Isaiah 51:1 in Assamese 1 তোমালোক যি জনে ধাৰ্ম্মিকতাত চলা, যি জনে যিহোৱাক বিচাৰা, মোৰ কথা শুনা: তোমালোকক যি শিলৰ পৰা কটা আৰু যি গাঁতৰ পৰা খন্দা হৈছিল, তালৈ দৃষ্টি কৰা ।
Other Translations King James Version (KJV) Hearken to me, ye that follow after righteousness, ye that seek the LORD: look unto the rock whence ye are hewn, and to the hole of the pit whence ye are digged.
American Standard Version (ASV) Hearken to me, ye that follow after righteousness, ye that seek Jehovah: look unto the rock whence ye were hewn, and to the hold of the pit whence ye were digged.
Bible in Basic English (BBE) Give ear to me, you who are searching for righteousness, who are looking for the Lord: see the rock from which you were cut out, and the hole out of which you were taken.
Darby English Bible (DBY) Hearken unto me, ye that follow after righteousness, ye that seek Jehovah: look unto the rock [whence] ye were hewn, and to the hole of the pit [whence] ye were digged.
World English Bible (WEB) Listen to me, you who follow after righteousness, you who seek Yahweh: look to the rock whence you were hewn, and to the hold of the pit whence you were dug.
Young's Literal Translation (YLT) Hearken unto Me, ye pursuing righteousness, Seeking Jehovah, Look attentively unto the rock -- ye have been hewn, And unto the hole of the pit -- ye have been digged.
Cross Reference Genesis 17:15 in Assamese 15 ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমাৰ ভাৰ্যা চাৰীক আৰু চাৰী বুলি নামাতিবা; কিন্তু তেওঁৰ নাম চাৰা ৰাণী হ’ব।
Psalm 24:6 in Assamese 6 এই লোকসকলেই যিহোৱাক বিচাৰে, যাকোবৰ (ইস্রায়েলৰ) ঈশ্বৰৰ সাক্ষাত পাবলৈ বিচাৰে; তেওঁলোকেই যাকোবৰ বংশ। (চেলা)
Psalm 94:15 in Assamese 15 ন্যায়বিচাৰ পুনৰ ধাৰ্ম্মিকতাৰ ওচৰলৈ উভটি আহিব; শুদ্ধ মনৰ সকলোৱেই তাক মানি চলিব।
Psalm 105:3 in Assamese 3 তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচৰাসকলৰ হৃদয়ে আনন্দ কৰক।
Proverbs 15:9 in Assamese 9 দুষ্ট লোকৰ পথ যিহোৱাই ঘিণ কৰে; কিন্তু সত্যতাক অনুসৰণ কৰা জনক তেওঁ প্ৰেম কৰে।
Proverbs 21:21 in Assamese 21 যি জনে সৎ কাৰ্য কৰে আৰু দয়ালু হয়, তেওঁ জীৱন পায়, উচিত সিদ্ধান্ত লয়, আৰু সন্মান লাভ কৰে।
Isaiah 45:19 in Assamese 19 মই গুপুতে অন্ধকাৰময় কোনো ঠাইত কথা কোৱা নাই; ‘মোক নিৰর্থক ভাবে বিচাৰা,’ এই বুলি মই যাকোবৰ বংশক কোৱা নাই! মই যিহোৱাই, যি আন্তৰিকতাৰে কওঁ, যি সত্য মই তাক ঘোষনা কৰোঁ।
Isaiah 46:3 in Assamese 3 গৰ্ভৰ পৰা আৰু জন্মৰ আগৰে পৰা যিসকলক মই কঢ়িয়াই আনিছো: সেই যাকোবৰ বংশ আৰু ইস্ৰায়েলৰ বংশৰ অৱশিষ্ট লোকসকল, মোৰ কথা শুনা।
Isaiah 48:12 in Assamese 12 হে মোৰ আমন্ত্ৰিত যাকোব আৰু ইস্ৰায়েল, মোৰ কথা শুনা; মইয়ে তেওঁ, মইয়ে আদি, মইয়ে অন্তও।
Isaiah 51:4 in Assamese 4 “হে মোৰ লোকসকল, মোলৈ মনোযোগ দিয়া, আৰু মোৰ কথা শুনা! কাৰণ মই এক বিধান প্ৰকাশ কৰিম, আৰু জাতিবোৰৰ কাৰণে পোহৰ হবলৈ মোৰ ন্যায়বিচাৰ স্থাপন কৰিম।
Isaiah 51:7 in Assamese 7 তোমালোক যিসকলে সত্য কি জানা, মোৰ বিধান তোমালোকৰ হৃদয়ত ধৰি ৰখা লোকসকল,মোৰ কথা শুনা: মানুহৰ অপমানলৈ ভয় নকৰিবা, নাইবা তেওঁলোকৰ অপব্যৱহাৰত হতাশ নহবা ।
Isaiah 55:2 in Assamese 2 যি আহাৰ নহয় তাৰ বাবে ৰূপ কিয় জোখা? আৰু যি হে সন্তুষ্ট নিদিয়ে তাৰ বাবে কিয় পৰিশ্ৰম কৰা? সাৱধানেৰে মোৰ কথা শুনা, আৰু যি উত্তম, সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই জীৱন আনন্দিত কৰা।
Isaiah 55:6 in Assamese 6 যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা; তেওঁ ওচৰত থাকোঁতে তেওঁক মাতা।
Amos 5:6 in Assamese 6 তোমালোকে যিহোৱাক বিচাৰা, তাতে জীয়াই থাকিবা; নহলে তেওঁ যোচেফৰ বংশৰ (ইস্রায়েলৰ লোকসকল) মাজত অগ্নিৰ দৰে জ্বলি উঠি গ্রাস কৰিব আৰু তাক নুমাবলৈ বৈৎ-এলত কোনো নাথাকিব।
Zephaniah 2:3 in Assamese 3 হে পৃথিৱীৰ সমুদায় নম্র লোক, আপোনালোক যিসকলে যিহোৱাৰ শাসন-প্রণালী মানি চলিছে, আপোনালোকে যিহোৱাক বিচাৰক! আপোনালোকে ধাৰ্ম্মিকতা অনুশীলন কৰক! নম্ৰতাৰ অনুশীলন কৰক! কিজানি যিহোৱাৰ ক্ৰোধৰ দিনত আপোনালোকে ৰক্ষা পাব।
Matthew 5:6 in Assamese 6 ধাৰ্মিকতালৈ ভোক আৰু পিয়াহ লগা সকল ধন্য; কিয়নো তেওঁলোক তৃপ্ত হ’ব।
Matthew 6:33 in Assamese 33 কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।
Romans 9:30 in Assamese 30 তেনেহলে আমি কি ক’ম? অনা-ইহুদী সকলে ধাৰ্মিকতালৈ কার্য নকৰিও, বিশ্বাসৰ দ্বাৰাই ধাৰ্মিকতা পালে;
Romans 14:19 in Assamese 19 এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে, সেইবোৰহে অনুসৰণ কৰোঁ আহক।
Ephesians 2:11 in Assamese 11 মনত ৰাখিব যে, মাংসত আপোনালোক অনা-ইহুদী লোক আছিল; মাংসত হাতেৰে যি সকলৰ চুন্নৎ কৰা হৈছে অর্থাৎ যি সকলে নিজকে চুন্নৎ কৰা লোক বুলি কয়, তেওঁলোকে আপোনালোকক অচুন্নৎ লোক বুলি কয়।
Philippians 3:13 in Assamese 13 হে ভাই সকল, মই যে সেয়া এতিয়াই পালোঁ, সেই বিষয়ে এনে ভাব এতিয়ালৈকে কৰা নাই; কিন্তু মই এই কাম কৰোঁ: পাছত থকা সকলোকে পাহৰি, আগত থকা বোৰলৈহে যত্ন কৰোঁ৷
1 Timothy 6:11 in Assamese 11 কিন্তু, হে ঈশ্বৰৰ লোক, তুমি এই সকলোৰে পৰা পলোৱা৷ ধাৰ্মিকতা, ঈশ্বৰভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য, মৃদুভাৱ, এইবোৰক পাবলৈ চেষ্টা কৰা।
2 Timothy 2:22 in Assamese 22 তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলোৱা আৰু যি সকলে নিৰ্মল চিত্তেৰে প্ৰভুক আহ্বান কৰে, তেওঁলোকৰ সৈতে ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, শান্তি অন্বেষণ কৰা।
Hebrews 12:14 in Assamese 14 সকলোৰে সহিত শান্তি অনুসৰণ কৰক, আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব, সেই পবিত্ৰতাকো খেদি যাওঁক;