Isaiah 40:9 in Assamese 9 হে চিয়োনৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতা লোক, ওখ পৰ্ব্বতলৈ উঠি যোৱা; যিৰূচালেমলৈ শুভবাৰ্ত্তা ঘোষনা কৰা, শক্তিৰে সৈতে জোৰেৰে ৰিঙিওৱা। চিঞৰি কান্দা, ভয় নকৰিবা। যিহূদাৰ নগৰবোৰক কোৱা, “এইয়া তোমালোকৰ ঈশ্বৰ।”
Other Translations King James Version (KJV) O Zion, that bringest good tidings, get thee up into the high mountain; O Jerusalem, that bringest good tidings, lift up thy voice with strength; lift it up, be not afraid; say unto the cities of Judah, Behold your God!
American Standard Version (ASV) O thou that tellest good tidings to Zion, get thee up on a high mountain; O thou that tellest good tidings to Jerusalem, lift up thy voice with strength; lift it up, be not afraid; say unto the cities of Judah, Behold, your God!
Bible in Basic English (BBE) You who give good news to Zion, get up into the high mountain; you who give good news to Jerusalem, let your voice be strong; let it be sounding without fear; say to the towns of Judah, See, your God!
Darby English Bible (DBY) O Zion, that bringest glad tidings, get thee up into a high mountain; O Jerusalem, that bringest glad tidings, lift up thy voice with strength: lift it up, be not afraid; say unto the cities of Judah, Behold your God!
World English Bible (WEB) You who tell good news to Zion, go up on a high mountain; you who tell good news to Jerusalem, lift up your voice with strength; lift it up, don't be afraid; say to the cities of Judah, Behold, your God!
Young's Literal Translation (YLT) On a high mountain get thee up, O Zion, Proclaiming tidings, Lift up with power thy voice, O Jerusalem, proclaiming tidings, Lift up, fear not, say to cities of Judah, `Lo, your God.'
Cross Reference Judges 9:7 in Assamese 7 যোথমক এই কথা জনোৱাত তেওঁ গৰিজ্জীম পৰ্ব্বতৰ টিঙলৈ উঠি গৈ চিঞঁৰি চিঞঁৰি ক’বলৈ ধৰিলে, “হে চিখিমৰ নেতাসকল, মোৰ কথা শুনা, তাতে ঈশ্বৰেও আপোনালোকৰ কথা শুনিব।
1 Samuel 26:13 in Assamese 13 পাছত দায়ূদ আনফালে গ’ল আৰু পৰ্ব্বতৰ টিঙলৈ উঠি গ’ল; তেওঁলোকৰ মাজত বৰ বহল ঠাই আছিল।
2 Chronicles 13:4 in Assamese 4 অবিয়াই ইফ্ৰয়িমৰ পৰ্বতীয়া অঞ্চলত থকা চমাৰয়িম পৰ্বতৰ ওপৰত থিয় হৈ ক’লে, “হে যাৰবিয়াম আৰু গোটেই ইস্ৰায়েল লোক, মোৰ কথা শুনা!
Ezra 1:1 in Assamese 1 পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্বৰ প্ৰথম বছৰত, যিহোৱাই যিৰিমিয়াৰ দ্বাৰা কোৱা বাক্য সিদ্ধ কৰিবৰ বাবে ৰজা কোৰচৰ মন উদগালে। তেওঁ নিজৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰিলে, আৰু জাননী লিখি এই আজ্ঞা প্ৰচাৰ কৰিলে যে,
Isaiah 12:2 in Assamese 2 চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।”
Isaiah 25:9 in Assamese 9 সেই দিনা এই দৰে কোৱা হ’ব, “চোৱা, এৱেঁই আমাৰ ঈশ্বৰ, আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আৰু এৱেঁই আমাক পৰিত্ৰাণ দিব; এৱেঁই যিহোৱা; আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আমি তেওঁৰ পৰিত্ৰাণত উল্লাসিত হৈ আনন্দ কৰিম।
Isaiah 35:3 in Assamese 3 তোমালোকে দুৰ্ব্বল হাত সবল কৰা, আৰু কঁপা আঠু সুস্থিৰ কৰা।
Isaiah 41:27 in Assamese 27 মই প্ৰথমে চিয়োনক কৈছিলো, “ইয়াত এওঁলোকক চোৱা,” মই এজন প্ৰচাৰক যিৰূচালেমলৈ পঠলো।
Isaiah 51:7 in Assamese 7 তোমালোক যিসকলে সত্য কি জানা, মোৰ বিধান তোমালোকৰ হৃদয়ত ধৰি ৰখা লোকসকল,মোৰ কথা শুনা: মানুহৰ অপমানলৈ ভয় নকৰিবা, নাইবা তেওঁলোকৰ অপব্যৱহাৰত হতাশ নহবা ।
Isaiah 51:12 in Assamese 12 মই, ময়েই যিজনে তোমালোকক শান্ত্বনা দিওঁ; তোমালোকে কিয় মানুহলৈ ভয় কৰা, কাৰ মৃত্যু হ’ব, মানুহৰ পুত্রৰ,কোনে তোমালোকক তৃণৰ দৰে সৃষ্টি কৰিলে?
Isaiah 52:7 in Assamese 7 বার্তাবাহক যি জনে শুভবাৰ্ত্তা আনে, যি জনে শান্তি প্ৰচাৰ কৰে, যি জনে মঙ্গলৰ শুভবাৰ্ত্তা আনে, যি জনে পৰিত্ৰাণ ঘোষনা কৰে, যি জনে চিয়োনক কয়, “তোমালোকৰ ঈশ্বৰে ৰাজত্ব কৰিছে!” সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত কেনে সুন্দৰ !
Isaiah 58:4 in Assamese 4 চোৱা, তোমালোকে বিবাদ আৰু দ্বন্দ কৰা, আৰু খঙেৰে ভুকু মাৰিবৰ অৰ্থেহে লঘোন দিয়া; বৰ্ত্তমানে তোমালোকে ঊৰ্দ্ধলোকত তোমালোকৰ মাত শুনাব পৰাকৈ লঘোন নিদিয়া।
Isaiah 61:1 in Assamese 1 প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে নম্ৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ।
Jeremiah 22:20 in Assamese 20 তুমি লিবানোনত উঠি চিঞৰা; আৰু বাচানত বৰকৈ মাতা, আৰু অবাৰিমৰ পৰা চিঞৰা, কিয়নো তোমাক প্ৰেম কৰোঁতা আটাইবিলাক বিনষ্ট হল।
Luke 24:47 in Assamese 47 আৰু যিৰূচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন-পালটন আৰু পাপ-মোচনৰ কথা তেওঁৰ নামেৰে ঘোষণা কৰা হ’ব।
Acts 2:14 in Assamese 14 তেতিয়া পিতৰে এঘাৰ জন পাঁচনিৰে সৈতে থিয় হৈ বৰ মাতেৰে ক’লে, “হে ইহুদী লোক সকল, হে আটাই যিৰূচালেম নিবাসী সকল, এই কথা আপনালোকৰ জ্ঞাত হওক আৰু মোৰ কথালৈ কাণ দিয়ক।
Acts 4:13 in Assamese 13 পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা-পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত, তেওঁলোকে বিস্ময় মানিলে৷ তেওঁলোকে জানিলে যে, পিতৰ আৰু যোহন যীচুৰ লগত আছিল।
Acts 4:29 in Assamese 29 হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা! তোমাৰ দাস সকলক তোমাৰ বাক্য অতি সাহসেৰে ক’বলৈ অনুগ্রহ দান কৰা।
Acts 5:41 in Assamese 41 পাঁচনি সকলে যীচুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুছি গ’ল।
Romans 10:18 in Assamese 18 কিন্তু মই কওঁ, “তেওঁলোকে জানো শুনিবলৈ পোৱা নাই? আচলতে সঁচাকৈ শুনিবলৈ পালে৷ তেওঁলোকৰ স্বৰ গোটেই পৃথিৱীলৈ, আৰু তেওঁলোকৰ কথা জগতৰ সীমালৈকে বিয়পি গ’ল৷”
Ephesians 6:19 in Assamese 19 মোৰ কাৰণেও প্ৰার্থনা কৰিব, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়৷
Philippians 1:28 in Assamese 28 আপোনালোকৰ বিৰুদ্ধী সকলৰ বাবে কোনো বিষয়ত ত্ৰাসযুক্ত নহ’ব; সেয়ে তেখেত সকলৰ অৰ্থে বিনাশ, কিন্তু আপোনালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্ৰাণৰ প্ৰমাণ হয়।
1 Timothy 3:16 in Assamese 16 আৰু একেলগে আমি একমত হৈ কওঁ যে, ‘ঈশ্বৰভক্তিৰ নিগূঢ় সত্য অতি মহান৷ তেওঁ মাংসত প্ৰকাশিত হ’ল, আত্মাত ধাৰ্মিক বুলি গণিত কৰা হ’ল, দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ’ল, অন্যান্য জাতি সকলৰ আগত ঘোষণা কৰা হ’ল, জগতত লোকসকলে বিশ্বাস কৰা হ’ল, মহিমাৰে তুলি নিয়া হ’ল’।
1 Peter 3:14 in Assamese 14 কিন্তু ধাৰ্মিকতাৰ কাৰণে যদিও দুখভোগ কৰিব লগা হয়, তথাপি আপোনালোক ধন্য; কিন্তু তেওঁলোকৰ ভয়ত ভয়াতুৰ নহ’ব আৰু ব্যাকুল নহ’ব৷
1 John 5:20 in Assamese 20 আমি ইয়াকো জানো যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানো কোন সত্য আৰু এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।