Isaiah 37:23 in Assamese 23 তুমি কাক উপেক্ষা আৰু অপমান কৰিলা? আৰু কাৰ বিৰুদ্ধে উচ্চ স্বৰেৰে কথা কৈছা, আৰু অহঙ্কাৰেৰে কাৰ ওপৰত দৃষ্টি কৰিলা? ইস্ৰায়েলৰ পবিত্ৰ জনাৰ বিৰুদ্ধেই কৰিলা।
Other Translations King James Version (KJV) Whom hast thou reproached and blasphemed? and against whom hast thou exalted thy voice, and lifted up thine eyes on high? even against the Holy One of Israel.
American Standard Version (ASV) Whom hast thou defied and blasphemed? and against whom hast thou exalted thy voice and lifted up thine eyes on high? `even' against the Holy One of Israel.
Bible in Basic English (BBE) Against whom have you said evil and bitter things? and against whom has your voice been loud and your eyes lifted up? even against the Holy One of Israel.
Darby English Bible (DBY) Whom hast thou reproached and blasphemed? and against whom hast thou exalted the voice? Against the Holy One of Israel hast thou lifted up thine eyes on high.
World English Bible (WEB) Whom have you defied and blasphemed? and against whom have you exalted your voice and lifted up your eyes on high? [even] against the Holy One of Israel.
Young's Literal Translation (YLT) Whom hast thou reproached and reviled? And against whom lifted up the voice? Yea, thou dost lift up on high thine eyes Against the Holy One of Israel.
Cross Reference Exodus 5:2 in Assamese 2 ফৰৌণে ক’লে, “যিহোৱা কোন? কিয় মই তেওঁৰ কথা শুনিম; আৰু ইস্ৰায়েলী লোক সকলক যাবলৈ কিয় এৰি দিম? মই যিহোৱাক নাজানো, গতিকে ইস্ৰায়েলী লোক সকলক যাবলৈ এৰি নিদিওঁ।”
Exodus 9:17 in Assamese 17 এতিয়ালৈকে তুমি গৰ্ব কৰি, মোৰ লোকসকলক এৰি দিবলৈ সন্মত হোৱা নাই।
Exodus 15:11 in Assamese 11 হে যিহোৱা, দেৱতাবোৰৰ মাজত আপোনাৰ তুল্য কোন? পবিত্ৰতাত আপোনাৰ দৰে মহিমান্বিত কোন? প্ৰশংসাত গৌৰৱাম্বিত, আচৰিত কৰ্ম কৰোঁতা কোন?
2 Kings 19:4 in Assamese 4 আপোনাৰ ঈশ্বৰ যিহোৱাই সম্ভৱতঃ ৰবচাকিৰ সকলো কথাই শুনিলে, যিজনক তেওঁৰ প্রভু অচূৰৰ ৰজাই জীৱন্ত ঈশ্বৰক ঠাট্টা-বিদ্রূপ কৰিবলৈ পঠাইছিল; হয়তো আপোনাৰ ঈশ্বৰ যিহোৱাই সেই সকলো কথা শুনি তেওঁক শাস্তি দিব। সেয়ে যিসকল এতিয়াও জীয়াই আছে, তেওঁলোকৰ কাৰণে আপুনি প্রার্থনা কৰক’।”
2 Kings 19:22 in Assamese 22 তুমি কাক অপমান কৰিলা? কাক নিন্দা কৰিলা? তুমি কাৰ বিৰুদ্ধে চিঞঁৰি কথা ক’লা আৰু দর্পেৰে সৈতে চকুতুলি চাইছা? ইস্ৰায়েলৰ পবিত্ৰজনাৰ বিৰুদ্ধেই তুমি এইবোৰ কৰিলা।
2 Chronicles 32:17 in Assamese 17 আৰু তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ঠাট্টা কৰিবলৈ আৰু তেওঁৰ বিৰুদ্ধে কথা ক’বলৈ এইদৰে পত্ৰও লিখিছিল৷ তেওঁ কৈছিল যে, “নানা দেশীয় জাতিসকলৰ দেৱতাবোৰে যেনেকৈ মোৰ হাতৰ পৰা নিজ নিজ প্ৰজাসকলক উদ্ধাৰ কৰিব নোৱাৰিলে তেনেকৈ হিষ্কিয়াৰ ঈশ্বৰেও তেওঁৰ প্ৰজাসকলক মোৰ হাতৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিব।”
Psalm 44:16 in Assamese 16 মোক নিন্দা আৰু তুচ্ছজ্ঞান কৰাসকলৰ কথাৰ কাৰণে, শত্রু আৰু প্রতিহিংসাকাৰী সকলৰ কাৰণে,
Psalm 73:9 in Assamese 9 তেওঁলোকে স্বর্গৰ বিৰুদ্ধে কথা কয়; তেওঁলোকৰ জিভাই পৃথিৱী ভ্ৰমণ কৰে।
Psalm 74:18 in Assamese 18 হে যিহোৱা, তুমি পাহৰি নাযাবা শত্ৰুৱে যে তোমাক ঠাত্তা নিন্দা কৰিছে; মূর্খ লোকসকলে যে তোমাৰ নাম অনাদৰ কৰিছে।
Psalm 74:23 in Assamese 23 তোমাৰ শত্রুবোৰৰ মাত নাপাহৰিবা; তোমাৰ অহিতে নিতৌ উঠা হুলস্থূল তুচ্ছ কৰা।
Proverbs 30:13 in Assamese 13 সেই বংশ নিজৰ দৃষ্টিতে নিজে বহুত অহঙ্কাৰী! আৰু তেওঁলোকে চকুৰ পিৰিঠি ওপৰ কৰি ৰাখে!
Isaiah 2:11 in Assamese 11 মানুহৰ ঊৰ্দ্ধদৃষ্টি অৱনত হ’ব; আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; আৰু সেইদিনা কেৱল যিহোৱাই উন্নত হ’ব।
Isaiah 10:13 in Assamese 13 কাৰণ তেওঁ কৈছে, “মোৰ শক্তি আৰু জ্ঞানেৰে মই কাৰ্য কৰিলোঁ, মোৰ সহানুভূতি আছে; আৰু মই লোকসকলৰ সীমা গুচালোঁ। মই তেওঁলোকৰ সঞ্চিত সম্পদ হৰণ কৰিলোঁ, আৰু সিংহাসনত বহাসকলক মই বীৰ পুৰুষৰ দৰে তললৈ নমালোঁ।
Isaiah 10:20 in Assamese 20 সেই দিনা ইস্ৰায়েলৰ অৱশিষ্ট লোক, যাকোবৰ বংশৰ ৰক্ষা পোৱা লোকসকলে, তেওঁলোকক পৰাজিত কৰা সকলৰ ওপৰত আৰু নিৰ্ভৰ নকৰিব; কিন্তু বাস্তৱিকতে ইস্ৰায়েলৰ পবিত্ৰ জনা যিহোৱাত, নিৰ্ভৰ কৰিব।
Isaiah 12:6 in Assamese 6 হে চিয়োন-নিবাসীসকল তোমালোক উচ্চ স্বৰেৰে আনন্দ-ধ্বনি কৰা; কিয়নো ইস্ৰায়েলৰ পবিত্ৰ জনা তোমালোকৰ মাজত মহান।”
Isaiah 14:13 in Assamese 13 তুমি তোমাৰ মনতে কৈছিলা, ‘মই স্বৰ্গলৈ উঠিম, ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ সিংহাসন উন্নত কৰিম; আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম।
Isaiah 17:7 in Assamese 7 সেইদিনা মানুহে নিজৰ সৃষ্টিকৰ্ত্তালৈ মনযোগ দিব, আৰু তেওঁলোকৰ চকুৱে ইস্ৰায়েলৰ পবিত্ৰ জনালৈ দৃষ্টি কৰিব।
Isaiah 30:11 in Assamese 11 গতিপথৰ পাৰ ঘূৰি আঁহা, পথৰ পৰা ঘূৰি আঁহা; ইস্ৰায়েলৰ পবিত্ৰ জনাক আমাৰ চকুৰ আগৰ পৰা দূৰ কৰা।”
Isaiah 37:4 in Assamese 4 যি ৰবচাকিক নিজৰ প্ৰভু ৰজা অচৰীয়াৰ জীৱন্ত ঈশ্বৰক ধিক্কাৰ দিবলৈ পঠাইছিল, আপোনাৰ ঈশ্বৰ যিহোৱাই সেই ৰবচাকিৰ কথা শুনিব, আৰু আপোনাৰ ঈশ্বৰ যিহোৱাই নিজে শুনা কথাৰ বাবে হয়তু দণ্ড দিব; সেয়ে এতিয়া অৱশিষ্ট থকা ভাগৰ বাবে আপুনি প্রাৰ্থনা উৎসৰ্গ কৰক।
Isaiah 37:10 in Assamese 10 যিহূদাৰ ৰজা হিষ্কিয়াক কোৱা, যি ঈশ্বৰত তুমি ভাৰসা কৰিছা, “ৰজা অচূৰীয়াৰ হাতত যিৰূচালেমক শোধাই দিয়া নহ’ব বুলি” তোমাৰ সেই ঈশ্বৰে তোমাক নুভুলাওক।
Isaiah 41:14 in Assamese 14 হে পোক যাকোব, হে ইস্ৰায়েল লোকসকল, ভয় নকৰিবা; যিহোৱাই কৈছে “ময়েই তোমাক সহায় কৰিম” আৰু ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাৰ মুক্তিদাতা।
Isaiah 41:16 in Assamese 16 তুমি সেইবোৰক জাৰিবা, আৰু বতাহে সেইবোৰক উড়ুৱাই নিব, আৰু বা’মৰলী বতাহে সেইবোৰক সিঁচৰিত কৰিব; কিন্তু তুমি যিহোৱাত উল্লাস কৰিবা, তুমি ইস্ৰায়েলৰ পবিত্ৰ জনাত গৌৰৱ কৰিবা।
Isaiah 43:3 in Assamese 3 কিয়নো মই তোমাৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা, তোমাৰ ত্ৰাণকৰ্ত্তা; মই তোমাৰ মুক্তিস্বৰূপে মিচৰ, তোমাৰ সলনি কূচ আৰু চিবা দিলোঁ
Isaiah 43:14 in Assamese 14 তোমালোকৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ জনা যিহোৱাই এই কথা কৈছে, “মই তোমালোকৰ বাবে বাবিললৈ লোক পঠালোঁ, আৰু মই তেওঁলোকৰ সকলোকে পলাতক অৱস্থাত লৈ যাম, মই কলদীয়াসকলক তেওঁলোকৰ আনন্দ কৰাৰ পৰা বিলাপলৈ পৰিনত কৰিম।
Ezekiel 28:2 in Assamese 2 “হে মনুষ্য সন্তান, তুমি তূৰৰ শাসনকৰ্তাজনক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমাৰ হৃদয় গৰ্ব্বিত হ’ল! তুমি কৈছা, “মই এজন দেৱতা! মই সমুদ্ৰৰ মাজত দেৱতাসকলৰ আসনত বহি থাকিম!” যদিও তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, তথাপি তুমি মাথোন মানুহ হে, কিন্তু ঈশ্বৰ নহয়;
Ezekiel 28:9 in Assamese 9 যি জন লোকে তোমাক বধ কৰিব, সেই জন লোকৰ আগত তুমি সচাকৈ তেতিয়াও, “মই এজন দেৱতা” বুলি ক’বা নে? তুমি মনুষ্য মাত্ৰ কিন্তু ঈশ্বৰ নহয়, আৰু যি জন লোকে তোমাক বধ কৰিব, সেই জনৰ হাতত তোমাক সোধাই দিয়া হ’ব!
Ezekiel 39:7 in Assamese 7 আৰু মই মোৰ পবিত্ৰ নাম মোৰ প্ৰজা ইস্ৰায়েলৰ মাজত জনাম আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰীকৃত হ’বলৈ আৰু নিদিম; তেতিয়া, মই যে যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা তাক জাতিবোৰে জানিব।
Daniel 5:20 in Assamese 20 যেতিয়া তেওঁৰ হৃদয় অহঙ্কাৰী আৰু তেওঁৰ মন কঠিন হৈছিল, আৰু তেওঁ গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া তেওঁক ৰাজ সিংহাসনৰ পৰা নমোৱা হৈছিল, আৰু তেওঁলোকে তেওঁৰ পৰা তেওঁৰ ঐশ্বৰ্য কাঢ়ি লৈছিল।
Daniel 7:25 in Assamese 25 তেওঁ সৰ্ব্বোপৰিজনাৰ বিৰুদ্ধে কথা ক’ব, আৰু সৰ্ব্বোপৰিজনা প্রভুৰ পবিত্ৰ জনক তাড়না কৰিব, তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব। আৰু এবছৰ, দুবছৰ, আৰু আধা বছৰৰ বাবে এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব।
Habakkuk 1:12 in Assamese 12 “হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ পবিত্ৰ জনা, আপুনি অনাদি কালৰে পৰা নাই জানো? আমাৰ মৃত্যু নহ’ব। যিহোৱাই বিচাৰৰ বাবে তেওঁলোকক অভিষেক কৰিলে, আৰু আপুনি শিল, তেওঁলোকক সংশোধন কৰিবলৈ আপুনি প্রতিষ্ঠিত হ’ল।
2 Thessalonians 2:4 in Assamese 4 ঈশ্বৰ নামেৰে খ্যাত আৰু উপাসনাৰ যোগ্য যি সকলো আছে, সেই অবাধ্যতাৰ পুৰুষে সকলোৰে বিৰুদ্ধে থিয় হৈ নিজকে ওখত প্রতিস্থিত কৰিব। এনে কি, ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি প্ৰচাৰ কৰি দেখুৱাব।
Revelation 13:1 in Assamese 1 তেতিয়া মই সাগৰৰ পৰা এটা পশুক উঠা দেখিলোঁ৷ তাৰ দহোটা শিং, সাতোটা মূৰ আছিল৷ তাৰ শিঙত দহোটা কিৰীটি আৰু মূৰত ঈশ্বৰক নিন্দা কৰা কিছুমান নাম লিখা আছিল।