Isaiah 32:2 in Assamese 2 খৰাং ঠাইত পানীৰ সোঁতৰ দৰে, আৰু পৰিশ্রান্ত দেশত বৃহৎ শিলৰ ছাঁৰ দৰে, তেওঁলোক প্ৰতিজনে বতাহৰ পৰা আশ্রয়, আৰু ধুমুহাৰ পৰা নিৰাপতা পাব,
Other Translations King James Version (KJV) And a man shall be as an hiding place from the wind, and a covert from the tempest; as rivers of water in a dry place, as the shadow of a great rock in a weary land.
American Standard Version (ASV) And a man shall be as a hiding-place from the wind, and a covert from the tempest, as streams of water in a dry place, as the shade of a great rock in a weary land.
Bible in Basic English (BBE) And a man will be as a safe place from the wind, and a cover from the storm; as rivers of water in a dry place, as the shade of a great rock in a waste land.
Darby English Bible (DBY) And a man shall be as a hiding-place from the wind, and a covert from the storm; as brooks of water in a dry place, as the shadow of a great rock in a thirsty land.
World English Bible (WEB) A man shall be as a hiding-place from the wind, and a covert from the tempest, as streams of water in a dry place, as the shade of a great rock in a weary land.
Young's Literal Translation (YLT) And each hath been as a hiding-place `from' wind, And as a secret hiding-place `from' inundation, As rivulets of waters in a dry place, As a shadow of a heavy rock in a weary land.
Cross Reference Psalm 31:2 in Assamese 2 মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা; মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয়-শিলা হোৱা, মোৰ দৃঢ় কোঁঠ হোৱা।
Psalm 32:7 in Assamese 7 তুমি মোৰ গুপ্তস্থান; তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা; মুক্তিৰ জয়ধ্ৱনিৰে তুমি মোক আৱৰি ৰাখোঁতা। (চেলা)
Psalm 63:1 in Assamese 1 হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম; পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, মোৰ প্ৰাণ তৃষ্ঞাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।
Psalm 143:9 in Assamese 9 হে যিহোৱা, মোৰ শত্ৰুবোৰৰ পৰা তুমি মোক উদ্ধাৰ কৰা; মই লুকাবৰ কাৰণে তোমাৰ ওচৰলৈ পলাই আহিছোঁ;
Psalm 146:3 in Assamese 3 তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা; তেওঁলোকে সহায় কৰিব নোৱাৰে।
Isaiah 4:5 in Assamese 5 তেতিয়া যিহোৱাই চিয়োন পৰ্ব্বতৰ সকলো ঠাই, আৰু তাৰ সকলো সমবেত হোৱা ঠাইৰ ওপৰত দিনত মেঘ আৰু ধোৱাৰে, আৰু ৰাতি জ্বলন্ত অগ্নিশিখাৰ পোহৰৰ দ্বাৰাই সমুদায় প্ৰতাপৰ ওপৰত এখন চন্দ্ৰতাপ হ’ব।
Isaiah 7:14 in Assamese 14 এই হেতুকে প্ৰভুৱে নিজেই তোমালোকক এটা চিন দিব: চোৱা, যুৱতী কন্যা গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁৰ নাম ইম্মানুৱেল (আমাৰ লগত ঈশ্বৰ) ৰখা হ’ব।
Isaiah 8:10 in Assamese 10 পৰিকল্পনা কৰা, কিন্তু সেয়ে বিফল হ’ব; আদেশ দিয়া, কিন্তু সেয়াও বিফল হ’ব; কাৰণ ঈশ্বৰ আমাৰ লগত আছে।
Isaiah 9:6 in Assamese 6 কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
Isaiah 25:4 in Assamese 4 কিয়নো আপুনি দুখীয়াৰ বাবে সুৰক্ষা, আৰু দুৰৱস্থাত থকা অভাৱীসকলৰ প্রতিপালক, ধুমুহাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয়, আৰু সূৰ্যৰ তাপ নাপাবলৈ ছাঁস্বৰূপ হৈছে।
Isaiah 26:20 in Assamese 20 হে মোৰ লোকসকল যোৱা, তোমালোকৰ কোঁঠালিত সোমোৱা, আৰু চাৰিও ফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেক মনে মনে লুকাই থাকা।
Isaiah 28:17 in Assamese 17 মই ন্যায় বিচাৰক পৰিমান-জৰী আৰু ধাৰ্মিকক ওলোম-জৰী কৰিম; তাতে শিলাবৃষ্টিয়ে সেই মিছা আশ্ৰয় ভাঙি পেলাব, সেই লুকুউৱা স্থানক বানপানীয়ে তললৈ লৈ যাব।
Isaiah 32:18 in Assamese 18 মোৰ লোকসকলে শান্তিপূর্ণ বাসস্থানত, নিৰাপত্তাহীন ঘৰবোৰত, আৰু শান্তিপূর্ণ বিশ্ৰামৰ ঠাইবোৰত বাস কৰিব।
Isaiah 35:6 in Assamese 6 সেই সময়ত খোৰাসকলে হৰিণীৰ দৰে জাঁপ মাৰিব, আৰু বোবাসকলৰ জিভাই গান গাব, কাৰণ মৰুভুমিৰ পৰা পানীৰ ভুমুক আৰু মৰুপ্রান্তৰত জুৰিবোৰ ওলাব।
Isaiah 41:18 in Assamese 18 মই এঢলীয়া স্থানৰ পৰা তললৈ যোৱাকৈ নদীবোৰ, আৰু উপত্যকাৰ মাজত ভুমুকবোৰ উলিয়াম; মই মৰুভূমিক এক জলাশয় কৰিম, আৰু খৰাং মাটিক ভুমুকেৰে পৰিপূৰ্ণ কৰিম।
Isaiah 43:20 in Assamese 20 বনৰীয়া জন্তুবোৰে, শিয়াল আৰু উটপক্ষীবোৰে মোক সন্মান কৰিব; কাৰণ মই আৰণ্যত পানী দিলোঁ, মৰুভূমিত নদী,
Isaiah 44:3 in Assamese 3 কাৰণ মই তৃষ্ণাতুৰ ভূমিৰ ওপৰত পানী বৰষাম, আৰু খৰাং ঠাইৰ ওপৰত নদী বোৱাম; মই তোমাৰ বংশৰ ওপৰত নিজ আত্মা, তোমাৰ সন্তানৰ ওপৰত নিজৰ আশীৰ্ব্বাদ বাকি দিম।
Micah 5:4 in Assamese 4 যিহোৱাৰ শক্তিৰে তেওঁ থিয় হ’ব, আৰু তেওঁৰ পশুৰ জাক চৰাব, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ নামৰ মহিমাত, তেওঁলোকে বাস কৰিব; কাৰণ তেওঁ পৃথিবীৰ শেষলৈকে মহান হ’ব।
Zechariah 13:7 in Assamese 7 “হে তৰোৱাল! তুমি মোৰ ভেড়াৰখীয়াৰ অহিতে, মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা”- এয়ে বাহিনীসকলৰ যিহোৱাৰ ঘোষণা। “ভেড়া-ৰখীয়াজনক আঘাত কৰা, তেতিয়া ভেড়াবোৰ ছিন্ন-ভিন্ন হৈ যাব! কিয়নো মই ক্ষুদ্ৰসকলৰ ওপৰত মোৰ হাত চলাম।
Matthew 7:24 in Assamese 24 সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে।
John 7:37 in Assamese 37 পৰ্বৰ শেষৰ দিন - যি দিনটো পর্বৰ প্ৰধান দিন, সেইদিনা যীচুৱে অশ্ৰু টুকি থিয় হ’ল, আৰু উচ্চস্বৰে ক’লে, “কোনো মানুহৰ যদি পিয়াহ লাগে, তেওঁ মোৰ ওচৰলৈ আহি পান কৰক।
1 Timothy 3:16 in Assamese 16 আৰু একেলগে আমি একমত হৈ কওঁ যে, ‘ঈশ্বৰভক্তিৰ নিগূঢ় সত্য অতি মহান৷ তেওঁ মাংসত প্ৰকাশিত হ’ল, আত্মাত ধাৰ্মিক বুলি গণিত কৰা হ’ল, দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ’ল, অন্যান্য জাতি সকলৰ আগত ঘোষণা কৰা হ’ল, জগতত লোকসকলে বিশ্বাস কৰা হ’ল, মহিমাৰে তুলি নিয়া হ’ল’।
Revelation 22:1 in Assamese 1 পাছত সেই দূত জনে মোক জীৱন-জলৰ সেই নদী দেখুৱালে, সেই পানী স্ফটিকৰ নিচিনা উজ্জ্বল৷ ঈশ্বৰ আৰু মেষ পোৱালিৰ সেই সিংহাসনৰ পৰা সেই নদী,