Isaiah 21:2 in Assamese 2 এটি বেদনাদায়ক দৰ্শন মোক দেখুৱা হৈছে; বিশ্বাসঘাতকে বিশ্বাসঘাতকতা আচৰণ কৰে, আৰু বিনাশকাৰীয়ে বিনাশ কৰে। হে এলম, উঠি যোৱা, আৰু আক্রমণ কৰা; হে মাদিয়া, অবৰোধ কৰা; মই তেওঁৰ সকলো ক্রন্দন শান্ত কৰিলো।
Other Translations King James Version (KJV) A grievous vision is declared unto me; the treacherous dealer dealeth treacherously, and the spoiler spoileth. Go up, O Elam: besiege, O Media; all the sighing thereof have I made to cease.
American Standard Version (ASV) A grievous vision is declared unto me; the treacherous man dealeth treacherously, and the destroyer destroyeth. Go up, O Elam; besiege, O Media; all the sighing thereof have I made to cease.
Bible in Basic English (BBE) A vision of fear comes before my eyes; the worker of deceit goes on in his false way, and the waster goes on making waste. Up! Elam; to the attack! Media; I have put an end to her sorrow.
Darby English Bible (DBY) A grievous vision is declared unto me: the treacherous dealeth treacherously, and the spoiler spoileth. Go up, Elam! besiege, Media! All the sighing thereof have I made to cease.
World English Bible (WEB) A grievous vision is declared to me; the treacherous man deals treacherously, and the destroyer destroys. Go up, Elam; besiege, Media; all the sighing of it have I made to cease.
Young's Literal Translation (YLT) A hard vision hath been declared to me, The treacherous dealer is dealing treacherously, And the destroyer is destroying. Go up, O Elam, besiege, O Media, All its sighing I have caused to cease.
Cross Reference 1 Samuel 24:13 in Assamese 13 প্ৰাচীনলোকসকলে কথাতে কয়, ‘দুষ্টৰ পৰাই দুষ্টতা জন্মে।’ কিন্তু মোৰ হাত আপোনাৰ বিৰুদ্ধে নহ’ব।
Psalm 12:5 in Assamese 5 যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”
Psalm 60:3 in Assamese 3 তুমি তোমাৰ প্ৰজাসকলক নির্দিষ্ট কিছুমান কঠোৰ কষ্ট ভোগ কৰিবলৈ দিলা; তুমি আমাক ঢলংপলং কৰাওঁতা দ্ৰাক্ষাৰসও খাবলৈ দিলা;
Psalm 79:11 in Assamese 11 বন্দীসকলৰ কাতৰোক্তি তোমাৰ আগলৈ আহঁক; যি সকলৰ ওপৰত মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে, তোমাৰ মহান ক্ষমতা অনুসাৰে তুমি তেওঁলোকক ৰক্ষা কৰা।
Psalm 137:1 in Assamese 1 বাবিলৰ নদীবোৰৰ তীৰত বহি আমি কান্দিছিলো, যেতিয়া আমাৰ চিয়োনলৈ মনত পৰিছিল।
Proverbs 13:15 in Assamese 15 ভাল অন্তদৃষ্টিয়ে অনুগ্ৰহ জয় কৰে; কিন্তু বিশ্বাস-ঘাতকসকলৰ পথ দুৰ্গম।
Isaiah 13:2 in Assamese 2 তোমালোকে গছ-গছনি নথকা পৰ্ব্বতৰ ওপৰত এখন সংকেত পতাকা স্থাপন কৰা, আৰু তেওঁলোকলৈ উচ্চধ্বনি কৰা, প্রধান লোকৰ দুৱাৰলৈ তেওঁলোক সোমায় যাবলৈ তোমাৰ হাত জোকাৰা।
Isaiah 13:17 in Assamese 17 চোৱা, ৰূপ গণ্য নকৰা, আৰু সোণতো সন্তুষ্ট নোহোৱা লোকসকলক আক্রমণ কৰিবলৈ মই মাদীয়াসকলক উচটাম।
Isaiah 14:1 in Assamese 1 যিহোৱাই যাকোবক দয়া কৰিব; ইস্ৰায়েলক পুনৰায় মনোনীত কৰিব, আৰু তেওঁলোকৰ নিজৰ দেশত তেওঁলোকক স্থাপন কৰিব। বিদেশীসকলে তেওঁলোকৰ সৈতে যোগ দিব আৰু তেওঁলোকে নিজেই যাকোবৰ বংশত সংযুক্ত হ’ব।
Isaiah 22:6 in Assamese 6 এলমে ৰথ আৰু অশ্বাৰোহীৰ সৈতে তূণ লৈ গৈছে, আৰু কীৰ ঢাল খুলিছে।
Isaiah 24:16 in Assamese 16 আমি পৃথিবীৰ অন্তভাগৰ পৰা গীত শুনিলোঁ, “ধাৰ্মিকজনৰ গৌৰৱ হওক।” কিন্তু মই কলোঁ, “মই ক্ষয় হৈ গৈছোঁ, মই ক্ষয় হৈ গৈছোঁ, মোৰ সন্তাপ হ’ল; বিশ্বাসঘাতকসকলে অতিশয় বিশ্বাসঘাতকতা কৰিলে।
Isaiah 33:1 in Assamese 1 নিজৰ ধ্বংস নোহোৱাকৈ ধ্বংস কৰা যি তুমি! বিশ্বাসঘাতকতা নোহোৱাকৈ বিশ্বাসঘাতকতা কৰা যি তুমি, তোমাৰ সন্তাপ হ’ব! যেতিয়া তুমি ধ্বংস কৰিব এৰিবা তেতিয়া তোমাৰ ধ্বংস হ’ব। যেতিয়া তুমি বিশ্বাস ঘাতকতা কৰিব এৰিবা, তেতিয়া তেওঁলোকে তোমাক বিশ্বাস ঘাতকতা কৰিব।
Isaiah 35:10 in Assamese 10 যিহোৱাৰ মুক্তিপণ ঘূৰি আহিব, আৰু গীত গানেৰে সৈতে চিয়োনলৈ আহিব; তেওঁলোকৰ মুৰত চিৰস্থায়ী আনন্দৰ মুকুট হ’ব; উল্লাস আৰু আনন্দই তেওঁলোকক লগ ধৰিব; শোক আৰু হুমুনিয়াহ দূৰ হৈ যাব।
Isaiah 47:6 in Assamese 6 মই মোৰ প্ৰজাসকলৰ ওপৰত ক্ৰোধ কৰিলোঁ, মই মোৰ আধিপত্য অপবিত্ৰ কৰিলোঁ; আৰু তেওঁলোকক আপোনাৰ হাতত দিলো, কিন্তু আপুনি তেওঁলোকলৈ একো দয়া নেদেখুৱালে, আপুনি বৃদ্ধসকলৰ ওপৰত অতি গধুৰ যুৱলি দিলে।
Jeremiah 31:11 in Assamese 11 কিয়নো যিহোৱাই যাকোবক মোকলালে, আৰু তাতকৈ অধিক বলৱান জনৰ হাতৰ পৰা তেওঁক মুক্ত কৰিলে।
Jeremiah 31:20 in Assamese 20 ইফ্ৰয়িম মোৰ প্ৰিয় পুত্ৰ নহয় নে? সি মোৰ মৰমৰ লৰা নহয় নে? কিয়নো যিমানবাৰ মই তাৰ অহিতে কথা কওঁ, সিমানবাৰ পুনৰায় তাক অনুগ্ৰহেৰে সোঁৱৰণ কৰোঁ; এইদৰে তাৰ কাৰণে মোৰ হৃদয়ে হেঁপাহ কৰে। অৱশ্যে মই তাক দয়া কৰিম।” - এয়ে যিহোৱাৰ বচন।
Jeremiah 31:25 in Assamese 25 কিয়নো মই ভাগৰুৱাসকলক প্ৰাণ জুৰাৱাম, আৰু প্ৰত্যেক দুখিত প্ৰাণক পৰিতৃপ্ত কৰিম”।
Jeremiah 45:3 in Assamese 3 তুমি ক’লা, যে,‘হায় হায়, মই সন্তাপৰ পাত্ৰ। কিয়নো যিহোৱাই মোৰ বেদনাতে শোক লগ লগাই দিছে; মই কেঁকাই কেঁকাই ক্লান্ত হৈছোঁ, অলপ জিৰণী নাপাওঁ।’
Jeremiah 49:34 in Assamese 34 যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণত এলমৰ বিষয়ে যিৰিমিয়া ভাববাদীয়লৈ অহা যিহোৱাৰ বাক্য।
Jeremiah 50:14 in Assamese 14 ধনু ভিৰাওঁতা তোমালোক আটায়ে বাবিলৰ অহিতে চাৰিওফালে বেহুঁ পাতা; তোমালোকে তালৈ কাঁড় মাৰা, এটি কাঁড়ো বাকী নাৰাখিবা; কিয়নো সি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলে।
Jeremiah 50:34 in Assamese 34 তেওঁবিলাকৰ মুক্তিদাতা বলৱান, তেওঁৰ নাম বাহিনীবিলাকৰ যিহোৱা; তেওঁ পৃথিৱীক বিশ্ৰাম দিবৰ নিমিত্তে আৰু বাবিল নিবাসীবিলাকক অস্থিৰ কৰিবৰ নিমিত্তে তেওঁবিলাকৰ অভিযোগ সম্পূৰ্ণকৈ প্ৰতিবাদ কৰিব।
Jeremiah 51:3 in Assamese 3 ধনুৰ্দ্ধৰে নিজ ধনু নিভিৰাওক আৰু কৱচ পিন্ধি অহঙ্কাৰ নকৰক; তোমালোকে তাৰ ডেকা মানুহবিলাকক দয়া নকৰিবা, তাৰ সকলো সৈন্যক নিঃশেষে বিনষ্ট কৰা।
Jeremiah 51:11 in Assamese 11 তোমালোকে কাঁড়বোৰ ধাৰ দিয়া, ঢাল শকতকৈ ধৰা; যিহোৱাই মদীয়া ৰজাবিলাকৰ মন উচটাইছে, কিয়নো বাবিলক নষ্ট কৰিবৰ নিমিত্তে তেওঁৰ কল্পনা তাৰ বিৰুদ্ধী; কাৰণ এয়ে যিহোৱাই সধা প্ৰতিকাৰ।
Jeremiah 51:27 in Assamese 27 তোমালোকে দেশত নিচান তোলা, জাতিবিলাকৰ মাজত শিঙা বজোৱা, তাৰ অহিতে জাতিবিলাকক যুগুত কৰা, অৰাৰট, মিন্নী, আৰু অস্কিনজ ৰাজ্যবোৰক তাৰ অহিতে মাতা, তাৰ অহিতে প্ৰধান সেনাপতি নিযুক্ত কৰা, শুং থকা ফৰিঙৰ নিচিনাকৈ ঘোঁৰাবোৰ পঠোৱা।
Jeremiah 51:44 in Assamese 44 মই বাবিলত বেল দেৱতাক দণ্ড দিম আৰু সি গিলি পেলোৱা বস্তু তাৰ মুখৰ পৰা উলিয়াম; জাতিবিলাকে তাৰ ওচৰলৈ একেলগে সোঁত বোৱাদি আৰু নবব; এনে কি বাবিলৰ গড়ো পতিত হ’ব।
Jeremiah 51:48 in Assamese 48 তেতিয়া আকাশ-মণ্ডল আৰু পৃথিৱী, আৰু সেইবোৰত থকা সকলোৱে বাবিলৰ ওপৰত আনন্দ গান কৰিব; কিয়নো যিহোৱাই কৈছে, বিনাশকবোৰ উত্তৰৰৰ পৰা তাৰ গুৰিলৈ আহিব।
Jeremiah 51:53 in Assamese 53 যিহোৱাই কৈছে, বাবিল যদিও আকাশলৈকে উন্নত হয়, আৰু তাৰ ওখ কোঁঠবোৰ দৃঢ় কৰে, তথাপি মোৰ পৰা তাৰ ওপৰলৈ বিনাশকবিলাক যাব।
Lamentations 1:22 in Assamese 22 তেওঁলোকৰ সকলো দুষ্টতা আপোনাৰ আগত উপস্থিত হওঁক, মোৰ সকলো অপৰাধৰ কাৰণে আপুনি মোলৈ কৰা নিচিনাকৈ তেওঁলোকলৈকো কৰক; কিয়নো মোৰ দুখৰ কেঁকনি অনেক আৰু মোৰ অন্তৰ দু্ৰ্বল।
Daniel 5:28 in Assamese 28 পিৰেচ, (বিভক্ত) আপোনাৰ ৰাজ্য ভাঙি মাদীয়া আৰু পাৰসীসকলক দিয়া হৈছে।”
Daniel 8:20 in Assamese 20 দুটা শিং থকা যি ভেড়া তুমি দেখিছিলা, সি মাদিয়া আৰু পাৰস্যৰ ৰজা দুজনক বুজাইছে।
Micah 7:8 in Assamese 8 হে মোৰ শত্রু, মোৰ অহিতে আনন্দ নকৰিবা; মই পৰি যোৱাৰ পাছত, পুনৰ উঠিম, মই যেতিয়া অন্ধকাৰত বহোঁ, তেতিয়া যিহোৱা মোৰ বাবে পোহৰ হয়।
Zechariah 1:15 in Assamese 15 আৰু নিশ্চিন্তে থকা জাতিসকলৰ ওপৰত মই অতিশয় অসন্তুষ্ট হৈছোঁ; কিয়নো মই কেৱল অলপ অসন্তুষ্ট হোৱাত, তেওঁলোক অমঙ্গলৰ অৰ্থে সাহাৰ্য্য কৰোঁতা হ’ল।”
Revelation 13:10 in Assamese 10 কোনোৱে যদি বন্দী অৱস্থাৰ কাৰণে হয়, তেওঁ বন্দী অৱস্থালৈ যাব৷ কোনোৱে যদি তৰোৱালেৰে বধ কৰে, তেৱোঁ তৰোৱালেৰে হত হ’ব লাগিব। ইয়াত পবিত্ৰ লোক সকলৰ সহনশীলতা আৰু বিশ্বাস আছে।