Isaiah 25:6 in Assamese 6 বাহিনীসকলৰ যিহোৱাই এই পৰ্ব্বতত সকলো জাতিৰ বাবে চৰ্বিযুক্ত আহাৰৰ ভোজ, নিৰ্বাচিত দ্ৰাক্ষাৰস, কোমল মাংস, ক’ম পৰিমাণে ভোজ যুগুত কৰিব।
Other Translations King James Version (KJV) And in this mountain shall the LORD of hosts make unto all people a feast of fat things, a feast of wines on the lees, of fat things full of marrow, of wines on the lees well refined.
American Standard Version (ASV) And in this mountain will Jehovah of hosts make unto all peoples a feast of fat things, a feast of wines on the lees, of fat things full of marrow, of wines on the lees well refined.
Bible in Basic English (BBE) And in this mountain will the Lord of armies make for all peoples a feast of good things, a feast of wines long stored, of good things sweet to the taste, of wines long kept and tested.
Darby English Bible (DBY) And in this mountain will Jehovah of hosts make unto all peoples a feast of fat things, a feast of wines on the lees, of fat things full of marrow, of wines on the lees well refined.
World English Bible (WEB) In this mountain will Yahweh of Hosts make to all peoples a feast of fat things, a feast of wines on the lees, of fat things full of marrow, of wines on the lees well refined.
Young's Literal Translation (YLT) And made hath Jehovah of Hosts, For all the peoples in this mount, A banquet of fat things, a banquet of preserved things, Fat things full of marrow, preserved things refined.
Cross Reference Psalm 63:5 in Assamese 5 লোকসকলে, যেতিয়া মগজু আৰু তেলীয়া মাংসত সন্তোষ্ট হয়, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হব; আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।
Psalm 72:14 in Assamese 14 অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব; তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হব।
Psalm 78:68 in Assamese 68 কিন্তু তেওঁ যিহূদা জনগোষ্ঠীক মনোনীত কৰিলে, সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে।
Proverbs 9:1 in Assamese 1 প্ৰজ্ঞাই নিজৰ গৃহ নিৰ্মাণ কৰিলে; তেওঁ শিলৰ পৰা সাতটা স্তম্ভ কাটিলে।
Song of Solomon 1:2 in Assamese 2 প্রিয়াৰ কথা তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক ভৰাই দিয়া, কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।
Song of Solomon 1:4 in Assamese 4 (যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম। ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে; প্রিয়ৰ প্রতি কইনাৰ কথা: মই সুখী; মই তোমাক লৈ আনন্দ কৰো; মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা।
Song of Solomon 2:3 in Assamese 3 প্রিয়াৰ কথা:| বননিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে, যুৱকসকলৰ মাজত মোৰ প্ৰিয় তেনে। মই তেওঁৰ ছাঁয়াত বহি আনন্দ পাওঁ, মোৰ মুখত তাৰ ফল মিঠা লাগে।
Song of Solomon 5:1 in Assamese 1 প্রিয়ৰ কথা: মোৰ প্রিয়া, মোৰ কইনাজনী, মই মোৰ উদ্যানত প্রৱেশ কৰিলো; মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালো; মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ; মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ। ভোজন কৰা, বন্ধু। হে বন্ধু, খোৱা; হৃদয় তৃপ্ত কৰি মোৰ ভালপোৱা পান কৰা।
Isaiah 1:19 in Assamese 19 তোমালোকে যদি ইচ্ছা কৰা আৰু বাধ্য হোৱা, তেনেহ’লে তোমালোকে দেশৰ উত্তম ফ’ল ভোগ কৰিবলৈ পাবা।
Isaiah 2:2 in Assamese 2 পিছৰ দিনবোৰত, যিহোৱাৰ পৰ্ব্বতত গৃহ স্থাপন কৰা হ’ব পৰ্ব্বতবোৰৰ দৰে ওখ আৰু পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু সকলো জাতি তালৈ সোঁত বোৱাৰ দৰে বৈ যাব।
Isaiah 25:10 in Assamese 10 কিয়নো এই পৰ্ব্বতত যিহোৱাৰ হাত স্থিতি ল’ব, আৰু গোবৰ পেলোৱা গাঁতত যি দৰে খেৰ গচকা হয়, সেই দৰে মোৱাবক নিজৰ ঠাইত গচকা হ’ব।
Isaiah 49:6 in Assamese 6 তেওঁ কৈছে, যাকোবৰ ফৈদসকলক পুন:স্হাপন কৰিবলৈ, আৰু ইস্ৰায়েলৰ জীৱিত লোকসকলক পুনৰায় স্থাপন কৰিবৰ অৰ্থে তুমি মোৰ দাস হোৱা অতি সৰু বিষয়। মই তোমাক ধর্মহীন লোকৰ আগত দ্বীপ্তিস্বৰূপ কৰিম। সেয়ে হ’য়তো পৃথিবীৰ অন্ত:লৈকে তুমি মোৰ পৰিত্রানৰ উপায় হ’বা
Isaiah 55:1 in Assamese 1 “হে তৃষ্ণাতুৰ লোকসকল, পানীৰ ওচৰলৈ আহাঁ! আৰু যি সকলৰ ধন নাই, সকলো আহাঁ; খোৱা বস্তু কিনা, আৰু ভোজন কৰা! আহাঁ, বিনামূল্যে বিনাদামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা।
Jeremiah 31:12 in Assamese 12 তেতিয়া তেওঁলোকে আহি চিয়োনৰ উচ্ছস্থানত আনন্দ কৰিব। তেওঁলোকে যিহোৱাৰ সততাত আনন্দ কৰিব, যেনে ঘেহুঁ, নতুন দ্ৰাক্ষাৰস, তেল আৰু ভেড়াৰ জাকৰ পোৱালীবোৰ। কিয়নো তেওঁলোকৰ জীৱন পানী দিয়া উদ্যানৰ নিচিনা হ’ব, আৰু তেওঁলোকে কেতিয়াও পুনৰ শোক অনুভৱ নকৰিব।
Jeremiah 48:11 in Assamese 11 মোৱাব সৰু কালৰে পৰা নিশ্চিন্তভাৱে আছে, আৰু সি নিজৰ গেদৰ ওপৰত সুস্থিৰে আছে, এক পাত্ৰৰ পৰা আন পাত্ৰত ঢলা হোৱা নাই, আৰু সি বন্দী-অৱস্থালৈ যোৱাও নাই; এই কাৰণে তাৰ সুস্বাদ তাতে আছে আৰু তাৰ দগ্ধ পৰিৱৰ্ত্তন হোৱা নাই।
Daniel 7:14 in Assamese 14 তেওঁক শাসন ক্ষমতা, মহিমা, আৰু ৰাজকীয় পৰাক্রম দিয়া হ’ল; সেয়ে সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ পৰিচৰ্যা কৰা উচিত। তেওঁৰ শাসন ক্ষমতা চিৰকাললৈকে থকা ক্ষমতা, সেয়ে কেতিয়াও লুপ্ত নহব; আৰু তেওঁৰ ৰাজ্য এনেকুৱা যে, সেই ৰাজ্য কেতিয়াও ধ্বংস নহ’ব।
Micah 4:1 in Assamese 1 কিন্তু শেষৰ দিনত এইদৰে ঘটিব যিহোৱাৰ গৃহ থকা পৰ্ব্বতটো আন পৰ্ব্বতবোৰৰ ওপৰত স্থাপন কৰা হ’ব। এই গৃহটি পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু লোকসকল সোঁত বোৱাদি তালৈ যাব।
Zechariah 8:3 in Assamese 3 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মই চিয়োনলৈ উলটি আহিলোঁ আৰু যিৰূচালেমৰ মাজত বাস কৰিম, কাৰণ যিৰূচালেম সত্যপুৰী বুলি আৰু বাহিনীসকলৰ যিহোৱাৰ পৰ্ব্বতখন পবিত্ৰ বুলি প্ৰখ্যাত হ’ব’!”
Zechariah 9:16 in Assamese 16 সেইদিনা তেওঁলোকৰ ঈশ্বৰ যিহোৱাই নিজৰ ভেড়াৰ জাকস্বৰূপ প্ৰজা বুলি তেওঁলোকক উদ্ধাৰ কৰিব; কিয়নো তেওঁলোক দেশৰ ওপৰত তেওঁৰ কিৰীটিৰ এটি জকমকোৱা মুকুতাস্বৰূপ হ’ব।
Matthew 8:11 in Assamese 11 মই আপোনালোকক কওঁ, পূব আৰু পশ্চিম সকলো দিশৰ পৰা অনেক আহিব আৰু অব্ৰাহাম, ইচহাক আৰু যাকোবৰ লগত স্বৰ্গৰাজ্যত ভোজন কৰিবলৈ বহিব;
Matthew 22:1 in Assamese 1 যীচুৱে উত্তৰ দিলে, আৰু দৃষ্টান্তৰে তেওঁলোকৰ লগত কথা পাতি ক’লে যে,
Matthew 26:29 in Assamese 29 কিন্তু মই তোমালোকক কওঁ, তোমালোকে সৈতে মই মোৰ পিতৃৰ ৰাজ্যত ন ৰস পান নকৰা দিনলৈকে, এতিয়াৰ পৰা এই দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ।”
Mark 16:15 in Assamese 15 আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা।
Luke 5:39 in Assamese 39 পুৰণি দ্রাক্ষাৰস পান কৰাৰ পাছত কোনেও নতুন ৰস পান কৰিবলৈ নিবিচাৰে; কিয়নো তেওঁ কয়, ‘পুৰণিটোৱে ভাল’।”
Luke 14:16 in Assamese 16 কিন্তু যীচুৱে তেওঁক ক’লে, “এজন মানুহে নিশা বৰ ভোজ পাতি, অনেক লোকক নিমন্ত্ৰণ কৰিলে।
Luke 22:30 in Assamese 30 মোৰ মেজত যেন ভোজন-পান কৰিবা, এই কাৰণে ময়ো তোমালোকৰ বাবে ৰাজ্য নিয়োজন কৰি থৈছোঁ৷ তাতে তোমালোকে সিংহাসনত বহি ইস্ৰায়েলৰ বাৰ ফৈদৰ ওপৰত অধিকাৰেৰে সোধ-বিচাৰ কৰিবা।
Hebrews 12:22 in Assamese 22 কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় যিৰূচালেম, আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণ-কীৰ্তন কৰে৷
Revelation 19:9 in Assamese 9 পাছত দূত জনে মোক ক’লে, “তুমি এই কথা লিখা: মেষ পোৱালিৰ বিবাহৰ ভোজলৈ যি সকল নিমন্ত্ৰিত হৈছে তেওঁলোক ধন্য।” তেওঁ মোক পুনৰ ক’লে, “এইবোৰ ঈশ্বৰৰ সত্য বাক্য।”