Isaiah 3:24 in Assamese 24 সুগন্ধি দ্রব্যৰ সলনি দুৰ্গন্ধ, আৰু টঙালিৰ সলনি ৰচি, পৰিপাটিকৈ ৰখা চুলিৰ সলনি টকলা মূৰ, আৰু দীঘল পৰিধান বস্ত্ৰৰ সলনি চট কাপোৰ, আৰু সৌন্দৰ্যৰ সলনি পোৰা দাগ দিব।
Other Translations King James Version (KJV) And it shall come to pass, that instead of sweet smell there shall be stink; and instead of a girdle a rent; and instead of well set hair baldness; and instead of a stomacher a girding of sackcloth; and burning instead of beauty.
American Standard Version (ASV) And it shall come to pass, that instead of sweet spices there shall be rottenness; and instead of a girdle, a rope; and instead of well set hair, baldness; and instead of a robe, a girding of sackcloth; branding instead of beauty.
Bible in Basic English (BBE) And in the place of sweet spices will be an evil smell, and for a fair band a thick cord; for a well-dressed head there will be the cutting-off of the hair, and for a beautiful robe there will be the clothing of sorrow; the mark of the prisoner in place of the ornaments of the free.
Darby English Bible (DBY) And it shall come to pass, instead of perfume there shall be rottenness; and instead of a girdle, a rope; and instead of well-set hair, baldness; and instead of a robe of display, a girding of sackcloth; brand instead of beauty.
World English Bible (WEB) It shall happen that instead of sweet spices, there shall be rottenness; Instead of a belt, a rope; Instead of well set hair, baldness; Instead of a robe, a girding of sackcloth; And branding instead of beauty.
Young's Literal Translation (YLT) And it hath been, instead of spice is muck, And instead of a girdle, a rope, And instead of curled work, baldness, And instead of a stomacher a girdle of sackcloth.
Cross Reference Leviticus 26:16 in Assamese 16 তেন্তে তোমালোকে এনে কৰাত মইও তোমালোকলৈ এইদৰে আচৰণ কৰিম: মই তোমালোকৰ ওপৰত চকু নাশকাৰী আৰু প্ৰাণ ক্ষয়কাৰী ব্যাকুলতা, যক্ষ্মাৰোগ আৰু পোৰণি জ্বৰ নিৰূপণ কৰিম; আৰু তোমালোকে মিছায়ে গুটি ববা; কিয়নো তোমালোকৰ শত্ৰুৱে সেইবোৰ খাব।
Deuteronomy 28:22 in Assamese 22 সংক্রামক ৰোগ যেনে ক্ষয় ৰোগ, জ্বৰ, জ্বলন, খৰাং, ঘামগাঁৰ, গৰম শুকান বতাহ, আৰু ককৰ্তনীয়া এইবোৰৰ দ্বাৰাই যিহোৱাই আপোনালোকক মাৰিব; আপোনালোক বিনষ্ট নোহোৱালৈকে সেইবোৰে আপোনালোকৰ লগ নেৰিব।
Deuteronomy 32:24 in Assamese 24 দেহ শুকাই যোৱা দুর্ভিক্ষ, প্রচণ্ড বিনাশকাৰী, কষ্টদায়ক মহামাৰী। তেওঁলোকৰ অহিতে মই মাটিত বগাই ফুৰা জীৱৰ বিষপূর্ণ হিংস্র পশুবোৰৰ দাঁত পঠাম।
Esther 2:12 in Assamese 12 ৰজা অহচবেৰোচৰ ওচৰলৈ যাবৰ বাবে যেতিয়া কোনো এগৰাকী যুৱতীৰ পাল পৰে, তেতিয়া যুৱতী সকললৈ কৰা নিয়ম অনুসাৰে, প্রতি গৰাকী যুৱতীয়ে বাৰমাহ সৌন্দৰ্য চৰ্চা কৰিব লাগে। তাৰে ছমাহ গন্ধৰস তেল, আৰু ছমাহ সুগন্ধি-দ্ৰব্য আৰু প্রসাধনেৰে নিজকে প্রস্তুত কৰিব লাগে।
Job 16:15 in Assamese 15 মই ছালৰ ওপৰত চট কাপোৰ সিয়াই ললোঁ, আৰু ধুলিৰে মোৰ শিং লেটিপেটি কৰিলোঁ।
Proverbs 7:17 in Assamese 17 মই গন্ধৰস, অগৰু, আৰু ডালচেনিৰে মোৰ বিচনা সুগন্ধি কৰিলোঁ।
Proverbs 31:24 in Assamese 24 তেওঁ শণ সুতাৰ বস্ত্ৰ প্ৰস্তুত কৰে, আৰু বিক্রী কৰে, আৰু তেওঁ ব্যৱসায়ী সকলক পাগুৰিৰ কাপোৰ যোগান ধৰে।
Isaiah 4:4 in Assamese 4 ন্যায়ৰ আত্মাৰ দ্বাৰাই আৰু জ্বলি থকা জুইৰ আত্মাৰ দ্বাৰাই প্রভুৱে যেতিয়া চিয়োন জীয়াৰীসকলৰ কলুষ ধুই পেলাব, আৰু যিৰূচালেমৰ মাজৰ পৰা তেজৰ দাগ পৰিস্কাৰ কৰিব।
Isaiah 15:3 in Assamese 3 তেওঁলোকৰ পথত তেওঁলোকে চট কাপোৰ পিন্ধিছে; আৰু কঁকাল বান্ধিছে; আৰু প্রতিজনে চকবোৰত চকু পানী বোৱাই কান্দিছে।
Isaiah 22:12 in Assamese 12 সেই দিনা বাহিনীসকলৰ প্রভু যিহোৱাই, কান্দিবলৈ, বিলাপ কৰিবলৈ, মূৰ টকলা কৰিবলৈ, আৰু চট কাপোৰ কঁকালত বান্ধিবলৈ মাতিছিল;
Isaiah 32:9 in Assamese 9 হে নিশ্চিন্তে থকা মহিলাসকল, উঠা, আৰু মোৰ কথা শুনা; হে চিন্তা-ভাবনা নকৰা যুৱতীসকল, মোৰ বাক্য শুনা।
Isaiah 57:9 in Assamese 9 তুমি তেলেৰে সৈতে ৰজাৰ ওচৰলৈ গ’লা; আৰু তুমি সুগন্ধি দ্ৰব্য অধিক কৰিলা, তুমি তোমাৰ ৰাজদূতক বহু দূৰলৈ পঠালা, আৰু চিয়োললৈকে নিজকে অৱনত কৰিলা;
Jeremiah 4:8 in Assamese 8 এই হেতুকে তোমালোকে কঁকালত চট বান্ধা, বুকুত ভুকুৱাই হাহাঁকাৰ কৰি ক্রন্দন কৰা আৰু দেখুউৱা যে তোমালোকে যি যি কৰিলা তাৰ বাবে তোমালোক অতি দুখিত কিয়নো যিহোৱাৰ জলন্ত ক্ৰোধ আমাৰ পৰা এতিয়াও ঘূৰি যোৱা নাই।
Jeremiah 6:26 in Assamese 26 হে মোৰ জাতিস্বৰূপা জীয়াৰী, কঁকালত চট বান্ধা, আৰু ছাইত বাগৰা; একেটি পুত্ৰৰ মৃত্যুৰ বাবে শোক কৰাৰ দৰে শোক কৰা। আৰু অত্যন্ত বিলাপ কৰা, কিয়নো বিনষ্ট কৰোঁতাই অকস্মাতে আমাৰ ওপৰত আক্ৰমণ চলাব।
Jeremiah 48:37 in Assamese 37 কিয়নো প্ৰত্যেকৰ মূৰ টকলা কৰা হ’ল আৰু প্ৰত্যেকৰ ডাঢ়ি কটা হ’ল, সকলোৰে হাতত কাটকূট আৰু কঁকালত চট আছে।
Jeremiah 49:3 in Assamese 3 হে হিচবোন, হাহাকাৰ কৰা, কিয়নো অয়ক বিনষ্ট কৰা হ’ল; হে ৰব্বাৰ জীয়াৰীবিলাক, চিঞৰি কান্দা, চট পিন্ধা, বিলাপ কৰি গড়ৰ কাষে কাষে ইফালে সিফালে লৰি ফুৰা; কিয়নো মিল্কম, তাৰ পুৰোহিতবিলাক, আৰু তাৰ প্ৰধান লোক-বিলাক একেলগে বন্দী অৱস্থালৈ যাব।
Lamentations 2:10 in Assamese 10 চিয়োন-জীয়াৰীৰ বৃদ্ধসকলে মাটিত বহি নীৰৱে শোক কৰি আছে। তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াইছে; আৰু কঁকালত চট কাপোৰ বান্ধিছে। যিৰূচালেমৰ কুমাৰীসকলে মাটিলৈ মূৰ দোঁৱাই আছে।
Ezekiel 7:18 in Assamese 18 তেওঁলোকে চট কাপোৰ পিন্ধিব আৰু মহাত্ৰাস তেঔঁলোকৰ আৱৰণস্বৰূপ হ’ব; প্রতিজনৰ মুখমণ্ডল লজ্জিত হ’ব আৰু তেওঁলোকৰ সকলো মূৰ টকলা কৰা হ’ব।
Ezekiel 27:31 in Assamese 31 তোমাৰ কাৰণে তেওঁলোকে নিজৰ নিজৰ মূৰ টকলা কৰিব, ছট কাপোৰেৰে কঁকাল বান্ধিব। আৰু অত্যন্ত শোকেৰে মনৰ তাপত তেওঁলোকে তোমাৰ কাৰণে কান্দিব।
Joel 1:8 in Assamese 8 যৌৱন কালৰ স্বামীৰ শোকত চট কাপোৰেৰে কঁকাল বন্ধা কন্যাৰ নিচিনাকৈ তুমি বিলাপ কৰা।
Amos 8:10 in Assamese 10 মই তোমালোকৰ উৎসৱবোৰ শোকলৈ আৰু তোমালোকৰ সকলো গান বিলাপলৈ পৰিণত কৰিম; তোমালোক সকলোৰে কঁকালত শোকবস্ত্রৰ চট পিন্ধাম, প্ৰত্যেকৰ মূৰ টকলা হ’ব; একেটি পুত্ৰৰ বিয়োগৰ শোকৰ দৰে মই সেই সময়ক শোকলৈ পৰিণত কৰিম, আৰু শেষলৈকে এই তিক্ততাৰ দিন চলি থাকিব।
Micah 1:16 in Assamese 16 চুলি কাটক, আৰু মূৰ খুৰাওক। যি সন্তান সকলৰ কাৰণে আপুনি আনন্দ কৰে; ঈগল চৰাইৰ দৰে নিজকে টপা কৰক; কাৰণ আপোনাৰ সন্তান সকল আপোনাৰ পৰা বহিষ্কৃত হ’ব।
1 Peter 3:3 in Assamese 3 কেশ-বেশ আৰু সোণৰ অলঙ্কাৰ পিন্ধা বা নানা আকৰ্ষণীয় বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ আপোনালোকৰ নহওক।
Revelation 11:3 in Assamese 3 মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তাতে তেওঁলোকে মৰাপাতৰ চট পিন্ধি, এহেজাৰ দুশ ষাঠি দিন ভাবোক্তি প্ৰচাৰ কৰিব।”
Revelation 16:9 in Assamese 9 তেতিয়া মানুহবোৰে বৰ তাপেৰে তাপিত হ’ল, আৰু উৎপাতৰ ওপৰত ক্ষমতা থকা ঈশ্বৰৰ নামক নিন্দা কৰিলে৷ সিহঁতে তেওঁৰ মহিমা স্বীকাৰ নকৰিলে আৰু মন-পালটন নকৰিলে।
Revelation 18:9 in Assamese 9 পৃথিৱীৰ যি ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ আৰু বিলাসিতা কৰিছিল, তেওঁলোকে তাইক পোৰাৰ ধুঁৱা যেতিয়া দেখিব, তেতিয়া তাইৰ কাৰণে ক্ৰন্দন কৰি হিয়া ভুকুৱাব৷