Isaiah 43:13 in Assamese 13 আদিৰে পৰা মইয়েই তেওঁ, মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই; মই কাৰ্য কৰিম, আৰু কোনে তাক ঘুৰাব পাৰে?”
Other Translations King James Version (KJV) Yea, before the day was I am he; and there is none that can deliver out of my hand: I will work, and who shall let it?
American Standard Version (ASV) Yea, since the day was I am he; and there is none that can deliver out of my hand: I will work, and who can hinder it?
Bible in Basic English (BBE) From time long past I am God, and from this day I am he: there is no one who is able to take you out of my hand: when I undertake a thing, by whom will my purpose be changed?
Darby English Bible (DBY) Yea, since the day was, I [am] HE, and there is none that delivereth out of my hand: I will work, and who shall hinder it?
World English Bible (WEB) Yes, since the day was I am he; and there is none who can deliver out of my hand: I will work, and who can hinder it?
Young's Literal Translation (YLT) Even from the day I `am' He, And there is no deliverer from My hand, I work, and who doth turn it back?
Cross Reference Deuteronomy 28:31 in Assamese 31 অইন্য লোকে আপোনালোকৰ গৰু আপোনালোকৰ আগতেই বধ কৰিব, কিন্তু আপোনালোকে তাৰ মাংস খাবলৈ নাপাব; আপোনালোকৰ গাধ আপোনালোকৰ আগৰ পৰা বলপূর্বক ভাবে নিয়া হ’ব কিন্তু ওলোটাই দিয়া নাযাব; আপোনালোকৰ ভেড়া আৰু ছাগলী জাক শত্ৰুবোৰক দিয়া হ’ব, কিন্তু আপোনালোকৰ পক্ষত নিস্তাৰ কৰোঁতা কোনো নাথাকিব।
Deuteronomy 32:39 in Assamese 39 এতিয়া তোমালোকে ভাবি চোৱা, মই ময়েই, ময়েই তেওঁ; মোৰ বাহিৰে আন কোনো দেৱতা নাই; ময়ে মাৰো, আৰু ময়েই জীয়াওঁ; ময়ে ঘাঁ লগাওঁ আৰু ময়েই সুস্থ কৰোঁ; মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই।
Job 9:12 in Assamese 12 চোৱা, তেওঁ ধৰি নিলে তেওঁক কোনে নিবাৰণ কৰিব পাৰে? তুমি কি কৰিছা বুলি তেওঁক কোনে কব পাৰে?
Job 34:14 in Assamese 14 যদি তেওঁ নিজেই নিজতেই মন দি থাকে, যদি নিজে দিয়া আত্মা আৰু নিশ্বাস নিজলৈ চপাই নিয়ে,
Job 34:29 in Assamese 29 তেওঁ শাস্তি দিলে কোনে তেওঁক দোষ দিব পাৰে?
Psalm 50:22 in Assamese 22 তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা; নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম; তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
Psalm 90:2 in Assamese 2 পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে, পৃথিৱী আৰু জগত সৃষ্টিৰ পূৰ্ব্বেই, অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।
Psalm 93:2 in Assamese 2 তোমাৰ সিংহাসন পূৰ্ব্বৰে পৰা স্থাপন কৰা হ’ল; তুমি অনাদি কালৰে পৰা বিদ্যমান।
Proverbs 8:23 in Assamese 23 অনাদি কালৰ পৰা, পৃথিবীৰ আৰম্ভণীৰে পৰা মই স্থাপিত হৈ আছোঁ।
Proverbs 21:30 in Assamese 30 যিহোৱাৰ বিৰুদ্ধে প্রজ্ঞা, বিবেচনা, বা পৰামৰ্শ একোৱেই স্থিৰ হ’ব নোৱাৰে।
Isaiah 14:27 in Assamese 27 কাৰণ বহিনীসকলৰ যিহোৱাই এয়ে পৰিকল্পনা কৰিলে; তেওঁক কোনে বাধা দিব পাৰে? তেওঁৰ হাত দাঙিব; আৰু কোনে তাক তললৈ কৰিব পাৰিব?
Isaiah 41:4 in Assamese 4 কোনে সেই কাৰ্য কৰিলে আৰু তাক সিদ্ধও কৰিলে? কোনে আৰম্ভণীৰে পৰা প্রজন্মক উৎপন্ন কৰে? প্ৰথম যি মই, আৰু শেষৰ সঙ্গী যি মই যিহোৱা, ময়েই সেই জনা।
Isaiah 46:10 in Assamese 10 মই আৰম্ভনিৰে পৰা শেষৰ কথা ঘোষনা কৰিছো, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম,আৰু মই যি দৰে ইচ্ছা কৰো সেই দৰে কৰিম।”
Isaiah 57:15 in Assamese 15 এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰস্থানত বাস কৰো, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।
Daniel 4:35 in Assamese 35 তেওঁৰ দ্বাৰাই পৃথিৱীৰ সকলো নিবাসী একো নোহোৱাৰ দৰে বিবেচিত হৈছে; তেওঁ স্বৰ্গৰ বাহিনীসকলৰ আৰু পৃথিৱী নিবাসী সকলৰ মাজত নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰে; কোনেও তেওঁক ৰখাব নোৱাৰে, বা তেওঁক আপত্তি কৰিব নোৱাৰে; আৰু ‘আপুনি কি কৰিছে?’ এই বুলি তেওঁক কোনেও সুধিব নোৱাৰে।”
Hosea 2:10 in Assamese 10 মই এতিয়া তাইৰ প্ৰেমিকসকলৰ চকুৰ সন্মুখতে তাইৰ লজ্জা খুলি নগ্ন কৰিম; মোৰ হাতৰ পৰা তাইক কোনেও উদ্ধাৰ কৰিব নোৱাৰিব ।
Hosea 5:14 in Assamese 14 মই ইফ্ৰয়িমলৈ সিংহৰ নিচিনা হ’ম, যিহূদা-বংশলৈ এটা যুবা সিংহৰ নিচিনা হ’ম; মই নিজেই তেওঁলোকক ছিন্ন-ভিন্ন কৰিম আৰু আতঁৰ হৈ যাম; মই তেওঁলোকক দূৰলৈ লৈ যাম, তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
Micah 5:2 in Assamese 2 কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা, যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ, তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব, সেই জনৰ আৰম্ভণী পূৰ্ব্বকালৰ পৰা অনন্তকাললৈকে;
Habakkuk 1:12 in Assamese 12 “হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ পবিত্ৰ জনা, আপুনি অনাদি কালৰে পৰা নাই জানো? আমাৰ মৃত্যু নহ’ব। যিহোৱাই বিচাৰৰ বাবে তেওঁলোকক অভিষেক কৰিলে, আৰু আপুনি শিল, তেওঁলোকক সংশোধন কৰিবলৈ আপুনি প্রতিষ্ঠিত হ’ল।
John 1:1 in Assamese 1 আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ।
John 8:58 in Assamese 58 যীচুৱে তেওঁলোকক ক’লে, “সঁচাকৈয়ে মই আপোনালোকক কওঁ, অব্ৰাহামৰ জন্মৰ আগৰে পৰা মই আছোঁ।”
Romans 9:18 in Assamese 18 এতেকে যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ দয়া কৰে আৰু যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ কঠিন কৰে।
Ephesians 1:11 in Assamese 11 ঈশ্বৰে নিজৰ ইচ্ছাৰ মন্ত্রণা অনুসাৰে সকলো কার্য সাধন কৰে। তেওঁৰ পৰিকল্পনাৰ দৰে আগেয়ে যি যি স্থিৰ কৰি ৰাখিছিল, সেইদৰেই তেওঁ আমাক খ্রীষ্টত মনোনীত কৰি ল’লে।
1 Timothy 1:17 in Assamese 17 এতিয়া অনন্ত কালৰ ৰজালৈ, অাৰু চিৰস্থায়ী, অদৃশ্য একমাত্ৰ ঈশ্বৰলৈ মৰ্যদা আৰু গৌৰৱ চিৰকাল হওক। আমেন।
Hebrews 13:8 in Assamese 8 যীচু খ্ৰীষ্ট কালি, আজি, আৰু চিৰকাললৈকে সেই একে হৈ আছে।
Revelation 1:8 in Assamese 8 প্ৰভু পৰমেশ্বৰে কৈছে - “মই আলফা আৰু ওমেগা”, “যি জন আছে, যি জন আছিল আৰু যি জন আহিব, সেই সৰ্বশক্তিমান৷”