Isaiah 5:7 in Assamese 7 কিয়নো ইস্ৰায়েল বংশৰ বাহিনীসকলৰ যিহোৱাৰ দ্ৰাক্ষাবাৰী, আৰু যিহূদাৰ লোকসকল তেওঁৰ আনন্দদায়ক গছ ৰোৱা লোক; তেওঁ ন্যায়ৰ বাবে অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে তাত হত্যা কৰা হৈছিল; ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে সহায়ৰ বাবে ক্রন্দন হৈছিল।
Other Translations King James Version (KJV) For the vineyard of the LORD of hosts is the house of Israel, and the men of Judah his pleasant plant: and he looked for judgment, but behold oppression; for righteousness, but behold a cry.
American Standard Version (ASV) For the vineyard of Jehovah of hosts is the house of Israel, and the men of Judah his pleasant plant: and he looked for justice, but, behold, oppression; for righteousness, but, behold, a cry.
Bible in Basic English (BBE) For the vine-garden of the Lord of armies is the people of Israel, and the men of Judah are the plant of his delight: and he was looking for upright judging, and there was blood; for righteousness, and there was a cry for help.
Darby English Bible (DBY) For the vineyard of Jehovah of hosts is the house of Israel, and the men of Judah the plant of his delight: and he looked for justice, and behold, blood-shedding; for righteousness, and behold, a cry.
World English Bible (WEB) For the vineyard of Yahweh of Hosts is the house of Israel, And the men of Judah his pleasant plant: And he looked for justice, but, behold, oppression; For righteousness, but, behold, a cry of distress.
Young's Literal Translation (YLT) Because the vineyard of Jehovah of Hosts `Is' the house of Israel, And the man of Judah His pleasant plant, And He waiteth for judgment, and lo, oppression, For righteousness, and lo, a cry.
Cross Reference Genesis 4:10 in Assamese 10 তেতিয়া যিহোৱাই ক’লে, “তুমি কি কৰিলা? তোমাৰ ভাইৰ তেজে ভূমিৰ পৰা মোলৈ কান্দিছে।
Exodus 2:23 in Assamese 23 বহুত দিনৰ পাছত, মিচৰৰ ৰজাৰ মৃত্যু হ’ল। ইস্ৰায়েলী লোকসকলে বন্দীকামৰ বাবে আৰ্তনাদ কৰিলে। তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে আৰু তেওঁলোকৰ দাসত্ব জীৱনৰ কাৰণে তেওঁলোকৰ অনুৰোধ ঈশ্বৰে শুনিলে।
Exodus 3:7 in Assamese 7 যিহোৱাই ক’লে, “মই মিচৰত থকা মোৰ লোকসকলৰ যন্ত্রণালৈ নিশ্চয়ে দৃষ্টি কৰিছোঁ। কাৰণ তেওঁলোক অতি কঠোৰ তত্বাৱধায়কৰ তলত আছে, মই তেওঁলোকৰ ক্রন্দন শুনিছোঁ, মই তেওঁলোকৰ যন্ত্রণাৰ বিষয় বুজি পাইছোঁ।
Exodus 22:21 in Assamese 21 তোমালোকে বিদেশীক অন্যায় নকৰিবা, আৰু তেওঁলোকক উপদ্ৰৱ নকৰিবা; কিয়নো মিচৰ দেশত তোমালোকো বিদেশী হৈ আছিল।
Deuteronomy 15:9 in Assamese 9 সাৱধান হওঁক সপ্তম বছৰ, ধাৰ ক্ষমা কৰা বছৰ ওচৰ হৈছে, এই বুলি নিজৰ হৃদয়ত নীহ ভাব উদয় নহওক; নহ’লে নিজৰ দুখীয়া ভাইলৈ কু-দৃষ্টি ৰাখি তেওঁক একোকে নিদিব, আৰু তেওঁ আপোনাৰ বিৰুদ্ধে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিব; তাতে আপোনাৰ পাপ হ’ব।
Nehemiah 5:1 in Assamese 1 তাৰ পাছত লোকসকলে আৰু তেওঁলোকৰ ভাৰ্য্যাসকলে তেওঁলোকৰ যিহুদী ভাই সকলৰ কাৰণে উচ্ছ স্ৱৰে কান্দিলে।
Job 31:38 in Assamese 38 মোৰ মাটিয়ে যদি মোৰ অহিতে চিঞৰ মাৰে, আৰু তাৰ আটাই সিৰলুবোতে যদি কান্দে,
Job 34:28 in Assamese 28 দৰিদ্ৰৰ কাঁতৰোক্তি তাৰ আগত উপস্থিত কৰে, আৰু দুখিত বিলাকৰ কাঁতৰোক্তি তেওঁৰ কাণত পেলায়।
Psalm 80:8 in Assamese 8 তুমি মিচৰৰ পৰা এজোপা দ্ৰাক্ষালতাৰ দৰে আমাক তুলি আনিলা; আন জাতিবোৰক খেদাই দি তুমি তাক ৰোপন কৰিলা।
Psalm 80:15 in Assamese 15 যি পুলিগছক তুমি নিজৰ সোঁ হাতেৰে ৰোপন কৰিলা; যাৰ অঙ্কুৰবোৰক তুমি বৃদ্ধি কৰিলা।
Psalm 147:11 in Assamese 11 কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।
Psalm 149:4 in Assamese 4 কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।
Proverbs 21:13 in Assamese 13 যি জনে দৰিদ্ৰ লোকৰ কাতৰোক্তি নুশুনে, সেই জন যেতিয়া কান্দিব, তেতিয়া কোনেও নুশুনিব।
Song of Solomon 7:6 in Assamese 6 হে মোৰ প্রিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ!
Isaiah 1:6 in Assamese 6 ভৰিৰ তলুৱাৰে পৰা মুৰলৈকে কোনো এটা অংশ আঘাত নোপোৱাকৈ নাই; কেৱল ঘা, আঘাত, আৰু মুকলি ঘাবোৰ সতেজ; সেইবোৰ বন্ধ কৰা নাই, চাফা কৰা নাই আৰু বন্ধা নাই, নাইবা তেলেৰে সুশ্রূষাও কৰা নাই।
Isaiah 3:14 in Assamese 14 যিহোৱাই পৰিচাৰকসকল আৰু লোকসকলৰ অধ্যক্ষসকলৰ বিচাৰত কৈছে, “তোমালোকে দ্ৰাক্ষাবাৰীখন খাই পেলাইছিলা, আৰু দৰিদ্ৰসকলৰ পৰা কাঢ়া বস্তু তোমালোকৰ ঘৰতেই আছে।
Isaiah 3:17 in Assamese 17 সেই কাৰণে যিহোৱাই চিয়োনৰ জীয়াৰীসকলৰ মুৰত খজুৱতি ৰোগ দিব, আৰু যিহোৱাই তেওঁলোকক টকলা কৰাব।
Isaiah 5:2 in Assamese 2 তেওঁ তাক খানি তাৰ পৰা শিলবোৰ উলিয়াই পেলালে, আৰু তাত উত্তম দ্ৰাক্ষালতা ৰুলে, তাৰ মাজত এটা ওখ স্তম্ভ সাজিলে, আৰু এটা দ্ৰাক্ষা-কুণ্ডও নিৰ্মাণ কৰিলে; তেওঁ উত্তম দ্ৰাক্ষাগুটি লগা আশা কৰিছিল, কিন্তু তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল।
Isaiah 58:6 in Assamese 6 মই মনোনীত কৰা লঘোন এয়া নহয়: দুষ্টতাৰ বান্ধ মুকলি কৰা, ষাড়গৰুৰ যুৱলিৰ শলমাৰি সোলোকোৱা, ভগ্ন কৰিবলৈ লোৱা লোকক স্ৱাধীন কৰা, আৰু প্ৰত্যেক যুৱলি ভঙাই জানো মোৰ মনোনীত লঘোন নহয়?
Isaiah 62:5 in Assamese 5 কাৰণ যিদৰে যুৱকে যুৱতীক বিবাহ কৰে, সেইদৰে তোমালোকৰ পুত্ৰসকলে তোমাক বিবাহ কৰিব; আৰু যিদৰে দৰাই কন্যাত আনন্দ কৰে, সেইদৰে তোমালোকৰ ঈশ্বৰেও তোমালোকত আনন্দ কৰিব।
Jeremiah 12:10 in Assamese 10 অনেক ভেড়া-ৰখীয়াই মোৰ দ্ৰাক্ষাবাৰী নষ্ট কৰিলে, মোৰ ভাগ ভৰিৰ তলত মোহাৰিলে; মোৰ সন্তোষজনক ভাগ ধ্বংস-অৰণ্য কৰিলে।
Micah 6:8 in Assamese 8 হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
Zephaniah 3:17 in Assamese 17 তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ মাজত আছে; সেই পৰাক্রমীজনে তোমাক ৰক্ষা কৰিব; তেওঁ আনন্দেৰে সৈতে তোমাৰ বিষয়ে উল্লাস কৰিব; তেওঁ তেওঁৰ গভীৰ প্রেমেৰে সৈতে তোমাৰ বিষয়ে নীৰব হ’ব। তেওঁ গানেৰে সৈতে তোমাৰ বিষয়ে আনন্দ কৰিব।
Zechariah 7:9 in Assamese 9 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে সত্যৰে, বিশ্ৱাসেৰে আৰু দয়াৰে বিচাৰ কৰা, আৰু প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া আৰু কৰুণা ব্যৱহাৰ কৰা;
Matthew 3:8 in Assamese 8 মন-পালটনৰ উপযুক্ত ফল ধৰি ফলৱান হওক।
Matthew 23:23 in Assamese 23 হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে পদিনা, গুৱামুৰি, আৰু জীৰাৰ দশম ভাগ দান কৰে, কিন্তু বিধানৰ মাজৰ গুৰুত্বপূৰ্ণ যি ভাগ, ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰৰ ভাগ হলে নিদিয়ে। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰক ত্যাগ নকৰা আপোনালোকৰ উচিত আছিল।
Luke 18:7 in Assamese 7 তেনেহলে ঈশ্বৰলৈ দিনে-ৰাতিয়ে কাকূতি কৰা তেওঁৰ মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰিব নে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিব নে?
John 15:2 in Assamese 2 যি যি ডালত গুটি নধৰে, তেওঁ সেইবোৰ গুচাই পেলায় আৰু যি যি ডালত গুটি ধৰে; সেইবোৰত পুনৰ অধিক গুটি ধৰিবলৈ পৰিষ্কাৰ কৰি দিয়ে।
1 Corinthians 6:8 in Assamese 8 কিন্তু তাৰ সলনি আপোনালোকে নিজেই অন্যায় কৰি আছে আৰু আন লোকক ঠগাই আছে; আৰু তেওঁলোক আপোনালোকৰ নিজৰেই ভাই-ভনী।
James 5:4 in Assamese 4 চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰবঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাওনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে।
1 John 3:7 in Assamese 7 হে প্রিয় সন্তান সকল, আপোনালোকক ভুলাবলৈ কাকো নিদিব; যি কোনোৱে ধাৰ্মিকতা আচৰণ কৰে, খ্ৰীষ্ট যেনে ধাৰ্মিক, তেৱোঁ তেনে ধাৰ্মিক হয়।