Isaiah 50:11 in Assamese 11 চোৱা, তোমালোক যিসকলৱে জুই জ্বলোৱা, আৰু যি জনে নিজকে টর্চলৈইটেৰে সজ্জিত কৰা: তোমালোকে নিজৰ জুইৰ পোহৰত আৰু তোমালোকে জ্বলোৱা সেই অগ্নিশিখাৰ পোহৰত খোজ কাঢ়া। যিহোৱাই কৈছে ‘মোৰ হাতৰ পৰা’‘এই সকলো তোমালোকলৈ ঘতিব:কষ্টৰ ঠাইত তোমালোকে শয়ন কৰিবা।’
Other Translations King James Version (KJV) Behold, all ye that kindle a fire, that compass yourselves about with sparks: walk in the light of your fire, and in the sparks that ye have kindled. This shall ye have of mine hand; ye shall lie down in sorrow.
American Standard Version (ASV) Behold, all ye that kindle a fire, that gird yourselves about with firebrands; walk ye in the flame of your fire, and among the brands that ye have kindled. This shall ye have of my hand; ye shall lie down in sorrow.
Bible in Basic English (BBE) See, all you who make a fire, arming yourselves with burning branches: go in the flame of your fire, and among the branches you have put a light to. This will you have from my hand, you will make your bed in sorrow.
Darby English Bible (DBY) Behold, all ye that kindle a fire, that compass yourselves about with sparks: walk in the light of your fire, and among the sparks [that] ye have kindled. This shall ye have of my hand: ye shall lie down in sorrow.
World English Bible (WEB) Behold, all you who kindle a fire, who gird yourselves about with firebrands; walk you in the flame of your fire, and among the brands that you have kindled. This shall you have of my hand; you shall lie down in sorrow.
Young's Literal Translation (YLT) Lo, all ye kindling a fire, girding on sparks, Walk ye in the light of your fire, And in the sparks ye have caused to burn, From my hand hath this been to you, In grief ye lie down!
Cross Reference Exodus 11:9 in Assamese 9 যিহোৱাই মোচিক কৈছিল, “মোৰ অদ্ভুত লক্ষণ যেন মিচৰ দেশত অধিককৈ দেখুউৱাব পাৰো, সেই বাবে ফৰৌণে তোমাৰ কথা নুশুনিব।”
Psalm 16:4 in Assamese 4 যিসকলে আন দেৱতাক মনোনীত কৰে, তেওঁলোকৰ অধিক যাতনা হ’ব, তেওঁলোকৰ দেৱতাৰ উদ্দেশ্যে অনা তেজৰ যি পেয় নৈবেদ্য, মই তাক উৎসৰ্গ নকৰিম; দেৱতাৰ নামো মোৰ ওঁঠত নলম।
Psalm 20:7 in Assamese 7 অনেকে তেওঁলোকৰ ৰথত, অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে; কিন্তু আমি হলে অহংকাৰ কৰো আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।
Psalm 32:10 in Assamese 10 দুষ্টলোকৰ যাতনা অধিক; কিন্তু যিজনে যিহোৱাত নিৰ্ভৰ কৰে, যিহোৱাৰ অসীম দয়াই তেওঁক আৱৰি ৰাখে।
Proverbs 26:18 in Assamese 18 জ্বলন্ত কাড় মৰা জন যেনে,
Isaiah 8:22 in Assamese 22 তেওঁলোকে পৃথিৱীলৈ চাব; আৰু সঙ্কট, আন্ধাৰ, আৰু দুখ যাতনা দেখিব। তেওঁলোকক আন্ধকাৰৰ দেশলৈ নিয়া হ’ব।
Isaiah 28:15 in Assamese 15 তোমালোকে কৈছিলা, “আমি মৃত্যুৰ সৈতে এটি নিয়ম স্থাপন কৰিলোঁ, আৰু চিয়োলৰ সৈতে আমাৰ চুক্তি আছে। সেয়ে যেতিয়া প্ৰলয় কৰা বিচাৰ মাজেৰে যাব তেতিয়া আমাৰ ওচৰ নাচাপিব; কিয়নো আমি মিছাক আমাৰ আশ্ৰয়, আৰু ছলক আমাৰ লুকুৱাৰ ঠাই কৰিলোঁ।”
Isaiah 30:15 in Assamese 15 কিয়নো ইস্ৰায়েলৰ পবিত্ৰ জনা প্রভু যিহোৱাই এই দৰে কৈছিল, “ ঘূৰি আহিলে আৰু বিশ্রাম ল’লে তোমালোকে পৰিত্ৰাণ পাবা, নিৰৱতাত আৰু বিশ্বাসত তোমালোকৰ শক্তি হ’ব, কিন্তু তোমালোকে ইচ্ছা নকৰিলা।
Isaiah 55:2 in Assamese 2 যি আহাৰ নহয় তাৰ বাবে ৰূপ কিয় জোখা? আৰু যি হে সন্তুষ্ট নিদিয়ে তাৰ বাবে কিয় পৰিশ্ৰম কৰা? সাৱধানেৰে মোৰ কথা শুনা, আৰু যি উত্তম, সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই জীৱন আনন্দিত কৰা।
Isaiah 65:13 in Assamese 13 প্ৰভু যিহেৱাই এই কথা কৈছে, “চোৱা, মোৰ দাসসকলে ভোজন কৰিব, কিন্তু তোমালোক ভোকত থাকিবা; চোৱা, মোৰ দাসসকলে পান কৰিব, কিন্তু তোমালোক পিয়াহত থাকিবা; চোৱা, মোৰ দাসসকলে আনন্দ কৰিব, কিন্তু তোমালোকে লাজ পাবা;
Jeremiah 17:5 in Assamese 5 যিহোৱাই এইদৰে কৈছে: “যি মানুহে মানুহত ভাৰসা ৰাখে, তেওঁ সাপগ্ৰস্ত; তেওঁ মৰ্ত্ত্যক নিজৰ বাহু জ্ঞান কৰে, আৰু তেওঁৰ মন যিহোৱাৰ পৰা আঁতৰ হয়।
Ezekiel 20:39 in Assamese 39 হে ইস্ৰায়েল-বংশ, প্ৰভূ যিহোৱাই এইদৰে কৈছে: “তোমালোক যোৱা, প্ৰতিজনে নিজ নিজ প্রতিমাবোৰক সেৱা পূজা কৰাগৈ; কিন্তু তোমালোকে ভৱিষ্যতে মোৰ কথালৈ অৱেশ্য কাণ দিবা আৰু মোৰ পবিত্ৰ নাম তোমালোকৰ উপহাৰ আৰু তোমালোকৰ প্রতিমাৰে তোমালোকে আৰু অশুচি নকৰিবা।
Amos 4:4 in Assamese 4 তোমালোক বৈৎ-এললৈ যোৱা আৰু পাপ কৰা; গিলগললৈ গৈ অধিক বেছি পাপ কৰা। তোমালোকে প্ৰতি ৰাতিপুৱা তোমালোকৰ উৎসর্গৰ বলি আৰু প্রতি তিনি দিনৰ দিনা তোমালোকৰ দশম ভাগ আনা।
Jonah 2:8 in Assamese 8 যিসকলে অসাৰ দেৱতাবোৰক মানে, তেওঁলোকে আপোনাৰ যি বিশ্বস্ততা, তাক অৱহেলা কৰে।
Matthew 8:12 in Assamese 12 কিন্তু যি সকল এই ৰাজ্যৰ সন্তান, তেওঁলোকক বাহিৰৰ আন্ধাৰত পেলোৱা হ’ব। তাতে লোক সকলে ক্ৰন্দন কৰিব আৰু যন্ত্রণাত দাঁত কৰচিব।”
Matthew 15:6 in Assamese 6 তেনেহলে পিতৃ-মাতৃৰ প্ৰতি তেওঁ কোনো সন্মান কৰাৰ প্ৰয়োজন নাই। সেয়েহে আপোনালোকৰ এনেকুৱা পুৰুষে পুৰুষে চলি অহা বিধানৰ কাৰণেই আপোনালোকে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে।
Matthew 22:13 in Assamese 13 তেতিয়া ৰজাই তেওঁৰ পৰিচাৰক সকলক ক’লে, ‘ইয়াক হাত-ভৰি বান্ধি, বাহিৰৰ আন্ধাৰত পেলাই দিয়া; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব’।
John 8:24 in Assamese 24 এই কাৰণতে আপোনালোকক ক’লো যে, ‘আপোনালোক নিজ নিজ পাপ সমূহতে মৰিব’; আপোনালোকে যদি সঁচাকৈ বিশ্বাস নকৰে যে ময়েই সেই জন, তেনেহলে অাপোনালোক নিজ নিজ পাপ সমূহত মৰিব।”
John 9:39 in Assamese 39 যীচুৱে ক’লে, “মই এই জগতলৈ সোধ-বিচাৰ কৰিবলৈ আহিছোঁ, যাতে যি সকলে দেখা নাপায়, তেওঁলোকে দেখা পায় আৰু যি সকলে দেখা পায়, তেওঁলোক যেন অন্ধ হয়।”
Romans 1:21 in Assamese 21 কিয়নো ঈশ্বৰৰ বিষয়ে জানিও, তেওঁক ঈশ্বৰ বুলি তেওঁলোকে স্তুতি বা ধন্যবাদো নকৰিলে; কিন্তু নিজৰ তৰ্ক-বিতৰ্কত অজ্ঞানী হ’ল আৰু তেওঁলোকৰ অবোধ হৃদয় অন্ধকাৰময় হ’ল।
Romans 10:3 in Assamese 3 কাৰণ তেওঁলোকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি, নিজৰ ধাৰ্মিকতা স্থাপন কৰিবলৈ বিচাৰি, ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহ’ল।
2 Thessalonians 1:8 in Assamese 8 যি সকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্রভু যীচুৰ শুভবার্তাৰ আজ্ঞা পালন নকৰে, সেই লোক সকলক তেওঁ জ্বলন্ত অগ্নিত প্রতিশোধ লব।
James 3:6 in Assamese 6 সেইদৰে জিভাও হৈছে এক অগ্নিস্বৰূপ; আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাজত জিভা অধৰ্মময় জগত স্বৰূপ; সেয়ে গোটেই শৰীৰক কলঙ্কিত কৰি আমাৰ জীৱনৰ পথৰ লগতে নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়।
Revelation 19:20 in Assamese 20 তেতিয়া পশু আৰু তাৰে সৈতে যি ভাঁৰী-কোৱা ভাৱবাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাইছিল, যাৰ দ্ৱাৰাই সেই পশুৰ ছাব মাৰি লোৱা সকলক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছিল, সেই দুয়োকো বন্দী কৰা হ’ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত, জীয়াই জীয়াই দুয়োকো পেলোৱা হ’ল।
Revelation 20:15 in Assamese 15 আৰু জীৱন পুস্তকত যি কোনো জনৰ নাম পোৱা নগ’ল, তেওঁলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল।