Isaiah 25:10 in Assamese 10 কিয়নো এই পৰ্ব্বতত যিহোৱাৰ হাত স্থিতি ল’ব, আৰু গোবৰ পেলোৱা গাঁতত যি দৰে খেৰ গচকা হয়, সেই দৰে মোৱাবক নিজৰ ঠাইত গচকা হ’ব।
Other Translations King James Version (KJV) For in this mountain shall the hand of the LORD rest, and Moab shall be trodden down under him, even as straw is trodden down for the dunghill.
American Standard Version (ASV) For in this mountain will the hand of Jehovah rest; and Moab shall be trodden down in his place, even as straw is trodden down in the water of the dung-hill.
Bible in Basic English (BBE) For in this mountain will the hand of the Lord come to rest, and Moab will be crushed down in his place, even as the dry stems of the grain are crushed under foot in the waste place.
Darby English Bible (DBY) For in this mountain shall the hand of Jehovah rest, and Moab shall be trodden down under him, as straw is trodden down in the dunghill;
World English Bible (WEB) For in this mountain will the hand of Yahweh rest; and Moab shall be trodden down in his place, even as straw is trodden down in the water of the dung-hill.
Young's Literal Translation (YLT) For rest doth the hand of Jehovah on this mountain, And trodden down is Moab under Him, As trodden down is straw on a dunghill.
Cross Reference Numbers 24:17 in Assamese 17 মই তেওঁক দেখিছোঁ, কিন্তু বৰ্ত্তমানে নাই; তেওঁক দৰ্শন পাইছোঁ, কিন্তু তেওঁৰ ওচৰত থকা নাই। যাকোবৰ মাজৰ পৰা এটা তৰা উদয় হ’ব, ইস্ৰায়েলৰ মাজৰ পৰা এক ৰাজ-দণ্ড উঠিব; সেয়ে মোৱাবৰ দীৰ্ঘ-প্ৰস্থ গুড়ি কৰিব, আৰু হুৰামূৰা কৰা গোটেই বংশক সংহাৰ কৰিব।
Psalm 83:10 in Assamese 10 চীচৰা আৰু যাবীন অয়িন-দোৰত ধ্বংস হৈ গ’ল। তেওঁলোক মাটিৰ ওপৰত গোবৰৰ দৰে পৰি আছিলা।
Psalm 132:13 in Assamese 13 কিয়নো যিহোৱাই চিয়োনক মনোনীত কৰিলে, তেওঁ নিজৰ আবাসৰ কাৰণে তাকে বিচাৰিলে;
Isaiah 5:25 in Assamese 25 এই হেতুকে নিজৰ লোকসকলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ প্ৰজলিত হ’ল, আৰু তেওঁলোকৰ বিৰুদ্ধে তেওঁ হাত মেলি তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে পৰ্ব্বতবোৰ কঁপিল, আৰু বাটৰ মাজত তেওঁলোকৰ শৱবোৰ বাটৰ জাবৰৰ দ্বৰে হ’ল, কিন্তু এতিয়াও প্রহাৰ কৰিবলৈ তেওঁৰ হাত দাঙি আছে।
Isaiah 10:6 in Assamese 6 মই তেওঁক এখন অহংকাৰী দেশৰ বিৰুদ্ধে, আৰু মোৰ প্রচুৰ ক্ৰোধ সহ্য কৰা লোকসকলৰ বিৰুদ্ধে পঠালো। মই তেওঁক লুটদ্রব্য ল’বৰ বাবে লুট কৰিবলৈ, আৰু বাটৰ বোকাৰ দৰে গচকিবলৈ আদেশ দিলোঁ।
Isaiah 10:31 in Assamese 31 মদমেনা পলৰীয়া; গেবিম নিবাসীসকল নিৰাপত্তাৰ কাৰণে দৌৰা।
Isaiah 11:10 in Assamese 10 সেই দিনা লোকসকলৰ বাবে যিচয়ৰ মূল নিচানৰূপে থিয় হ’ব। দেশবাসীয়ে তেওঁক বিচাৰি উলিয়াব আৰু তেওঁৰ বিশ্ৰামস্থান গৌৰৱাম্বিত হ’ব।
Isaiah 11:14 in Assamese 14 তথাপিও তেওঁলোকে পশ্চিম ফালে থকা ফিলিষ্টীয়াসকলৰ পাহাৰবোৰ অৱৰোধ কৰিব; আৰু তেওঁলোক দুয়ো একেলগে পূব দিশৰ লোকসকলক লুট কৰিব। তেওঁলোক ইদোম আৰু মোৱাবক আক্রমণ কৰিব; আৰু অম্মোনৰ লোকসকল তেওঁলোকক মানি চলিব।
Isaiah 12:6 in Assamese 6 হে চিয়োন-নিবাসীসকল তোমালোক উচ্চ স্বৰেৰে আনন্দ-ধ্বনি কৰা; কিয়নো ইস্ৰায়েলৰ পবিত্ৰ জনা তোমালোকৰ মাজত মহান।”
Isaiah 14:19 in Assamese 19 কিন্তু ডালবোৰ কাটি পেলোৱাৰ দৰে তোমাক মৈদামৰ পৰা নিক্ষেপ কৰা হৈছে, শিলৰ গাঁতলৈ নিয়া আৰু তৰোৱালেৰে খোচা মৃতলোকে বস্ত্রৰ দৰে তোমাক ঢাকি ধৰিছে।
Isaiah 15:1 in Assamese 1 মোৱাবৰ বিষয়ে ঘোষণা। বাস্তৱিক একে ৰাতিতে আৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল; বাস্তৱিকতে একে নিশাতে কীৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল।
Isaiah 18:4 in Assamese 4 যিহোৱাই মোক কোৱা কথা এই, “নিৰ্মল আকাশৰ ৰ’দৰ দৰে, আৰু শস্য চপোৱা কালৰ গৰম নিয়ৰযুক্ত মেঘৰ দৰে, মই মোৰ গৃহৰ পৰা নিজমে নিৰীক্ষণ কৰিম।”
Isaiah 25:6 in Assamese 6 বাহিনীসকলৰ যিহোৱাই এই পৰ্ব্বতত সকলো জাতিৰ বাবে চৰ্বিযুক্ত আহাৰৰ ভোজ, নিৰ্বাচিত দ্ৰাক্ষাৰস, কোমল মাংস, ক’ম পৰিমাণে ভোজ যুগুত কৰিব।
Isaiah 26:6 in Assamese 6 দৰিদ্রসকলৰ ভৰিয়ে তাক গচকিছে, আৰু অভাৱীসকলেও তাক গচকিছে।
Isaiah 41:15 in Assamese 15 চোৱা, মই তোমাক এক নতুন চোকা দাঁত থকা মৰণা মৰা যন্ত্ৰস্বৰূপ কৰিম; তুমি পৰ্ব্বতবোৰ মৰণা মাৰি গুড়ি কৰিবা, আৰু পাহাৰবোৰক তুহঁৰ দৰে কৰিবা।
Jeremiah 48:2 in Assamese 2 মোৱাবৰ গৌৰৱ আৰু নাই। শত্ৰুৱে তাৰ বিৰুদ্ধে হিচবোনত অমঙ্গলৰ মন্ত্ৰণা কৰিছে। তেওঁলোকে কৈছে, ‘আহাঁ, আমি তাক এক জাতি হোৱাৰ পৰা উচ্ছন্ন কৰোঁহঁক”। হে মদমেন, তোমাকো নিস্তাৰ কৰা হ’ব; তৰোৱাল তোমাৰ পাছে পাছে যাব।’
Lamentations 1:15 in Assamese 15 মোক ৰক্ষা কৰা মোৰ আটাই বীৰকে প্ৰভুৱে তুচ্ছ কৰিলে। তেওঁ মোৰ বলৱান লোকসকলক গুৰি কৰিবলৈ মোৰ অহিতে এখন সভা আহ্বান কৰিলে। প্ৰভুৱে মোৰ যিহূদা-জীয়াৰীক দ্ৰাক্ষাকুণ্ডত গচকা দি গচকিলে।
Ezekiel 48:35 in Assamese 35 চাৰিওফালে ওঠৰ হাজাৰ হাত হ’ব; আৰু সেই দিনৰ পৰা নগৰখন “যিহোৱা তাত আছে”, এই নামেৰে প্ৰখ্যাত হ’ব।
Amos 2:1 in Assamese 1 যিহোৱাই এই কথা কৈছে: “মোৱাবৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সি ইদোমৰ ৰজাৰ হাড়বোৰ পুৰি চূৰ্ণ কৰিলে ।
Micah 4:13 in Assamese 13 যিহোৱাই কৈছে, “হে চিয়োন জীয়ৰী উঠা, আৰু প্রহাৰ কৰা; কাৰণ মই তোমাৰ শিং লোহাৰ আৰু তোমাৰ খুৰা পিতলৰ কৰিম; তুমি অনেক লোকক মাৰি চূৰ্ণ কৰিবা; মই যিহোৱাই নিজৰ বাবে তেওঁলোকৰ অন্যায়ৰ সম্পত্তি উৎসৰ্গ কৰিম, তেওঁলোকৰ অধিকাৰ গোটেই পৃথিবীৰ প্ৰভুৰ উদ্দেশ্যে উৎসৰ্গ কৰিম।”
Zephaniah 2:9 in Assamese 9 সেয়ে, বাহিনীগণৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এইদৰে কৈছে, “মোৰ জীৱনৰ শপত, মোৱাব নিশ্চয়ে চদোমৰ নিচিনা, আৰু অম্মোনীয়াসকল ঘমোৰাৰ নিচিনা হ’ব; এক কাঁইটীয়া হাবিৰে ভৰা ঠাই আৰু এক লোণৰ কূপলৈ পৰিণত হ’ব; চিৰকালৰ পতিত ভূমি হৈ থাকিব; মোৰ প্ৰজাসকলৰ অৱশিষ্ট লোকে তেওঁলোকক লুট কৰিব আৰু মোৰ জাতিৰ অৱশিষ্ট লোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব।”
Zephaniah 3:15 in Assamese 15 যিহোৱাই তোমাৰ দণ্ডবোৰ দূৰ কৰিলে; তোমাৰ শত্ৰুবোৰক খেদি দিলে; ইস্ৰায়েলৰ ৰজা যিহোৱা তোমাৰ মাজত আছে; তুমি আৰু কেতিয়াও অমঙ্গললৈ ভয় নকৰিবা ।
Zechariah 9:9 in Assamese 9 হে চিয়োন-জীয়াৰী, অতিশয় উল্লাস কৰা, হে যিৰূচালেম-জীয়াৰী, জয়ধ্বনি কৰা! চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।