Isaiah 23:1 in Assamese 1 তূৰৰ বিষয়ে কৰা ঘোষণা: হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো ঘৰ কি সোমোৱা বাট একোৱেই নাই; কিত্তীম দেশৰ পৰা তেওঁলোকলৈ ইয়াক প্ৰকাশ কৰা হ’ল।
Other Translations King James Version (KJV) The burden of Tyre. Howl, ye ships of Tarshish; for it is laid waste, so that there is no house, no entering in: from the land of Chittim it is revealed to them.
American Standard Version (ASV) The burden of Tyre. Howl, ye ships of Tarshish; for it is laid waste, so that there is no house, no entering in: from the land of Kittim it is revealed to them.
Bible in Basic English (BBE) The word about Tyre. Let a cry of sorrow go up, O ships of Tarshish, because your strong place is made waste; on the way back from the land of Kittim the news is given to them.
Darby English Bible (DBY) The burden of Tyre. Howl, ye ships of Tarshish! for it is laid waste, so that there is no house, none entering in. From the land of Chittim it is revealed to them.
World English Bible (WEB) The burden of Tyre. Howl, you ships of Tarshish; for it is laid waste, so that there is no house, no entering in: from the land of Kittim it is revealed to them.
Young's Literal Translation (YLT) The Burden of Tyre. Howl, ye ships of Tarshish, For it hath been destroyed, Without house, without entrance, From the land of Chittim it was revealed to them.
Cross Reference Genesis 10:4 in Assamese 4 যাবনৰ সন্তানসকল হ’ল ইলীচা, তৰ্চীচ, কিত্তীম আৰু দোদানীম।
Numbers 24:24 in Assamese 24 আৰু কিত্তীমৰ তীৰৰ পৰা জাহাজবোৰ আহিব; সেইবোৰে অচূৰক ক্লেশ দিব, আৰু এবৰকো ক্লেশ দিব, কিন্তু তেওঁলোকৰো আৰু তাৰো বিনাশ ঘটিব।
Joshua 19:29 in Assamese 29 পাছত সেই সীমা ঘূৰি ৰামালৈ গ’ল আৰু গড়েৰে আবৃত থকা তোৰ নগৰলৈ গ’ল৷ পাছত আকৌ ঘূৰি হোচালৈ গৈ তাৰ অন্ত অকজীব অঞ্চলৰ সমুদ্ৰত পৰিল;
1 Kings 5:1 in Assamese 1 যেতিয়া তূৰৰ ৰজা হীৰমে চলোমনক তেওঁৰ পিতৃৰ সলনি ৰজা অভিষেক কৰাৰ কথা শুনিলে, তেতিয়া তেওঁ চলোমনৰ ওচৰলৈ নিজৰ দাসসকলক পঠিয়াই দিলে; কিয়নো চলোমনৰ পিতৃ দায়ূদৰ সৈতে তূৰৰ ৰজা হীৰমৰ সদায় বন্ধুত্ব আছিল।
1 Kings 10:22 in Assamese 22 সমূদ্ৰত হীৰমৰ জাহাজবোৰৰ সৈতে চলোমনৰ জাহাজবোৰ আছিল; সেই জাহাজবোৰে সোণ, ৰূপ, হাতীদাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনিবছৰৰ মূৰত এবাৰ এবাৰ আহিছিল।
1 Kings 22:48 in Assamese 48 পাছত যিহোচাফটে সোণৰ কাৰণে ওফীৰলৈ যাবলৈ জাহাজ সাজিলে; কিন্তু সেই জাহাজবোৰ যাব নোৱাৰিলে, কিয়নো ইচিয়োন-গেবৰত সেই জাহাজবোৰ ভাগি থাকিল।
2 Chronicles 9:21 in Assamese 21 কিয়নো হূৰমৰ দাসসকলে সৈতে তৰ্চীচলৈ যোৱা ৰজাৰ কেইখন মান জাহাজ আছিল৷ সেই তৰ্চীচৰ জাহাজবোৰে সোণ, ৰূপ, হাতী-দাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনি বছৰৰ মুৰত এবাৰ এবাৰ আহি আছিল।
Psalm 48:7 in Assamese 7 যেনেকৈ পূব দিশৰ বতাহে তৰ্চীচৰ জাহাজবোৰ ভাঙি পেলায়, তেনেকৈ তেওঁলোকক ভাঙিলে।
Isaiah 2:16 in Assamese 16 তৰ্চীচৰ সকলো জাহাজ, আৰু সকলো ধুনীয়া নাওৰ বিৰুদ্ধে,
Isaiah 15:1 in Assamese 1 মোৱাবৰ বিষয়ে ঘোষণা। বাস্তৱিক একে ৰাতিতে আৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল; বাস্তৱিকতে একে নিশাতে কীৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল।
Isaiah 15:8 in Assamese 8 সেই ক্রন্দন মোৱাবৰ সীমাৰ চাৰিওফালে, আৰু তাৰ বিলাপ এগালীমৰ পৰা বেৰ-এলীমমলৈকে শুনা গৈছে।
Isaiah 23:12 in Assamese 12 তেওঁ ক’লে, “চীদোনৰ নিৰ্যাতিতা কুমাৰী জীয়াৰী, তুমি আৰু উল্লাস নকৰিবা, উঠা, কিত্তীমলৈ পাৰ হৈ যোৱা; কিন্তু তাতো তুমি জিৰণি নাপাবা।
Isaiah 24:10 in Assamese 10 উচ্ছন্নপুৰি ভগ্ন হ’ল; প্রতিখন ঘৰ খালী আৰু বন্ধ হ’ল।
Isaiah 60:9 in Assamese 9 নিশ্চয়ে দ্বীপবোৰে মোলৈ অপেক্ষা কৰিব; তোমাৰ পুত্রসকলক তেওঁলোকৰ ৰূপৰ আৰু সোণৰ সৈতে দূৰৰ পৰা আনিবলৈ, ঈশ্বৰ যিহোৱাই, ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাক গৌৰৱান্বিত কৰাৰ কাৰণে, তৰ্চীচৰ জাহাজ আগ হ’ব।
Jeremiah 2:10 in Assamese 10 কিয়নো, তোমালোকে কিত্তীম দ্বীপবোৰলৈ পাৰ হৈ গৈ চোৱা, আৰু কেদৰলৈ মানুহ পঠোৱা, তাত এনেকুৱা কথা কৈছে নে নাই তাক চোৱা ভালকৈ বিবেচনা কৰা, তেওঁলোকৰ দেশৰ কোনো লোকে এনে কাম কৰা নাই, যিবিলাক তোমালোকৰ লোকসকলে কৰিলে!
Jeremiah 25:10 in Assamese 10 ইয়াৰ বাহিৰে মই এওঁলোকৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, দৰা-কন্যাৰ ধ্বনি, জাঁতৰ শব্দ আৰু চাকিৰ পোহৰ নাইকিয়া কৰিম।
Jeremiah 25:15 in Assamese 15 কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই মোক এইদৰে কৈছে: “তুমি মোৰ ক্ৰোধস্বৰূপ সেই দ্ৰাক্ষাৰসৰ পান-পাত্ৰ মোৰ হাতৰ পৰা লোৱা, আৰু যি যি জাতিৰ ওচৰলৈ মই তোমাক পঠাওঁ, তুমি গৈ সেই সেই জাতিক ইয়াক পান কৰোৱাবা।
Jeremiah 25:22 in Assamese 22 চিদোনৰ সকলো ৰজাক, সমুদ্ৰৰ সিপাৰে থকা দ্বীপৰ সকলো ৰজাক,
Jeremiah 47:4 in Assamese 4 কাৰণ সকলো পলেষ্টীয়াসকলে বিনষ্ট কৰিবৰ দিন, তূৰ আৰু চীদোনৰ পৰা, প্ৰত্যেক অৱশিষ্ট সহকাৰীক উচ্ছন্ন কৰিবৰ দিন আহিছে; কিয়নো যিহোৱাই পলেষ্টীয়াসকলক, কপ্তোৰ দ্বীপৰ অৱশিষ্ট ভাগক বিনষ্ট কৰিব।
Ezekiel 26:1 in Assamese 1 পিছত একাদশ বছৰত মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Daniel 11:30 in Assamese 30 কিয়নো কিত্তীমৰ জাহাজবোৰ তেওঁৰ বিৰুদ্ধে আহিব; আৰু তেওঁ নিৰুৎসাহ হৈ ঘূৰি যাব। পবিত্ৰ নিয়মৰ বিৰুদ্ধে তেওঁ ক্ৰোধ কৰিব আৰু পবিত্ৰ নিয়ম অমান্য কৰা লোকসকলক অনুগ্রহ দেখুৱাব।
Joel 3:4 in Assamese 4 এতিয়া তোমালোকে মোৰ প্রতি কিয় খং কৰিছা, হে তুৰ, চীদোন আৰু ফিলিষ্টীয়াসকলৰ আটাই অঞ্চল? তোমালোকে মোক ক্ষতিপূৰণ দিয়া নে? যদি তোমালোকে মোক ক্ষতিপূৰণ দিয়া, তেতিয়া হ’লে মই অতি শীঘ্ৰে বেগেৰে গৈ তোমালোকে দিয়া ক্ষতিপূৰণৰ প্ৰতিফল তোমালোকৰ মূৰৰ ওপৰত দিম।
Amos 1:9 in Assamese 9 যিহোৱাই এই কথা কৈছে: তূৰৰ তিনিটা এনে কি, চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো ভাতৃত্ববোধৰ চুক্তি অগ্রাহ্য কৰি তেওঁলোকে সকলো লোকক ইদোমৰ হাতত শোধাই দিলে।
Zechariah 9:2 in Assamese 2 আৰু দম্মেচকৰ সীমাত থকা হমাতো আশ্ৰয় হ’ব, চীদোনে সৈতে তূৰো হ’ব, যদিওবা সিহঁত বৰ জ্ঞানী।
Revelation 18:17 in Assamese 17 এঘণ্টাৰ ভিতৰতে এই সকলো ধন-সম্পত্তি ধ্বংস হ’ল। জাহাজৰ চাৰেং সকল, জাহাজেৰে ঠায়ে ঠায়ে অহা-যোৱা কৰা লোক সকল আৰু নাৱিক সকলকে আদি কৰি যিমান সমুদ্ৰ-ব্যৱসায়ী লোক আছে, সেই সকলোৱে দুৰৈত থিয় দি থাকিল৷
Revelation 18:22 in Assamese 22 বীণা বজোৱা, গায়ন-বায়ন, বাঁহীবাদক আৰু কালি বজোৱা সকলৰ মাত তোমাৰ মাজত পুনৰ কেতিয়াও শুনা নাযাব৷ আৰু কোনো প্ৰকাৰ শিল্পকাৰী লোক তোমাৰ মাজত কেতিয়াও পোৱা নাযাব৷ জাঁত-ঘৰৰ মাত, তোমাৰ মাজত কেতিয়াও শুনা নাযাব;