Isaiah 49:9 in Assamese 9 অন্ধকূপত থকা বন্দীসকলক তুমি কোৱা ‘ওলাই আহাঁ,’আৰু ‘নিজক দেখুৱা।’ তেওঁলোকে পশুবোৰক বাটৰ কাষে কাষে চৰাব, আৰু আটাই খালী এঢলীয়া ঠাই সিহঁতৰ চৰণীয়া ঠাই হ’ব।
Other Translations King James Version (KJV) That thou mayest say to the prisoners, Go forth; to them that are in darkness, Shew yourselves. They shall feed in the ways, and their pastures shall be in all high places.
American Standard Version (ASV) saying to them that are bound, Go forth; to them that are in darkness, Show yourselves. They shall feed in the ways, and on all bare heights shall be their pasture.
Bible in Basic English (BBE) Saying to those who are in chains, Go free; to those who are in the dark, Come out into the light. They will get food by the way wherever they go, and have grass-lands on all the dry mountain-tops.
Darby English Bible (DBY) saying to the prisoners, Go forth; to them that are in darkness, Shew yourselves. They shall feed in the ways, and their pasture shall be on all bare hills.
World English Bible (WEB) saying to those who are bound, Go forth; to those who are in darkness, Show yourselves. They shall feed in the ways, and on all bare heights shall be their pasture.
Young's Literal Translation (YLT) To say to the bound, Go out, To those in darkness, Be uncovered. On the ways they feed, And in all high places is their pasture.
Cross Reference Deuteronomy 32:13 in Assamese 13 পৃথিবীৰ পার্বত্য ঠাইৰ ওপৰত তেওঁ যাকোবক ৰাখিলে, খেতিত উৎপন্ন হোৱা শস্য খাবলৈ দিলে; শিলনিৰ পৰা মধু আৰু শিলাময় দুৰাৰোহ পাহাৰৰ পৰা তেল দি পৰিপুষ্ট কৰিলে।
Psalm 22:26 in Assamese 26 দুখী লোকসকলে খাই তৃপ্ত হব; যি সকলে যিহোৱাক বিচাৰে তেওঁলোকে তেওঁৰ গুণ কীৰ্ত্তন কৰিব। তোমালোকৰ হৃদয়বোৰ চিৰকাল জীৱিত হৈ থাকক!
Psalm 23:1 in Assamese 1 যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।
Psalm 69:33 in Assamese 33 কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে; আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে।
Psalm 102:20 in Assamese 20 যাতে বন্দীসকলৰ কেকঁনি শুনিব পাৰে, মৃত্যুদণ্ডৰে অভিযুক্ত সকলক মুক্ত কৰিব পাৰে।
Psalm 107:10 in Assamese 10 কোনো লোক অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ মাজত বহিছিল; সেই বন্দীসকলে দুখত আৰু লোহাৰ শিকলিৰ বন্ধনত কষ্ট পাইছিল।
Psalm 146:7 in Assamese 7 তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে, ক্ষুধাতুৰসকলক আহাৰ দান কৰে; যিহোৱাই বন্দীবোৰক মুক্ত কৰে;
Isaiah 5:17 in Assamese 17 তাৰ পাছত ভেড়াবোৰে নিজৰ চৰণীয়া পথাৰত চৰাৰ দৰে চৰিছে, আৰু ধনী লোকৰ ধ্বংসাবশেষত ভেড়াবোৰে চৰিছে।
Isaiah 9:2 in Assamese 2 আন্ধাৰত ফুৰা সকলে মহাজ্যোতি দেখিলে; মৃত্যু ছায়াৰ দেশত বাস কৰা সকলৰ ওপৰত দীপ্তি প্ৰকাশিত হ’ল।
Isaiah 41:18 in Assamese 18 মই এঢলীয়া স্থানৰ পৰা তললৈ যোৱাকৈ নদীবোৰ, আৰু উপত্যকাৰ মাজত ভুমুকবোৰ উলিয়াম; মই মৰুভূমিক এক জলাশয় কৰিম, আৰু খৰাং মাটিক ভুমুকেৰে পৰিপূৰ্ণ কৰিম।
Isaiah 42:7 in Assamese 7 অন্ধলোক সকলৰ চকু মুকলি কৰিবলৈ, বন্দীশালৰ পৰা বন্দীসকলক মুক্ত কৰিবলৈ, আৰু কাৰাগাৰৰ অন্ধকাৰত বহি থকা সকলক তাৰ পৰা আনিবলৈ।
Isaiah 42:16 in Assamese 16 মই অন্ধসকলক তেওঁলোকে নজনা বাটেদি লৈ যাম, তেওঁলোকে নজনা পথেদি তেওঁলোকক লৈ যাম; মই তেওঁলোকৰ আগত আন্ধাৰক পোহৰ কৰিম, আৰু বেঁকাবেঁকি ঠাই পোন কৰিম। এইবোৰ কাৰ্য মই কৰিম; আৰু সেইবোৰ মই পৰিত্যাগ নকৰিম।
Isaiah 55:1 in Assamese 1 “হে তৃষ্ণাতুৰ লোকসকল, পানীৰ ওচৰলৈ আহাঁ! আৰু যি সকলৰ ধন নাই, সকলো আহাঁ; খোৱা বস্তু কিনা, আৰু ভোজন কৰা! আহাঁ, বিনামূল্যে বিনাদামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা।
Isaiah 60:1 in Assamese 1 উঠা, দীপ্তি দিয়া; কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে।
Isaiah 61:1 in Assamese 1 প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে নম্ৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ।
Isaiah 65:13 in Assamese 13 প্ৰভু যিহেৱাই এই কথা কৈছে, “চোৱা, মোৰ দাসসকলে ভোজন কৰিব, কিন্তু তোমালোক ভোকত থাকিবা; চোৱা, মোৰ দাসসকলে পান কৰিব, কিন্তু তোমালোক পিয়াহত থাকিবা; চোৱা, মোৰ দাসসকলে আনন্দ কৰিব, কিন্তু তোমালোকে লাজ পাবা;
Ezekiel 34:13 in Assamese 13 তেতিয়া মই আটাই লোকসকলৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিম; আৰু দেশবোৰৰ পৰা সেইবোৰক গোটাই তেওঁলোকক নিজৰ দেশলৈ আনিম। আৰু ইস্ৰায়েলৰ পৰ্ব্বতত, জুৰিবোৰৰ কাষত আৰু বসতিৰ যোগ্য ঠাইবোৰত মই সেইবোৰক চৰাম।
Ezekiel 34:23 in Assamese 23 আৰু মই সেইবোৰৰ ওপৰত এজন মাত্ৰ ৰখীয়া মোৰ দাস দায়ুদক নিযুক্ত কৰিম! তেওঁ সেইবোৰক প্ৰতিপালন কৰিব; তেৱেঁই সেইবোৰক প্ৰতিপালন কৰি সেইবোৰৰ ৰখীয়া হ’ব।
Ezekiel 34:29 in Assamese 29 মই গৌৰৱৰ অৰ্থে তেওঁলোকৰ বাবে এটি পুলি উৎপন্ন কৰিম; তেওঁলোক দেশত আকালৰ দ্বাৰাই আৰু বিনষ্ট নহ’ব, বা জাতিবোৰে দিয়া লাজ তেওঁলোকে আৰু ভোগ নকৰিব।
Joel 3:18 in Assamese 18 সেই দিনা পৰ্ব্বতবোৰৰ পৰা নতুন দ্ৰাক্ষাৰস টোপা-টোপে পৰিব, ওখ পৰ্ব্বতবোৰৰ পৰা গাখীৰৰ সূঁতী বৈ যাব, যিহূদাৰ আটাই জুৰিবোৰৰ পানী বব, আৰু যিহোৱাৰ গৃহৰ পৰা এটা ভুমুক ওলাই চিৰ্টীমৰ উপত্যকাত পানী দিব।
Zechariah 9:11 in Assamese 11 আৰু তোমাৰ বিষয়ে হ’লে, তোমাৰে সৈতে স্থাপন কৰা নিয়মটিৰ তেজৰ গুণত পানী নথকা গাঁতৰ পৰা মই তোমাৰ বন্দীয়াৰবোৰক মোকলালো।
Luke 1:79 in Assamese 79 অন্ধকাৰ আৰু মৃত্যুছায়াত বহি থকা লোক সকলক তেওঁ পোহৰ দিব। তেওঁ আমাৰ ভৰি শান্তিৰ পথত গমন কৰাব’।
Luke 4:18 in Assamese 18 ‘প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে। তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে। চেপা খোৱা সকলক (নিৰ্যাতিতসকলক) মুকলি কৰিবলৈ পঠালে।
John 6:53 in Assamese 53 যীচুৱে তেওঁলোকক ক’লে, “সঁচাকৈয়ে মই আপোনালোকক কওঁ, মানুহৰ পুত্ৰই দান কৰা মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে, আপোনালোকৰ ভিতৰত জীৱন নাই।
John 8:12 in Assamese 12 ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
John 10:9 in Assamese 9 ময়েই দুৱাৰ; যি কোনোৱে মোৰ মাজেদি সোমায়, তেওঁ ৰক্ষা পাব। তেওঁ ভিতৰলৈ আৰু বাহিৰলৈ অহা-যোৱা কৰিব, আৰু চৰণীয়া ঠাই পাব।
Acts 26:18 in Assamese 18 এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হ’বলৈ আৰু অন্ধকাৰৰ পৰা পোহৰলৈ, চয়তানৰ ক্ষমতাৰ অধীনৰ পৰা ঈশ্ৱৰলৈ ঘূৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰলৈ মই তোমাক নিযুক্ত কৰি পঠাওঁ, তাতে তেওঁলোকে ঈশ্বৰৰ পৰা পাপৰ ক্ষমা যেন পায় আৰু মোক বিশ্বাস কৰাৰ যোগেদি মই যেন তেওঁলোকক এই ভাগ দিব পাৰোঁ’৷”
2 Corinthians 4:4 in Assamese 4 ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ মহিমা প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ জগতৰ অধিকাৰীয়ে সেই অবিশ্বাসী লোক সকলৰ মন (জ্ঞান-চকু) অন্ধ কৰিলে।
Ephesians 5:8 in Assamese 8 কিয়নো পূর্বতে আপোনালোক যদিও আন্ধাৰত আছিল কিন্তু এতিয়া প্ৰভুত সংযুক্ত হৈ পোহৰত আছে। সেয়ে পোহৰৰ সন্তান সকলৰ দৰে জীৱন-যাপন কৰক।
Ephesians 5:14 in Assamese 14 কিয়নো পোহৰতে সকলো স্পষ্ট হৈ পৰে। সেই বাবে কোৱা হৈছে: ‘হে টোপনিওৱা জন সাৰ পোৱা আৰু মৃত লোক সকলৰ মাজৰ পৰা উঠা; তাতে আপোনালোকৰ ওপৰত খ্ৰীষ্টই পোহৰ দিব’।
Colossians 1:13 in Assamese 13 তেৱেঁই আমাক অন্ধকাৰৰ ক্ষমতাৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থ’লে৷
1 Thessalonians 5:5 in Assamese 5 কিয়নো আপোনালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ।
1 Peter 2:9 in Assamese 9 কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে; এইদৰে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, যাতে আপোনালোকে তেওঁৰ আচৰিত কৰ্মবোৰ প্ৰকাশ কৰে৷ এই কাৰণে,