Isaiah 26:19 in Assamese 19 আপোনাৰ মৃত লোকসকল পুনৰায় জীব,আমাৰ মৰা শৱবোৰ আকৌ উঠিব; হে ধুলিত স্থাপিত হোৱা সকল সাৰ পোৱা আৰু গান কৰা; কিয়নো তোমাৰ নিয়ৰ তৃণ আদি সতেজ কৰা সকল নিয়ৰৰ দৰে হ’ব, আৰু পৃথিৱীয়ে মৃতসকলক উলিয়াব।
Other Translations King James Version (KJV) Thy dead men shall live, together with my dead body shall they arise. Awake and sing, ye that dwell in dust: for thy dew is as the dew of herbs, and the earth shall cast out the dead.
American Standard Version (ASV) Thy dead shall live; my dead bodies shall arise. Awake and sing, ye that dwell in the dust; for thy dew is `as' the dew of herbs, and the earth shall cast forth the dead.
Bible in Basic English (BBE) Your dead will come back; their dead bodies will come to life again. Those in the dust, awaking from their sleep, will send out a song; for your dew is a dew of light, and the earth will give birth to the shades.
Darby English Bible (DBY) Thy dead shall live, my dead bodies shall arise. Awake and sing in triumph, ye that dwell in dust; for thy dew is the dew of the morning, and the earth shall cast forth the dead.
World English Bible (WEB) Your dead shall live; my dead bodies shall arise. Awake and sing, you who dwell in the dust; for your dew is [as] the dew of herbs, and the earth shall cast forth the dead.
Young's Literal Translation (YLT) `Thy dead live -- My dead body they rise. Awake and sing, ye dwellers in the dust, For the dew of herbs `is' thy dew, And the land of Rephaim thou causest to fall.
Cross Reference Genesis 2:5 in Assamese 5 তেতিয়াও পৃথিবীৰ পথাৰত একো তৃণ আদি নাছিল; পথাৰত কোনো শস্যদায়ী গছ গজা নাছিল; কিয়নো তেতিয়াও ঈশ্বৰ যিহোৱাই পৃথিবীত বৰষুণ বৰষোৱা নাছিল আৰু মাটি চহাবৰ কাৰণে মানুহো নাছিল।
Deuteronomy 32:2 in Assamese 2 মোৰ উপদেশ বৰষুণৰ দৰে টোপা-টোপে পৰক, মোৰ কথা নিয়ৰৰ দৰে নামি আহক; সেয়ে কোমল তৃণৰ ওপৰত লাহে লাহে পৰা বৰষুণৰ নিচিনা, গছ-গছনিৰ ওপৰত জাক জাক বৰষুণৰ নিচিনাকৈ পৰক।
Deuteronomy 33:13 in Assamese 13 যোচেফৰ বিষয়ে মোচিয়ে ক’লে, “আকাশৰ উত্তম দান আৰু নিয়ঁৰেৰে সৈতে, তলত ব্যাপি থকা সাগৰেৰে, যিহোৱাই যোচেফৰ দেশক আশীর্বাদ কৰক।
Deuteronomy 33:28 in Assamese 28 ইস্ৰায়েল জাতিয়ে নিৰ্ভয়েৰে বাস কৰিব; যাকোবৰ ভুমুক শস্য আৰু নতুন দ্রাক্ষাৰসৰ দেশত নিৰাপদ হ’ব; তেওঁৰ ওপৰত আকাশৰ নিয়ঁৰ টোপা টোপে পৰক।
Job 29:19 in Assamese 19 আৰু পানী সোমাবলৈ মোৰ শিপা মুকলি হৈ থাকিব, আৰু নিয়ৰ মোৰ ডালত ওৰে ৰাতি পৰি লাগি থাকিব;
Psalm 22:15 in Assamese 15 মাটিৰ পাত্রৰ শুকান টুকুৰা এটাৰ দৰে মোৰ শক্তি শুকাই আহিছে; মোৰ জিভা তালুত লাগি ধৰিছে; তুমি মোক মৃত্যুৰ ধুলিত শুৱাই ৰাখিছা।
Psalm 71:20 in Assamese 20 তুমি আমাক বিষম সঙ্কট দেখুৱাইছা, তুমি আকৌ আমাক পুনৰায় জীবিত কৰা; পৃথিবীৰ গভীৰতাৰ পৰা আমাক তুলি আনিবা।
Psalm 110:3 in Assamese 3 যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে, পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব; ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ঁৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব।
Isaiah 25:8 in Assamese 8 তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাহ কৰিব, আৰু প্ৰভু যিহোৱাই সকলোৰে চেহেৰাৰ পৰা চকুলো মচিব, আৰু গোটেই পৃথিৱীৰ পৰা নিজৰ প্ৰজাসকলৰ দুৰ্ণাম দূৰ কৰিব; কিয়নো যিহোৱাই এই কথা ক’লে।
Isaiah 51:17 in Assamese 17 যিহোৱাৰ হাতৰ পৰা তেওঁৰ ক্ৰোধৰ পান-পাত্ৰ পান কৰা; হে যিৰূচালেম, সজাগ হোৱা, সজাগ হোৱা, ঠিয় হোৱা; তোমালোকে পান-পাত্র পান কৰিছা, ঢলংপলং কৰোঁতা পান-পাত্ৰ, আৰু তোমালোকে তাক উলিয়াইছা।
Isaiah 52:1 in Assamese 1 হে চিয়োন, সজাগ হোৱা, সজাগ হোৱা, তোমালোকৰ শক্তি তুলি ধৰা; হে পবিত্ৰ নগৰ যিৰূচালেম, তোমালোকৰ সুন্দৰ বস্ত্ৰবোৰ পিন্ধা; কাৰণ পুনৰ কেতিয়াও চুন্নৎ নোহোৱা বা অশুচি লোক তোমালোকৰ মাজত নোসোমাব।
Isaiah 60:1 in Assamese 1 উঠা, দীপ্তি দিয়া; কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে।
Ezekiel 37:1 in Assamese 1 পাছত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল, আৰু যিহোৱাই নিজ আত্মাৰে মোক লৈ গৈ উপত্যকাটিৰ মাজত থলে। সেই উপত্যকা হাড়েৰে পৰিপূৰ্ণ আছিল।
Daniel 12:2 in Assamese 2 পৃথিৱীৰ ধূলিত শুই থকা বহুতো লোকে সাৰ পাব। কিছুমানে অনন্তকলীয়া জীৱন, কিছুমানে লাজ, আৰু অনন্তকলীয়া ঘৃণাৰ বাবে সাৰ পাব।
Hosea 6:2 in Assamese 2 দুদিনৰ পাছত তেঁৱেই পুনৰায় আমাক জীৱন দিব; তৃতীয় দিনা তেওঁ আমাক তুলিব, যাতে আমি তেওঁৰ সন্মুখত জীয়াই থাকিব পাৰো।
Hosea 13:14 in Assamese 14 চিয়োলৰ(মৈদাম) শক্তিৰ পৰা মই তেওঁক উদ্ধাৰ কৰিম নে? মৃত্যুৰ পৰা মই তেওঁক মুক্ত কৰিম নে? হে মৃত্যু, তোমাৰ মহামাৰীবোৰ ক’ত? হে চিয়োল, তোমাৰ সংহাৰ ক’ত? মোৰ চকুৰ পৰা মমতা লুকাই আছে।
Hosea 14:5 in Assamese 5 মই ইস্ৰায়েললৈ নিয়ঁৰৰ নিচিনা হম; তেওঁ লিলি ফুলৰ নিচিনাকৈ ফুলিব, লিবানোনৰ এৰচ গছৰ নিচিনাকৈ তেওঁৰ শিপা নামি যাব।
Zechariah 8:12 in Assamese 12 “কিয়নো কুশলযুক্ত কঠীয়া সিচাঁ হ’ব। দ্ৰাক্ষালতাই নিজ নিজ ফল ধৰিব, ভূমিয়ে নিজৰ শস্য উৎপন্ন কৰিব, আৰু আকাশ-মণ্ডলে নিজৰ নিয়ৰ বৰষাব, কাৰণ মই এই অৱশিষ্ট লোকসকলক সেই সকলোৰে অধিকাৰী কৰিম।
Matthew 27:52 in Assamese 52 তেতিয়া মৈদামবোৰ মুকলি হৈ গ’ল আৰু বহু নিদ্ৰিত পবিত্ৰ লোকৰ দেহ উত্থিত হ’ল।
Matthew 27:58 in Assamese 58 তেওঁ পীলাতৰ ওচৰলৈ গ’ল, আৰু যীচুৰ দেহ খুজিলে; তেতিয়া পীলাতে দেহ দিবলৈ আজ্ঞা দিলে।
John 5:28 in Assamese 28 এই কথা শুনি বিস্মিত নহ’ব; কিয়নো এনে সময় আহিছে, যি সকল মৈদামত আছে, তেওঁলোক সকলোৱে মনুষ্য পুত্রৰ মাত শুনিব
John 11:25 in Assamese 25 যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব;
Acts 24:15 in Assamese 15 আৰু ধাৰ্মিক, অধার্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হ’ব বুলি এখেত সকলে যি আশাৰে বাট চাই আছে, ঈশ্বৰত ময়ো সেই আশা কৰোঁ।
1 Corinthians 15:20 in Assamese 20 কিন্তু এতিয়া খ্ৰীষ্ট নিদ্ৰিত লোকৰ মাজৰ পৰা উত্থিত হ’ল, তেৱেঁই মৃত লোক সকলৰ মাজত প্ৰথম ফল৷
1 Corinthians 15:22 in Assamese 22 কাৰণ আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোৱে জীৱন পাব।
Ephesians 5:14 in Assamese 14 কিয়নো পোহৰতে সকলো স্পষ্ট হৈ পৰে। সেই বাবে কোৱা হৈছে: ‘হে টোপনিওৱা জন সাৰ পোৱা আৰু মৃত লোক সকলৰ মাজৰ পৰা উঠা; তাতে আপোনালোকৰ ওপৰত খ্ৰীষ্টই পোহৰ দিব’।
Philippians 3:10 in Assamese 10 এই ধাৰ্মিকতাত খ্ৰীষ্টক জনাৰ যোগেদি আৰু তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখভোগৰ সহভাগিতাত মই তেওঁৰ মৃত্যুত তেওঁৰ সমৰূপ হওঁ;
Philippians 3:21 in Assamese 21 তেওঁৰ যি কাৰ্যসাধক গুণেৰে সকলোকে বশীভূত কৰিব পাৰে, তেনেদৰেই তেওঁ আমাৰ এই নীহ অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি, তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব।
1 Thessalonians 4:14 in Assamese 14 কিয়নো যীচু মৰি পুনৰায় উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেনেহলে আমি ইয়াকো বিশ্বাস কৰোঁ যে, ঈশ্বৰে যীচুৰ আশ্ৰয়ত মৃত্যু হোৱা সকলকো যীচুৰ লগত লৈ যাব।
Revelation 11:8 in Assamese 8 তাতে চদোম আৰু মিচৰ, এই আত্মিক নাম থকা যি নগৰত তেওঁলোকৰ প্ৰভুক ক্ৰুচত দিয়া হ’ল, সেই মহা-নগৰৰ আলিতে তেওঁলোকৰ মৰা শৱ পৰি থাকিব।
Revelation 20:5 in Assamese 5 মৃত সকলৰ অৱশিষ্ট লোক সেই হাজাৰ বছৰ পুৰ নহোৱালৈকে জীৱিত নহ’ল। এয়ে প্ৰথম পুনৰুত্থান।
Revelation 20:12 in Assamese 12 সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃত সকলক থিয় হৈ থকা দেখিলোঁ; আৰু কেইখন মান পুস্তক মেলা হ’ল; পাছত পুনৰ এখন পুস্তক মেলা হ’ল, এয়া জীৱন পুস্তক৷ সেই পুস্তকবোৰত লিখা মতে মৃত সকলৰ নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল।