Isaiah 25:8 in Assamese 8 তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাহ কৰিব, আৰু প্ৰভু যিহোৱাই সকলোৰে চেহেৰাৰ পৰা চকুলো মচিব, আৰু গোটেই পৃথিৱীৰ পৰা নিজৰ প্ৰজাসকলৰ দুৰ্ণাম দূৰ কৰিব; কিয়নো যিহোৱাই এই কথা ক’লে।
Other Translations King James Version (KJV) He will swallow up death in victory; and the Lord GOD will wipe away tears from off all faces; and the rebuke of his people shall he take away from off all the earth: for the LORD hath spoken it.
American Standard Version (ASV) He hath swallowed up death for ever; and the Lord Jehovah will wipe away tears from off all faces; and the reproach of his people will he take away from off all the earth: for Jehovah hath spoken it.
Bible in Basic English (BBE) He has put an end to death for ever; and the Lord God will take away all weeping; and he will put an end to the shame of his people in all the earth: for the Lord has said it.
Darby English Bible (DBY) He will swallow up death in victory. And the Lord Jehovah will wipe away tears from off all faces; and the reproach of his people will he take away from off all the earth: for Jehovah hath spoken.
World English Bible (WEB) He has swallowed up death forever; and the Lord Yahweh will wipe away tears from off all faces; and the reproach of his people will he take away from off all the earth: for Yahweh has spoken it.
Young's Literal Translation (YLT) He hath swallowed up death in victory, And wiped hath the Lord Jehovah, The tear from off all faces, And the reproach of His people He turneth aside from off all the earth, For Jehovah hath spoken.
Cross Reference Psalm 69:9 in Assamese 9 কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে; আৰু তোমাক নিন্দা কৰাসকলৰ নিন্দা মোৰ ওপৰত পৰিল।
Psalm 89:50 in Assamese 50 হে যিহোৱা, তোমাৰ দাসসকলক কৰা অপমান সোঁৱৰণ কৰা; সোৱঁৰণ কৰা, আন জাতিবোৰে মোলৈ কৰা সেই অপমানবোৰ; কেনেকৈ মই মোৰ বুকুত বহন কৰি আছো।
Isaiah 30:19 in Assamese 19 কিয়নো লোকসকল যিৰুচালেমৰ চিয়োনত বাস কৰিব; সেয়ে তোমালোকে আৰু নাকান্দিবা। তোমালোকৰ কাতৰোক্তিৰ শব্দ শুনি তেওঁ অৱশ্যে তোমালোকক দয়া কৰিব। শুনা মাত্ৰকেই তেওঁ তোমালোকক উত্তৰ দিব।
Isaiah 30:26 in Assamese 26 যি দিনা যিহোৱাই তেওঁৰ লোকসকলৰ ভগা অঙ্গ জোৰা দিব, আৰু প্ৰহাৰত লগা ঘা সুস্থ কৰিব, সেই দিনা চন্দ্ৰৰ পোহৰ সূৰ্যৰ পোহৰৰ দৰে হ’ব, আৰু সূৰ্যৰ পোহৰ সাত গুণে অধিক হব, আৰু সাত দিনৰ পোহৰৰ দৰে হ’ব।
Isaiah 35:10 in Assamese 10 যিহোৱাৰ মুক্তিপণ ঘূৰি আহিব, আৰু গীত গানেৰে সৈতে চিয়োনলৈ আহিব; তেওঁলোকৰ মুৰত চিৰস্থায়ী আনন্দৰ মুকুট হ’ব; উল্লাস আৰু আনন্দই তেওঁলোকক লগ ধৰিব; শোক আৰু হুমুনিয়াহ দূৰ হৈ যাব।
Isaiah 37:3 in Assamese 3 তেওঁলোকে তেওঁক ক’লে, ‘যিদৰে এটি সন্তানৰ প্ৰসৱৰ সময় হয়, কিন্তু মাতৃৰ সন্তান প্ৰসৱ কৰাৰ শক্তি নাথাকে সেইদৰেই আজি সঙ্কট, তাড়না, আৰু অপমানৰ দিন হয়।
Isaiah 51:11 in Assamese 11 যিহোৱাই মুক্তিপণ দিয়াসকল ঘুৰি আহিব, আৰু আনন্দ-গানেৰে চিয়োনলৈ আহিব; তেওঁলোকৰ মূৰ সদাকালৰ বাবে আনন্দেৰে পৰির্পূণ হ’ব; উল্লাস আৰু আনন্দ হব, দু:খ আৰু শোক দূৰ হ’ব।
Isaiah 54:4 in Assamese 4 ভয় নকৰিবা, কাৰণ তোমালোক লজ্জিত নহবা; বা নিৰাশ নহ’বা কাৰণ তোমালোক অপমানিত নহ’বা; তোমালোকে যৌৱন-কালৰ লাজ আৰু তোমালোকক বর্জন কৰাৰ অপমান পাহৰিবা।
Isaiah 60:15 in Assamese 15 তুমি এনে পৰিত্যক্তা আৰু ঘৃণিতা হ’লা যে, কোনো পথিক তোমাৰ মাজেদি নাজায়; তাৰ সলনি মই তোমাক চিৰকাল থকা প্ৰশংসাৰ, আৰু পুৰুষানুক্ৰমে আনন্দৰ বিষয় কৰিম।
Isaiah 61:7 in Assamese 7 তোমালোকৰ লাজৰ পৰিৱৰ্তে তোমালোকে দুগুণ পাবা, আৰু তেওঁলোকে অপমানৰ পৰিৱৰ্তে নিজৰ অংশত আনন্দ কৰিব; সেয়ে তেওঁলোকে তেওঁলোকৰ দেশত দুগুণ অংশ লাভ কৰিব, আৰু তেওঁলোকৰ অনন্তকলীয়া আনন্দ হ’ব।
Isaiah 65:19 in Assamese 19 মই যিৰূচালেমত উল্লাস, আৰু মোৰ লোকসকলত আনন্দ কৰিম, তাত ক্ৰন্দনৰ শব্দ কি কাতৰোক্তিৰ শব্দ আৰু শুনা নাযাব।
Isaiah 66:5 in Assamese 5 যিহোৱাৰ বাক্যত কম্পমান হোৱা যি তোমালোক, তোমালোক তেওঁৰ বাক্য শুনা; তোমালোকৰ যি ভাইসকল তোমালোকক ঘিণ কৰে, আৰু মোৰ নামৰ অৰ্থে তোমালোকক বহিষ্কৃত কৰে, তেওঁলোকে কয়, ‘যিহোৱা মহিমান্বিত হওক, তেতিয়া আমি তোমালোকৰ আনন্দ দেখিবলৈ পাম; কিন্তু তেওঁলোক লজ্জিত হ’ব।
Hosea 13:14 in Assamese 14 চিয়োলৰ(মৈদাম) শক্তিৰ পৰা মই তেওঁক উদ্ধাৰ কৰিম নে? মৃত্যুৰ পৰা মই তেওঁক মুক্ত কৰিম নে? হে মৃত্যু, তোমাৰ মহামাৰীবোৰ ক’ত? হে চিয়োল, তোমাৰ সংহাৰ ক’ত? মোৰ চকুৰ পৰা মমতা লুকাই আছে।
Malachi 3:17 in Assamese 17 বাহিনীসকলৰ যিহোৱাই কৈছে, “তেওঁলোক মোৰেই হ’ব; মই কাৰ্য্য কৰাৰ দিনা তেওঁলোক মোৰ নিজৰ বিশেষ সম্পত্তি হ’ব; মানুহে যেনেকৈ নিজৰ সেৱাকাৰী পুতেকক মৰম কৰি শাস্তিৰ পৰা ৰেহাই দিয়ে, ময়ো তেওঁলোকক ৰেহাই দিম।
Matthew 5:11 in Assamese 11 যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা ক’ব, তেতিয়া তোমালোক ধন্য।
1 Corinthians 15:26 in Assamese 26 শেষ শত্ৰু যি মৃত্যু, তাকো ধ্বংস কৰা হ’ব।
1 Corinthians 15:54 in Assamese 54 পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে- “জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ’ল, সেয়ে সিদ্ধ হ’ব।”
2 Timothy 1:10 in Assamese 10 কিন্তু এতিয়া আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ আবির্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ’ল; যি জনে মৃত্যুক বিনাশ কৰি, শুভবার্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে।
Hebrews 2:14 in Assamese 14 ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে, সেই চয়তানক শক্তিহীন কৰিব পাৰে, আৰু
1 Peter 4:14 in Assamese 14 আপোনালোক ধন্য, যদি আপোনালোকে খ্ৰীষ্টৰ নামৰ কাৰণে নিন্দিত হয়; কাৰণ ঈশ্ৱৰৰ আত্মা আৰু গৌৰৱৰ আত্মা আপোনালোকৰ ওপৰত স্থিৰ হৈ আছে।
Revelation 7:17 in Assamese 17 কিয়নো সিংহাসনৰ মাজত থকা মেষ-পোৱালি জনে এওঁলোকক চৰাব, আৰু জীৱনময় জলৰ ভুমুকৰ ওচৰলৈ নিব, আৰু ঈশ্বৰে এওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব।”
Revelation 20:14 in Assamese 14 পাছত মৃত্যু আৰু পাতালকো সেই জুইৰ সৰোবৰত পেলোৱা হ’ল। সেই অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু;
Revelation 21:4 in Assamese 4 তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল।”