Isaiah 30:29 in Assamese 29 পবিত্ৰ ভোজ পালন কৰা ৰাতিৰ গীতৰ দৰে তোমালোকৰ গীত হ’ব, যিহোৱাৰ পৰ্ব্বতলৈ, ইস্ৰায়েলৰ শিলালৈ বাঁহী বজাই যোৱাৰ দৰে তোমালোকৰ মনত আনন্দ হ’ব।
Other Translations King James Version (KJV) Ye shall have a song, as in the night when a holy solemnity is kept; and gladness of heart, as when one goeth with a pipe to come into the mountain of the LORD, to the mighty One of Israel.
American Standard Version (ASV) Ye shall have a song as in the night when a holy feast is kept; and gladness of heart, as when one goeth with a pipe to come unto the mountain of Jehovah, to the Rock of Israel.
Bible in Basic English (BBE) You will have a song, as in the night when a holy feast is kept; and you will be glad in heart, as when they go with music of the pipe to the mountain of the Lord, the Rock of Israel.
Darby English Bible (DBY) Ye shall have a song, as in the night when a feast is sanctified; and joy of heart, as of one who goeth with a pipe to come unto the mountain of Jehovah, to the Rock of Israel.
World English Bible (WEB) You shall have a song as in the night when a holy feast is kept; and gladness of heart, as when one goes with a pipe to come to the mountain of Yahweh, to the Rock of Israel.
Young's Literal Translation (YLT) Singing is to you as in a night sanctified for a festival, And joy of heart as he who is going with a pipe, To go in to the mountain of Jehovah, Unto the rock of Israel.
Cross Reference Exodus 15:1 in Assamese 1 তাৰ পাছত মোচি আৰু ইস্ৰায়েলী লোকসকলে যিহোৱাৰ উদ্দেশ্যে এই স্তুতি গীত গাইছিল; তেওঁলোকে এইদৰে গাইছিল, “মই যিহোৱাৰ উদ্দেশ্যে গান কৰিম, কিয়নো তেওঁ মহা জয়েৰে গৌৰৱাম্বিত হ’ল; তেওঁ ঘোঁৰা আৰু অশ্বাৰোহীক সমূদ্ৰত পেলালে।
Leviticus 23:32 in Assamese 32 সেই দিন তোমালোকৰ সম্পূৰ্ণ বিশ্ৰামৰ দিন হ’ব; সেই মাহৰ নবম দিনা তোমালোকে উপবাস ৰাখিবা আৰু সন্ধ্যা সময়ত এক সন্ধ্যাৰ পৰা আন সন্ধ্যালৈকে তোমালোকে তোমালোকৰ সেই বিশ্ৰাম-দিন পালন কৰিবা।”
Deuteronomy 16:6 in Assamese 6 কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, মিচৰ দেশৰ পৰা ওলাই অহাৰ সময় পৰিলে, সন্ধ্যাবেলা সূৰ্য্য মাৰ যোৱা সময়ত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব।
Deuteronomy 16:14 in Assamese 14 আপোনালোকৰ সেই উৎসৱত আপোনালোকৰ পো-জী, বন্দী-বেটী আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়াসকল, বিদেশীসকল, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।
Deuteronomy 32:4 in Assamese 4 তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত, তেওঁৰ সকলো পথ ন্যায়, তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে; তেওঁ ন্যায়বান আৰু সৎ।
Deuteronomy 32:31 in Assamese 31 শত্রুৰ শিলা আমাৰ শিলাৰ নিচিনা নহয়; আমাৰ শত্ৰুবোৰেও এইদৰে স্বীকাৰ কৰে।
1 Chronicles 13:7 in Assamese 7 সেয়েহে তেওঁলোকে অবীনাদবৰ ঘৰৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক উলিয়াই আনিলে আৰু এখন নতুন ৰথত তুলিলে। উজ্জা আৰু অহিয়া সেই ৰথৰ পথ প্রদৰ্শক হ’ল।
2 Chronicles 20:27 in Assamese 27 তাৰ পাছত যিহূদা আৰু যিৰূচালেমৰ প্ৰতিজন লোকে আৰু তেওঁলোকৰ অগ্ৰগামী যিহোচাফটে আনন্দেৰে যিৰূচালেমলৈ ঘূৰি আহিবলৈ নিশ্চিত কৰিলে; কিয়নো যিহোৱাই তেওঁলোকৰ শত্ৰুবোৰৰ ওপৰত তেওঁলোকক আনন্দিত কৰিছিল।
Psalm 18:31 in Assamese 31 যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰৰ বাহিৰে কোন আশ্রয় শিলা আছে ?
Psalm 32:7 in Assamese 7 তুমি মোৰ গুপ্তস্থান; তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা; মুক্তিৰ জয়ধ্ৱনিৰে তুমি মোক আৱৰি ৰাখোঁতা। (চেলা)
Psalm 42:4 in Assamese 4 কান্দোনত যেতিয়া মোৰ অন্তৰাত্মা ভাগি পৰে, তেতিয়া এইবোৰ কথা মই সোঁৱৰণ কৰোঁ পর্ব পালন কৰা লোকসমূহক লৈ মই কেনেকৈ আনন্দ-ধ্বনি আৰু ধন্যবাদেৰে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।
Psalm 81:1 in Assamese 1 আমাৰ বলস্বৰূপ ঈশ্বৰৰ উদ্দেশ্যে তোমালোকে উচ্চস্বৰেৰে গান কৰা; যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে আনন্দৰ ধ্বনি কৰা।
Psalm 95:1 in Assamese 1 আহাঁ, আমি যিহোৱাৰ উদ্দেশ্যে গান কৰোহকঁ; আমাৰ পৰিত্ৰাণৰ শিলাৰ অৰ্থে আনন্দ-ধ্বনি কৰোঁহক।
Psalm 150:3 in Assamese 3 শিঙা-বাদ্যেৰে তেওঁৰ প্ৰশংসা কৰা; নেবল আৰু বীণাৰে তেওঁৰ প্ৰশংসা কৰা।
Isaiah 2:3 in Assamese 3 আনেক লোক আহিব আৰু ক’ব, “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতলৈ, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ উঠি যাওহঁক; সেয়ে তেওঁ আমাক তেওঁৰ কিছুমান পথৰ বিষয়ে শিক্ষা দিব; তাতে আমি তেওঁৰ পথত গমন কৰিব পাৰিম।” কিয়নো চিয়োনৰ পৰা বিধান আৰু যিৰুচালেমৰ পৰা যিহোৱাৰ বাক্য ওলাই যাব।
Isaiah 12:1 in Assamese 1 সেই দিনা তুমি ক’বা, “হে যিহোৱা, মই আপোনাৰ ধন্যবাদ কৰিম; কাৰণ যদিও আপুনি মোৰ ওপৰত ক্ৰোধ আছিল, তথাপিও আপোনাৰ ক্ৰোধ আঁতৰিল, আৰু আপুনি মোক শান্ত্বনা দিলে।
Isaiah 26:1 in Assamese 1 সেই দিনা যিহোদাৰ দেশত এই গীত গোৱা হ’ব, “আমাৰ এখন দৃঢ় নগৰ আছে; প্রভুৱে পৰিত্ৰাণকেই তাৰ দেৱাল আৰু গড় নিৰূপিত কৰিলে।
Isaiah 26:4 in Assamese 4 তোমালোকে চিৰকাললৈকে যিহোৱাত ভৰসা কৰা; কিয়নো যিহোৱা চিৰস্থায়ী শিলা।
Jeremiah 19:1 in Assamese 1 যিহোৱাই এই কথা ক’লে, “তুমি গৈ কুমাৰৰ এটা টেকেলি কিনা, আৰু প্ৰজাসকলৰ জনচাৰেক ও পুৰোহিতসকলৰ জনচাৰেক বৃদ্ধ লোকসকল
Jeremiah 33:11 in Assamese 11 আকৌ আনন্দৰ ধ্বনি, উল্লাসৰ ধ্বনি, দৰা-কন্যা ধ্বনি আৰু “বাহিনীসকলৰ যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো যিহোৱা মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে,” এই বুলি কোৱাসকলৰ ধ্বনি, আৰু যিহোৱাৰ গৃহলৈ ধন্যবাদাৰ্থক বলি অনাসকলৰ ধ্বনি পুনৰায় শুনা যাব। কিয়নো, মই এই দেশৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰি আগৰ দৰে কৰিম। কিয়নো যিহোৱাই এই কথা কৈছে।
Matthew 26:30 in Assamese 30 পাছত তেওঁলোকে বাহিৰ ওলাই গীত গাই গাই জৈতুন পৰ্বতলৈ গ’ল।
Revelation 15:3 in Assamese 3 সেই লোক সকলে ঈশ্বৰৰ দাস মোচিৰ গীত আৰু সেই মেষ পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে জাতিবোৰ ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷