Isaiah 46:3 in Assamese 3 গৰ্ভৰ পৰা আৰু জন্মৰ আগৰে পৰা যিসকলক মই কঢ়িয়াই আনিছো: সেই যাকোবৰ বংশ আৰু ইস্ৰায়েলৰ বংশৰ অৱশিষ্ট লোকসকল, মোৰ কথা শুনা।
Other Translations King James Version (KJV) Hearken unto me, O house of Jacob, and all the remnant of the house of Israel, which are borne by me from the belly, which are carried from the womb:
American Standard Version (ASV) Hearken unto me, O house of Jacob, and all the remnant of the house of Israel, that have been borne `by me' from their birth, that have been carried from the womb;
Bible in Basic English (BBE) Give ear to me, O family of Jacob, and all the rest of the people of Israel, who have been supported by me from their birth, and have been my care from their earliest days:
Darby English Bible (DBY) Hearken unto me, house of Jacob, and all the remnant of the house of Israel, ye who have been borne from the belly, who have been carried from the womb:
World English Bible (WEB) Listen to me, house of Jacob, and all the remnant of the house of Israel, that have been borne [by me] from their birth, that have been carried from the womb;
Young's Literal Translation (YLT) Hearken unto Me, O house of Jacob, And all the remnant of Israel, Who are borne from the belly, Who are carried from the womb,
Cross Reference Exodus 19:4 in Assamese 4 মই মিচৰীয়া লোকসকললৈ যি কৰিলোঁ, আৰু কেনেকৈ কুৰৰ পক্ষীৰ ডেউকাৰ দ্বাৰাই, তোমালোকক মোৰ ওচৰলৈ আনিলোঁ।
Deuteronomy 1:31 in Assamese 31 পুনৰ আপোনালোকে মৰুভূমিত দেখিছিল যে, কেনেদৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাই সন্মুখত থাকি আপোনালোকক লৈ গৈছিল; যেনেকৈ পিতৃয়ে পুত্রক কোলাত তুলি লৈ যায়, তেনেকৈয়ে আপোনালোক যোৱা সকলো ঠাইতে, গোটেই পথত এই ঠাই নোপোৱালৈকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ আনিলে।”
Deuteronomy 32:11 in Assamese 11 যেনেকৈ ঈগল চৰায়ে নিজৰ বাঁহক পহৰা দিয়ে; যেনেকৈ পোৱালীয়ে উৰিবলৈ ঈগলে সঘনে বাঁহ লৰাই দিয়ে আৰু তাৰ ওপৰত উৰি ফুৰে, যেনেকৈ সিহঁতক ওপৰলৈ তুলি নিবলৈ নিজৰ ডেউকা মেলি দিয়ে, আৰু নিজৰ ডেউকাৰ ওপৰত সিহঁতক বৈ নিয়ে,
Psalm 22:9 in Assamese 9 কিন্তু যি জনাই মোক মাতৃ গৰ্ভৰ পৰা উলিয়াই আনিলে, সেই জনা তুমিয়েই; মই যেতিয়া মোৰ মাতৃৰ পিয়াহ খাইছিলো, তুমিয়েই মোক সুৰক্ষিত ৰাখি তোমাৰ ওপৰত নির্ভৰশীল কৰিলা।
Psalm 71:6 in Assamese 6 গৰ্ভৰে পৰা মই তোমাতেই নিৰ্ভৰ কৰিছোঁ; মোক মাতৃৰ গৰ্ভৰ পৰা উলিওৱা জনা তুমিয়েই; মই নিতৌ তোমাৰেই প্ৰশংসা কৰিম।
Psalm 81:8 in Assamese 8 হে মোৰ লোকসকল, তোমালোকে মোৰ সাৱধান বাণী শুনা, হে ইস্রায়েলীয়াসকল, তোমালোকে যদি মোৰ কথা শুনিলা হয়!
Isaiah 1:9 in Assamese 9 বাহিনীসকলৰ যিহোৱাই আমাৰ বাবে অলপ অৱশিষ্ট নৰখা হ’লে, আমি চদোম আৰু ঘমোৰাৰ দৰে হলোহেঁতেন।
Isaiah 10:22 in Assamese 22 কাৰণ তোমাৰ ইস্রায়েলী লোকসকল সমুদ্ৰতীৰৰ বালিৰ দৰে হ’লেও, তেওঁলোকৰ কেৱল অৱশিষ্ট সকলহে ঘুৰি আহিব। প্রচুৰ ধাৰ্ম্মিকতা দাবী কৰাৰ দ্বাৰাই বিধানত ধ্বংস স্থিৰ কৰা হৈছে।
Isaiah 11:11 in Assamese 11 পথোচ, কুচ, এলম, চিনাৰ, হমাৎ, সমুদ্ৰৰ দ্বীপবোৰ, অচুৰ আৰু মিচৰীয়াৰ বাকী থকা অৱশিষ্ট লোকসকলক উদ্ধাৰ কৰিবলৈ সেই দিনা প্ৰভুৱে তেওঁৰ হাত পুনৰ আগবঢ়াব।
Isaiah 37:4 in Assamese 4 যি ৰবচাকিক নিজৰ প্ৰভু ৰজা অচৰীয়াৰ জীৱন্ত ঈশ্বৰক ধিক্কাৰ দিবলৈ পঠাইছিল, আপোনাৰ ঈশ্বৰ যিহোৱাই সেই ৰবচাকিৰ কথা শুনিব, আৰু আপোনাৰ ঈশ্বৰ যিহোৱাই নিজে শুনা কথাৰ বাবে হয়তু দণ্ড দিব; সেয়ে এতিয়া অৱশিষ্ট থকা ভাগৰ বাবে আপুনি প্রাৰ্থনা উৎসৰ্গ কৰক।
Isaiah 44:1 in Assamese 1 মোৰ দাস যাকোব, আৰু মই মনোনীত কৰা ইস্ৰায়েল, এতিয়া শুনা।
Isaiah 44:21 in Assamese 21 হে যাকোব, আৰু ইস্ৰায়েল, এই বিষয়ে চিন্তা কৰা; কাৰণ তুমি মোৰ দাস: মই তোমাক নিৰ্মাণ কৰিলোঁ; তুমি মোৰ দাস; হে ইস্ৰায়েল মই তোমাক নাপাহৰিম।
Isaiah 46:12 in Assamese 12 সুকার্য্যৰ পৰা দূৰৈত থাকা জেদী লোকসকল মোৰ কথা শুনা ।
Isaiah 48:1 in Assamese 1 হে ইস্ৰায়েল নামেৰে প্ৰখ্যাত, আৰু যিহূদাৰ জল সমোহৰ পৰা উৎপন্ন হোৱা যাকোবৰ বংশ, এই কথা শুনা, যিসকলে যিহোৱাৰ নাম লৈ শপত খায়, ইস্ৰায়েলৰ ঈশ্বৰৰ ওচৰত সাহায্য প্রার্থনা কৰে, কিন্তু আন্তৰিকতাৰে বা সত্যনিষ্ঠাৰে নকৰে।
Isaiah 48:17 in Assamese 17 তোমাৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ জনা যিহোৱাই এই কথা কৈছে: “ মই তোমালোকৰ ঈশ্বৰ যিহোৱা, যিজনে তোমাক কৃতকার্য হবলৈ শিকাই, তোমালোকৰ যাবলগীয়া পথত যিজনে চলাই নিয়ে।
Isaiah 49:1 in Assamese 1 হে দ্বীপবাসী, মোৰ বাক্য শুনা! আৰু দূৰত থকা লোকসকল, মনোযোগ দিয়া। যিহোৱাই মোক জন্ম হোৱা দিনৰ পৰা, যেতিয়া মোৰ মাতৃয়ে মোক পৃথিবীলৈ আনিলে তেতিয়াৰ পৰা মাতিলে।
Isaiah 51:1 in Assamese 1 তোমালোক যি জনে ধাৰ্ম্মিকতাত চলা, যি জনে যিহোৱাক বিচাৰা, মোৰ কথা শুনা: তোমালোকক যি শিলৰ পৰা কটা আৰু যি গাঁতৰ পৰা খন্দা হৈছিল, তালৈ দৃষ্টি কৰা ।
Isaiah 51:7 in Assamese 7 তোমালোক যিসকলে সত্য কি জানা, মোৰ বিধান তোমালোকৰ হৃদয়ত ধৰি ৰখা লোকসকল,মোৰ কথা শুনা: মানুহৰ অপমানলৈ ভয় নকৰিবা, নাইবা তেওঁলোকৰ অপব্যৱহাৰত হতাশ নহবা ।
Isaiah 63:9 in Assamese 9 তেওঁলোকৰ সমস্ত দূখত তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল। তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল, আৰু তেওঁ পূৰ্ব্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।
Ezekiel 16:6 in Assamese 6 সেই সময়ত মই তোমাৰ ওচৰেদি গৈ তোমাৰ তেজত তোমাক ধৰফৰোৱা দেখি তোমাক ক’লোঁ যে, যদিও তুমি নিজ তেজত পৰি আছা, তথাপি জীয়াই থাকা, হয়, মই তোমাক ক’লোঁ, যে, যদিও তুমি নিজ তেজত পৰি আছা, তথাপি জীয়াই থাকা।