Isaiah 30:30 in Assamese 30 যিহোৱাই নিজৰ জলন্ত ক্ৰোধেৰে আৰু গ্ৰাস কৰোঁতা অগ্নিশিখাৰে, প্ৰচণ্ড বতাহ আৰু ধুমুহাৰে, আৰু শিলাবৃষ্টিৰে, তেওঁ নিজৰ মহিমান্বিত স্বৰ শুনাব, আৰু নিজৰ বাহু লৰচৰ কৰি দেখুৱাব।
Other Translations King James Version (KJV) And the LORD shall cause his glorious voice to be heard, and shall shew the lighting down of his arm, with the indignation of his anger, and with the flame of a devouring fire, with scattering, and tempest, and hailstones.
American Standard Version (ASV) And Jehovah will cause his glorious voice to be heard, and will show the lighting down of his arm, with the indignation of `his' anger, and the flame of a devouring fire, with a blast, and tempest, and hailstones.
Bible in Basic English (BBE) And the Lord will send out the sound of his great voice, and they will see his arm stretched out, with the heat of his wrath, and the flame of a burning fire; with a cloud-burst, and storm, and a rain of ice.
Darby English Bible (DBY) And Jehovah will cause the majesty of his voice to be heard, and will shew the lighting down of his arm with indignation of anger, and a flame of consuming fire, with waterflood and storm and hailstones.
World English Bible (WEB) Yahweh will cause his glorious voice to be heard, and will show the lighting down of his arm, with the indignation of [his] anger, and the flame of a devouring fire, with a blast, and tempest, and hailstones.
Young's Literal Translation (YLT) And caused to be heard hath Jehovah The honour of His voice, And the coming down of His arm He doth shew with the raging of anger, And the flame of a consuming fire, Scattering, and inundation, and hailstone.
Cross Reference Exodus 15:16 in Assamese 16 ভয় আৰু ত্ৰাসে তেওঁলোকক বেৰি ধৰিলে; আপোনাৰ বাহুবলৰ শক্তিৰ কাৰণে তেওঁলোক শিলৰ দৰে নীৰৱ হৈ ৰ’ল; হে যিহোৱা, আপোনাৰ লোকসকল পাৰ নোহোৱালৈকে; আপুনি উদ্ধাৰ কৰা লোকসকল পাৰ নোহোৱালৈকে।
Joshua 10:11 in Assamese 11 ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাই যোৱা সময়ত তেওঁলোকে যেতিয়া বৈৎ-হোৰোণৰ পৰা নামি যোৱা বাটত আছিল, তেতিয়া যিহোৱাই আকাশৰ পৰা ডাঙৰ ডাঙৰ শিল বৰষালে আৰু তাতে তেওঁলোকৰ মৃত্যু হ’ল৷ ইস্ৰায়েলৰ সন্তানসকলে যিমান মানুহ তৰোৱালেৰে বধ কৰিছিল, তাতকৈয়ো অধিক লোক শিলাবৃষ্টিত মৰিল।
1 Samuel 7:10 in Assamese 10 চমূৱেলে হোমবলি উৎসৰ্গ কৰোঁতে, ফিলিষ্টীয়া সকলে ইস্ৰায়েলক আক্ৰমণ কৰিবলৈ ওচৰ চাপি আহিছিল; কিন্তু সেইদিনা যিহোৱাই ফিলিষ্টীয়া সকলৰ ওপৰত উচ্ছ-ধ্ৱনিৰে মেঘ-গৰ্জ্জন কৰি ব্যাকুল কৰিলে; তাতে তেওঁলোক ইস্ৰায়েলৰ সন্মুখত পতিত হ’ল।
Job 37:2 in Assamese 2 শুনা, শুনা, সেইয়া তেওঁৰ গৰ্জ্জনৰ ধ্বনি, সেয়া তেওঁৰ মুখৰ পৰা ওলোৱা শব্দ।
Job 40:9 in Assamese 9 তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে? তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা?
Psalm 2:5 in Assamese 5 তেওঁ ক্রোধ কৰি তেওঁলোকক ধমক দিব, তেওঁৰ প্রচণ্ড ক্রোধে তেওঁলোকৰ মনত ভয় জন্মাব।
Psalm 18:13 in Assamese 13 যিহোৱাই নিজেও আকাশত গৰ্জ্জন কৰিলে; শিলাবৃষ্টি আৰু জ্বলি থকা আঙঠাৰ মাজেদি সৰ্ব্বোপৰি জনাৰ মাত শুনা গ’ল।
Psalm 29:3 in Assamese 3 জলসমূহৰ ওপৰত যিহোৱাৰ স্বৰ শুনা যায়; গৌৰৱান্বিত ঈশ্বৰে বজ্ৰধ্বনিৰে গর্জন কৰে, যিহোৱা মহাজলসমুহৰ ওপৰত বিদ্যমান।
Psalm 46:6 in Assamese 6 জাতিবোৰে হৈ চৈ কৰিছে; ৰাজ্যবোৰ উচ্ছন্ন হৈছে; তেওঁ গর্জন কৰি উঠিছে আৰু পৃথিবী দ্রৱীভূত হ’ল।
Psalm 50:1 in Assamese 1 পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে, সূৰ্য্যৰ উদয়স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে।
Psalm 76:5 in Assamese 5 এই দুঃসাহিয়ালসকলক অপহৰণ কৰা হল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হল। পৰাক্ৰমীসকল অসহায় হ’ল।
Psalm 97:3 in Assamese 3 অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে; চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে।
Psalm 98:1 in Assamese 1 তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা; কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে; তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে আমাক জয়ী কৰিলে।
Isaiah 28:2 in Assamese 2 চোৱা, প্ৰভূৰ এজন পৰাক্ৰমী আৰু বলৱান লোক আছে; শিলৰ ধুমুহাৰ দৰে, ধ্বংসাত্মক প্ৰচণ্ড বতাহৰ দৰে, তললৈ নিয়া প্ৰবল ধল পানীৰ সোঁতৰ দৰে, তেওঁ নিজৰ হাতেৰে পৃথিৱীক প্রহাৰ কৰিব।
Isaiah 29:6 in Assamese 6 মেঘ-গৰ্জ্জন, ভূমিকম্প, মহাশব্দ, বা’মৰলী বতাহ, ধুমুহা আৰু সংহাৰক অগ্নিশিখাৰে সৈতে বাহিনীসকলৰ যিহোৱাৰ দ্বাৰাই দণ্ড দিয়া যাব।
Isaiah 32:19 in Assamese 19 কিন্তু তথাপিও যদি শিলাবৃষ্টি হয়, অৰণ্য ধ্বংস হ’ব, আৰু নগৰবোৰ সম্পূৰ্ণৰূপে বিলুপ্ত হ’ব।
Isaiah 51:9 in Assamese 9 সজাগ হোৱা,সজাগ হোৱা, যিহোৱাৰ বাহু-বল আৰু শক্তিৰে তোমালোকে নিজকে আবৃত কৰা। প্ৰাচীন কালৰ প্রজননসকল, পুৰনি দিনৰ দৰে সজাগ হোৱা। সাগৰৰ ৰাক্ষসক গুৰি কৰা আৰু সর্পসিংহক খোঁচা জন আপুনিয়ে নে ?
Isaiah 62:8 in Assamese 8 যিহোৱাই নিজৰ সোঁ হাত, আৰু নিজৰ বলৱান বাহুৰে শপত কৰিলে, “তোমাৰ শত্রুবোৰৰ আহাৰৰ বাবে, নিশ্চয়ে মই তেওঁলোকক তোমাৰ শস্য আৰু নিদিম, আৰু বিদেশীসকলে তুমি পৰিশ্ৰমেৰে অৰ্জ্জা তোমাৰ দ্ৰাক্ষাৰস আৰু পান কৰিবলৈ নাপাব;
Ezekiel 10:5 in Assamese 5 আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে কথা কোৱা সময়ৰ শব্দৰ দৰে কৰূব কেইজনৰ ডেউকাৰ শব্দ বাহিৰ-চোতাললৈকে শুনা গৈছিল।
Ezekiel 38:19 in Assamese 19 কিয়নো মোৰ অন্তৰ্জ্জ্বালাত আৰু ক্ৰোধাগ্নিত মই কৈছোঁ, ইস্ৰায়েল দেশত সেই দিনা নিশ্চয়ে মহৎ কম্পন হ’ব যে,
Micah 1:4 in Assamese 4 জুইৰ তাপত মম গলাৰ দৰে পৰ্ব্বতবোৰ তেওঁৰ আগত পমি যাব, এঢলীয়া ঠাইৰ পৰা যেনেকৈ পানী ঢালিলে তললৈ বৈ আহে তেনেকৈ তেওঁৰ আগত উপত্যকাবোৰ ভাঙি ছিন্ন ভিন্ন হৈ যাব।
Nahum 1:2 in Assamese 2 যিহোৱা নিজ মৰ্য্যদা ৰখাত উদ্যোগী আৰু প্ৰতিকাৰ সাধোঁতা ঈশ্বৰ; যিহোৱা প্ৰতিকাৰ সাধোতা আৰু ক্ৰোধেৰে পৰিপূৰ্ণ; যিহোৱাই তেওঁৰ নিজ বিৰোধী সকলৰ ওপৰত প্ৰতিকাৰ সাধে আৰু নিজ শত্ৰুবোৰৰ কাৰণে ক্ৰোধ ৰাখে।
Matthew 24:7 in Assamese 7 জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যৰ উঠিব, ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ’ব৷
Luke 1:51 in Assamese 51 তেওঁ নিজ বাহুৰ দ্বাৰাই পৰাক্ৰমী কর্ম কৰিলে। নিজ নিজ হৃদয়ৰ কল্পনাত অহংকাৰী সকলক তেওঁ ছিন্ন-ভিন্ন কৰিলে।
2 Thessalonians 1:8 in Assamese 8 যি সকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্রভু যীচুৰ শুভবার্তাৰ আজ্ঞা পালন নকৰে, সেই লোক সকলক তেওঁ জ্বলন্ত অগ্নিত প্রতিশোধ লব।
Revelation 1:15 in Assamese 15 তেওঁৰ চৰণ চক্চকীয়া পিতলৰ নিচিনা, একেবাৰে অগ্নিশালত মসৃণ কৰা পিতলৰ নিচিনা আৰু তেওঁৰ কণ্ঠ, ক্ষিপ্র গতিত বাগৰি থকা পানীৰ নিচিনা আছিল।
Revelation 6:12 in Assamese 12 পাছত মেষ পোৱালিটোৱে যেতিয়া ষষ্ঠ ছাবটো মেলিলে, তেতিয়া মই চাই দেখিলোঁ যে, মহা-ভুমিকম্প হ’বলৈ ধৰিলে; আৰু চট কাপোৰৰ নিচিনা সূৰ্য ক’লা হ’ল; চন্দ্ৰ গোটেইটো তেজৰ নিচিনা হ’ল।
Revelation 11:19 in Assamese 19 পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ যেতিয়া মুকলি কৰা হ’ল; তেতিয়া তেওঁৰ বিধানৰ নিয়ম-চন্দুক দেখা গ’ল৷ তাতে বিজুলী, গাজনি, মেঘ-গৰ্জ্জন, ভুমিকম্প আৰু মহা-শিলাবৃষ্টি হ’ল।
Revelation 14:16 in Assamese 16 তেতিয়া মেঘত বহি থকা জনে পৃথিৱীত কাচি লগালে; তাতে পৃথিৱীৰ শস্য দোৱা হ’ল।
Revelation 16:18 in Assamese 18 তেতিয়া বিজুলী, গুজৰনি, মেঘ-গৰ্জ্জন আৰু মহা-ভুমিকম্প হ’ল, তেনে ভুমিকম্প পৃথিৱীত মনুষ্য সৃষ্টি হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল; এই ভুমিকম্প অতি ভয়ানক আছিল৷