Isaiah 27:1 in Assamese 1 সেই দিনা যিহোৱাই তেওঁৰ চোকা, ডাঙৰ, আৰু শকত তৰোৱালৰ সৈতে, দ্ৰুতগামী লিবিয়াথন নাগক, আৰু বেকাঁবেঁকিকৈ যোৱা লিবিয়াথন নাগক দণ্ড দিব, আৰু সমুদ্ৰত থকা বৃহৎ জন্তুটোক বধ কৰিব।
Other Translations King James Version (KJV) In that day the LORD with his sore and great and strong sword shall punish leviathan the piercing serpent, even leviathan that crooked serpent; and he shall slay the dragon that is in the sea.
American Standard Version (ASV) In that day Jehovah with his hard and great and strong sword will punish leviathan the swift serpent, and leviathan the crooked serpent; and he will slay the monster that is in the sea.
Bible in Basic English (BBE) In that day the Lord, with his great and strong and cruel sword, will send punishment on Leviathan, the quick-moving snake, and on Leviathan, the twisted snake; and he will put to death the dragon which is in the sea.
Darby English Bible (DBY) In that day Jehovah, with his sore and great and strong sword, will visit leviathan the fleeing serpent, and leviathan the crooked serpent; and he will slay the monster that is in the sea.
World English Bible (WEB) In that day Yahweh with his hard and great and strong sword will punish leviathan the swift serpent, and leviathan the crooked serpent; and he will kill the monster that is in the sea.
Young's Literal Translation (YLT) In that day lay a charge doth Jehovah, With his sword -- the sharp, and the great, and the strong, On leviathan -- a fleeing serpent, And on leviathan -- a crooked serpent, And He hath slain the dragon that `is' in the sea.
Cross Reference Deuteronomy 32:41 in Assamese 41 যেতিয়া মোৰ জিলিকি থকা তৰোৱালত ধাৰ দিওঁ, ন্যায় বিচাৰ কৰিবলৈ মোৰ হাতেৰে তাক ধৰো, তেতিয়া মই মোৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিম, আৰু মোক ঘিণাওঁতা সকলক প্ৰতিফল দিম।
Job 3:8 in Assamese 8 দিনক শাও দিওঁতাবোৰে তাক শাও দিয়ক; বাহুক উচটাবলৈ নিপুণ লোকসকলে তাক শাও দিয়ক।
Job 12:1 in Assamese 1 পাছত ইয়োবে পুনৰায় উত্তৰ দিলে আৰু ক’লে,
Job 26:13 in Assamese 13 তেওঁৰ আত্মাৰ দ্ধাৰাই আকাশ-মণ্ডল বিভুষিত হয়; আৰু তেওঁৰ হাতে পলাই যোৱা নাগটোক খুঁচি মাৰিলে।
Job 40:19 in Assamese 19 ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান; যিজনা সৃষ্টিকৰ্ত্তাই তাক সৃষ্টি কৰিলে, একমাত্র সেইজনা ঈশ্বৰেহে তাক পৰাভূত কৰিব পাৰিব।
Psalm 45:3 in Assamese 3 হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা; গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা।
Psalm 74:13 in Assamese 13 তুমিয়েই নিজৰ শক্তিৰে সমুদ্ৰক দুভাগ কৰিছিলা; তুমিয়েই সাগৰৰ পানীতথকা দৈত্যৰ মূৰ থেতালি ভাঙিছিলা।
Psalm 104:26 in Assamese 26 তাৰ মাজত জাহাজবোৰ চলে; তাত লিবিয়াথনো থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মান কৰিলা।
Isaiah 26:21 in Assamese 21 কিযনো চোৱা, পৃথিৱীৰ নিবাসীসকলক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিবলৈ তেওঁ নিজৰ ঠাইৰ পৰা ওলাই আহিছে, পৃথিৱীয়ে তাৰ ৰক্তপাত দেখুৱাই দিব, আৰু নিজৰ হ’ত হোৱা লোকক আৰু ঢাকি নাৰাখিব।”
Isaiah 34:5 in Assamese 5 কাৰণ যেতিয়া মোৰ তৰোৱালে স্বৰ্গত পূর্ণ হোৱাকৈ তেজ পান কৰিব; চোৱা, এইটো এতিয়া ইদোমৰ ওপৰলৈ আহিব, সেই লোকসকললৈ মই ধ্বংস কৰিবলৈ পঠিয়াম।
Isaiah 51:9 in Assamese 9 সজাগ হোৱা,সজাগ হোৱা, যিহোৱাৰ বাহু-বল আৰু শক্তিৰে তোমালোকে নিজকে আবৃত কৰা। প্ৰাচীন কালৰ প্রজননসকল, পুৰনি দিনৰ দৰে সজাগ হোৱা। সাগৰৰ ৰাক্ষসক গুৰি কৰা আৰু সর্পসিংহক খোঁচা জন আপুনিয়ে নে ?
Isaiah 65:25 in Assamese 25 ৰাংকুকুৰ আৰু ভেড়া পোৱালি একে ঠাইতে চৰিব, সিংহই গৰুৰ দৰে খেৰ খাব, আৰু ধূলিয়েই সৰ্পৰ আহাৰ হ’ব। যিহোৱাই কৈছে, মোৰ সমস্ত পৰ্ব্বতত কোনেও কাকো অপকাৰ কি বিনষ্ট নকৰিব।
Isaiah 66:16 in Assamese 16 কাৰণ যিহোৱাই অগ্নিৰে আৰু নিজৰ তৰোৱালৰ দ্বাৰাই সকলো মৰ্ত্ত্যলোকৰ বিচাৰ নিষ্পত্তি কৰিব; আৰু যিহোৱাৰ দ্বাৰাই হত হোৱা লোক অনেক হ’ব।
Jeremiah 47:6 in Assamese 6 হে যিহোৱাৰ তৰোৱাল! তুমি কিমান কাল ক্ষান্ত নোহোৱাকৈ থাকিবা? তুমি তোমাৰ ফাকত সোমোৱা; তুমি বিশ্ৰাম কৰা আৰু শান্ত হোৱা।
Jeremiah 51:13 in Assamese 13 হে বহুজল-নিবাসিনী, বহুমূল্য বস্তুৰে পৰিপূৰ্ণা, তোমাৰ অন্তিম কাল উপস্থিত, তোমাৰ লোভৰ পৰিমাণ পূৰ হ’ল।
Jeremiah 51:34 in Assamese 34 বাবিলৰ ৰজা নবুখদৰেচৰে মোক গ্ৰাস কৰিলে, মোক গুৰি কৰিলে, মোক শূণ্যপাত্ৰ কৰিলে, মোক নাগৰ দৰে গিলি পেলালে, মোৰ সু-স্বাদু বস্তুৰে উদৰ পূৰ কৰিলে, আৰু মোক বাহিৰলৈ পেলালে।
Ezekiel 29:3 in Assamese 3 ঘোষণা কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে মিচৰৰ ৰজা ফৰৌণ, চোৱা! মই তোমাৰ বিপক্ষ! তুমি, যি নিজ নৈবোৰৰ মাজত পৰি থকা সাগৰৰ বৃহৎ প্রাণী, যিহে মোক এই বুলি কৈ, “মোৰ নৈ মোৰ নিজৰেই! নিজৰ কাৰণেই মই তাক কৰিলোঁ।”
Ezekiel 32:2 in Assamese 2 “হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ বাবে বিলাপ কৰা, আৰু তেওঁক কোৱা, ‘তুমি নিজকে জাতিবোৰৰ মাজত ডেকা সিংহ বুলি ভাবিছা, কিন্তু তুমি সমুদ্ৰত থকা মকৰ মাথোন; তোমাৰ নদীবোৰত তুমি উৎপাত কৰিছা, তোমাৰ ভৰিৰে জলসমূহ আস্ফালন কৰিছা আৰু তাৰ সুঁতিবোৰ ঘোলা কৰিছা’!”
Revelation 2:16 in Assamese 16 এতেকে মন-পালটন কৰা, যদি নকৰা; মই তোমাৰ ওচৰত আহিবলৈ পলম নকৰিম আৰু তোমালোকৰ বিৰুদ্ধে মই মুখৰ পৰা ওলোৱা তৰোৱালেৰে যুদ্ধ কৰিম।
Revelation 12:3 in Assamese 3 আৰু স্বৰ্গত আন এটা চিন দেখা গ’ল: চোৱা! তাত এটা ৰঙা বৃহৎ আকাৰৰ ড্ৰেগন আছিল; তাৰ সাতটা মূৰ, দহটা শিং আৰু মূৰত সাতটা কিৰীটি আছিল।
Revelation 13:4 in Assamese 4 তাতে সকলোৱে সেই ড্ৰেগনকো প্ৰণিপাত কৰিলে, কিয়নো সি পশুক নিজৰ ক্ষমতা দিলে, আৰু তেওঁলোকে পশুকো প্ৰণিপাত কৰি ক’লে, “এই পশুৰ তুল্য কোন আছে, আৰু ইয়াৰে সৈতে কোনে যুদ্ধ কৰিব পাৰে?”
Revelation 13:11 in Assamese 11 তাৰ পাছত মই আন এটা ড্ৰেগনক পৃথিৱীৰ পৰা উঠা দেখিলোঁ। তাৰ মেষ পোৱালিৰ নিচিনা দুটা শিং আছে আৰু সি ড্ৰেগনৰ দৰে কথা কয়৷
Revelation 16:13 in Assamese 13 পাছত সেই ড্ৰেগনৰ মুখৰ পৰা, পশুৰ মুখৰ পৰা আৰু ভাঁৰিকোৱা ভাৱবাদীৰ মুখৰ পৰা, ভেকুলিৰ সদৃশ তিনটা অশুচি আত্মা ওলোৱা দেখিলোঁ।
Revelation 17:1 in Assamese 1 পাছত সেই সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল আৰু মোক ক’লে, “আহা, মই তোমাক অনেক পানীৰ ওপৰত বহি থকা সেই মহা-বেশ্যাৰ দণ্ড দেখুৱাওঁ,
Revelation 17:15 in Assamese 15 সেই দূত জনে মোক আকৌ ক’লে, “তুমি যি পানী দেখিলা, য’ত সেই বেশ্যা বহি আছে, সেই পানীবোৰেই অনেক প্ৰজা, সাধাৰণ লোক, সকলো জাতি আৰু ভাষাৰ লোক সকল।
Revelation 19:21 in Assamese 21 আৰু অৱশিষ্ট সকলক সেই ঘোঁৰাত উঠা জনৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই বধ কৰা হ’ল; আৰু সকলো চৰাইবোৰ সিহঁতৰ মঙহেৰে তৃপ্ত হ’ল।
Revelation 20:2 in Assamese 2 তেওঁ সেই ড্ৰেগন, সেই পুৰণি সৰ্প; যি দিয়াবল আৰু চয়তান, তাক ধৰি, এহেজাৰ বছৰলৈ বান্ধি ৰাখিলে৷ দূত জনে সেই অগাধ ঠাইত তাক পেলাই দি, সেই ঠাইৰ মুখ বন্ধ কৰিলে, আৰু তাৰ ওপৰত চাব মাৰি দিলে৷