Isaiah 45:11 in Assamese 11 ইস্ৰায়েলৰ পবিত্ৰ জনা আৰু নিৰ্মাণকৰ্ত্তা যিহোৱাই এই কথা কৈছে: আগলৈ হ’ব লগা ঘটনাৰ বিষয়ে,আৰু মোৰ সন্তানসকলৰ বিষয়ে মোক প্রশ্ন কৰিছানে? মোৰ হাতৰ কাৰ্যৰ বিষয়ে কি কৰিম তোমালোকে মোক কৈছানে?’
Other Translations King James Version (KJV) Thus saith the LORD, the Holy One of Israel, and his Maker, Ask me of things to come concerning my sons, and concerning the work of my hands command ye me.
American Standard Version (ASV) Thus saith Jehovah, the Holy One of Israel, and his Maker: Ask me of the things that are to come; concerning my sons, and concerning the work of my hands, command ye me.
Bible in Basic English (BBE) The Lord, the Holy One of Israel, and his Maker, says, Will you put a question to me about the things which are to come, or will you give me orders about my sons, and the work of my hands?
Darby English Bible (DBY) Thus saith Jehovah, the Holy One of Israel, and his Maker: Ask me of the things to come; concerning my sons, and concerning the work of my hands, command ye me.
World English Bible (WEB) Thus says Yahweh, the Holy One of Israel, and his Maker: Ask me of the things that are to come; concerning my sons, and concerning the work of my hands, command you me.
Young's Literal Translation (YLT) Thus said Jehovah, The Holy One of Israel, and his Former: Ask Me of the things coming concerning My sons, Yea, concerning the work of My hands, ye command Me.'
Cross Reference Genesis 32:26 in Assamese 26 পুৰুষ জনে ক’লে, “ৰাতিপুৱা হৈ আহিছে, মোক এৰি দিয়া।” যাকোবে ক’লে, “আপুনি মোক আশীৰ্ব্বাদ নকৰা পর্যন্ত মই আপোনাক এৰি নিদিওঁ।”
Joshua 10:12 in Assamese 12 তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক ইমোৰীয়া সকলৰ ওপৰত জয়ী হ’বলৈ দিলে৷ সেইদিনা যিহোচূৱাই ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাক ক’লে, “হে সূৰ্য্য, তুমি গিবিয়োনৰ ওপৰত স্থিৰ হোৱা, আৰু হে চন্দ্ৰ, তুমি অয়ালোনৰ উপত্যকাৰ ওপৰত স্থিৰ হোৱা৷”
Judges 16:23 in Assamese 23 পাছত ফিলিষ্টীয়াসকলৰ অধিপতিসকলে তেওঁলোকৰ দেৱতা দাগোনৰ উদ্দেশ্যে মহা-যজ্ঞ আৰু ৰং ধেমালি কৰিবলৈ গোট খালে; কিয়নো সিহঁতে ক’লে, “আমাৰ দেৱতাই আমাৰ শত্রু চিমচোনক আমাৰ হাতত দিলে।”
Isaiah 19:25 in Assamese 25 বাহিনীসকলৰ যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰিব আৰু ক’ব, “মোৰ মিচৰীয়া লোকসকল, মোৰ হাতে কৰা কাৰ্য অচূৰ, আৰু মোৰ আধিপত্য ইস্ৰায়েল আশীৰ্ব্বাদপ্ৰাপ্ত হওক।”
Isaiah 29:23 in Assamese 23 কিন্তু যেতিয়া তেওঁ মোৰ হাতৰ কাৰ্য নিজৰ সন্তানসকলক দেখিব, তেতিয়া তেওঁলোকে মোৰ নাম পবিত্ৰ কৰিব; এনে কি, তেওঁলোকে যাকোবৰ পবিত্ৰ জনাক পবিত্ৰ বুলি মানিব, আৰু ইস্ৰায়েলৰ ঈশ্বৰক ভয় কৰিব।
Isaiah 43:3 in Assamese 3 কিয়নো মই তোমাৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা, তোমাৰ ত্ৰাণকৰ্ত্তা; মই তোমাৰ মুক্তিস্বৰূপে মিচৰ, তোমাৰ সলনি কূচ আৰু চিবা দিলোঁ
Isaiah 43:7 in Assamese 7 মোৰ নামেৰে প্ৰখ্যাত হোৱা, আৰু মোৰ গৌৰৱৰ আৰ্থে মই সৃষ্টি কৰা প্ৰতিজনক আনি দিয়া; তেওঁলোকক মই গঠন কৰিলোঁ, মই নিৰ্ম্মাণ কৰিলোঁ।
Isaiah 43:15 in Assamese 15 ময়েই যিহোৱা, তোমালোকৰ পবিত্ৰ জনা, ইস্ৰায়েলৰ সৃষ্টিকৰ্ত্তা, তোমালোকৰ ৰজা।”
Isaiah 43:21 in Assamese 21 এই লোকসকলক মোৰ নিজৰ বাবে নিৰ্মাণ কৰিলোঁ, যাতে তেওঁলোকে মোৰ প্রশংসা গুণ কীৰ্ত্তন কৰিব পাৰে।
Isaiah 48:17 in Assamese 17 তোমাৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ জনা যিহোৱাই এই কথা কৈছে: “ মই তোমালোকৰ ঈশ্বৰ যিহোৱা, যিজনে তোমাক কৃতকার্য হবলৈ শিকাই, তোমালোকৰ যাবলগীয়া পথত যিজনে চলাই নিয়ে।
Isaiah 60:21 in Assamese 21 মই গৌৰৱান্বিত হ’বলৈ মই ৰোৱা গছৰ পোখা আৰু মোৰ হাতে কৰা কৰ্ম্মস্বৰূপ যি তোমাৰ লোক সকলোৱেই ধাৰ্ম্মিক হ’ব; তেওঁলোকে অনন্ত কাললৈকে দেশ অধিকাৰ কৰিব।
Isaiah 64:8 in Assamese 8 কিন্তু এতিয়াও, হে যিহোৱা, তুমি আমাৰ পিতৃ; আমি মাটি, তুমি আমাৰ কুমাৰ; আৰু আমি সকলোৱেই তোমাৰ হাতৰ কাৰ্য।
Jeremiah 3:19 in Assamese 19 আৰু ময়েই কৈছিলোঁ, তোমালোক ইস্রায়েলৰ লোকসকল, মই তোমালোকক গ্রহণ কৰিবলৈ তোমালোক মোৰ সন্তান হোৱা। কাৰণ মই তোমালোকক এক মনোহৰ দেশ দিম। আন জাতিৰ দেশতকৈ এই দেশ অধিককৈ মনোহৰ! মই ইচ্ছা কৰিছোঁ যেন তোমালোকে মোক ‘পিতৃ’ বুলি সন্বোধন কৰা, আৰু মোৰ পাছত চলাৰ পৰা কেতিয়াও উলটি নাযাবা।
Jeremiah 31:1 in Assamese 1 “সেই সময়ত” - যিহোৱাৰ এই ঘোষণা - “মই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।”
Jeremiah 31:9 in Assamese 9 তেওঁলোকে ক্ৰন্দন কৰি আহিব; আৰু তেওঁলোকে বিনয় কৰি থকা অৱস্থাত মই তেওঁলোকক চলাম। মই তেওঁলোকক জুৰিৰ ওচৰেদি গমন কৰাম যি পোন বাটত তেওঁলোকে যেন উজুটি নাখাই, কিয়নো মই ইস্ৰায়েলৰ পিতৃ, আৰু ইফ্ৰয়িম মোৰ জেষ্ট পুত্ৰ।”
Jeremiah 33:3 in Assamese 3 ‘তুমি মোৰ আগত প্ৰাৰ্থনা কৰা; তাতে মই তোমাক উত্তৰ দিম, আৰু তুমি নজনা মহত আৰু অগম্য কথা তোমাক জনাম।’
Ezekiel 36:37 in Assamese 37 প্ৰভু যিহোৱাই এই দৰে কৈছে: ‘আৰু এটা কথা আছে; মই যেন ইস্ৰায়েল বংশৰ কাৰণে ইয়াক কৰিম, সেইবাবে তেওঁলোকে মোৰ আগত প্ৰাৰ্থনা কৰিবলৈ মই বাট চাই থাকিম; মই ভেড়াৰ জাকৰ দৰে তেওঁলোকক মানুহেৰে বৃদ্ধি কৰিম।
Ezekiel 39:7 in Assamese 7 আৰু মই মোৰ পবিত্ৰ নাম মোৰ প্ৰজা ইস্ৰায়েলৰ মাজত জনাম আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰীকৃত হ’বলৈ আৰু নিদিম; তেতিয়া, মই যে যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা তাক জাতিবোৰে জানিব।
Daniel 2:18 in Assamese 18 বেবিলনৰ অৱশিষ্ট জ্ঞানসম্পন্ন লোকসকলৰ সৈতে, তেওঁ আৰু তেওঁৰ বন্ধুসকলক যাতে বধ কৰা নহয়; সেই বাবে তেওঁ স্বৰ্গৰ ঈশ্বৰৰ পৰা সেই নিগূঢ় বিষয়ত অনুগ্রহ বিচাৰি প্রাৰ্থনা কৰিবলৈ তেওঁলোকক মাতিলে।
Daniel 9:2 in Assamese 2 দাৰিয়াবচৰ ৰাজত্বৰ প্ৰথম বছৰত মই দানিয়েলে, ভাববাদী যিৰিমিয়ালৈ অহা যিহোৱাৰ বাক্য থকা পুথি পঢ়িছিলো। মই পঢ়ি জানিব পাৰিছিলো যে, ইয়াত সত্তৰ বছৰলৈকে যিৰুচালেম ত্যাগ কৰা সমাপ্ত কৰা হ’ব।
Daniel 9:24 in Assamese 24 অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্রায়শ্চিত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক’বলৈ, আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্র নগৰৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে।
Hosea 1:10 in Assamese 10 তথাপিও ইস্ৰায়েলৰ সন্তানসকলৰ সংখ্যা সাগৰৰ পাৰৰ বালিৰ নিচিনা জুখিব আৰু গণিব নোৱাৰা কৰিম; যি ঠাইত তেওঁলোকক কোৱা হৈছিল, “তোমালোক মোৰ লোক নোহোৱা,” সেই ঠাইত, তেওঁলোকক কোৱা হ’ব, “জীৱন্ত ঈশ্বৰৰ সন্তান।”
Hosea 12:4 in Assamese 4 তেওঁ দূতৰ লগত যুদ্ধ কৰি জয়ী হৈছিল; তেওঁ দয়া বিচাৰি সেই দূতৰ ওচৰত কান্দিছিল আৰু মিনতি কৰিছিল; তেওঁ ঈশ্বৰক বৈৎ-এলত লগ পাইছিল; সেই ঠাইতে ঈশ্বৰে তেওঁৰ সৈতে কথা পাতিছিল।
Mark 11:24 in Assamese 24 এই হেতুকে মই তোমালোকক কওঁ, তোমোলোকে প্ৰাৰ্থনা কৰি যি যি খোজা, সেই সকলোকে পালোঁ বুলি বিশ্বাস কৰা; তেতিয়াহে পাবা,
Romans 9:4 in Assamese 4 তেওঁলোক ইস্ৰায়েলীয়া৷ তেওঁলোক তোলনীয়া পুত্ৰ, ঐশ্বৰ্য, নিয়ম, বিধান-শাস্ত্ৰ, আৰাধনা, আৰু প্ৰতিজ্ঞা সমূহ, তেওঁলোকৰ হয়৷
2 Corinthians 6:18 in Assamese 18 আৰু তোমালোকৰ পিতৃ হ’ম আৰু তোমালোকো মোৰ পো-জী হ’বা, ইয়াক সৰ্বশক্তিমান প্ৰভুৱে কৈছে”।
Galatians 3:26 in Assamese 26 কিয়নো খ্ৰীষ্ট যীচুত কৰা বিশ্বাসৰ দ্বাৰাই আপোনালোক সকলো ঈশ্বৰৰ সন্তান হৈছে।
Ephesians 2:10 in Assamese 10 কিয়নো আমি ঈশ্বৰৰ কাৰিকৰী; ঈশ্বৰে আমাৰ কাৰণে আগেয়ে যি পৰিকল্পনা কৰিলে, সেই পথত চলিবলৈ আৰু সৎ কাম কৰিবলৈ ঈশ্বৰে আমাক খ্রীষ্ট যীচুত সৃষ্টি কৰিলে।