Isaiah 33:14 in Assamese 14 চিয়োনত থকা পাপীবোৰে ভয় কৰিছে; অধৰ্মী জনক কঁপনিয়ে ধৰিছে। আমাৰ মাজৰ কোনে গ্ৰাসকৰী অগ্নিয়ে সৈতে বাস কৰিব পাৰে? আমাৰ মাজৰ কোনে অনন্ত কাললৈকে জ্বলি থকা জুইৰে সৈতে বাস কৰিব পাৰে?
Other Translations King James Version (KJV) The sinners in Zion are afraid; fearfulness hath surprised the hypocrites. Who among us shall dwell with the devouring fire? who among us shall dwell with everlasting burnings?
American Standard Version (ASV) The sinners in Zion are afraid; trembling hath seized the godless ones: Who among us can dwell with the devouring fire? who among us can dwell with everlasting burnings?
Bible in Basic English (BBE) The sinners in Zion are full of fear; the haters of God are shaking with wonder. Who among us may keep his place before the burning fire? who among us may see the eternal burnings?
Darby English Bible (DBY) The sinners in Zion are afraid; trembling hath surprised the hypocrites: Who among us shall dwell with the consuming fire? who among us shall dwell with everlasting flames?
World English Bible (WEB) The sinners in Zion are afraid; trembling has seized the godless ones: Who among us can dwell with the devouring fire? who among us can dwell with everlasting burning?
Young's Literal Translation (YLT) Afraid in Zion have been sinners, Seized hath trembling the profane: Who doth dwell for us -- consuming fire, Who doth dwell for us -- burnings of the age?
Cross Reference Numbers 17:12 in Assamese 12 পাছে ইস্ৰায়েলৰ সন্তানসকলে মোচিক কলে, চাওঁক, আমি মৰিলোঁ, আমি বিনষ্ট হলোঁ, আমি সকলোৱেই বিনষ্ট হলোঁ।
Deuteronomy 5:24 in Assamese 24 আপোনালোকে কৈছিল, ‘আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ আগত নিজৰ প্ৰতাপ আৰু মহিমা দেখুৱালে, আৰু জুইৰ মাজৰ পৰা আমি তেওঁৰ মাত শুনিলোঁ; আজি আমি জানিলো যে, ঈশ্বৰে মানুহৰ লগত কথা পতাৰ পাছতো মানুহ জীয়াই থাকিব পাৰে।
Deuteronomy 32:21 in Assamese 21 যি ঈশ্বৰ নহয়, তাৰ সেৱা-পূজাৰ দ্বাৰাই তেওঁলোকে মোক ঈর্ষান্বিত কৰিলে, তেওঁলোকৰ অসাৰ মূর্তিবোৰৰ দ্বাৰাই মোৰ ক্রুদ্ধ জন্মালে; এই হেতুকে মই তেওঁলোকক এক জাতি নোহোৱা লোকসকলৰ দ্বাৰা ঈর্ষা জন্মাম; এক নির্বোধ জাতিৰ দ্বাৰাই মই তেওঁলোকক কুপিত কৰিম।
Job 15:21 in Assamese 21 ভয়ৰ শব্দ তাৰ কাণত থাকে; সম্পদৰ কালতো বিনাশকে তাক আক্ৰমণ কৰে।
Job 18:11 in Assamese 11 কেইওফালৰ পৰা নানা ত্ৰাসে তাক ভয় লগাব, আৰু খোজে খোজে তাক খেদি যাব।
Psalm 11:6 in Assamese 6 তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব; তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব।
Psalm 21:9 in Assamese 9 তোমাৰ প্রকাশৰ কালত তুমি তেওঁলোকক এক অগ্নিময় জুইশালৰ নিচিনা কৰিবা; যিহোৱাই নিজৰ ক্রোধত তেওঁলোকক গ্ৰাস কৰিব; অগ্নিয়ে তেওঁলোকক দহন কৰিব।
Psalm 50:3 in Assamese 3 আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব; তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব, তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।
Psalm 53:5 in Assamese 5 আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল; কিয়নো তোমালোকৰ বিৰুদ্ধে ছাউনী পতাসকলৰ হাড়বোৰ ঈশ্বৰে সিচঁৰতি কৰিব। তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে।
Proverbs 28:1 in Assamese 1 কোনো লোকে খেদি নগলেও দুষ্টলোক দৌৰি পলায়; কিন্তু ন্যায় কাৰ্য কৰা সকল যুৱা সিংহৰ দৰে সাহসী হয়।
Isaiah 5:24 in Assamese 24 এই হেতুকে জুইৰ জিভাই যেনেকৈ নৰা গ্ৰাস কৰে আৰু অগ্নিশিখাত যেনেকৈ শুকান ঘাঁহ ভষ্ম হৈ যায়, সেয়ে তেওঁলোকৰ ভিত্তিমূল পচিব, আৰু তেওঁলোকৰ ফুলবোৰ ধুলিৰ দ্বৰে উড়ি যাব; কাৰণ তেওঁলোকে বাহিনীসকলৰ যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ জনাৰ বাক্য তুচ্ছজ্ঞান কৰিলে।
Isaiah 7:2 in Assamese 2 সেই সময়ত অৰামে ইফ্ৰয়িমৰ সৈতে যোগ দিয়া কথা দায়ূদৰ বংশৰ লোকসকলক কোৱা হৈছিল; সেয়ে বতাহত অৰন্যৰ গছ কঁপাৰ দৰে তেওঁৰ মন আৰু তেওঁৰ লোকসকলৰ মন কঁপিছিল।
Isaiah 9:17 in Assamese 17 প্ৰভুৱে সেই কাৰণে তেওঁলোকৰ যুবক সকলৰ ওপৰত আনন্দ নকৰিব, আৰু তেওঁলোকৰ পিতৃহীন আৰু বিধবাসকলক দয়া নকৰিব; কিয়নো তেওঁলোকৰ প্ৰত্যেক জনেই অধৰ্ম্মী আৰু কুকৰ্ম্মী, আৰু প্ৰত্যেকেই জ্ঞানহীন কথা কয়। এই সকলোৰ বাবে তেওঁৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত আঘাট কৰিবলৈ উদ্যত হৈ থাকিব।
Isaiah 10:6 in Assamese 6 মই তেওঁক এখন অহংকাৰী দেশৰ বিৰুদ্ধে, আৰু মোৰ প্রচুৰ ক্ৰোধ সহ্য কৰা লোকসকলৰ বিৰুদ্ধে পঠালো। মই তেওঁক লুটদ্রব্য ল’বৰ বাবে লুট কৰিবলৈ, আৰু বাটৰ বোকাৰ দৰে গচকিবলৈ আদেশ দিলোঁ।
Isaiah 28:14 in Assamese 14 যিৰূচালেমৰ লোকসকলক শাসন কৰা জন হে নিন্দক লোকসকল, যিহোৱাৰ বাক্য শুনা।
Isaiah 28:17 in Assamese 17 মই ন্যায় বিচাৰক পৰিমান-জৰী আৰু ধাৰ্মিকক ওলোম-জৰী কৰিম; তাতে শিলাবৃষ্টিয়ে সেই মিছা আশ্ৰয় ভাঙি পেলাব, সেই লুকুউৱা স্থানক বানপানীয়ে তললৈ লৈ যাব।
Isaiah 29:6 in Assamese 6 মেঘ-গৰ্জ্জন, ভূমিকম্প, মহাশব্দ, বা’মৰলী বতাহ, ধুমুহা আৰু সংহাৰক অগ্নিশিখাৰে সৈতে বাহিনীসকলৰ যিহোৱাৰ দ্বাৰাই দণ্ড দিয়া যাব।
Isaiah 29:13 in Assamese 13 যিহোৱাই ক’লে, “এই লোকসকলে মোৰ ওচৰলৈ চাপি নিজৰ নিজৰ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ হ’লে মোৰ পৰা দূৰত আছে। তেওঁলোকৰ মোৰ প্রতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা।
Isaiah 30:8 in Assamese 8 এতিয়া যোৱা, সেই কথা তেওঁলোকৰ সন্মুখত ফলিত লিখা, আৰু নুৰীয়া পুথিত তালিকাভুক্ত কৰা, ভৱিষ্যতলৈ যাতে সাক্ষ্য হ’ব পাৰে সেই বাবে এই সমূহ সংৰক্ষিত কৰি ৰাখা।
Isaiah 30:27 in Assamese 27 চোৱা, যিহোৱাৰ নাম দূৰৈৰ পৰা আহিছে; তেওঁৰ ক্ৰোধাগ্নি জ্বলিছে; ওপৰলৈ উঠা তেওঁৰ ধুৱাঁৰাশি অতি ডাঠ; তেওঁৰ ওঁঠ ক্ৰোধেৰে পৰিপূৰ্ণ, আৰু তেওঁৰ জিভা গ্ৰাস কৰোতা অগ্নিস্বৰূপ।
Isaiah 32:11 in Assamese 11 হে নিশ্চিন্তে থকা মহিলা কম্পিত হোৱা; হে আত্মবিশ্বাসী কম্পমান হোৱা, উওম বস্ত্র সোলোকাই বিবস্ত্ৰ হোৱা, আৰু কঁকালত চট বান্ধা।
Isaiah 34:9 in Assamese 9 ইদোমৰ নৈবোৰ আলকাতৰালৈ পৰিণত হ’ব, তাইৰ ধূলিবোৰ গন্ধক হ’ব, আৰু তাইৰ দেশ প্ৰজ্বলিত আলকাতৰা হ’ব।
Isaiah 66:24 in Assamese 24 তেওঁলোকে বাহিৰলৈ যাব আৰু মোৰ বিৰুদ্ধে বিদ্রোহাচৰণ কৰাসকলৰ মৃত দেহ দেখিব; কাৰণ তেওঁলোকক পোক খাব কিন্তু নমৰিব, আৰু তেওঁলোকক অগ্নিয়ে গ্রাস কৰিব কিন্তু নুনুমাব, আৰু তেওঁলোক সকলো মৰ্ত্ত্যৰ আগত ঘৃণনীয় হ’ব।”
Nahum 1:6 in Assamese 6 তেওঁৰ ক্ৰোধৰ আগত কোনে থিয় হ’ব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধক কোনে সহ্য কৰিব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধৰ সন্মুখত কোনে থিয় হ’ব পাৰে? তেওঁৰ ক্ৰোধ অগ্নিৰ দৰে আহে আৰু তেওঁৰ দ্বাৰাই শিলবোৰ ডোখৰ ডোখৰকৈ ভঙা হয়।
Matthew 18:8 in Assamese 8 তোমালোকক পাপলৈ নিয়াৰ কাৰণ যদি তোমালোকৰ হাত বা ভৰি হয়, তেনেহলে তাক কাটি দূৰলৈ দলিয়াই পেলোৱা; দুই হাত বা দুই ভৰি লৈ অনন্ত জুইত পেলোৱা হোৱাতকৈ, কোঙা বা খোৰা হৈ জীৱনত প্ৰৱেশ কৰাই তোমালোকৰ পক্ষে ভাল।
Matthew 22:12 in Assamese 12 ‘হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি নো ইয়াত কেনেকৈ সোমালা’? তেতিয়া তেওঁ অবাক হ’ল।
Matthew 24:51 in Assamese 51 তাক দুডোখৰ কৰি কপটীয়া সকলৰ লগত তাৰ পাবলগীয়া ভাগ নিৰূপণ কৰিব; তেতিয়া ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।
Matthew 25:41 in Assamese 41 তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক ক’ব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা।
Matthew 25:46 in Assamese 46 এই কাৰণে সিহঁত অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্মিক সকল অনন্ত জীৱনলৈ যাব।”
Mark 9:43 in Assamese 43 যদি তোমাৰ হাত, তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে সেই হাত কাটি পেলোৱা; দুহতীয়া হৈ নৰকৰ নুনুমুৱা জুইলৈ যোৱাতকৈ, কোঙা হৈ জীৱনত সোমোৱা তোমাৰ ভাল।
Luke 16:23 in Assamese 23 ধনী ব্যক্তি জনে নৰকত অতি যাতনা পাই ওপৰলৈ চকু তুলি চাই বহু দুৰত অব্ৰাহাম আৰু তেওঁৰ কোলাত লাজাৰক দেখা পালে৷
2 Thessalonians 1:8 in Assamese 8 যি সকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্রভু যীচুৰ শুভবার্তাৰ আজ্ঞা পালন নকৰে, সেই লোক সকলক তেওঁ জ্বলন্ত অগ্নিত প্রতিশোধ লব।
Hebrews 12:29 in Assamese 29 কিয়নো আমাৰ ঈশ্বৰ গ্ৰাসকাৰী অগ্নিস্বৰূপ।
Revelation 6:15 in Assamese 15 তেতিয়া পৃথিৱীৰ সকলো ৰজা, প্ৰধান লোক, সেনাপতি, ধনৱন্ত আৰু বলৱন্ত, দাস আৰু স্বাধীন লোক সকলে গুহাত আৰু পৰ্বতৰ শিলৰ মাজত নিজক লুকুৱাই ৰাখিলে৷
Revelation 14:10 in Assamese 10 তেনেহলে ঈশ্বৰৰ কোপৰ পান-পাত্ৰত যি ক্ৰোধৰূপ দ্ৰাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে, তাক তেওঁ পান কৰিব লাগিব৷ যি ব্যক্তিয়ে সেই পান কৰিব, তেওঁ পবিত্ৰ স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সাক্ষাতে আৰু সেই মেষ পোৱালিৰ সাক্ষাতে জুই আৰু গন্ধকত যাতনা পাব৷
Revelation 20:10 in Assamese 10 আৰু সিহঁতক ভুলুৱা চয়তানক, গন্ধক আৰু জুইৰ সৰোবৰত পেলোৱা হ’ল যত সেই পশু আৰু ভাঁৰী-কোৱা ভাৱবাদী সকলো আছে; আৰু সিহঁতে চিৰকাললৈকে দিনে-ৰাতিয়ে যাতনা ভোগ কৰিব।