Isaiah 37:16 in Assamese 16 “হে কৰূব দুটাৰ মাজত বাস কৰা ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱা, আপুনি ঈশ্বৰ, পৃথিবীৰ সকলো ৰাজ্যৰ মাজত কেৱল আপুনিয়েই ঈশ্বৰ, আপুনিয়েই আকাশ মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।
Other Translations King James Version (KJV) O LORD of hosts, God of Israel, that dwellest between the cherubims, thou art the God, even thou alone, of all the kingdoms of the earth: thou hast made heaven and earth.
American Standard Version (ASV) O Jehovah of hosts, the God of Israel, that sittest `above' the cherubim, thou art the God, even thou alone, of all the kingdoms of the earth; thou hast made heaven and earth.
Bible in Basic English (BBE) O Lord of armies, the God of Israel, seated between the winged ones, you only are the God of all the kingdoms of the earth; you have made heaven and earth.
Darby English Bible (DBY) Jehovah of hosts, the God of Israel, who sittest [between] the cherubim, thou, the Same, thou alone art the God of all the kingdoms of the earth: thou hast made the heavens and the earth.
World English Bible (WEB) Yahweh of hosts, the God of Israel, who sits [above] the cherubim, you are the God, even you alone, of all the kingdoms of the earth; you have made heaven and earth.
Young's Literal Translation (YLT) `Jehovah of Hosts, God of Israel, inhabiting the cherubs, Thou `art' God Himself -- Thyself alone -- to all kingdoms of the earth, Thou hast made the heavens and the earth.
Cross Reference Genesis 1:1 in Assamese 1 আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।
Exodus 25:22 in Assamese 22 মই সেই নিয়ম চন্দুকতে তোমাৰে সৈতে সাক্ষাৎ কৰিম। পাপাবৰণৰ ওপৰৰ পৰা, সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা কৰূব দুটাৰ মাজৰ পৰা, ইস্ৰায়েলৰ লোকসকলৰ বাবে যিবোৰ আজ্ঞা দিম, সেই বিষয়ে তোমাৰে সৈতে কথা পাতিম।
Deuteronomy 10:17 in Assamese 17 কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ; পৰাক্রমী আৰু ভয়ঙ্কৰ ঈশ্বৰ; কাৰো মুখলৈ নাচায় আৰু উৎকোচো নলয়।
1 Samuel 4:4 in Assamese 4 সেয়েহে লোকসকলে চীলোলৈ মানুহ পঠিয়াই, কৰূব দুটাৰ মাজত বসতি কৰা বাহিনীসকলৰ যিহোৱাৰ নিয়ম-চন্দুক অনালে। সেই সময়ত এলীৰ দুজন পুত্ৰ হফনী আৰু পিনহচ সেই ঠাইত যিহোৱাৰ নিয়ম-চন্দুকৰ লগত আছিল।
2 Samuel 7:26 in Assamese 26 ‘বাহিনীসকলৰ যিহোৱা ইস্ৰায়েলৰ ওপৰত থাকোঁতা ঈশ্বৰ আৰু তোমাৰ দাস দায়ূদৰ বংশ তোমাৰ সাক্ষাতে থিৰে থাকিব’, এইবুলি লোকে ক’ব৷ তোমাৰ নাম সদাকাল মহিমান্বিত হওঁক।
1 Kings 18:32 in Assamese 32 সেই শিলবোৰেৰে তেওঁ যিহোৱাৰ নামেৰে এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে আৰু বেদীৰ চাৰিওফালে দুই চেয়া বীজ ধৰিব পৰা এটা খাল খান্দিলে।
2 Kings 5:15 in Assamese 15 নামান আৰু তেওঁৰ সকলো সঙ্গী তেতিয়া ঈশ্বৰৰ লোকৰ ওচৰলৈ উভটি আহিল। ইলীচাৰ সন্মুখত থিয় হৈ ক’লে, “মই এতিয়া জানিলোঁ যে, ইস্রায়েলৰ বাহিৰে গোটেই পৃথিৱীতে আৰু ক’তো ঈশ্বৰ নাই। গতিকে এতিয়া অনুগ্রহ কৰি, আপোনাৰ এই দাসৰ পৰা এটি উপহাৰ গ্ৰহণ কৰক।”
Psalm 46:7 in Assamese 7 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
Psalm 46:11 in Assamese 11 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
Psalm 80:1 in Assamese 1 হে ইস্ৰায়েলৰ ৰখীয়া, কাণ পাতা; তুমি যোচেফৰ বংশক ভেড়াৰ জাকৰ দৰে চলাই আনিছা! তুমি কৰূববোৰৰ ওপৰত বহি, আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা!
Psalm 86:10 in Assamese 10 কিয়নো তুমি মহান আৰু তুমি আচৰিত কৰ্ম্ম কৰোঁতা। কেৱল তুমিয়েই ঈশ্বৰ।
Psalm 99:1 in Assamese 1 যিহোৱাই ৰজা; জাতিসমূহ কম্পিত হওঁক! তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে; পৃথিৱী কঁপি উঠক!
Psalm 136:2 in Assamese 2 দেৱতাসকলৰো ঈশ্বৰৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Psalm 146:6 in Assamese 6 তেৱেঁই আকাশ-মণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকর্তা, তেওঁ অনন্তকাল বিশ্বস্ত থাকে।
Isaiah 6:3 in Assamese 3 প্রতিজনে আনজনক মাতি ক’লে, “পবিত্ৰ, পবিত্ৰ, পবিত্ৰ, বাহিনীসকলৰ যিহোৱা! সমগ্র পৃথিৱী তেওঁৰ মহিমাৰে পৰিপূৰ্ণ।”
Isaiah 8:13 in Assamese 13 তোমালেকে বাহিনীসকলৰ যিহোৱাক পবিত্ৰ বুলি সন্মান কৰিবা; তেওঁক ভয় কৰিবা, তেঁৱেই সেই জন যি জনক তোমালোকে ভয় কৰা উচিত।
Isaiah 37:20 in Assamese 20 এই হেতুকে হে আমাৰ ঈশ্বৰ যিহোৱা, অকল আপুনিয়েই যে যিহোৱা ইয়াক পৃথিবীৰ সকলো ৰাজ্যৰ লোকসকলে জানিবৰ বাবে আপুনি তেওঁৰ হাতৰ পৰা আমাক নিস্তাৰ কৰক।”
Isaiah 40:28 in Assamese 28 তুমি জনা নাই নে? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্ত্তা তেওঁ ক্লান্ত নহয়, আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য।
Isaiah 43:10 in Assamese 10 যিহোৱাই কৈছে, “তোমালোকে যাতে জানিব পাৰা আৰু মোক বিশ্বাস কৰা, আৰু মইয়ে যে তেওঁ, ইয়াক বুজিব পাৰা, সেয়ে তোমালোকেই মোৰ সাক্ষী আৰু মোৰ মনোনীত দাস। মোৰ পূৰ্ব্বে কোনো ঈশ্বৰ নিৰ্ম্মিত হোৱা নাই, আৰু মোৰ পাছতো কোনো নহ’ব।
Isaiah 44:6 in Assamese 6 ইস্ৰায়েলৰ ৰজাক , তেওঁৰ মুক্তিকৰ্ত্তা,বাহিনীসকলৰ যিহোৱাই এই দৰে কৈছে; “ময়েই আদি, আৰু ময়েই অন্ত; মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
Isaiah 44:24 in Assamese 24 তোমাৰ মুক্তিদাতা, আৰু তোমাক গৰ্ভত গঠন কৰা যিহোৱাই এই কথা কৈছে, “ময়ে যিহোৱা যি সকলো সৃষ্টি কৰিলে, যি জনাই অকলেই আকাশ মণ্ডল বিস্তাৰ কৰিলে, আৰু যি জনাই অকলেই পৃথিবী সজালে,
Isaiah 45:22 in Assamese 22 পৃথিবীৰ অন্তলৈকে থকা সকল, মোলৈ ঘুৰি আহা আৰু পৰিত্ৰাণপ্ৰাপ্ত হোৱা; কাৰণ ময়েই ঈশ্বৰ, আৰু ইয়াত আন কোনো দেৱতা নাই।
Isaiah 54:5 in Assamese 5 তোমালোকৰ সৃষ্টিকর্তাই তোমালোকৰ স্বামী; তেওঁৰ নাম বাহিনীসকলৰ যিহোৱা। ইস্ৰায়েলৰ পবিত্ৰ জনা তোমালোকৰ মুক্তিদাতা; তেওঁ সমগ্র পৃথিবীৰ ঈশ্বৰ বুলি প্রখ্যাত।
Jeremiah 10:10 in Assamese 10 কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।
John 1:3 in Assamese 3 তেওঁৰ দ্বাৰাই সকলো সৃষ্টি হ’ল আৰু যি সকলো হ’ল, সেইবোৰৰ এটাও তেওঁৰ অবিহনে নহ’ল।
Colossians 1:16 in Assamese 16 কিয়নো যি যি স্বৰ্গত আৰু এই জগতত, দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁতেই সৃষ্ট হ’ল৷ সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ’ল৷
Hebrews 4:16 in Assamese 16 এতেকে সাহসিকতাৰ সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হ’বলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।
Revelation 11:15 in Assamese 15 পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইদৰে মহা-বাণীবোৰ হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব।”