Isaiah 51:20 in Assamese 20 জালত পৰা হৰিণৰ দৰে তোমালোকাৰ সন্তানসকল অচেতন হ’ল,তেওঁলোক প্ৰত্যেক আলিৰ চুকত পৰি ৰ’ল; তেওঁলোক যিহোৱাৰ ক্ৰোধ আৰু ঈশ্বৰৰ তিৰস্কাৰেৰে পৰিপূৰ্ণ।
Other Translations King James Version (KJV) Thy sons have fainted, they lie at the head of all the streets, as a wild bull in a net: they are full of the fury of the LORD, the rebuke of thy God.
American Standard Version (ASV) Thy sons have fainted, they lie at the head of all the streets, as an antelope in a net; they are full of the wrath of Jehovah, the rebuke of thy God.
Bible in Basic English (BBE) Your sons are overcome, like a roe in a net; they are full of the wrath of the Lord, the punishment of your God.
Darby English Bible (DBY) Thy children have fainted, they lie at the head of all the streets, as an oryx in a net: they are full of the fury of Jehovah, the rebuke of thy God.
World English Bible (WEB) Your sons have fainted, they lie at the head of all the streets, as an antelope in a net; they are full of the wrath of Yahweh, the rebuke of your God.
Young's Literal Translation (YLT) Thy sons have been wrapt up, they have lain down, At the head of all out places, as a wild ox `in' a net, They are full of the fury of Jehovah, The rebuke of Thy God.
Cross Reference Deuteronomy 14:5 in Assamese 5 হৰিণা, কৃষ্ণ-সাৰ, যহমুৰ পহু, বনৰীয়া ছাগলী, দীচোন, টৱো আৰু পৰ্বতীয়া ভেড়া।
Psalm 88:15 in Assamese 15 মই ল’ৰা কালৰে পৰা দুখী আৰু মৃতপ্ৰায় হৈ আছোঁ; মই তোমাৰ ভয়ানক ক্রোধ ভোগ কৰি ব্যাকুল হৈছো। মই হতাশ হৈ পৰিছো।
Isaiah 5:25 in Assamese 25 এই হেতুকে নিজৰ লোকসকলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ প্ৰজলিত হ’ল, আৰু তেওঁলোকৰ বিৰুদ্ধে তেওঁ হাত মেলি তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে পৰ্ব্বতবোৰ কঁপিল, আৰু বাটৰ মাজত তেওঁলোকৰ শৱবোৰ বাটৰ জাবৰৰ দ্বৰে হ’ল, কিন্তু এতিয়াও প্রহাৰ কৰিবলৈ তেওঁৰ হাত দাঙি আছে।
Isaiah 8:21 in Assamese 21 তেওঁলোক দুখিত ও ক্ষুধিত হৈ দেশৰ মাজেদি যাব। তেওঁলোকৰ যেতিয়া ভোক লাগিব, তেতিয়া তেওঁলোকৰ খং উঠিব; আৰু তেওঁলোকৰ মুখ ওপৰলৈ কৰি নিজৰ ৰজা আৰু নিজৰ ঈশ্বৰক শাও দিব।
Isaiah 9:19 in Assamese 19 বাহিনীসকলৰ যিহোৱাৰ ক্ৰোধত দেশ দগ্ধ হ’ল; আৰু লোকসকল জুইৰ ইন্ধন স্বৰূপ হ’ল; কোনো লোকে নিজৰ ভায়েকক ক্ষমা নকৰিব।
Isaiah 29:9 in Assamese 9 নিজকে বিস্মিত কৰা, আৰু বিস্মিত হোৱা! নিজকে অন্ধ কৰা, আৰু অন্ধ হোৱা; মতলীয়া হোৱা, কিন্তু দ্ৰাক্ষাৰসেৰে নহয়; ঢলং পলং হোৱা, কিন্তু যবসুৰাৰে নহয়;
Isaiah 40:30 in Assamese 30 এনে কি ডেকাসকলে ক্লান্ত হৈ ভাগৰ পায়, আৰু যুৱকসকলে উজুতি খাই পৰে।
Isaiah 49:26 in Assamese 26 আৰু তোমালোকক উপদ্ৰৱ কৰোঁতাসকলক মই তেওঁলোকৰ নিজৰেই মঙহ খোৱাম; আৰু তেওঁলোকে দ্ৰাক্ষাৰস বুলি নিজৰ তেজকেই নিজে পান কৰি মতলীয়া হ’ব; সেয়ে, ময়েই যে যিহোৱা, তোমালোকৰ ত্ৰাণকৰ্ত্তা আৰু মুক্তিদাতা, যাকোবৰ পৰাক্ৰমী জনা, সেই কথা সকলো মানৱজাতিয়ে জানিব।
Isaiah 51:17 in Assamese 17 যিহোৱাৰ হাতৰ পৰা তেওঁৰ ক্ৰোধৰ পান-পাত্ৰ পান কৰা; হে যিৰূচালেম, সজাগ হোৱা, সজাগ হোৱা, ঠিয় হোৱা; তোমালোকে পান-পাত্র পান কৰিছা, ঢলংপলং কৰোঁতা পান-পাত্ৰ, আৰু তোমালোকে তাক উলিয়াইছা।
Isaiah 51:21 in Assamese 21 নিপীড়িত আৰু মতলীয়া হোৱা জন,কিন্তু দ্ৰাক্ষাৰসেৰে নহয়, এতিয়া এই কথা শুনা:
Jeremiah 14:16 in Assamese 16 আৰু তেওঁলোকে যি জাতিৰ আগত ভাববাণী প্ৰচাৰ কৰে, আকাল আৰু তৰোৱালৰ কাৰণে যিৰূচালেমৰ আলিত তেওঁলোকক পেলাই দিয়া যাব, আৰু তেওঁলোকক, তেওঁলোকৰ স্ত্রীসকলক, লৰা-ছোৱাৰীসকলক মৈদাম দিওঁতা কোনো নহ’ব, কিয়নো মই তেওঁলোকৰ দুষ্টতাৰ ফল তেওঁলোকৰ ওপৰত ঢালি দিম।
Jeremiah 14:18 in Assamese 18 মই যদি ওলাই পথাৰলৈ যাওঁ, তেতিয়া তাত তৰোৱালেৰে হত হোৱা লোক দেখোঁ, আৰু যদি নগৰত সোমাওঁ, আৰু তাতো আকালত পীড়িত হোৱা মানুহ দেখোঁ; কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো দেশত ভ্ৰমি ফুৰে, একো নাজানে।
Lamentations 1:15 in Assamese 15 মোক ৰক্ষা কৰা মোৰ আটাই বীৰকে প্ৰভুৱে তুচ্ছ কৰিলে। তেওঁ মোৰ বলৱান লোকসকলক গুৰি কৰিবলৈ মোৰ অহিতে এখন সভা আহ্বান কৰিলে। প্ৰভুৱে মোৰ যিহূদা-জীয়াৰীক দ্ৰাক্ষাকুণ্ডত গচকা দি গচকিলে।
Lamentations 1:19 in Assamese 19 মই মোৰ প্ৰেমকাৰীসকলক মাতিলোঁ, কিন্তু তেওঁলোক মোৰ প্রতি বিশ্ৱাস-ঘাতক হ’ল। যেতিয়া নিজ প্ৰাণ ৰক্ষা কৰিবৰ বাবে তেওঁলোকে আহাৰ বিচাৰিছিল; তেতিয়া মোৰ পুৰোহিত আৰু পৰিচাৰক সমূহে নগৰত প্ৰাণ ত্যাগ কৰিলে।
Lamentations 2:11 in Assamese 11 মোৰ চকু-লো বন্ধ হৈ ৰঙা হ’ল; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে। মোৰ জাতিস্বৰূপ জীয়াৰীৰ লোকসকলৰ ধ্বংসৰ কাৰণে মোৰ কলিজাৰ পিত্তপানী মাটিত ঢলা হৈছে, কিয়নো নগৰৰ বাটবোৰত শিশু আৰু পিয়াহ খোৱা কেঁচুৱাসকল মুৰ্চ্ছিত হৈছে আৰু মৃত্যুৰ মুখত পৰিছে।
Lamentations 3:15 in Assamese 15 তেওঁ মোক তিতাৰে পূৰ কৰিলে আৰু মোক অধিককৈ নাগদানা খুৱালে।
Lamentations 4:2 in Assamese 2 উত্তম সোণৰ তুল্য চিয়োনৰ বহুমূল্য পুত্ৰসকল কুমাৰৰ হাতৰ কৰ্ম মাটিৰ কলহ যেন কেনে গণ্য হ’ল!
Lamentations 5:13 in Assamese 13 ডেকাসকলে জাঁত-শিল বলে, আমাৰ লৰাসকলে খৰিৰ ভৰত উজুটি খালে।
Ezekiel 12:13 in Assamese 13 মোৰ জালখন মই তেওঁৰ ওপৰত মেলিম দিম আৰু তেওঁ মোৰ ফান্দত পৰিব; আৰু মই তেওঁক কলদীয়াসকলৰ দেশলৈ অৰ্থাৎ বাবিললৈ লৈ যাম, তথাপি তেওঁ তাক নেদেখিব। অথচ তেওঁ তাতেই মৰিব।
Ezekiel 17:20 in Assamese 20 মই তেওঁৰ ওপৰত মোৰ জাল মেলিম আৰু তেওঁ মোৰ ফান্দত ধৰা পৰিব। তেতিয়া মই তেওঁক বাবিললৈ নি তেওঁ মোৰ অহিতে কৰা তেওঁৰ অপৰাধৰ কাৰণে সেই ঠাইত তেওঁৰ ওপৰত গোচৰ কৰিম।
Ezekiel 39:19 in Assamese 19 তেতিয়া তোমালোকৰ কাৰণে মই যি যজ্ঞ কৰিম, তাৰ তেল তোমালোকে তৃপ্ত নোহোৱালৈকে ভোজন কৰিবা আৰু তোমালোকে মতলীয়া নোহোৱালৈকে তাৰ তেজ পান কৰিবা।
Revelation 14:10 in Assamese 10 তেনেহলে ঈশ্বৰৰ কোপৰ পান-পাত্ৰত যি ক্ৰোধৰূপ দ্ৰাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে, তাক তেওঁ পান কৰিব লাগিব৷ যি ব্যক্তিয়ে সেই পান কৰিব, তেওঁ পবিত্ৰ স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সাক্ষাতে আৰু সেই মেষ পোৱালিৰ সাক্ষাতে জুই আৰু গন্ধকত যাতনা পাব৷
Revelation 16:9 in Assamese 9 তেতিয়া মানুহবোৰে বৰ তাপেৰে তাপিত হ’ল, আৰু উৎপাতৰ ওপৰত ক্ষমতা থকা ঈশ্বৰৰ নামক নিন্দা কৰিলে৷ সিহঁতে তেওঁৰ মহিমা স্বীকাৰ নকৰিলে আৰু মন-পালটন নকৰিলে।