Isaiah 5:25 in Assamese 25 এই হেতুকে নিজৰ লোকসকলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ প্ৰজলিত হ’ল, আৰু তেওঁলোকৰ বিৰুদ্ধে তেওঁ হাত মেলি তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে পৰ্ব্বতবোৰ কঁপিল, আৰু বাটৰ মাজত তেওঁলোকৰ শৱবোৰ বাটৰ জাবৰৰ দ্বৰে হ’ল, কিন্তু এতিয়াও প্রহাৰ কৰিবলৈ তেওঁৰ হাত দাঙি আছে।
Other Translations King James Version (KJV) Therefore is the anger of the LORD kindled against his people, and he hath stretched forth his hand against them, and hath smitten them: and the hills did tremble, and their carcases were torn in the midst of the streets. For all this his anger is not turned away, but his hand is stretched out still.
American Standard Version (ASV) Therefore is the anger of Jehovah kindled against his people, and he hath stretched forth his hand against them, and hath smitten them; and the mountains tremble, and their dead bodies are as refuse in the midst of the streets. For all this his anger is not turned away, but his hand is stretched out still.
Bible in Basic English (BBE) For this reason the wrath of the Lord has been burning against his people, and his hand has been stretched out against them in punishment, and the hills were shaking, and their dead bodies were like waste in the open places of the town.
Darby English Bible (DBY) Therefore is the anger of Jehovah kindled against his people, and he hath stretched out his hand against them and hath smitten them; and the mountains trembled, and their carcases are become as dung in the midst of the streets. For all this his anger is not turned away, and his hand is stretched out still.
World English Bible (WEB) Therefore Yahweh's anger burns against his people, And he has stretched out his hand against them, and has struck them. The mountains tremble, And their dead bodies are as refuse in the midst of the streets. For all this, his anger is not turned away, But his hand is still stretched out.
Young's Literal Translation (YLT) Therefore hath the anger of Jehovah burned among His people, And He stretcheth out His hand against it, And smiteth it, and the mountains tremble, And their carcase is as filth in the midst of the out-places. With all this His anger did not turn back, And still His hand is stretched out!
Cross Reference Leviticus 26:14 in Assamese 14 কিন্তু যদি তোমালোকে মোৰ বাক্যলৈ কাণ নিদিয়া, মোৰ এই সকলো আজ্ঞামতে কাৰ্য্য নকৰা,
Deuteronomy 31:17 in Assamese 17 যিদিনা তেওঁলোকে এইদৰে কৰিব, সেইদিনা তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু ময়ো তেওঁলোকক ত্যাগ কৰিম। মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিম আৰু তেওঁলোক ধ্বংস হৈ যাব। তেওঁলোকলৈ অনেক দুখ-কষ্ট আৰু আপদ ঘটিব; সেইদিনা তেওঁলোকে ক’ব যে, “আমাৰ ঈশ্বৰ আমাৰ মাজত নথকাৰ কাৰণেই আমাৰ ওপৰত এই সকলো আপদ নে?
Deuteronomy 32:19 in Assamese 19 যিহোৱাই এই সকলো দেখি ঈর্ষান্বিত হ’ল; তেওঁ নিজৰ পুত্র-কন্যাক অগ্রাহ্য কৰিলে।
1 Kings 14:11 in Assamese 11 তোমাৰ পৰিয়ালৰ যি লোকৰ এই নগৰত মৃত্যু হ’ব, তাক কুকুৰবোৰে খাব; আৰু যি জন লোক নগৰৰ বাহিৰত মৰিব, তাক আকাশৰ চৰাইবোৰে খাব, কিয়নো মই যিহোৱাই এই কথা কৈছো।
1 Kings 16:4 in Assamese 4 বাচাৰ বংশৰ যি জন লোকৰ নগৰত মৃত্যু হ’ব, তেওঁক কুকুৰবোৰে খাব আৰু যি জন লোকৰ নগৰৰ বাহিৰত মৃত্যু হ’ব, তেওঁক আকাশৰ চৰাইবোৰে খাব।”
1 Kings 21:24 in Assamese 24 আহাবৰ বংশৰ যি জন লোকৰ যেতিয়া নগৰত মৃত্যু হ’ব- তেওঁক কুকুৰবোৰে খাব। আৰু যি জন লোকৰ নগৰৰ বাহিৰত মৃত্যু হ’ব, তেওঁক আকাশৰ চৰাইবোৰে খাব।”
2 Kings 9:37 in Assamese 37 আৰু সেই মাটিত ঈজেবলৰ শৱ গোবৰৰ দৰে পৰি থাকিব; তাতে কোনেও ক’ব নোৱাৰিব যে, ‘এইটো ঈজেবলৰ দেহ’। ”
2 Kings 13:3 in Assamese 3 সেয়ে, ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ অৰামৰ ৰজা হজায়েল আৰু তেওঁৰ পুত্ৰ বিন হদদৰ হাতত বাৰে বাৰে তেওঁলোকক শোধাই দিছিল ।
2 Kings 22:13 in Assamese 13 “আপোনালোক যাওঁক আৰু এই যি পুস্তকখন পোৱা গৈছে, তাত যিবোৰ কথা লিখা আছে সেই সকলোবোৰৰ সম্বন্ধে আপোনালোকে গৈ মোৰ কাৰণে, লোকসকলৰ কাৰণে আৰু সমগ্র যিহূদা দেশৰ কাৰণে যিহোৱাৰ ওচৰত সোধক; কিয়নো আমাৰ বিৰুদ্ধে যিহোৱা ক্ৰোধত প্ৰজ্বলিত হৈছে; কাৰণ আমাৰ পূর্বপুৰুষসকলে এই পুস্তকৰ কথাবোৰ নুশুনিলে আৰু আমাৰ সম্বন্ধে পালন কৰিবৰ কাৰণে যি সকলো কথা লিখা আছে, সেই অনুসাৰে তেওঁলোকে কার্য নকৰিলে।”
2 Chronicles 36:16 in Assamese 16 কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতসকলক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁৰ ভাববাদীসকলক সিয়াৰিছিল, সেয়েহে শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল।
Psalm 18:7 in Assamese 7 তেতিয়া পৃথিবী কঁপি উঠিল, জোকাৰ খাবলৈ ধৰিলে; পর্বতৰ ভিত্তিমূলবোৰ জোকাৰণিত কঁপি উঠিল; কিয়নো তেওঁৰ ক্ৰোধত সেইবোৰ কঁপি উঠিল।
Psalm 68:8 in Assamese 8 তেতিয়া পৃথিবী কঁপি উঠিছিল আৰু আকাশেও বৰষুণ বর্ষাইছিল; এই সকলোবোৰ হৈছিল ঈশ্বৰৰ সাক্ষাতে, চীনয় পর্বতৰ, সেই ঈশ্বৰৰ উপস্থিতিত; ঈশ্বৰৰ সাক্ষাতে, ইস্ৰায়েলৰ ঈশ্বৰৰ উপস্থিতিত।
Psalm 77:18 in Assamese 18 বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল; তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে।
Psalm 78:38 in Assamese 38 তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে, তেওঁলোকক ধংস নকৰিলে; এনে কি তেওঁ অনেক বাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল।
Psalm 83:10 in Assamese 10 চীচৰা আৰু যাবীন অয়িন-দোৰত ধ্বংস হৈ গ’ল। তেওঁলোক মাটিৰ ওপৰত গোবৰৰ দৰে পৰি আছিলা।
Psalm 106:40 in Assamese 40 তাতে নিজৰ লোকসকলৰ ওপৰত যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; নিজৰ অধিকাৰৰ লোকসকলৰ প্রতি তেওঁৰ ঘৃণা উপজিল।
Psalm 114:7 in Assamese 7 হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা, যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা।
Isaiah 9:12 in Assamese 12 পূব দিশত অৰাম, আৰু পশ্চিম দিশত ফিলিষ্টীয়াসকল, তেওঁলোকে মুখ মেলি ইস্ৰায়েলক গ্ৰাস কৰিব। কাৰণ তেওঁলোকৰ ক্রোধ যিহোৱাই ক্ষান্ত নকৰিব; কিন্তু আঘাট কৰিবলৈ তেওঁলোকৰ হাত উদ্যত হৈ থাকিব।
Isaiah 9:17 in Assamese 17 প্ৰভুৱে সেই কাৰণে তেওঁলোকৰ যুবক সকলৰ ওপৰত আনন্দ নকৰিব, আৰু তেওঁলোকৰ পিতৃহীন আৰু বিধবাসকলক দয়া নকৰিব; কিয়নো তেওঁলোকৰ প্ৰত্যেক জনেই অধৰ্ম্মী আৰু কুকৰ্ম্মী, আৰু প্ৰত্যেকেই জ্ঞানহীন কথা কয়। এই সকলোৰ বাবে তেওঁৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত আঘাট কৰিবলৈ উদ্যত হৈ থাকিব।
Isaiah 9:21 in Assamese 21 মনচিয়ে ইফ্ৰয়িমক, আৰু ইফ্ৰয়িমে মনচিক ধ্বংস কৰিব, আৰু দুয়ো একেলগে যিহূদাক আক্ৰমণ কৰিব। এই সকলোৰ কাৰণে যিহোৱাৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু আঘাতৰ বাবে তেওঁৰ হাত উদ্যত হৈ থাকিব।
Isaiah 10:4 in Assamese 4 একোৱেই অৱশিষ্ট নাথাকিব, আৰু তোমালোক বন্দীসকলৰ মাজত কুঁচিমুচি হৈ বহি থাকিবা বা মৃতলোকৰ মাজত থাকিবা। এই সকলোৰ বাবে যিহোৱাৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত তেতিয়াও উদ্যত হৈ আছে।
Isaiah 14:26 in Assamese 26 সমগ্র পৃথিৱী বাবে স্থিৰ কৰা অভিপ্রায় এয়ে, আৰু সকলো দেশৰ ওপৰত উঠা হাত এয়ে।
Jeremiah 4:8 in Assamese 8 এই হেতুকে তোমালোকে কঁকালত চট বান্ধা, বুকুত ভুকুৱাই হাহাঁকাৰ কৰি ক্রন্দন কৰা আৰু দেখুউৱা যে তোমালোকে যি যি কৰিলা তাৰ বাবে তোমালোক অতি দুখিত কিয়নো যিহোৱাৰ জলন্ত ক্ৰোধ আমাৰ পৰা এতিয়াও ঘূৰি যোৱা নাই।
Jeremiah 4:24 in Assamese 24 মই পৰ্ব্বতবোৰলৈ দৃষ্টি কৰিলোঁ, চোৱা, সেইবোৰ এফালৰ পৰা আনফাললৈ কঁপিছে, আৰু আটাই গিৰিবোৰ লৰিছে।
Jeremiah 8:2 in Assamese 2 তেওঁলোকে ভালপোৱা, সেৱা কৰা, পাছত চলা, বিচৰা আৰু প্ৰণিপাত কৰা সূৰ্য্য চন্দ্ৰ আদি আকাশ-মণ্ডলৰ আটাই বাহিনীৰ আগত তেওঁলোকে সেই হাড়বোৰ মেলিব; সেইবোৰক গোটোৱা বা পাতা নহ’ব, সেইবোৰ মাটিৰ ওপৰত সাৰস্বৰূপ হৈ থাকিব।
Jeremiah 9:22 in Assamese 22 তুমি কোৱা, যিহোৱাই এইদৰে কৈছে: লোকসকলৰ শৱ সাৰৰ দৰে পৰি থাকিব, আৰু দাওঁতাৰ পাছত এৰি যোৱা মুঠিৰ দৰেই পথাৰত পৰি থাকিব; কোনেও সেইবোৰ নোগোটাব।
Jeremiah 15:3 in Assamese 3 আৰু যিহোৱাই কৈছে, মই তেওঁলোকক বধ কৰিবলৈ তৰোৱাল, ছিৰিবলৈ কুকুৰ, খাবলৈ আৰু বিনষ্ট কৰিবলৈ আকাশৰ পক্ষী আৰু পৃথিৱীৰ জন্তু, এই চাৰি বিধক মই তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম।
Jeremiah 16:4 in Assamese 4 “তেওঁলোকে কষ্টদায়ক মৃত্যুত প্ৰাণত্যাগ কৰিব। আৰু তেওঁলোকৰ কাৰণে কোনেও বিলাপ নকৰিব। তেওঁলোক মাটিৰ ওপৰত সাৰৰ নিচিনাকৈ পৰি থাকিব। আৰু তেওঁলোকক মৈদাম দিয়া নাযাব; ‘তেওঁলোক তৰোৱাল ও আকালৰ দ্বাৰাই হত হ’ব আৰু তেওঁলোকৰ শৱ আকাশৰ চৰাইৰ আৰু পৃথিৱীৰ জন্তুৰ আহাৰ হ’ব।
Lamentations 2:1 in Assamese 1 প্ৰভুৱে নিজ ক্ৰোধত কেনে এটা ডাঙৰ মেঘেৰে চিয়োন-জীয়াৰীক সম্পূৰ্ণৰূপে ঢাকিলে! তেওঁ স্বৰ্গৰ পৰা ইস্ৰায়েলৰ শোভাক পৃথিৱীলৈ পঠিয়াই দিলে; আৰু নিজ ক্ৰোধৰ দিনত নিজৰ ভৰি-পীৰালৈ সোঁৱৰণ নকৰিলে।
Lamentations 5:22 in Assamese 22 যদিহে তুমি আমাক সম্পূৰ্ণকৈ ত্যাগ কৰা নাই, আৰু আমাৰ অহিতে অতিশয় ক্ৰুদ্ধ হোৱা নাই!
Daniel 9:16 in Assamese 16 হে প্ৰভু, বিনয় কৰোঁ, আপুনি কৰা সকলো ধাৰ্মিকতাৰ কাৰণে আপোনাৰ নগৰ যিৰুচালেমৰ পৰা, আপোনাৰ পবিত্ৰ পৰ্ব্বতৰ পৰা আপোনাৰ খং আৰু ক্ৰোধ আঁতৰাওক। আমাৰ পাপ আৰু আমাৰ পূৰ্ব্ব-পুৰুষসকলৰ অপৰাধৰ কাৰণে, যিৰুচালেম আৰু আপোনাৰ লোক, আমাৰ চাৰিওফালে থকা সকলোৰে বাবে ঘৃণাৰ পাত্র হৈছে।
Hosea 14:4 in Assamese 4 যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম, মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম; কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল।
Micah 1:4 in Assamese 4 জুইৰ তাপত মম গলাৰ দৰে পৰ্ব্বতবোৰ তেওঁৰ আগত পমি যাব, এঢলীয়া ঠাইৰ পৰা যেনেকৈ পানী ঢালিলে তললৈ বৈ আহে তেনেকৈ তেওঁৰ আগত উপত্যকাবোৰ ভাঙি ছিন্ন ভিন্ন হৈ যাব।
Nahum 1:5 in Assamese 5 তেওঁৰ ভয়ত পৰ্ব্বতবোৰ কপেঁ আৰু গিৰিবোৰ দ্রৱীভূত হয়; তেওঁৰ আগত পৃথিৱী, এনে কি, জগতখন আৰু তাৰ সকলো নিবাসী ভাগি পৰে।
Habakkuk 3:10 in Assamese 10 পৰ্ব্বতবোৰে আপোনাক দেখিছে আৰু ক্লেশত মোচোৰা খাইছে; অগাধ জল সেইবোৰৰ ওপৰেৰে গৈছে; গভীৰ সাগৰে গৰ্জন কৰিছে! ই ওপৰলৈ ঢৌবোৰ উঠায়।
Zephaniah 1:17 in Assamese 17 মই লোকসকলৰ ওপৰত ভীষণ ক্লেশ আনিম; তেওঁলোকে অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব, কাৰণ যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে পাপ কৰিলে! তেওঁলোকৰ তেজ ধূলিৰ নিচিনাকৈ পেলাই দিয়া হ’ব! তেওঁলোকৰ দেহ গোবৰৰ নিচিনাকৈ মাটিত পৰি থাকিব।
1 Thessalonians 2:16 in Assamese 16 আমি অনা-ইহুদী সকলক পাপৰ পৰা উদ্ধাৰ পাবৰ বাবে শিক্ষা দিওঁ, কিন্তু তেওঁলোকে আমাক পৰিত্ৰাণৰ কথা কবলৈ যাওতে বাধা আৰোপ কৰে৷ সেয়েহে ঈশ্বৰৰ ক্ৰোধ চূড়ান্ত ৰূপত তেওঁলোকলৈ নামি আহিছে৷
Revelation 20:11 in Assamese 11 তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত এই জগত আৰু আকাশমণ্ডল পলাই গ’ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল।