Isaiah 3:8 in Assamese 8 কাৰণ যিৰূচালেম ধ্বংস হৈছে, আৰু যিহূদা পতিত হৈছে; কিয়নো তেওঁলোকৰ কথা আৰু কাৰ্যবোৰ যিহোৱাৰ বিৰুদ্ধে, এনে কি, তেওঁৰ ৰাজকীয় ক্ষমতাও অমান্য কৰা হৈছে।
Other Translations King James Version (KJV) For Jerusalem is ruined, and Judah is fallen: because their tongue and their doings are against the LORD, to provoke the eyes of his glory.
American Standard Version (ASV) For Jerusalem is ruined, and Judah is fallen; because their tongue and their doings are against Jehovah, to provoke the eyes of his glory.
Bible in Basic English (BBE) For Jerusalem has become feeble, and destruction has come on Judah, because their words and their acts are against the Lord, moving the eyes of his glory to wrath.
Darby English Bible (DBY) For Jerusalem stumbleth and Judah falleth, because their tongue and their doings are against Jehovah, to provoke the eyes of his glory.
World English Bible (WEB) For Jerusalem is ruined, and Judah is fallen; Because their tongue and their doings are against Yahweh, To provoke the eyes of his glory.
Young's Literal Translation (YLT) For stumbled hath Jerusalem, and Judah hath fallen, For their tongue and their doings `are' against Jehovah, To provoke the eyes of His glory.
Cross Reference 2 Chronicles 28:5 in Assamese 5 এই হেতুকে তেওঁৰ ঈশ্বৰ যিহোৱাই তেওঁক অৰামৰ ৰজাৰ হাতত শোধাই দিছিল৷ তাতে অৰামীয়াসকলে তেওঁক পৰাজয় কৰিলে আৰু তেওঁৰ অনেক লোকক বন্দী কৰি দম্মেচকলৈ লৈ গ’ল। আহজক ইস্ৰায়েলৰ ৰজাৰ হাততো সমৰ্পণ কৰা হ’ল, যিজনে মহা-সংহাৰেৰে তেওঁক পৰাজয় কৰিলে৷
2 Chronicles 28:18 in Assamese 18 ফিলিষ্টীয়াসকলেও নিম্ন ভূমিৰ আৰু যিহূদাৰ দক্ষিণ অঞ্চলৰ নগৰবোৰ আক্ৰমণ কৰিছিল৷ তেওঁলোকে বৈৎ-চেমচ, অয়ালোণ, গদেৰো, উপনগৰে সৈতে চোকো, উপনগৰে সৈতে তীম্না আৰু উপনগৰে সৈতে গিমজো অধীনত কৰি লৈছিল আৰু সেইবোৰ ঠাইত তেওঁলোকে বাস কৰিছিল।
2 Chronicles 33:6 in Assamese 6 আৰু তেওঁ নিজৰ সন্তানসকলক হিন্নোমৰ পুতেকৰ উপত্যকাত অগ্নিৰ মাজেদি যাত্ৰা কৰালে; গণকৰ কাৰ্য কৰিলে, লক্ষণ চালে, মায়া কৰ্ম কৰিলে আৰু ভুত-পোহা আৰু গুণমন্ত্ৰ জনাসকলক লগালে৷ যিহোৱাক বেজাৰ দিবৰ অৰ্থে তেওঁৰ সাক্ষাতে তেওঁ বহুত কু-আচৰণ কৰিলে।
2 Chronicles 33:11 in Assamese 11 এই কাৰণে যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে অচুৰৰ ৰজাৰ সেনাপতি সকলক আনিলে; তেওঁলোকে মনচিক ধৰি হাকোঁতা লগাই শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল।
2 Chronicles 36:17 in Assamese 17 এই হেতুকে তেওঁ কল্দীয়াসকলৰ ৰজাক তেওঁলোকৰ বিৰুদ্ধে আনিলে; তেওঁ তেওঁলোকৰ ধৰ্ম্মধামত তেওঁলোকৰ ডেকাসকলৰ তৰোৱালেৰে বধ কৰিলে, যুৱক কি যুৱতী, বৃদ্ধ কি অতি লুৰলুৰিয়া বুঢ়া, কালৈকো দয়া নকৰিলে, ঈশ্বৰে তেওঁৰ হাতত সকলোকে শোধাই দিলে।
Psalm 73:8 in Assamese 8 তেওঁলোকে মহাবিদ্রোপৰে দুষ্টতাৰ কথা কয়; তেওঁলোকে অহংকাৰ কৰি ভয় দেখুৱাই আক্রমণ কৰে।
Isaiah 1:7 in Assamese 7 তোমালোকৰ দেশ উচ্ছন্ন হৈছে; তোমালোকৰ নগৰবোৰ অগ্নিদগ্ধ হৈছে; বিদেশীলোকে তোমালোকৰ চকুৰ আগতে সেইবোৰ ধ্বংস কৰিছে; সেয়ে বিদেশীসকলৰ বিধ্বংসৰ দ্বাৰাই পৰিত্যক্ত কৰি উচ্ছন্ন কৰা হৈছে।
Isaiah 5:18 in Assamese 18 যিসকলে অসাৰতাৰূপ ৰছীৰে অপৰাধ আৰু ৰছীৰে গাড়ী টনা জৰী সৈতে পাপ টানি নিয়ে, তেওঁলোকৰ সন্তাপ হ’ব;
Isaiah 9:17 in Assamese 17 প্ৰভুৱে সেই কাৰণে তেওঁলোকৰ যুবক সকলৰ ওপৰত আনন্দ নকৰিব, আৰু তেওঁলোকৰ পিতৃহীন আৰু বিধবাসকলক দয়া নকৰিব; কিয়নো তেওঁলোকৰ প্ৰত্যেক জনেই অধৰ্ম্মী আৰু কুকৰ্ম্মী, আৰু প্ৰত্যেকেই জ্ঞানহীন কথা কয়। এই সকলোৰ বাবে তেওঁৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত আঘাট কৰিবলৈ উদ্যত হৈ থাকিব।
Isaiah 57:4 in Assamese 4 তোমালোকে কাক আনন্দেৰে উপহাস কৰিছা ? কাৰ বিৰুদ্ধে মুখ মেলিছা আৰু জিভা উলিয়াইছা ? তোমালোক বিদ্রোহী আৰু প্রৱঞ্চকৰ সন্তান নোহোৱানে?
Isaiah 65:3 in Assamese 3 বাৰীত বলিদান দিলে, আৰু ইটাৰ ওপৰত ধূপ জ্বলালে, এওঁলোকেই সেই লোক যি সদায় মোক অসন্তুষ্ট কৰিলে।
Jeremiah 26:6 in Assamese 6 তেনেহ’লে মই এই গৃহক চীলোৰ দৰে কৰিম, আৰু এই নগৰক পৃথিৱীৰ আটাই জাতিৰ শাওৰ বিষয় কৰিম।
Jeremiah 26:18 in Assamese 18 তেওঁলোকে ক’লে, “যিহূদাৰ হিষ্কিয়া ৰজাৰ ৰাজত্বৰ কালত মোৰেষ্টিয়া মীখায়াই ভাববাণী প্ৰচাৰ কৰিছিল। তেওঁ যিহূদাৰ আটাই লোকক কৈছিল, ‘বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছিল: “চিয়োনক পথাৰৰ দৰে চহোৱা হ’ব, যিৰূচালেম ভগ্নৰাশি হ’ব আৰু গৃহটি থকা পৰ্ব্বতটো কাঠনিৰ ওখ ঠাইৰ দৰে হ’ব।”
Lamentations 5:16 in Assamese 16 আমাৰ মুৰৰ পৰা মুকুটটি খহি পৰিল! আমাৰ সন্তাপ হ’ল! কিয়নো আমি পাপ কৰিলোঁ!
Ezekiel 8:4 in Assamese 4 মই সেই উপত্যকাত যি অৱস্থাত সেই দৰ্শন দেখিছিলোঁ, সেইদৰে ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱো সেই ঠাইত আছিল।
Ezekiel 8:12 in Assamese 12 তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশৰ পৰিচাৰকসকলে অন্ধকাৰত কি কৰিছে সেই বিষয়ে তুমি দেখিছা নে? এইদৰে প্রতিজনে নিজ নিজ গুপ্ত কোঁঠালিত প্রতিমাবোৰৰ সৈতে তেওঁলোকে কয়, ‘যিহোৱাই আমাক দেখা নাপায়! যিহোৱাই দেশখন ত্যাগ কৰিলে’!”
Ezekiel 8:17 in Assamese 17 তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে? ইয়াত যিহূদা বংশই যি যি ঘিণলগীয়া কাৰ্য্য কৰিছে, সেই সকলো কাৰ্য্য জানো তেওঁলোকলৈ লঘূ বিষয়? কিয়নো তেওঁলোকে দেশ অত্যাচাৰেৰে পূৰ কৰিলে আৰু মোক বেজাৰ দিবলৈ পুনৰায় ঘূৰিছে; আৰু চোৱা, তেওঁলোকে ডালবোৰ নাকত লগাইছে।
Ezekiel 9:9 in Assamese 9 তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’
Hosea 7:16 in Assamese 16 তেওঁলোকে ঘূৰিছে, কিন্তু অতি উর্দ্ধত থকা মোলৈ ঘূৰা নাই; তেওঁলোক এক ত্রুটিপূর্ণ ধনুৰ নিচিনা হ’ল; তেওঁলোকৰ নেতাসকল নিজৰ জিভাৰ দাম্ভিকপূর্ণ কথাৰ কাৰণে তৰোৱালৰ দ্বাৰাই পতিত হ’ব। এইদৰে ইস্রায়েলীয়াসকল মিচৰ দেশত হাঁহিয়াতৰ পাত্র হ’ব।
Micah 3:12 in Assamese 12 এই হেতুকে তোমালোকৰ কাৰণে পথাৰ চহোৱাৰ দৰে চিয়োনক চহোৱা হ’ব, যিৰূচালেম ধ্বংসৰ স্তূপ হ’ব, আৰু মন্দিৰ থকা পাহাৰ জংঘলৰ দৰে হ’ব।
Habakkuk 1:13 in Assamese 13 পাপলৈ স্থিৰভাৱে দৃষ্টি কৰিবলৈ আপোনাৰ দৃষ্টি অতি পবিত্র, আৰু আপুনি অনুগ্রহেৰে সৈতে অন্যায় কাৰ্য চাব নোৱাৰে। তেনেহ’লে আপুনি বিশ্বাসঘাত কৰা সকললৈ কিয় অনুগ্রহেৰে দৃষ্টি কৰিছে? দুষ্টলোকে নিজতকৈ অধিক ধাৰ্ম্মিক লোকক গ্ৰাস কৰাৰ সময়ত আপুনি কিয় নিৰৱে থাকে?
Malachi 3:13 in Assamese 13 যিহোৱাই পুনৰ কৈছে, “তোমালোকে মোৰ অহিতে টান টান কথা কৈছা।” কিন্তু তোমালোকে কৈছা, ‘আমি তোমাৰ অহিতে কি কলোঁ?’
Matthew 12:36 in Assamese 36 কিন্তু মই আপোনালোকক কওঁ, লোক সকলে যিবোৰ অনৰ্থক কথা কয়, সোধ-বিচাৰৰ দিনা প্রত্যেকটো কথাৰ হিচাব তেওঁলোকে দিব লাগিব।
1 Corinthians 10:22 in Assamese 22 নতুবা, আমি প্ৰভুৰ ঈৰ্ষা জন্মাব খুজিছোঁ নে কি? আমি জানো তেওঁতকৈ বলৱন্ত?
Jude 1:15 in Assamese 15 সকলো লোকৰ সোধ-বিচাৰ কৰিবলৈ আৰু ভক্তিহীন সকলে নিজৰ সকলো ভক্তিহীন কাৰ্যৰ দ্বাৰাই যি ভক্তি লঙ্ঘন কৰিলে আৰু ভক্তিহীন পাপী লোকে তেওঁৰ বিৰুদ্ধে যি কঠিন কথা ক’লে, সেই সকলোবোৰ বিষয়ত থকা দোষৰ প্ৰমাণ দিবলৈ আহিল৷”