Isaiah 33:15 in Assamese 15 যি জনে ধাৰ্মিকতাৰ পথত চলে, আৰু ন্যায় কথা কয়, যি জনে অত্যাচাৰ কৰি পোৱা লাভ ঘিণ কৰে, যি জনে ভেটি ল’বলৈ অস্বীকাৰ কৰে, যি জনে চৰম অপৰাধৰ আচনি নকৰে, আৰু কুকৰ্মলৈ চকু নিদিয়ে।
Other Translations King James Version (KJV) He that walketh righteously, and speaketh uprightly; he that despiseth the gain of oppressions, that shaketh his hands from holding of bribes, that stoppeth his ears from hearing of blood, and shutteth his eyes from seeing evil;
American Standard Version (ASV) He that walketh righteously, and speaketh uprightly; he that despiseth the gain of oppressions, that shaketh his hands from taking a bribe, that stoppeth his ears from hearing of blood, and shutteth his eyes from looking upon evil:
Bible in Basic English (BBE) He whose ways are true, and whose words are upright; he who gives no thought to the profits of false acts, whose hands have not taken rewards, who will have no part in putting men to death, and whose eyes are shut against evil;
Darby English Bible (DBY) -- He that walketh righteously, and speaketh uprightly; he that despiseth the gain of oppressions, that shaketh his hands from taking hold of bribes, that stoppeth his ears from hearing of blood, and shutteth his eyes from seeing evil:
World English Bible (WEB) He who walks righteously, and speaks blamelessly; he who despises the gain of oppressions, who shakes his hands from taking a bribe, who stops his ears from hearing of blood, and shuts his eyes from looking on evil:
Young's Literal Translation (YLT) Whoso is walking righteously, And is speaking uprightly, Kicking against gain of oppressions, Shaking his hands from taking hold on a bribe, Stopping his ear from hearing of blood, And shutting his eyes from looking on evil,
Cross Reference Exodus 23:6 in Assamese 6 তোমালোকে কোনো দৰিদ্ৰ লোকৰ বিচাৰত তেওঁৰ প্রতি অন্যায় বিচাৰ নকৰিবা।
Numbers 16:15 in Assamese 15 তাতে মোচিয়ে অতিশয় ক্ৰুদ্ধ হৈ যিহোৱাক জনালে, বোলে, “এওঁলোকৰ উপহাৰ গ্ৰহণ নকৰিবা; মই এওঁলোকৰ পৰা এটা গাধও লোৱা নাই, আৰু এওঁলোকৰ এজনকো দুখ দিয়া নাই।”
Deuteronomy 16:19 in Assamese 19 আপুনি বলপুর্বক অন্যায় বিচাৰ নকৰিব, আৰু কাৰো মুখলৈ নাচাব; আৰু কাৰো পৰা ভেঁটি নল’ব, কিয়নো ভেঁটিয়ে জ্ঞানীসকলৰ চকু অন্ধ কৰে, আৰু ধাৰ্ম্মিকৰ কথা ওলোটাই।
1 Samuel 12:3 in Assamese 3 মই ইয়াতে আছোঁ; যিহোৱা আৰু অভিষিক্ত জনাৰ সন্মুখত মোৰ বিৰুদ্ধে সাক্ষ্য দিছা। কাৰ ষাড়-গৰু মই ল’লো? কাৰ গাধ মই ল’লো? কাক মই প্ৰবঞ্চনা কৰিলোঁ? কাক মই উপদ্ৰৱ কৰিলোঁ? মোৰ নিজৰ চকু অন্ধ কৰিবলৈ কাৰ হাতৰ পৰা ভেঁটী ল’লো? তোমালোকে যিহোৱাৰ সাক্ষাতে আৰু তেওঁৰ অভিষিক্ত জনৰ আগত মোৰ বিৰুদ্ধে সাক্ষ্য দি কোৱা, মই তোমালোকক তাক ওভোটাই দিম।”
1 Samuel 24:4 in Assamese 4 দায়ূদৰ লোকসকলে তেওঁক ক’লে, “চাওক যি দিনৰ বিষয়ে যিহোৱাই আপোনাক কৈছিল সেইদিন আজিয়ে, ‘মই তোমাৰ শত্ৰুক তোমাৰ হাতত সমৰ্পণ কৰিম’ তাতে তোমাৰ যি ইচ্ছা, তাকে তালৈ কৰিবা।” তেতিয়া দায়ূদে গৈ গোপনে চৌলৰ চোলাৰ তল ভাগৰ এডোখৰ কাটি ল’লে।
1 Samuel 26:8 in Assamese 8 তেতিয়া অবীচয়ে দায়ূদক ক’লে, “আজি ঈশ্বৰে আপোনাৰ শত্ৰুক আপোনাৰ হাতত সমৰ্পণ কৰিছে, এতিয়া যাঠীৰে তেওঁক একেবাৰে মাটিয়ে সৈতে শালিবলৈ মোক অনুমতি দিয়ক; মই তেওঁক দ্ৱিতীয়বাৰ আঘাত নকৰো।”
Nehemiah 5:7 in Assamese 7 তাৰ পাছত মই এই বিষয়ে চিন্তা কৰিলোঁ, আৰু প্ৰধান লোকসকল আৰু কৰ্মচাৰী সকলৰ বিৰুদ্ধে অভিযোগ আনিলোঁ। মই তেওঁলোকক ক’লো, “আপোনালোকে প্ৰতিজনে নিজৰ নিজৰ ভাইৰ পৰা সূত বেছিকৈ দাবী কৰি লৈছে।” মই তেওঁলোকৰ বিৰুদ্ধে মহাসভা পাতিলোঁ,
Job 31:13 in Assamese 13 মোৰ বন্ধী কি বেটীয়ে মোৰ আগত অভিযোগ কৰিলত, মই যদি সিহঁতৰ বিচাৰলৈ হেয়জ্ঞান কৰিলোঁ,
Job 31:29 in Assamese 29 মোক ঘিণাওঁতাৰ আপদত মই যদি আনন্দ কৰিলোঁ, আৰু সি দুৰ্দ্দশাত পৰা দিখি মই উল্লাস হলোঁ,
Psalm 1:1 in Assamese 1 ধন্য সেই লোক, যি জনে দুষ্টসকলৰ পৰামর্শমতে নচলে, পাপীসকলৰ পথত থিয় নহয়, নিন্দকসকলৰ সমাবেশত নবহে;
Psalm 15:1 in Assamese 1 হে যিহোৱা তোমাৰ আবাস-তম্বুত বাস কৰাৰ যোগ্য কোন? তোমাৰ পবিত্ৰ পৰ্ব্বতত বসতি কৰাৰ যোগ্য কোন?
Psalm 24:4 in Assamese 4 কেৱল তেঁৱেই পাৰে, যাৰ হাত শুচি আৰু অন্তৰো নিৰ্ম্মল; যিজনে মিছা কথালৈ নিজৰ মন নেমেলে, আৰু ছল কৰি মিছা শপত নাখায়।
Psalm 26:1 in Assamese 1 হে যিহোৱা, মোৰ বিচাৰ কৰা, কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ, অলৰভাৱে মই যিহোৱাত ভাৰসা কৰিছোঁ।
Psalm 26:4 in Assamese 4 প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই। অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই।
Psalm 26:9 in Assamese 9 পাপীসকলৰ লগত মোৰ প্ৰাণ লৈ নাযাবা; ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা।
Psalm 106:3 in Assamese 3 ধন্য সেইসকল, যি সকলে ন্যায় কার্য কৰে আৰু সকলো সময়তে ধৰ্ম্মাচৰণ কৰে।
Psalm 119:37 in Assamese 37 অসাৰ বস্তুবোৰৰ পৰা তুমি মোৰ দৃষ্টি ঘূৰাই আনা; তোমাৰ পথত চলিবলৈ মোক পুনৰ সঞ্জীৱিত কৰা।
Isaiah 56:1 in Assamese 1 যিহোৱাই এই কথা কৈছে, “তোমালোকে যি ন্যায়সঙ্গত তাক পালন কৰা, যি সত্যপৰায়ণ তাক কৰা; কাৰণ মোৰ পৰিত্ৰাণ অতি ওচৰ, আৰু মোৰ ধর্মপৰায়ণতা মুহর্ততে প্ৰকাশ পাব।
Isaiah 58:8 in Assamese 8 ইয়াকে কৰিলে, অৰুণোদয়ৰ দৰে তোমাৰ দীপ্তি প্রকাশ পাব, আৰু তোমাৰ আৰোগ্যতা শীঘ্ৰে দেখা যাব, তোমাৰ ধাৰ্ম্মিকতা তোমাৰ আগত যাওঁতা, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ পাছত যাওঁতা হ’ব।
Jeremiah 5:26 in Assamese 26 কিয়নো মোৰ প্ৰজাসকলৰ মাজত দুষ্টলোক পোৱা যায়; চৰাই-মৰিয়াই খাপ দি থকাৰ দৰে, তেওঁলোকে খাপ দি থাকে, তেওঁলোকে ফান্দ পাতি মানুহকেই ধৰে।
Jeremiah 40:15 in Assamese 15 পাছে কাৰেহৰ পুতেক যোহাননে মিস্পাত গদলিয়াক গুপুতে ক’লে, “মই মিনতি কৰোঁ, মোক যাবলৈ দিয়া, কোনো মানুহে নজনাকৈ মই নথনিয়াৰ পুতেক ইশ্মায়েলক বধ কৰোঁগৈ; তেওঁ কিয় তোমাৰ প্ৰাণ ল’ব আৰু তোমাৰ ওচৰত গোট খোৱা সকলো যিহূদী লোক ছিন্ন-ভিন্ন হ’ব আৰু যিহূদাৰ অৱশিষ্ট ভাগ নষ্ট হ’ব?
Ezekiel 18:15 in Assamese 15 সি পৰ্ব্বতবোৰৰ পবিত্র স্থানবোৰৰ ওপৰত ভোজন নকৰে বা ইস্ৰায়েল বংশৰ প্রতিমা বোৰলৈ চকু নোতোলে আৰু যদি সি চুবুৰীয়াৰ স্ত্রীক অশুচি নকৰে;
Micah 7:3 in Assamese 3 অনিষ্ট কাৰ্য কৰিবলৈ তেওঁলোকৰ হাত পাৰ্গত; শাসনকৰ্ত্তাই ধন খোজে, বিচাৰকৰ্ত্তাই উৎকোচ ল’বলৈ প্রস্তুত থাকে, আৰু প্রভাৱশালী লোকে যি পাবলৈ ইচ্ছা কৰে, তাক আনৰ আগত কয়; সেয়ে তেওঁলোকে একেলগে পৰিকল্পনা কৰে।
Malachi 2:6 in Assamese 6 তেওঁৰ মুখত সত্যতাৰ শিক্ষা আছিল আৰু তেওঁৰ ওঁঠত কোনো অধর্ম পোৱা নাছিলো; তেওঁ শান্তিৰে আৰু সত্যতাৰে মোৰ লগত অহাযোৱা কৰিছিল আৰু অনেকক পাপৰ পৰা ঘূৰাইছিল।
Matthew 26:15 in Assamese 15 আৰু ক’লে “মই আপোনালোকৰ হাতত তেওঁক শোধাই দিলে, মোক কি দিবলৈ ইচ্ছা কৰে”? তেতিয়া তেওঁলোকে তেওঁক ত্ৰিশ টা ৰূপৰ মুদ্ৰা দিম বুলি ক’লে৷
Luke 1:6 in Assamese 6 এওঁলোক দুয়ো ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক, পবিত্ৰ আছিল। প্ৰভুৰ সকলো আজ্ঞা আৰু বিধানত উভয়ে নিখুঁত ৰূপে জীৱন-যাপন কৰিছিল।
Luke 3:12 in Assamese 12 তেতিয়া কেইজনমান কৰ সংগ্রহকাৰীয়ো বাপ্তিস্ম ল’বৰ বাবে আহিল। তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আমি কি কৰিব লাগে?”
Luke 19:8 in Assamese 8 তেতিয়া চক্কেয়ই প্ৰভুৰ আগত থিয় হৈ ক’লে, “হে প্ৰভু, চাওক মোৰ যি সম্পত্তি আছে, তাৰ আধাখিনি দৰিদ্ৰ লোকক দান কৰোঁ আৰু মিছা অপবাদ দি, কোনো মানুহৰ পৰা যদি কিবা লৈছোঁ, তেনেহলে তাৰ চাৰি গুণ ওভোতাই দিওঁ।”
Acts 8:18 in Assamese 18 চিমোনে যেতিয়া দেখিলে যে, পাঁচনি সকলে হাত দিয়াত পবিত্ৰ আত্মা দান কৰা হৈছে, তেতিয়া তেওঁ পাঁচনি সকলক ধন যাচি ক’লে,
Romans 2:7 in Assamese 7 যি সকলে সৎকৰ্ম্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷
Ephesians 5:11 in Assamese 11 আন্ধাৰৰ ফলহীন কাৰ্যবোৰৰ অংশীদাৰ নহব; বৰং সেইবোৰৰ দোষ দেখুৱাই দিয়ক;
Titus 2:11 in Assamese 11 কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ’ল;
James 5:4 in Assamese 4 চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰবঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাওনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে।
2 Peter 2:14 in Assamese 14 সকলো মহিলাৰ প্রতি তেওঁলোকৰ চকু ব্যভিচাৰেৰে ভৰা আৰু তেওঁলোকে পাপ কার্য কৰি কেতিয়াও সন্তুষ্ট নহয়; আৰু যি সকল চঞ্চলমনা, সেই সকলক ভুল পথত লৈ যায়৷ তেওঁলোকৰ প্ৰাণ কেৱল লোভ কৰাত অভ্যস্ত; তেওঁলোক অভিশপ্ত সন্তান।
1 John 3:7 in Assamese 7 হে প্রিয় সন্তান সকল, আপোনালোকক ভুলাবলৈ কাকো নিদিব; যি কোনোৱে ধাৰ্মিকতা আচৰণ কৰে, খ্ৰীষ্ট যেনে ধাৰ্মিক, তেৱোঁ তেনে ধাৰ্মিক হয়।