Isaiah 40:31 in Assamese 31 কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কঢ়িব আৰু ভাগৰ নাপাব।
Other Translations King James Version (KJV) But they that wait upon the LORD shall renew their strength; they shall mount up with wings as eagles; they shall run, and not be weary; and they shall walk, and not faint.
American Standard Version (ASV) but they that wait for Jehovah shall renew their strength; they shall mount up with wings as eagles; they shall run, and not be weary; they shall walk, and not faint.
Bible in Basic English (BBE) But those who are waiting for the Lord will have new strength; they will get wings like eagles: running, they will not be tired, and walking, they will have no weariness.
Darby English Bible (DBY) but they that wait upon Jehovah shall renew [their] strength: they shall mount up with wings as eagles; they shall run, and not tire; they shall walk, and not faint.
World English Bible (WEB) but those who wait for Yahweh shall renew their strength; they shall mount up with wings as eagles; they shall run, and not be weary; they shall walk, and not faint.
Young's Literal Translation (YLT) But those expecting Jehovah pass `to' power, They raise up the pinion as eagles, They run and are not fatigued, They go on and do not faint!
Cross Reference Exodus 19:4 in Assamese 4 মই মিচৰীয়া লোকসকললৈ যি কৰিলোঁ, আৰু কেনেকৈ কুৰৰ পক্ষীৰ ডেউকাৰ দ্বাৰাই, তোমালোকক মোৰ ওচৰলৈ আনিলোঁ।
Judges 16:28 in Assamese 28 তেতিয়া চিমচোনে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে প্ৰভু যিহোৱা মই যেন মোৰ চকু দুটাৰ কাৰণে ফিলিষ্টীয়াসকলৰ ওপৰত একেবাৰে প্ৰতিকাৰ সাধিব পাৰোঁ, ইয়াৰ বাবে মোক অনুগ্ৰহ কৰি সোঁৱৰণ কৰা: হে ঈশ্বৰ, এইবাৰ মাথোন মোক বলৱান কৰা।”
Job 17:9 in Assamese 9 তথাপি ধাৰ্ম্মিকে নিজ পথত চলি থাকিব; যাৰ হাত শুচি, তাৰ বল ক্ৰমে ক্ৰমে বাঢ়ি থাকিব।
Job 33:24 in Assamese 24 তেন্তে তেওঁ তালৈ কৃপা কৰি কব, “গাতলৈ যোৱাৰ পৰা তাক মুক্ত কৰা, মই প্ৰায়শ্চিত্ত পালোঁ।
Psalm 25:3 in Assamese 3 তোমালৈ অপেক্ষা কৰাসকলক তুমি লাজত পৰিবলৈ নিদিবা; কিন্তু যি সকলে অকাৰণে বিশ্বাসঘাটকতা কৰে তেওঁলোকেই লাজত পৰিব ।
Psalm 25:5 in Assamese 5 তোমাৰ সত্যতাত মোক পৰিচালিত কৰা আৰু মোক শিক্ষা দিয়া; কিয়নো তুমিয়েই মোৰ ত্ৰাণকর্তা ঈশ্বৰ; ওৰে দিনটো মই তোমালৈ অপেক্ষা কৰোঁ।
Psalm 25:21 in Assamese 21 মোৰ সততা আৰু ন্যায় কার্যই মোক ৰক্ষা কৰক; কাৰণ মই তোমালৈকে অপেক্ষা কৰিছো।
Psalm 27:13 in Assamese 13 মই বিশ্বাস কৰো যে, জীৱিতসকলৰ দেশত মই যিহোৱাৰ মঙ্গল দেখা পাম!
Psalm 37:34 in Assamese 34 যিহোৱাৰ অপেক্ষাত থাকা, তেওঁৰ পথত চলা; তাতে তেওঁ পৃথিবীৰ অধিকাৰী হবলৈ তোমাক উন্নত কৰিব। দুষ্টবোৰ উচ্ছন্ন হ’লে তুমি তাক দেখিবলৈ পাবা।
Psalm 40:1 in Assamese 1 মই ধৈৰ্য্যেৰে যিহোৱালৈ অপেক্ষা কৰিছিলোঁ; তাতে তেওঁ মোলৈ কাণ পাতি মোৰ কাঁতৰোক্তি শুনিলে।
Psalm 84:7 in Assamese 7 যোৱাৰ পথত তেওঁলোকে শক্তিৰ উপৰি শক্তি পায়; তেওঁলোক প্ৰত্যেকে চিয়োনত দেৱতাসকলৰ ঈশ্বৰৰ সন্মুখত গৈ উপস্থিত হয়।
Psalm 92:1 in Assamese 1 যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম; হে সৰ্ব্বোপৰিজনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতিগান কৰা উত্তম;
Psalm 92:13 in Assamese 13 তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল; তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব।
Psalm 103:5 in Assamese 5 যি জনাই উত্তম দ্রব্যৰে তোমাৰ মুখ তৃপ্ত কৰে, তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱন কাল দিব।
Psalm 123:2 in Assamese 2 গৰাকীৰ হাতলৈ যেনেকৈ দাসসকলৰ চকু থাকে, আৰু দাসীৰ চকু যেনেকৈ গৰাকীনীৰ হাতৰ ফালে থাকে, তেনেকৈ আমাক কৃপা নকৰা পর্যন্ত আমাৰ চকুৱে আমাৰ ঈশ্বৰ যিহোৱালৈ চাই থাকে।
Psalm 138:3 in Assamese 3 মই প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা; তুমি মোৰ প্ৰাণক শক্তি দি মোক উৎসাহিত কৰিলা।
Song of Solomon 8:5 in Assamese 5 যিৰূচালেমৰ ৰমণীসকলৰ কথা: নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে? প্রিয়াৰ কথা: যি ঠাইত তোমাৰ মাতৃয়ে গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্রসৱ কৰিলে, সেই সুমথিৰা টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলো।
Isaiah 8:17 in Assamese 17 যি জনাই যাকোবৰ বংশৰ পৰা নিজৰ মুখ ঢাকি ৰাখিছে, মই সেই যিহোৱালৈ বাট চাম, আৰু তেওঁ লৈ অপেক্ষা কৰিম।
Isaiah 25:9 in Assamese 9 সেই দিনা এই দৰে কোৱা হ’ব, “চোৱা, এৱেঁই আমাৰ ঈশ্বৰ, আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আৰু এৱেঁই আমাক পৰিত্ৰাণ দিব; এৱেঁই যিহোৱা; আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আমি তেওঁৰ পৰিত্ৰাণত উল্লাসিত হৈ আনন্দ কৰিম।
Isaiah 30:18 in Assamese 18 তথাপিও যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, সেই বাবে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উন্নত হব। কাৰণ যিহোৱা ন্যায় বিচাৰ কৰা ঈশ্বৰ, যি সকলে তেওঁলৈ অপেক্ষা কৰে, তেওঁলোক সৌভাগ্যশীল।
Lamentations 3:25 in Assamese 25 যিহোৱালৈ অপেক্ষা কৰোঁতাসকললৈ, তেওঁক বিচাৰোঁতাসকলৰ জীৱনলৈ তেওঁ মঙ্গলময়।
Zechariah 10:12 in Assamese 12 মই তেওঁলোকক মোৰে সৈতে সবল কৰিম আৰু তেওঁলোকে তেওঁৰ নামেৰে অহা-যোৱা কৰিব।” এয়েই যিহোৱাৰ ঘোষণা।
Luke 18:1 in Assamese 1 নিৰাশ নোহোৱাকৈ তেওঁলোকে যে সকলো সময়তে প্ৰাৰ্থনা কৰা উচিত, এই বিষয়ে বুজি পাবৰ কাৰণে যীচুৱে তেওঁলোকক এই দৃষ্টান্ত দি ক’লে,
Romans 8:25 in Assamese 25 কিন্তু আমি যিহক দেখা নাই, তালৈ যদি আশা কৰোঁ, তেনেহলে ধৈৰ্যৰেহে তালৈ বাট চাই থাকোঁ।
2 Corinthians 1:8 in Assamese 8 কিয়নো, হে ভাই সকল, এচিয়াত আমাৰ ওপৰত যি ক্লেশ ঘটিছিল, সেই বিষয়ে আপোনালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই: সেই ক্লেশত অধিক পৰিমাণে শক্তিৰ অতিৰিক্তৰূপে এনে ভাৰগ্ৰস্থ হ’লোঁ যে, আমাৰ জীৱনৰো আশা নাছিল।
2 Corinthians 4:1 in Assamese 1 এতেকে আমি এই পৰিচৰ্যা পদ পোৱাত, আৰু একেদৰে দয়া লাভ কৰাত, কেতিয়াও আমি নিৰুৎসাহ নহওঁ।
2 Corinthians 4:8 in Assamese 8 আমি সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদিগ্ন হৈয়ো, নিৰাশ নহওঁ;
2 Corinthians 4:16 in Assamese 16 এই কাৰণে আমি নিৰুৎসাহ নহওঁ। যদিও আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ উঠিছে।
2 Corinthians 12:9 in Assamese 9 তাতে তেওঁ মোক ক’লে, ‘মোৰ যি অনুগ্ৰহ, সেয়ে তোমাৰ বাবে জুৰিব; কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়’; সেই বাবে মই মহা-আনন্দেৰে মোৰ নানা দূৰ্ব্বলতাত গৰ্বহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে৷
Galatians 6:9 in Assamese 9 আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম।
1 Thessalonians 1:10 in Assamese 10 ঈশ্বৰে যি পুত্রক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁ ঘূৰি অহালৈ স্বৰ্গত অপেক্ষাও কৰি আছে। সেই পুত্র যীচুৱেই আমাক আহিব লগা ক্রোধৰ পৰা উদ্ধাৰ কৰিব।
Hebrews 12:1 in Assamese 1 এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক,
Hebrews 12:3 in Assamese 3 এতেকে আপোনালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নহ’ব, এই কাৰণে যি জনে নিজৰ বিৰুদ্ধে কৰা পাপী সকলৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ কৰোঁ আহক।
Revelation 2:3 in Assamese 3 তোমাৰ ধৈর্যশীলতাৰ স্থায়িত্ব মই জানো, তুমি মোৰ নামৰ কাৰণে গৈ আছা আৰু ক্লান্ত হোৱা নাই।
Revelation 4:7 in Assamese 7 প্ৰথম প্ৰাণী সিংহৰ নিচিনা, দ্বিতীয় প্ৰাণী দামুৰিৰ নিচিনা, তৃতীয় প্ৰাণী মানুহৰ নিচিনা মুখ থকা আৰু চতুৰ্থ প্ৰাণী উড়ি ফুৰা ঈগল পক্ষীৰ নিচিনা আছিল।