Isaiah 40:24 in Assamese 24 চোৱা, তেওঁলোকে কেৱল ৰোৱে আৰু বয়, এনে কি, তেওঁলোকৰ মুঢ়ায়ো মাটিত কেৱল শিপা ধৰিছে, তেওঁ তেওঁলোকৰ ওপৰত ফুঁ দিয়াৰ আগতে তেওঁলোক শুকাই যায়, আৰু তেওঁলোকক বা’মৰলী বতাহে মৰাৰ দৰে উৰুৱাই নিয়ে।
Other Translations King James Version (KJV) Yea, they shall not be planted; yea, they shall not be sown: yea, their stock shall not take root in the earth: and he shall also blow upon them, and they shall wither, and the whirlwind shall take them away as stubble.
American Standard Version (ASV) Yea, they have not been planted; yea, they have not been sown; yea, their stock hath not taken root in the earth: moreover he bloweth upon them, and they wither, and the whirlwind taketh them away as stubble.
Bible in Basic English (BBE) They have only now been planted, and their seed put into the earth, and they have only now taken root, when he sends out his breath over them and they become dry, and the storm-wind takes them away like dry grass.
Darby English Bible (DBY) Scarcely are they planted, scarcely are they sown, scarcely hath their stock taken root in the earth, but he also bloweth upon them and they wither, and the whirlwind taketh them away as stubble.
World English Bible (WEB) Yes, they have not been planted; yes, they have not been sown; yes, their stock has not taken root in the earth: moreover he blows on them, and they wither, and the whirlwind takes them away as stubble.
Young's Literal Translation (YLT) Yea, they have not been planted, Yea, they have not been sown, Yea, not taking root in the earth is their stock, And also He hath blown upon them, and they wither, And a whirlwind as stubble taketh them away.
Cross Reference 2 Samuel 22:16 in Assamese 16 যিহোৱাৰ ভৎসৰ্নাত আৰু তেওঁৰ নাকৰ নিশ্বাস প্ৰশ্বাসৰ বায়ুত, সমুদ্ৰৰ তলি দেখা গ’ল, পৃথিৱীৰ মূলবোৰ অনাবৃত হ’ল।
1 Kings 21:21 in Assamese 21 যিহোৱাই তোমাক এই কথা কৈছে: মই তোমালৈ অমঙ্গল ঘটাম আৰু তোমাক সম্পূৰ্ণৰূপে ধ্ৱংস কৰিম আৰু তোমাৰ সম্বন্ধীয়া প্ৰতিজন পুৰুষক বা ইস্ৰায়েলৰ মাজত বন্দী বা মুক্ত অৱস্থাত থকা দুয়োকে উচ্ছন্ন কৰিম।
2 Kings 10:11 in Assamese 11 এইদৰে যেহূৱে যিজ্ৰিয়েলত থকা আহাবৰ বংশৰ সকলো অৱশিষ্ট লোকক, অৰ্থাৎ তেওঁৰ সকলো প্ৰধান লোকক, তেওঁৰ প্ৰণয়ৰ বন্ধুসকল আৰু তেওঁৰ পুৰোহিতসকলক বধ কৰিলে। তেওঁলোকৰ আৰু কোনোৱেই জীয়াই নাথাকিল।
Job 4:9 in Assamese 9 ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই সিহঁত বিনষ্ট হয়, আৰু তেওঁৰ কোপৰূপ প্ৰশ্বাসৰ দ্বাৰাই সংহাৰ হয়।
Job 15:30 in Assamese 30 সি আন্ধাৰৰ পৰা সাৰিব নোৱাৰিব; অগ্নি-শিখা ই তাৰ ডালবোৰ শুকুৱাব, আৰু সি তেওঁৰ মুখৰ ফুঁতে উড়ি যাব।
Job 18:16 in Assamese 16 তলত তাৰ শিপাবোৰ শুকাব, আৰু ওপৰত তাৰ ডাল কটা যাব।
Job 21:18 in Assamese 18 কিমানবাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা, আৰু ধুমুহাই উড়াই নিয়া ঘুলাৰ নিচিনা হয়?
Psalm 58:9 in Assamese 9 তোমালোকৰ পাত্রবোৰত কাঁইট খৰিৰ জুইৰ তাপ নাপাওঁতেই, তেওঁ সেইবোৰক ঘূর্ণিবতাহেৰে উড়াই নিব।
Proverbs 1:27 in Assamese 27 যেতিয়া সন্ত্রাস ভয়ঙ্কৰ ধুমুহাৰ দৰে তোমালোকলৈ আহিব, আৰু বা’মাৰলিৰ দৰে তোমালোকৰ ওপৰত দুৰ্যোগ ঘটিব, যেতিয়া বেদনা আৰু ক্লেশ তোমালোকৰ ওপৰলৈ আহিব,
Isaiah 11:4 in Assamese 4 তাৰপৰিৱৰ্তে তেওঁ ধাৰ্ম্মিকতাৰে দৰিদ্ৰসকলৰ বিচাৰ কৰিব, আৰু ন্যায়েৰে পৃথিৱীৰ নম্ৰ লোকসকলৰ বাবে সিদ্ধান্ত ল’ব। তেওঁ নিজৰ মুখৰ শাসন দণ্ডৰে পৃথীৱিক প্ৰহাৰ কৰিব, আৰু নিজৰ ওঁঠৰ ফুৰে দুষ্টক সংহাৰ কৰিব।
Isaiah 14:21 in Assamese 21 তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ বাবে, তেওঁলোকৰ সন্তানসকলক বধ কৰিবলৈ প্রস্তুত হোৱা, সেয়ে তেওঁলোকে উঠি নাহিব, আৰু পৃথিৱীখন অধিকাৰ কৰিছে, আৰু সমগ্র পৃথিৱীত নগৰেৰে পৰিপূৰ্ণ হৈছে।
Isaiah 17:11 in Assamese 11 সেই দিনা তোমালোক পুঁলি ৰুবা, বেৰা দিবা আৰু খেতি কৰিবা। অতিশুনকালে তোমালোকৰ বীজ গজি উঠিব; কিন্তু দুৰ্দশা আৰু প্রচণ্ড দুঃখৰ দিনা শষ্য গোটোৱা বিফল হ’বা।
Isaiah 17:13 in Assamese 13 অনেক পানী বেগেৰে বৈ যোৱা শব্দৰ দৰে, দেশবাসীসকলে গৰ্জন কৰিব; কিন্তু প্রভুৱে তেওঁলোকক তিৰস্কাৰ কৰিব; তাতে তেওঁলোক বহু দূৰলৈ পলাই যাব, আৰু বতাহৰ আগত পৰ্ব্বতৰ ওপৰত বিধৱালোকে পিন্ধা কাপোৰৰ দৰে, আৰু বতাহৰ আগত ঘূৰি ঘূৰি যোৱা ধুলিৰ দৰে তেওঁলোকক খেদি দিয়া হ’ব।
Isaiah 30:33 in Assamese 33 কাৰণ জলন্ত ঠাই এখন পূৰ্ব্বৰে পৰা তৈয়াৰ কৰা আছে। বাস্তবিকতে এইটো ৰজাৰ বাবে প্রস্তুত; আৰু ঈশ্বৰে তাক দ আৰু বহল কৰিলে। জুই আৰু অধিক খৰিৰে স্তূপ প্রস্তুত আছে। গন্ধক প্রবাহিত হোৱাৰ দৰে যিহোৱাৰ নিঃশ্বাসে ইয়াক জ্বলাব।
Isaiah 37:7 in Assamese 7 চোৱা, মই তেওঁৰ অন্তৰত এক আত্মা স্থাপন কৰিম, আৰু তেওঁ বিশেষ সম্বাদ শুনি নিজৰ দেশলৈ উভটি যাব; মই তেওঁৰ দেশত তেওঁক তৰোৱালে নিপাত কৰিম।
Isaiah 40:7 in Assamese 7 যেতিয়া যিহোৱাৰ প্ৰশ্বাস-বায়ু তাৰ ওপৰত বলায় তেতিয়া ঘাঁহ শুকাই যায়, ফুল জঁয় পৰে; আৰু লোকসকল নিশ্চয় ঘাঁহ।
Isaiah 41:16 in Assamese 16 তুমি সেইবোৰক জাৰিবা, আৰু বতাহে সেইবোৰক উড়ুৱাই নিব, আৰু বা’মৰলী বতাহে সেইবোৰক সিঁচৰিত কৰিব; কিন্তু তুমি যিহোৱাত উল্লাস কৰিবা, তুমি ইস্ৰায়েলৰ পবিত্ৰ জনাত গৌৰৱ কৰিবা।
Jeremiah 22:30 in Assamese 30 কিয়নো ইয়াৰ বংশৰ কোনো মানুহ দায়ুদৰ সিংহাসনত বহিবলৈ, আৰু যিহূদাত শাসন কৰিবলৈ, কৃতকাৰ্য্য নহব।”
Jeremiah 23:19 in Assamese 19 সৌৱা, চোৱা, যিহোৱাৰ প্ৰচণ্ড ক্ৰোধৰূপ ধুমুহা! এনে কি, প্ৰবল বা’মৰলি বতাহ আহিছে। সেয়ে দুষ্টবোৰৰ মূৰত কোবেৰে লাগিব।
Hosea 13:3 in Assamese 3 সেই বাবে তেওঁলোক প্ৰভাতৰ কুৱঁলীৰ নিচিনা হ’ব, সোনকালে অদৃশ্য হৈ যোৱা নিয়ৰৰ নিচিনা, মৰণা মৰা মজিয়াৰ পৰা বা’মৰলী বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা, খিড়িকীয়েদি বাহিৰলৈ ওলোৱা ধুঁৱাৰ নিচিনা হ’ব।
Hosea 13:15 in Assamese 15 ইফ্ৰয়িমে তেওঁৰ ভাইসকলৰ মাজত সফলতা লাভ কৰিলেও, যিহোৱাৰ পৰা এক প্রৱল পূবৰ বতাহ আহিব, মৰুভূমিৰ পৰা বৈ আহিব; ইফ্রয়িমৰ জুৰিবোৰ শুকাই যাব আৰু কুঁৱাত পানী নোহোৱা হ’ব; শত্ৰুৱে তেওঁৰ ভঁৰালৰ সকলো মূল্যৱান বস্তু লুট কৰি নিব।
Nahum 1:14 in Assamese 14 আৰু হে নীনবি নগৰ, তোমালোকৰ বিষয়ে যিহোৱাই আজ্ঞা দিছে যে, তোমালোকৰ কোনো বংশধৰৰ নাম ৰখা নাযাব; মই তোমালোকৰ দেৱতাবোৰৰ ঘৰৰ পৰা কটা-মূৰ্ত্তি আৰু সাচঁত ঢলা মূৰ্ত্তিবোৰ উচ্ছন্ন কৰিম; মই তোমালোকৰ কবৰ খান্দিম, কিয়নো তোমালোক পাপিষ্ঠ।
Haggai 1:9 in Assamese 9 ‘তোমালোকে অধিকৰ বাবে প্রত্যাশা কৰা, কিন্তু চোৱা! মই ফুঁ মাৰি উৰুৱাই দিয়াৰ বাবে তোমালোকে অলপহে ঘৰলৈ আনিলা। কিয়? এই বুলি বাহিনীসকলৰ যিহোৱাই ঘোষণা কৰিছে! কাৰণ, মোৰ গৃহটি উচ্ছন্ন হৈ পৰি আছে, তথাপিও তোমালোকৰ প্ৰতিজনে নিজৰ ঘৰত সন্তুষ্ট হৈ আছা।
Zechariah 7:14 in Assamese 14 কিন্তু মই তেওঁলোকে নজনাকৈ আটাই জাতিৰ মাজলৈ বা’মাৰলি বতাহেৰে তেওঁলোকক ছিন্ন-ভিন্ন কৰিম। এইদৰে তেওঁলোকৰ পাছত দেশখন এনেদৰে উচ্ছন্ন হ’ল, যে তাৰ মাজেদি কোনেও অহা-যোৱা নকৰিলে; কিয়নো তেওঁলোকৰ দ্বাৰাই মনোহৰ দেশখন উচ্ছন্ন হ’ল।’”
Zechariah 9:14 in Assamese 14 যিহোৱাই তেওঁলোকৰ ওপৰত দেখা দিব আৰু তেওঁৰ কাঁড় বিজুলীৰ নিচিনাকৈ ওলাব! প্ৰভু যিহোৱাই শিঙা বজাব আৰু দক্ষিণ অঞ্চলৰ বা’মাৰলী বায়ুস্বৰূপ ৰথত গমন কৰিব।