Isaiah 19:1 in Assamese 1 মিচৰৰ বিষয়ে কৰা ঘোষণা। চোৱা, যিহোৱাই দ্ৰুতগামী মেঘত উঠি মিচৰ দেশলৈ আহিছে; তেওঁৰ সন্মুখত মিচৰৰ মুৰ্ত্তিবোৰ কম্পমান কৰিছে, আৰু মিচৰীয়াসকলৰ হৃদয় তেওঁলোকৰ ভিতৰত দ্রৱ হৈছে।
Other Translations King James Version (KJV) The burden of Egypt. Behold, the LORD rideth upon a swift cloud, and shall come into Egypt: and the idols of Egypt shall be moved at his presence, and the heart of Egypt shall melt in the midst of it.
American Standard Version (ASV) The burden of Egypt. Behold, Jehovah rideth upon a swift cloud, and cometh unto Egypt: and the idols of Egypt shall tremble at his presence; and the heart of Egypt shall melt in the midst of it.
Bible in Basic English (BBE) The word about Egypt. See, the Lord is seated on a quick-moving cloud, and is coming to Egypt: and the false gods of Egypt will be troubled at his coming, and the heart of Egypt will be turned to water.
Darby English Bible (DBY) The burden of Egypt. Behold, Jehovah rideth upon a swift cloud, and cometh to Egypt; and the idols of Egypt are moved at his presence, and the heart of Egypt melteth in the midst of it.
World English Bible (WEB) The burden of Egypt. Behold, Yahweh rides on a swift cloud, and comes to Egypt: and the idols of Egypt shall tremble at his presence; and the heart of Egypt shall melt in the midst of it.
Young's Literal Translation (YLT) The burden of Egypt. Lo, Jehovah is riding on a swift thick cloud, And He hath entered Egypt, And moved have been the idols of Egypt at His presence, And the heart of Egypt melteth in its midst.
Cross Reference Exodus 12:12 in Assamese 12 যিহোৱাই এই কথা কৈছে: ‘মই সেই ৰাতিয়েই মিচৰ দেশৰ মাজেদি গৈ, মিচৰ দেশত প্রথমে জন্ম হোৱা মানুহ বা পশুৱেই হওক, সকলোকে সংহাৰ কৰিম। মিচৰীয়াসকলৰ সকলো দেৱতাকে মই দণ্ড দিম। মই যিহোৱা।
Exodus 15:14 in Assamese 14 লোক সকলে শুনিব আৰু তেওঁলোক কঁপি উঠিব; ফিলিষ্টীয়া লোকসকলক ত্ৰাসে বেৰি ধৰিছে।
Deuteronomy 33:26 in Assamese 26 মোচিয়ে ক’লে, “হে যিচুৰূণ, ঈশ্বৰৰ তুল্য কোনো নাই; তোমালোকৰ সহায়ৰ কাৰণে তেওঁ নিজ গৌৰৱেৰে মেঘৰথত উঠি আকাশ পথত অহা যোৱা কৰে।
Joshua 2:9 in Assamese 9 আৰু তাই সেই মানুহ কেইজনক ক’লে, “মই জানিলো যে, যিহোৱাই তোমালোকক এই দেশ দিলে আৰু তোমালোকৰ পৰা আমি ত্ৰাসিত হৈছোঁ৷ আটাই দেশনিবাসীয়ে তোমালোকৰ আগত ভয়ত আতুৰ হৈ পৰিছে৷
Joshua 2:11 in Assamese 11 এই সকলোবোৰ বৃত্তান্ত শুনা মাত্ৰকে আমাৰ হৃদয়বোৰো ভয়ত আতংকিত হৈ আছে; এতিয়া তোমালোকৰ বিৰুদ্ধে যাবলৈ আমাৰ মাজত কোনো এজনৰো সাহস নাই৷ তোমালোকৰ ঈশ্ৱৰ যিহোৱা, তেৱেঁই ওপৰত থকা স্ৱর্গ আৰু তলত থকা পৃথিৱীৰ ঈশ্ৱৰ৷
Joshua 2:24 in Assamese 24 আৰু তেওঁলোকে যিহোচূৱাক ক’লে, “সঁচাকৈ ঈশ্বৰ যিহোৱাই সেই গোটেই দেশ আমাৰ হাতত সমৰ্পণ কৰিলে; আমাৰ কাৰণে দেশ-নিবাসী আটাইবোৰ লোক ভয়ত আতংকিত হৈ আছে।”
1 Samuel 5:2 in Assamese 2 তাৰ পাছত ফিলিষ্টীয়াসকলে ঈশ্বৰৰ নিয়ম- চন্দুক দাগোনৰ মন্দিৰলৈ নিলে আৰু দাগোনৰ কাষত ৰাখিলে।
Psalm 18:10 in Assamese 10 তেওঁ কৰূবত উঠি উড়ি আহিল, বায়ুৰূপ ডেউকাত উঠি শীঘ্ৰে উৰি আহিল।
Psalm 68:4 in Assamese 4 তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা; মৰুভূমিৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা; তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা।
Psalm 68:33 in Assamese 33 তোমালোকে অনাদি কালৰ পৰা অৱস্থান কৰা আকাশৰ মাজেদি ৰথত উঠি চলাচল কৰা জনাৰ উদ্দেশ্যে গান কৰা। শুনা, তেওঁৰ স্বৰ; তেওঁ উচ্চ স্বৰেৰে কথা কৈছে।
Psalm 104:3 in Assamese 3 তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা।
Psalm 104:34 in Assamese 34 তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক; মই যিহোৱাত আনন্দ কৰিম।
Isaiah 13:1 in Assamese 1 আমাচৰ পুত্ৰ যিচয়াই পোৱা বাবিলৰ বিষয়ে ঘোষণা।
Isaiah 13:7 in Assamese 7 সেই কাৰণে সকলো হাত দুৰ্ব্বল হ’ব, আৰু প্ৰত্যেক হৃদয় দ্ৰৱ হ’ব;
Isaiah 19:16 in Assamese 16 সেই দিনা, মিচৰীয়াসকল মহিলাৰ দৰে হ’ব; বাহিনীসকলৰ যিহোৱাই তেওঁলোকৰ ওপৰত হাত উঠোৱাৰ বাবে, তেওঁলোকে কঁপিব আৰু ভয় কৰিব।
Isaiah 21:9 in Assamese 9 ৰথচালকৰ সৈতে সৈন্য, আৰু যোৰকৈ অশ্বাৰোহী ইয়ালৈ আহিছে। তেওঁ চিঞঁৰী ক’লে, “বাবিল পতিত হ’ল; আৰু দেৱতাবোৰৰ সকলো মূৰ্ত্তিবোৰ ভাঙি মাটিত পৰিছে।”
Isaiah 46:1 in Assamese 1 বেল দেৱতা নত হ’ল, নবো দোঁ খালে, তেওঁলোকৰ মুৰ্ত্তিবোৰ সেইবোৰ গধুৰ হোৱা বাবে কঢ়িয়াই নিয়া জন্তুবোৰ নিম্নগামী হ’ল। এই কঢ়িয়াই নিয়া মুর্ত্তিবোৰ ভাগৰুৱা জন্তুৰ বাবে গধুৰ বোজা হ’ল।
Jeremiah 25:19 in Assamese 19 আন জাতিসমূহেও ইয়াক পান কৰিব লগীয়া হৈছিল: আৰু মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ মন্ত্ৰীসকলক, তেওঁৰ প্ৰধান লোকসকলক,
Jeremiah 43:8 in Assamese 8 তেতিয়া তহপনহেচত যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
Jeremiah 44:29 in Assamese 29 যিহোৱাই কৈছে, তোমালোকৰ অমঙ্গলৰ কাৰণেহে যে মোৰ বাক্য অৱশ্যে ফলিয়াব, তাক তোমালোকে জানিবৰ বাবে মই যে এই ঠাইত তোমালোকক দণ্ড দিম তাৰ প্ৰমাণৰ অৰ্থে এয়ে তোমালোকললৈ চিন হ’ব।’
Jeremiah 46:1 in Assamese 1 জাতিসমূহৰ বিষয়ে যিৰিমিয়া ভাববাদীৰ ওচৰলৈ অহা যিহোৱাৰ বাক্য।
Jeremiah 50:2 in Assamese 2 তোমালোকে জাতিবিলাকৰ মাজত প্ৰচাৰ কৰা, ঘোষণা কৰা আৰু ধ্বজা তোলা; গুপুতে নাৰাখিবা; কোৱা, “বাবিল হাত কৰি লোৱা হ’ল, বেলে লাজ পালে, মৰোদক ব্যাকুল হ’ল; তাৰ মুৰ্ত্তিবোৰে লাজ পালে, তাৰ প্ৰতিমাবোৰ ব্যাকুল হ’ল”।
Jeremiah 51:44 in Assamese 44 মই বাবিলত বেল দেৱতাক দণ্ড দিম আৰু সি গিলি পেলোৱা বস্তু তাৰ মুখৰ পৰা উলিয়াম; জাতিবিলাকে তাৰ ওচৰলৈ একেলগে সোঁত বোৱাদি আৰু নবব; এনে কি বাবিলৰ গড়ো পতিত হ’ব।
Ezekiel 29:1 in Assamese 1 দশম বছৰৰ, দশম মাহৰ দ্বাদশ দিনা, যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Ezekiel 30:13 in Assamese 13 প্ৰভু যিহোৱাই এই কথা কৈছে: “মই মুৰ্ত্তিবোৰো নষ্ট কৰিম আৰু নোফৰ পৰা প্ৰতিমাবোৰ লুপ্ত কৰিম। আৰু মিচৰ দেশৰ পৰা অধিপতি আৰু নোলাব, আৰু মই মিচৰ দেশত আতংক আনিম!
Joel 3:19 in Assamese 19 যিহূদাৰ সন্তানসকলক কৰা অত্যাচাৰৰ কাৰণে মিচৰ ধ্বংসস্থান হ’ব, আৰু ইদোম ধ্বংস-অৰণ্য হ’ব, কিয়নো তেওঁলোকে নিজৰ দেশতে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিলে।
Zechariah 10:11 in Assamese 11 তেওঁলোকে সঙ্কটপূৰ্ণ সমুদ্ৰৰ মাজেদি যাত্রা কৰিব; তেওঁলোকে সাগৰৰ ঢৌক প্ৰহাৰ কৰিব; আৰু নীল নদীৰ সকলো জল তেওঁলোকে শুকুৱাই পেলাব। অচূৰৰ মহত্ত্ৱ তল পেলোৱা হ’ব আৰু মিচৰৰ দণ্ডডালি তেওঁলোকৰ পৰা দূৰ কৰা যাব।
Zechariah 14:18 in Assamese 18 আৰু মিচৰীয়া গোষ্ঠী যদি উঠি আহি উপস্থিত নহয়, তেন্তে তেওঁলোকৰ ওপৰতো বৰষুণ নহ’ব; পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা জাতিক যিহোৱাই মহামাৰীৰে আঘাত কৰিব।
Matthew 26:64 in Assamese 64 যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ ক’লা; তথাপি মই তোমালোকক কওঁ, এতিয়াৰ পৰা তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু আকাশৰ মেঘত অহা দেখিবা।”
Revelation 1:7 in Assamese 7 চাওক, তেওঁ মেঘৰ সৈতে আহিছে; আটাই চকুৱে তেওঁক দেখিব, যি সকলে তেওঁক বিন্ধিলে, তেওঁলোকেও তেওঁক দেখিব; আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া ভুকুৱাব; হয়, আমেন।