Isaiah 47:1 in Assamese 1 হে বাবিলৰ কুমাৰী জীয়াৰী, তুমি নামি আহা, আৰু ধুলিত বহা; হে কলদিয়া-জীয়াৰী, সিংহাসনৰ অবিহনে, মাটিত বহা। তোমাক ধুনীয়া আৰু লাহী বুলি পুনৰায় কোৱা নাযাব।
Other Translations King James Version (KJV) Come down, and sit in the dust, O virgin daughter of Babylon, sit on the ground: there is no throne, O daughter of the Chaldeans: for thou shalt no more be called tender and delicate.
American Standard Version (ASV) Come down, and sit in the dust, O virgin daughter of Babylon; sit on the ground without a throne, O daughter of the Chaldeans: for thou shalt no more be called tender and delicate.
Bible in Basic English (BBE) Come and take your seat in the dust, O virgin daughter of Babylon; come down from your seat of power, and take your place on the earth, O daughter of the Chaldaeans: for you will never again seem soft and delicate.
Darby English Bible (DBY) Come down and sit in the dust, virgin-daughter of Babylon! Sit on the ground, -- [there is] no throne, O daughter of the Chaldeans; for thou shalt no more be called tender and delicate.
World English Bible (WEB) Come down, and sit in the dust, virgin daughter of Babylon; sit on the ground without a throne, daughter of the Chaldeans: for you shall no more be called tender and delicate.
Young's Literal Translation (YLT) Come down, and sit on the dust, O virgin daughter of Babylon, Sit on the earth, there is no throne, O daughter of the Chaldeans, For no more do they cry to thee, `O tender and delicate one.'
Cross Reference Deuteronomy 28:56 in Assamese 56 আপোনালোকৰ মাজৰ যি মহিলা কোমল স্বভাৱৰ আৰু অতি শান্ত; আলসুৱাৰ কাৰণে মাটিত ভৰি পেলাবলৈ ইচ্ছা নকৰা, তেৱোঁ নিজৰ প্রিয় স্বামী আৰু ল’ৰা-ছোৱালীৰ প্রতি নিষ্ঠুৰ হ’ব।
Job 2:8 in Assamese 8 ফলত তেওঁ ছাইৰ মাজত বহি পৰিল আৰু এডোখৰ খোলা লৈ নিজৰ গা চুঁচিবলৈ ধৰিলে।
Job 2:13 in Assamese 13 আৰু তেওঁলোকে সাত দিন সাত ৰাতি তেওঁৰ লগত মাটিতে বহি থাকিল, তেওঁক কোনেও কথা এষাৰকে নকলে; কাৰণ তেওঁলোকে তেওঁৰ দুখ অতি অধিক দেখিছিল।
Psalm 18:27 in Assamese 27 কাৰণ তুমি দুখীসকলক ৰক্ষা কৰা, কিন্তু গৰ্ব্বী চকুক তললৈ নমাই আনা।
Psalm 89:44 in Assamese 44 তুমি তেওঁৰ হাতৰ ৰাজদণ্ড হৰণ কৰিলা; তেওঁৰ সিংহাসন ভুমিলৈ পতিত কৰিলা।
Psalm 137:8 in Assamese 8 হে বাবিল কন্যা, তোমাক বিনাশ কৰা হ’ব; তুমি আমাৰ প্রতি যেনে ৰূপে ব্যৱহাৰ কৰিলা, ধন্য সেইজন, যিজনে তোমাকো তেনে ৰূপে প্ৰতিফল দিব।
Isaiah 3:26 in Assamese 26 যিৰূচালেমৰ ৰাজ-দুৱাৰবোৰে ক্ৰন্দন আৰু বিলাপ কৰিব, আৰু তেওঁ অকলশৰে মাটিত বহিব।
Isaiah 14:13 in Assamese 13 তুমি তোমাৰ মনতে কৈছিলা, ‘মই স্বৰ্গলৈ উঠিম, ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ সিংহাসন উন্নত কৰিম; আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম।
Isaiah 23:12 in Assamese 12 তেওঁ ক’লে, “চীদোনৰ নিৰ্যাতিতা কুমাৰী জীয়াৰী, তুমি আৰু উল্লাস নকৰিবা, উঠা, কিত্তীমলৈ পাৰ হৈ যোৱা; কিন্তু তাতো তুমি জিৰণি নাপাবা।
Isaiah 26:5 in Assamese 5 কাৰণ অহঙ্কাৰেৰে জীৱন যাপন কৰা সকলক তেওঁ নত কৰিব; তেওঁ তাক অবনত কৰিব, মাটিৰে সৈতে সমান কৰিলে। তেওঁ ধুলিৰ সমান কৰিব।
Isaiah 32:9 in Assamese 9 হে নিশ্চিন্তে থকা মহিলাসকল, উঠা, আৰু মোৰ কথা শুনা; হে চিন্তা-ভাবনা নকৰা যুৱতীসকল, মোৰ বাক্য শুনা।
Isaiah 37:22 in Assamese 22 তেওঁৰ বিষয়ে যিহোৱাই কোৱা কথা এই: কুমাৰী চিয়োন-জীয়াৰীয়ে তোমাক হেয়জ্ঞান কৰিছে, আৰু তোমাক হাঁহিছে; যিৰূচালেম জীয়াৰীয়ে তোমালৈ মুৰ জোকাৰিলা।
Isaiah 47:7 in Assamese 7 তুমি ক’লা, “মই চিৰকাললৈকে একচ্ছত্র ৰানী হৈ থাকিম;” এই কাৰণে তুমি এইবোৰ কথাত মনোযোগ দিয়া নাই, নাইবা তেওঁলোকক কেনেকৈ উলিয়াই দিবা সেই বিষয়ে ভবা নাই।
Isaiah 52:2 in Assamese 2 হে যিৰূচালেম, ধূলিৰ পৰা তোমালোকে নিজকে জোকাৰি দিয়া; উঠি বহা; হে বন্দী-অৱস্থাত থকা হে চিয়োনৰ বন্দী জীয়াৰী, তোমালোকৰ ডিঙিৰ পৰা শিকলি খুলি দিয়া।
Jeremiah 13:18 in Assamese 18 তুমি ৰজা আৰু ৰাজমাক কোৱা, “নিজকে নম্র কৰা আৰু তোমালোক চাপৰত বহা, কিয়নো তোমালোকৰ শিৰোভুষণ, এনে কি, সুন্দৰ মুকুট খহি পৰিল।
Jeremiah 46:11 in Assamese 11 হে কুমাৰী মিচৰ জীয়াৰী, তুমি গিলিয়দলৈ উঠি গৈ সুস্থজনক গছৰ ৰস লোৱা। তুমি বৃথা অনেক ঔষধ ব্যৱহাৰ কৰিছা, তোমাৰ কোনো সুস্থতা নাই।
Jeremiah 48:18 in Assamese 18 হে দীবোন-নিবাসিনী জীয়াৰী, তুমি তোমাৰ প্ৰতাপৰ পৰা নামি তৃষ্ণাতুৰা হৈ মাটিত বহা; কিয়নো মোৱাবৰ সংহাৰক তোমাৰ বিৰুদ্ধে উঠি আহিলে, তেওঁ তোমাৰ দুৰ্গবোৰ বিনষ্ট কৰিলে।
Jeremiah 50:42 in Assamese 42 সিহঁতে ধনু আৰু বৰছা ধৰে, সিহঁত নিষ্ঠুৰ আৰু দয়াহীন; সিহঁতৰ শব্দ সমুদ্ৰৰ গৰ্জ্জনৰ নিচিনা আৰু সিহঁত ঘোঁৰাত উঠে; হে বাবিল-জীয়াৰী, তোমাৰ বিৰুদ্ধে সিহঁত প্ৰতিজনে যুদ্ধাৰুৰ নিচিনাকৈ সাজু হৈ আছে।
Jeremiah 51:33 in Assamese 33 কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, “বাবিল- জীয়াৰী শস্য মৰণা মৰা কালৰ খলাস্বৰূপ, আৰু অলপতে শস্য কাটিবৰ সময় তাইলৈ আহিব”।
Lamentations 2:10 in Assamese 10 চিয়োন-জীয়াৰীৰ বৃদ্ধসকলে মাটিত বহি নীৰৱে শোক কৰি আছে। তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াইছে; আৰু কঁকালত চট কাপোৰ বান্ধিছে। যিৰূচালেমৰ কুমাৰীসকলে মাটিলৈ মূৰ দোঁৱাই আছে।
Lamentations 2:21 in Assamese 21 ডেকা আৰু বুঢ়া লোক, আলিবাটৰ মাটিত পৰি আছে। মোৰ যুৱতী আৰু যুৱকসকল তৰোৱালৰ দ্বাৰাই পতিত হৈছে। তুমি তোমাৰ ক্ৰোধৰ দিনাত তেওঁলোকক বধ কৰিলা; তুমি দয়া নকৰি হত্যা কৰিলা।
Lamentations 4:5 in Assamese 5 সুখাদ্য খোৱাসকলে আলিত অনাথ হৈ পৰি আছে; ৰঙা বিছনাত শুই ডাঙৰ-দীঘল হোৱা সকলে গোবৰৰ দ’ম সাবটিছে।
Ezekiel 26:16 in Assamese 16 সেই সময়ত সমুদ্ৰৰ আটাই অধিপতিয়ে নিজৰ নিজৰ সিংহাসনৰ পৰা নামি নিজ নিজ ৰাজবস্ত্ৰ ত্যাগ কৰিব, নিজ নিজ কাৰচিপি বন কৰা কাপোৰ, সোলোকাই পেলাব, ত্ৰাসৰূপ বস্ত্ৰ পিন্ধিব, মাটিত বহিব, বিস্ময় মানিব।
Ezekiel 28:17 in Assamese 17 তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ হৃদয় গৰ্ব্বিত হৈছিল; তোমাৰ উজ্জ্বলতাৰ কাৰণে তুমি নিজ জ্ঞান নষ্ট কৰিলা! মই তোমাক মাটিৰ সমান কৰিলো! ৰজাসকলে তোমাক দেখা পাবলৈ তোমাক তেওঁলোকৰ সন্মূখত ৰাখিলোঁ।
Obadiah 1:3 in Assamese 3 উচ্চস্থানত শিলৰ গুহাত বাস কৰা জনৰ মনৰ অহংকাৰে তেওঁক প্ৰবঞ্চনা কৰিলে। কোনে তোমাৰ মনত কয়, “কোনে মোক মাটিলৈ নমাব?”
Jonah 3:6 in Assamese 6 শীঘ্রেই সেই খবৰ গৈ ৰজাৰ কাণত পৰিল। তেতিয়া তেওঁ সিংহাসন এৰি উঠি আহিল আৰু গাৰ পৰা ৰাজবস্ত্ৰ সোলোকাই চট্ কাপোৰ পিন্ধি ছাঁইত বহিল।
Haggai 2:22 in Assamese 22 মই ৰাজ্যবোৰৰ সিংহাসন লুটিয়াই পেলাম, আৰু দেশৰ ৰাজ্যবোৰৰ শক্তি নাশ কৰিম, আৰু ৰথ আৰু ৰথৰ আৰোহীসকলক লুটিয়াই পেলাম; ঘোঁৰা আৰু ঘোঁৰাৰ আৰোহী প্রতিজনক নিজৰ ভায়েকৰ তৰোৱালেৰে আঘাত কৰি তলত পেলোৱা হ’ব।
Zechariah 2:7 in Assamese 7 ‘বাবিল জীয়াৰীয়ে সৈতে প্ৰবাস কৰা হে চিয়োন, ৰক্ষাৰ অৰ্থে পলোৱা’।”
Revelation 18:7 in Assamese 7 তাই নিজকে যিমান গৌৰৱ আৰু বিলাসিতা কৰিছিল তাইক সিমান যাতনা আৰু শোক দিয়া৷ কিয়নো তাই মনতে কয়, ‘মই ৰাণীৰ দৰে হৈ বহি আছোঁ; মই বিধৱা নহওঁ আৰু মই শোকৰ দিন কেতিয়াও নেদেখিম’।