল।”
Matthew 28:18 in Assamese 18 তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু এই জগতত সকলো অধিকাৰ মোক দিয়া হ’ল।
Mark 16:15 in Assamese 15 আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা।
Luke 24:47 in Assamese 47 আৰু যিৰূচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন-পালটন আৰু পাপ-মোচনৰ কথা তেওঁৰ নামেৰে ঘোষণা কৰা হ’ব।
John 5:22 in Assamese 22 পিতৃয়ে কোনো জনৰ সোধ-বিচাৰ নকৰে, কিন্তু সমস্ত বিচাৰৰ ভাৰ তেওঁ পুত্রক দিলে,
Acts 17:31 in Assamese 31 কিয়নো তেওঁ এনে এটা দিন নিৰূপণ কৰিছে যে, সেইদিনা তেওঁ মনোনীত কৰা লোক জনৰ দ্বাৰাই গোটেই জগতক ধাৰ্মিকতাত সোধ-বিচাৰ কৰিব। ঈশ্বৰে সেই লোকক মৃতবোৰৰ মাজৰ পৰা তুলি সকলোৰে আগত তেওঁৰ প্রমাণ দিলে।
Romans 1:16 in Assamese 16 কিয়নো শুভবাৰ্তাত মই লাজ নাপাও; কাৰণ প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেক জনলৈ, এয়া পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।
Romans 2:16 in Assamese 16 আৰু যিদিনা মোৰ শুভবাৰ্তাৰ দৰে ঈশ্বৰে খ্ৰীষ্ট যীচুৰ দ্বাৰাই লোক সকলৰ গুপুত বিষয়ৰ সোধ-বিচাৰ কৰিব, সেইদিনা এনে ঘটিব৷
Romans 10:6 in Assamese 6 কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয়, “তুমি নিজ হৃদয়ত নক’বা যে, স্বৰ্গলৈ কোন উঠিব? (অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ)
Romans 10:17 in Assamese 17 এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়।
Romans 15:9 in Assamese 9 আৰু অনা-ইহুদী লোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ, এই বিষয়ে এনে ধৰণে লিখাও আছে, ‘এই কাৰণে মই অনা-ইহুদী সকলৰ মাজত তোমাৰ স্তুতি কৰিম; আৰু তোমাৰ নামেৰে গীতো গাম।”
2 Corinthians 5:10 in Assamese 10 কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ, আমি সকলোৱে খ্ৰীষ্টৰ বিচাৰৰ আসনৰ আগত প্ৰকাশিত হ’ব লাগিব।