Isaiah 51:13 in Assamese 13 যি জনাই আকাশ-মণ্ডল বিস্তাৰ কৰিলে, আৰু পৃথিবীৰ মূল স্থাপন কৰিলে, তোমালোকৰ সেই নিৰ্ম্মাণকৰ্ত্তা যিহোৱাক কিয় পাহৰিছা ? কাৰণ যেতিয় অতি ক্রোধত অত্যাচাৰীয়ে ধ্বংস কৰিবলৈ সিদ্ধান্ত লয়, তেতিয়া প্রতিদিনে তোমালোক অবিৰাম ভাবে আতঙ্কত থাকা। সেই অত্যাচাৰীসকলৰ ক্ৰোধ ক’ত ?
Other Translations King James Version (KJV) And forgettest the LORD thy maker, that hath stretched forth the heavens, and laid the foundations of the earth; and hast feared continually every day because of the fury of the oppressor, as if he were ready to destroy? and where is the fury of the oppressor?
American Standard Version (ASV) and hast forgotten Jehovah thy Maker, that stretched forth the heavens, and laid the foundations of the earth; and fearest continually all the day because of the fury of the oppressor, when he maketh ready to destroy? and where is the fury of the oppressor?
Bible in Basic English (BBE) And you have given no thought to the Lord your Maker, by whom the heavens were stretched out, and the earth placed on its base; and you went all day in fear of the wrath of the cruel one, when he was making ready for your destruction. And where is the wrath of the cruel one?
Darby English Bible (DBY) and forgettest Jehovah thy Maker, who hath stretched out the heavens, and laid the foundations of the earth; and thou art afraid continually all the day because of the fury of the oppressor, when he prepareth to destroy? And where is the fury of the oppressor?
World English Bible (WEB) and have forgotten Yahweh your Maker, who stretched forth the heavens, and laid the foundations of the earth; and fear continually all the day because of the fury of the oppressor, when he makes ready to destroy? and where is the fury of the oppressor?
Young's Literal Translation (YLT) And thou dost forget Jehovah thy maker, Who is stretching out the heavens, and founding earth, And thou dost fear continually all the day, Because of the fury of the oppressor, As he hath prepared to destroy. And where `is' the fury of the oppressor?
Cross Reference Exodus 14:10 in Assamese 10 ফৌৰণ যেতিয়া ওচৰ চাপি আহিল, তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁলোকক চাই আচৰিত হ’ল। তেওঁলোকৰ পাছে পাছে মিচৰীয়া সকল আহি আছিল; তাতে ইস্ৰায়েলী লোকসকলে অতিশয় ভয় কৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে।
Exodus 15:9 in Assamese 9 শত্ৰুৱে কৈছিল, ‘মই পাছে পাছে খদি যাম, মই আগ ভেটি ধৰিম, মই লুটদ্ৰব্য ভগাই লম; মোৰ হাবিয়াস তেওঁলোকৰ ওপৰত পূৰ হ’ব; মই তৰোৱাল উলিয়াম, মোৰ হাতে তেওঁলোকক সংহাৰ কৰিব।’
Deuteronomy 32:18 in Assamese 18 যি ঈশ্বৰে তোমালোকক জন্ম দিলে তোমালোকৰ পিতৃ হ’ল, তোমালোকে সেই শিলাক অগ্রাহ্য কৰিলা, তোমালোকৰ জন্মদাতা ঈশ্বৰক তোমালোকে পাহৰিলা;
Esther 5:14 in Assamese 14 পাছত তেওঁৰ ভাৰ্যা জেৰচ আৰু তেওঁৰ বন্ধু সকলে তেওঁক ক’লে, “পঞ্চাশ হাত দীঘল এডাল ফাঁচি-কাঠ যুগুত কৰক; যাতে আপুনি কাইলৈ ৰাতিপুৱাই ৰজাৰ আগত নিবেদন কৰি মৰ্দখয়ক সেই কাঠডালত ফাঁচি দিব পাৰে। তাৰ পাছত আপুনি আনন্দ মনেৰে ৰজাৰ লগত ভোজত যাব।” তেতিয়া হামনে সেই কথাত সন্তুষ্ট হ’ল আৰু তেওঁ ফাঁচি-কাঠ নিৰ্মাণ কৰালে।
Esther 7:10 in Assamese 10 তাতে মৰ্দখয়ৰ বাবে হামনে যুগুত কৰা ফাঁচি কাঠত হামনক ফাঁচি দিয়া হ’ল। তাৰ পাছতহে ৰজাৰ ক্ৰোধ শান্ত হ’ল।
Job 9:8 in Assamese 8 তেওঁ অকলেই আকাশ-মণ্ডলক বিস্তাৰিত কৰে, আৰু ঢৌবোৰৰ ওপৰেদি অহা-যোৱা কৰে।
Job 20:5 in Assamese 5 দুষ্টবোৰৰ জয়-ধ্বনি যে অলপদিনীয়া, আৰু অধাৰ্মিকৰ আনন্দ যে খন্তেকীয়া, ইয়াক তুমি নাজানা নে?
Job 37:18 in Assamese 18 তুমি জানো সাঁচত ঢলা দৰ্পণৰ দৰে দৃঢ় আকাশ-মণ্ডলক তেওঁৰ লগত বিস্তাৰ কৰিব পাৰা?
Psalm 9:6 in Assamese 6 শত্রুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ’ল; তাৰ নগৰবোৰ তুমি উভালি পেলালা, সেইবোৰৰ নাম তুমি মচি পেলালা।
Psalm 37:35 in Assamese 35 মই দুষ্টলোকৰ অত্যাচাৰ বৃদ্ধি পোৱা দেখিলো, লেবানোনৰ এৰচ গছৰ দৰে বাঢ়ি যোৱা দেখিলোঁ।
Psalm 76:10 in Assamese 10 অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেইলোকসকলৰ প্ৰসংশাৰ কাৰণ হ’ব; তুমি সমৰ্পূণকৈ ক্রোধ প্রকাশ কৰিবা।
Psalm 102:25 in Assamese 25 অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা; আকাশমণ্ডল তোমাৰ হাতৰ কাৰ্য্য।
Psalm 104:2 in Assamese 2 বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।
Isaiah 7:4 in Assamese 4 আৰু তেওঁক এই কথা ক’বা যে, ‘সাৱধান হোৱা; নীৰৱে থাকা, দুবিধ জ্বলি থকা কাঠলৈ অৰ্থাৎ ৰচীন আৰু অৰাম, আৰু ৰমলিয়াৰ পুত্র পেখাৰ ভয়ঙ্কৰ ক্ৰোধৰ পৰা ভয় নকৰিব।
Isaiah 8:12 in Assamese 12 এই লোকসকলে যি বিষয়ক ষড়যন্ত্র বুলি কয়, তেনে কোনো বিষয়ক ষড়যন্ত্র বুলি নকবা, তেওঁলোকে যি ভয় কৰে, তুমি তালৈ ভয় নকৰিবা, আৰু আতংকিত নহবা।
Isaiah 10:29 in Assamese 29 তেওঁলোকে ঠেক পথ অতিক্রম কৰিলে, আৰু গেবাত অস্থায়ীভাৱে থাকিলে। ৰামা কঁপিছে, চৌলৰ গিবিয়া পলাইছে।
Isaiah 14:16 in Assamese 16 তোমালৈ স্থিৰ হৈ দৃষ্টি কৰা সকল তোমাৰ বিষয়ে বিবেচনা কৰিব, তেওঁলোকে ক’ব, ‘পৃথিৱীখন কঁপোৱা, আৰু ৰাজ্যবোৰক জোকাৰা মানুহ জন সেই জনেই নে?’
Isaiah 16:4 in Assamese 4 মোৱাবৰ পৰা অহা শৰণাৰ্থী সকলক তোমালোকৰ লগত বাস কৰিবলৈ দিয়া; বিনাশৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ বাবে লুকাই থকা ঠাই হোৱা।” কিয়নো অত্যাচৰ, আৰু ধ্বংস বন্ধ কৰা হ’ব; অপমান কৰা সকল দেশৰ পৰা অদৃশ্য হ’ব।
Isaiah 17:10 in Assamese 10 কাৰণ তোমালোকে তোমালোকৰ পৰিত্ৰাণকৰ্ত্তা ঈশ্বৰক পাহৰিলা, আৰু তোমালোকৰ বলস্বৰূপ শিলালৈ অৱহেলা কৰিলা; সেয়ে তোমালোক আনন্দদায়ক পুঁলিবোৰ ৰোপন কৰা, আৰু অদ্ভুত শেলুৱইবোৰ আঁতৰোৱা;
Isaiah 33:18 in Assamese 18 তোমাৰ মনে হৈ যোৱা সঙ্কটৰ বিষয়ে ভাবিব; লিখক ক’ত, ধন জুখা জন ক’ত? কোঁঠবোৰ গণনা কৰা জন ক’ত আছে?
Isaiah 37:36 in Assamese 36 তাৰ পাছত যিহোৱাৰ দূতসকলে ওলাই গৈ অচূৰীয়াসকলৰ চাউনিত আক্রমণ কৰিলে, আৰু এক লাখ পঞ্চাশী হাজাৰ লোকক মাৰিলে। তাতে লোকসকলে ৰাতিপুৱা উঠি তেওঁলোকৰ চাৰিওফালে মৰা শৱ পৰি থকা দেখিলে।
Isaiah 40:22 in Assamese 22 যি জনা পৃথিৱীৰ আকাশ মণ্ডলৰ ওপৰত বহি আছে, আৰু তেওঁৰ আগত তাৰ নিবাসীসকল ফৰিঙৰ দৰে, তেওঁ পৰ্দাৰ দৰে আকাশ মণ্ডল বিস্তাৰ কৰে, আৰু বাস কৰা তম্বুৰ দৰে তাক প্রসাৰিত কৰে।
Isaiah 42:5 in Assamese 5 যি জনাই আকাশ মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে, সেই জনাই পৃথিবী আৰু তাত উৎপন্ন হোৱা সকলোকে দলিচা পৰাৰ দৰে পাৰিলে, আৰু জীৱন দিলে; যি জনাই লোকসকলক নিশ্বাস দিলে জীয়াই থকা সকলক প্রাণ দিলে, সেই ঈশ্বৰ যিহোৱা কোৱা কথা এই,
Isaiah 44:24 in Assamese 24 তোমাৰ মুক্তিদাতা, আৰু তোমাক গৰ্ভত গঠন কৰা যিহোৱাই এই কথা কৈছে, “ময়ে যিহোৱা যি সকলো সৃষ্টি কৰিলে, যি জনাই অকলেই আকাশ মণ্ডল বিস্তাৰ কৰিলে, আৰু যি জনাই অকলেই পৃথিবী সজালে,
Isaiah 45:12 in Assamese 12 মইয়ে পৃথিবী সৃষ্টি কৰিলোঁ, আৰু তাত মনুষ্য সৃষ্টি কৰিলোঁ। ময়েই নিজ হাতেৰে আকাশ মণ্ডল বিস্তাৰ কৰিলোঁ; আৰু সকলো তৰাবোৰক দৃষ্টিগোচৰ হবলৈ মই আজ্ঞা দিলোঁ।
Isaiah 48:13 in Assamese 13 হ’য়, মোৰ হাতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলে, আৰু মোৰ সোঁহাতে আকাশ মণ্ডল বিস্তাৰ কৰিলে; মই যেতিয়া তেওঁলোকক মাতো,তেওঁলোক একেলগে থিয় হয়।
Isaiah 57:11 in Assamese 11 তুমি কাৰ বিষয়ে চিন্তিত আৰু ভয় কৰিছা যে, তুমি অতি প্রতাৰণাপূৰ্বক কাৰ্য কৰিছা? তুমি মোক সোঁৱৰণ কৰা নাই বা মোৰ বিষয়ে গম্ভীৰভাৱে বিবেচনা কৰা নাই। মই বহুদিনৰ পৰা নিজম দি থকা নাই নে? কিন্তু তথাপিও তুমি মোক গম্ভীৰভাৱে লোৱা নাই।
Jeremiah 2:32 in Assamese 32 যুৱতিয়ে জানো নিজৰ অলঙ্কাৰ বা কন্যাই জানো নিজৰ পিন্ধা সাজ পাহৰিব পাৰে? কিন্তু মোৰ প্ৰজাসকলে অসংখ্য দিন মোক পাহৰি আছে।
Jeremiah 10:11 in Assamese 11 তোমালোকে তেওঁলোকক এই কথা কোৱা, ‘যি দেৱতাবোৰে আকাশ-মণ্ডল স্ৰজন কৰা নাই, সেইবোৰ পৃথিৱীৰ পৰা, আকাশ-মণ্ডলৰ তলৰ পৰা উচ্ছন্ন হব।’
Jeremiah 51:15 in Assamese 15 তেওঁ নিজ শক্তিৰে পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।
Daniel 3:15 in Assamese 15 এতিয়াও যদি আপোনালোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ ধ্বনি শুনাৰ সময়ত মই সজা সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিবলৈ যুগুত হয়, তেনেহ’লে সকলো ভালে হ’ব; কিন্তু যদি আপোনালোকে সেৱা নকৰে, তেনেহ’লে সেই মুহূৰ্ত্ততেই আপোনালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব। মোৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব পৰা দেৱতা কোন আছে?”
Daniel 3:19 in Assamese 19 তাৰ পাছত নবুখদনেচৰে ক্ৰোধেৰে পৰিপূৰ্ণ হৈ চৈদ্ৰক, মৈচক আৰু অবেদ-নগোৰ অহিতে মুখমণ্ডল বিকৃত কৰিলে। তেওঁ অগ্নিকুণ্ডৰ জুই নিয়মিত পৰিমাণতকৈ সাত গুণ বেছি প্ৰজ্বলিত কৰিবলৈ আজ্ঞা দিলে।
Daniel 4:32 in Assamese 32 মানুহৰ মাজৰ পৰা তোমাক দূৰ কৰা হ’ব; পথাৰত বনৰীয়া জন্তুৰ সৈতে তোমাৰ ঘৰ হ’ব; আৰু গৰুৰ দৰে তুমি ঘাঁহ খাব লাগিব। সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে, সেই জনকে সেই ৰাজ্য দিয়ে, এই কথা আপুনি নজনালৈকে, সাত বছৰ অতিবাহিত হ’ব।”
Matthew 2:16 in Assamese 16 তেতিয়া জ্যোতিষী পণ্ডিত কেইজনৰ দ্বাৰাই নিজকে বঞ্চিত হোৱা দেখি হেৰোদ অতিশয় ক্রুদ্ধ হ’ল। তেওঁ জ্যোতিষী পণ্ডিত কেইজনৰ পৰা যি সময়ৰ কথা জানিছিল, সেই কাল অনুসাৰে দুবছৰ আৰু তাতকৈ কম বয়সৰ যিমান ল’ৰা শিশু বৈৎলেহম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল সমূহত আছিল, সেই সকলোকে বধ কৰিবলৈ আদেশ দিলে।
Acts 12:23 in Assamese 23 কিন্তু সেই প্ৰশংসা(মৰ্যদা) ঈশ্বৰক নিদিয়া বাবে তৎক্ষণাৎ প্ৰভুৰ দূতে তেওঁক আঘাত কৰিলে আৰু পোকে খোৱাত, তেওঁ প্ৰাণ ত্যাগ কৰিলে৷
1 Corinthians 1:20 in Assamese 20 জ্ঞানী লোক ক’ত? পণ্ডিত লোকেই বা ক’ত? এই জগতৰ তার্কিক লোক বা ক’ত? ঈশ্বৰে জানো জগতৰ জ্ঞানক মূর্খতালৈ পৰিণত কৰা নাই?
1 Corinthians 15:55 in Assamese 55 “হে মৃত্যু, তোমাৰ জয় ক’ত? হে মৃত্যু, তোমাৰ হুল ক’ত?”
Hebrews 1:9 in Assamese 9 তুমি ধাৰ্মিকতাক প্ৰেম কৰিলা আৰু দুৰাচাৰীক ঘিণ কৰিলা; এই কাৰণে ঈশ্বৰে, তোমাৰ ঈশ্বৰে তোমাৰ সঙ্গী সকলতকৈ তোমাক অধিক আনন্দৰূপ তেল সানি অভিষিক্ত কৰিলে।”
Hebrews 11:15 in Assamese 15 তেওঁলোকে যি দেশৰ পৰা ওলাই আহিছিল, তালৈ মন কৰা হ’লে, অৱশ্যে উলটি যাবলৈ সু-সময় পালেহেঁতেন।
Revelation 19:20 in Assamese 20 তেতিয়া পশু আৰু তাৰে সৈতে যি ভাঁৰী-কোৱা ভাৱবাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাইছিল, যাৰ দ্ৱাৰাই সেই পশুৰ ছাব মাৰি লোৱা সকলক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছিল, সেই দুয়োকো বন্দী কৰা হ’ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত, জীয়াই জীয়াই দুয়োকো পেলোৱা হ’ল।
Revelation 20:9 in Assamese 9 সিহঁতে পৃথিৱীৰ বিস্তাৰেদি গৈ, পবিত্ৰ লোক সকলৰ ছাউনি আৰু প্ৰিয় নগৰ বেৰি ধৰিলে; কিন্তু স্বৰ্গৰ পৰা জুই পৰি, সিহঁতক গ্ৰাস কৰিলে।