Isaiah 43:1 in Assamese 1 কিন্তু হে যাকোব মই সৃষ্টিকৰ্ত্তা যিহোৱাই, আৰু হে ইস্ৰায়েল, তোমাৰ নিৰ্ম্মাণকৰ্ত্তা যিহোৱা এইদৰে কৈছে, “ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলোঁ; মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ, তুমি মোৰেই।”
Other Translations King James Version (KJV) But now thus saith the LORD that created thee, O Jacob, and he that formed thee, O Israel, Fear not: for I have redeemed thee, I have called thee by thy name; thou art mine.
American Standard Version (ASV) But now thus saith Jehovah that created thee, O Jacob, and he that formed thee, O Israel: Fear not, for I have redeemed thee; I have called thee by thy name, thou art mine.
Bible in Basic English (BBE) But now, says the Lord your Maker, O Jacob, and your life-giver, O Israel: have no fear, for I have taken up your cause; naming you by your name, I have made you mine.
Darby English Bible (DBY) But now thus saith Jehovah, that created thee, O Jacob, and he that formed thee, O Israel: Fear not, for I have redeemed thee, I have called [thee] by thy name; thou art mine.
World English Bible (WEB) But now thus says Yahweh who created you, Jacob, and he who formed you, Israel: Don't be afraid, for I have redeemed you; I have called you by your name, you are mine.
Young's Literal Translation (YLT) And now, thus said Jehovah, Thy Creator, O Jacob, and thy Fashioner, O Israel, Be not afraid, for I have redeemed thee, I have called on thy name -- thou `art' Mine.
Cross Reference Genesis 32:28 in Assamese 28 পুৰুষজনে ক’লে, “তুমি ঈশ্বৰ আৰু মানুহৰ সৈতে যুদ্ধ কৰি বিজয়ী হলা; সেয়েহে তোমাক আৰু যাকোব নামেৰে মতা নহ’ব, কিন্তু ইস্ৰায়েল (ঈশ্বৰৰ লগত যুঁজ কৰোঁতা) বুলিহে মতা হ’ব।”
Exodus 15:13 in Assamese 13 আপুনি উদ্ধাৰ কৰা লোক সকলক আপোনাৰ দয়াৰে চলাই আনিছে; আপুনি আপোনাৰ পৰাক্ৰমেৰেই তেওঁলোকক আপোনাৰ পবিত্ৰ নিবাসলৈ লৈ গৈছে।
Exodus 19:5 in Assamese 5 এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই।
Exodus 33:17 in Assamese 17 যিহোৱাই মোচিক ক’লে, “এই যি কথা তুমি ক’লা, তাকো মই কৰিম। কিয়নো তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পাইছা, আৰু মই তোমাক তোমাৰ নামে সৈতে জানো।”
Deuteronomy 32:9 in Assamese 9 কিয়নো যিহোৱাৰ অংশই হৈছে তেওঁৰ লোকসকল, যাকোবৰ বংশই হ’ল তেওঁৰ অধিকাৰৰ অংশ।
Psalm 100:3 in Assamese 3 তোমালোকে ইয়াকে জানা যে, যিহোৱাই ঈশ্বৰ; তেঁৱেই আমাক নিৰ্ম্মান কৰিলে, আমি তেওঁৰেই; আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেষ।
Psalm 102:18 in Assamese 18 ভাৱী বংশধৰসকলৰ কাৰণে এই সকলো কথা লিখি থোৱা হ’ব, যাতে এতিয়া জন্ম নোহোৱা সন্তানসকলেও যিহোৱাৰ প্রশংসা কৰিব পাৰে।
Isaiah 35:9 in Assamese 9 সেই ঠাইত সিংহ নাথাকিব, কোনো হিংস্র জন্তু তাত নাথাকিব, তাত সিহঁতক পোৱা নাযাব, কিন্তু উদ্ধাৰ পোৱা সকলে তাত অহা যোৱা কৰিব।
Isaiah 41:14 in Assamese 14 হে পোক যাকোব, হে ইস্ৰায়েল লোকসকল, ভয় নকৰিবা; যিহোৱাই কৈছে “ময়েই তোমাক সহায় কৰিম” আৰু ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাৰ মুক্তিদাতা।
Isaiah 42:6 in Assamese 6 মই তোমাক ধাৰ্মিকতালৈ মাতিলো, আৰু তোমাৰ হাত ধৰি ৰাখিম, মই লোকসকলৰ নিয়ম স্থাপকৰূপে, দেশবাসীসকলৰ দ্বীপ্তি স্বৰূপে তোমাক নিযুক্ত কৰিম।
Isaiah 43:7 in Assamese 7 মোৰ নামেৰে প্ৰখ্যাত হোৱা, আৰু মোৰ গৌৰৱৰ আৰ্থে মই সৃষ্টি কৰা প্ৰতিজনক আনি দিয়া; তেওঁলোকক মই গঠন কৰিলোঁ, মই নিৰ্ম্মাণ কৰিলোঁ।
Isaiah 43:14 in Assamese 14 তোমালোকৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ জনা যিহোৱাই এই কথা কৈছে, “মই তোমালোকৰ বাবে বাবিললৈ লোক পঠালোঁ, আৰু মই তেওঁলোকৰ সকলোকে পলাতক অৱস্থাত লৈ যাম, মই কলদীয়াসকলক তেওঁলোকৰ আনন্দ কৰাৰ পৰা বিলাপলৈ পৰিনত কৰিম।
Isaiah 43:21 in Assamese 21 এই লোকসকলক মোৰ নিজৰ বাবে নিৰ্মাণ কৰিলোঁ, যাতে তেওঁলোকে মোৰ প্রশংসা গুণ কীৰ্ত্তন কৰিব পাৰে।
Isaiah 44:2 in Assamese 2 যিজনাই তোমাক নিৰ্ম্মাণ কৰিলে, আৰু তোমাক গৰ্ভত গঠন কৰিলে, যি জনাই তোমাক সহায় কৰিব, সেই যিহোৱাই এই কথা কৈছে, “হে মোৰ দাস যাকোব, আৰু মই মনোনীত কৰা যিচূৰূণ, ভয় নকৰিবা।”
Isaiah 44:5 in Assamese 5 এজনে ক’ব, মই যিহোৱাৰেই, আনজনে নিজকে যাকোবৰ বুলি ক’ব, আৰু আন এজনে ‘মই যিহোৱাৰ হ’য়’এই বুলি নিজৰ হাতত লিখিব, আৰু ইস্ৰায়েলৰ নামেৰে জনাজাত হ’ব।”
Isaiah 44:21 in Assamese 21 হে যাকোব, আৰু ইস্ৰায়েল, এই বিষয়ে চিন্তা কৰা; কাৰণ তুমি মোৰ দাস: মই তোমাক নিৰ্মাণ কৰিলোঁ; তুমি মোৰ দাস; হে ইস্ৰায়েল মই তোমাক নাপাহৰিম।
Isaiah 45:3 in Assamese 3 মই যে তোমাৰ নাম কাঢ়ি মাতোঁতা ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, তুমি তাক জানিবৰ বাবে, মই আন্ধাৰত থকা ধন আৰু গুপুত ঠাইত লুকুৱাই থোৱা বহুমূল্য বস্তু তোমাক দিম।
Isaiah 48:17 in Assamese 17 তোমাৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ জনা যিহোৱাই এই কথা কৈছে: “ মই তোমালোকৰ ঈশ্বৰ যিহোৱা, যিজনে তোমাক কৃতকার্য হবলৈ শিকাই, তোমালোকৰ যাবলগীয়া পথত যিজনে চলাই নিয়ে।
Isaiah 49:1 in Assamese 1 হে দ্বীপবাসী, মোৰ বাক্য শুনা! আৰু দূৰত থকা লোকসকল, মনোযোগ দিয়া। যিহোৱাই মোক জন্ম হোৱা দিনৰ পৰা, যেতিয়া মোৰ মাতৃয়ে মোক পৃথিবীলৈ আনিলে তেতিয়াৰ পৰা মাতিলে।
Isaiah 54:4 in Assamese 4 ভয় নকৰিবা, কাৰণ তোমালোক লজ্জিত নহবা; বা নিৰাশ নহ’বা কাৰণ তোমালোক অপমানিত নহ’বা; তোমালোকে যৌৱন-কালৰ লাজ আৰু তোমালোকক বর্জন কৰাৰ অপমান পাহৰিবা।
Isaiah 62:12 in Assamese 12 তেওঁলোকে তোমাক “পবিত্ৰ লোক” আৰু “যিহোৱাৰ মুক্তলোক” বুলি মাতিব; আৰু তুমি অন্বেষিতা আৰু “অপৰিত্যক্ত নগৰ” বুলি প্ৰখ্যাত হ’বা।
Isaiah 63:16 in Assamese 16 কাৰণ তুমি আমাৰ পিতৃ; কাৰণ অব্ৰাহামে আমাক নাজানে, আৰু ইস্ৰায়েলে আমাক স্বীকাৰ নকৰে; হে যিহোৱা, তুমিয়েই আমাৰ পিতৃ; আৰু পূৰ্ব্বকালৰে পৰা তুমি আমাৰ মুক্তিদাতা, এয়ে তোমাৰ নাম।
Jeremiah 31:3 in Assamese 3 যিহোৱাই অতীতৰ পৰা দৰ্শন দিলে, আৰু মোক ক’লে, ‘সঁচাকৈ মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্ৰেম কৰোঁ। এই কাৰণে মই তোমাক বহুকালৰে পৰা দয়া কৰি আহিছোঁ।
Jeremiah 33:24 in Assamese 24 “এই জাতিয়ে যি কৈছে, সেই বিষয়ে জানো তুমি ভু পোৱা নাই যেতিয়া তেওঁলোকে কৈছে, ‘যিহোৱাই নিজৰ মনোনীত এই দুই গোষ্ঠীক অগ্ৰাহ্য কৰিছে’; তেওঁলোকে নিজৰ আগত মোৰ প্ৰজাসকলক এক জাতি বুলি আৰু গণনা নকৰি এইদৰে হেয়জ্ঞান কৰে।’
Jeremiah 33:26 in Assamese 26 তেতিয়া মই যাকোবৰ আৰু মোৰ দাস দায়ূদৰ বংশকো অগ্ৰাহ্য কৰি আব্ৰাহাম, ইচ্হাক আৰু যাকোবৰ বংশৰ ওপৰত শাসন কৰিবলৈ তেওঁৰ বংশৰ এজনকো নলম; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁলোকৰ প্রতি দয়া কৰিম।
Jeremiah 50:34 in Assamese 34 তেওঁবিলাকৰ মুক্তিদাতা বলৱান, তেওঁৰ নাম বাহিনীবিলাকৰ যিহোৱা; তেওঁ পৃথিৱীক বিশ্ৰাম দিবৰ নিমিত্তে আৰু বাবিল নিবাসীবিলাকক অস্থিৰ কৰিবৰ নিমিত্তে তেওঁবিলাকৰ অভিযোগ সম্পূৰ্ণকৈ প্ৰতিবাদ কৰিব।
Ezekiel 16:8 in Assamese 8 তেতিয়া মই তোমাৰ ওচৰেদি গৈ তোমাক দেখিলোঁ, চোৱা! তোমাৰ সময় প্ৰেমৰ সময়; এই কাৰণে মই তোমাৰ ওপৰত বস্ত্ৰৰ আঁচল মেলি দি তোমাৰ উলঙ্গতা ঢাকিলোঁ” আৰু প্ৰভু যিহোৱাই কৈছে মই তোমাৰ আগত শপত কৰি তোমাৰে সৈতে এটি নিয়ম বান্ধিলোঁ, “তাতে তুমি মোৰ হ’লা।
Zechariah 13:9 in Assamese 9 আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই, ৰূপ খপাৰ দৰে খপিম আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম। তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক’ম, ‘এয়ে মোৰ প্ৰজা!’ আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”
Malachi 3:17 in Assamese 17 বাহিনীসকলৰ যিহোৱাই কৈছে, “তেওঁলোক মোৰেই হ’ব; মই কাৰ্য্য কৰাৰ দিনা তেওঁলোক মোৰ নিজৰ বিশেষ সম্পত্তি হ’ব; মানুহে যেনেকৈ নিজৰ সেৱাকাৰী পুতেকক মৰম কৰি শাস্তিৰ পৰা ৰেহাই দিয়ে, ময়ো তেওঁলোকক ৰেহাই দিম।
Acts 27:20 in Assamese 20 ধুমুহাৰ প্ৰকোপ ক্ৰমে বাঢ়ি থকাত আৰু কেইবাদিনলৈ সূর্য, তৰাও নোলোৱাকৈ থকাত আমাৰ প্ৰাণ ৰক্ষা পোৱাৰ সকলো আশা নোহোৱা হৈছিল৷
Acts 27:25 in Assamese 25 এই কাৰণে, হে মোৰ প্রিয়সকল, আপোনালোকে সাহস কৰক; কিয়নো মোক যেনেকৈ ক’লে, তেনেকৈ নিশ্চয় ঘটিব৷ ঈশ্ৱৰত মোৰ এনে বিশ্বাস আছে৷
Ephesians 2:10 in Assamese 10 কিয়নো আমি ঈশ্বৰৰ কাৰিকৰী; ঈশ্বৰে আমাৰ কাৰণে আগেয়ে যি পৰিকল্পনা কৰিলে, সেই পথত চলিবলৈ আৰু সৎ কাম কৰিবলৈ ঈশ্বৰে আমাক খ্রীষ্ট যীচুত সৃষ্টি কৰিলে।
2 Timothy 2:19 in Assamese 19 তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে, “প্ৰভুৱে তেওঁৰ লোক সকলক জানে”, আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”
Titus 2:14 in Assamese 14 আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰ দৰে সকলো সৎকর্মত উৎসাহী হওঁ।
Hebrews 8:8 in Assamese 8 কিন্তু ঈশ্বৰে লোক সকলৰ মাজত দোষ-ক্ৰুটি দেখাত ক’লে, ‘প্ৰভুৱে কৈছে, চোৱা! সময় আহিছে, মই ইস্ৰায়েলৰ আৰু যিহূদাৰ লোক সকলৰ সৈতে এটা নতুন নিয়ম সম্পন্ন কৰিম,
Revelation 5:9 in Assamese 9 আৰু তেখেত সকলে এটি নতুন গীত গালে: ‘নুৰাটো ল’বলৈ আৰু তাৰ চাব মেলিবলৈ আপুনি যোগ্য৷ কিয়নো আপুনি হত হ’ল আৰু আপোনাৰ তেজৰ সৈতে আপুনি ঈশ্বৰৰ কাৰণে সেই সকলো জাতিবোৰৰ মাজৰ পৰা প্ৰতিটো ফৈদ, ভাষা, মানুহ আৰু জাতিক কিনিলে ৷