Isaiah 17:3 in Assamese 3 ইফ্ৰয়িমৰ পৰা শক্তিশালী নগৰবোৰ, দম্মেচকৰ পৰা ৰাজ্য, আৰু বাহিনীসকলৰ যিহোৱাই কৈছে, অৰামৰ অৱশিষ্ট ভাগ ইস্ৰায়েলৰ সন্তানসকলৰ গৌৰৱৰ সদৃশ হ’ব।
Other Translations King James Version (KJV) The fortress also shall cease from Ephraim, and the kingdom from Damascus, and the remnant of Syria: they shall be as the glory of the children of Israel, saith the LORD of hosts.
American Standard Version (ASV) And the fortress shall cease from Ephraim, and the kingdom from Damascus, and the remnant of Syria; they shall be as the glory of the children of Israel, saith Jehovah of hosts.
Bible in Basic English (BBE) The strong tower has gone from Ephraim, and the kingdom from Damascus: the rest of Aram will come to destruction, and be made like the glory of the children of Israel, says the Lord of armies.
Darby English Bible (DBY) The fortress also shall cease from Ephraim, and the kingdom from Damascus, and the remnant of Syria: they shall be as the glory of the children of Israel, saith Jehovah of hosts.
World English Bible (WEB) The fortress shall cease from Ephraim, and the kingdom from Damascus, and the remnant of Syria; they shall be as the glory of the children of Israel, says Yahweh of Hosts.
Young's Literal Translation (YLT) And ceased hath the fortress from Ephraim, And the kingdom from Damascus, And the remnant of Aram are as the honour of the sons of Israel, The affirmation of Jehovah of Hosts!
Cross Reference 2 Kings 16:9 in Assamese 9 তেতিয়া অচূৰৰ ৰজাই তেওঁৰ কথাত মান্তি হ’ল আৰু দম্মেচকৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰি তাক জয় কৰিলে। সেই ঠাইৰ লোকসকলক বন্দী কৰি কীৰলৈ লৈ গ’ল আৰু অৰামৰ ৰজা ৰচীনক বধ কৰিলে।
2 Kings 17:6 in Assamese 6 হোচেয়াৰ ৰাজত্বৰ নৱম বছৰৰ সময়ত অচূৰৰ ৰজাই চমৰিয়া দখল কৰিলে আৰু ইস্ৰায়েলীয়াসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল। তেওঁলোকক তেওঁ হলহত, গোজনৰ নদী হাবোৰৰ পাৰত আৰু মাদীয়াসকলৰ নগৰবোৰত বাস কৰিবলৈ দিলে।
Isaiah 7:8 in Assamese 8 কাৰণ অৰামৰ নেতৃত্বত দম্মেচক আৰু দম্মেচকৰ নেতৃত্বত ৰচীন। পয়শষ্টি বছৰৰ ভিতৰত ইফ্ৰয়িম ভাগি ডোখৰ ডোখৰ হ’ব আৰু কোনো লোক নাথাকিব।
Isaiah 7:16 in Assamese 16 কিয়নো ল’ৰাটিয়ে বেয়াক অগ্ৰাহ্য আৰু ভালক গ্ৰহণ কৰিবলৈ জনাৰ আগতেই, তুমি যি দেশৰ দুজন ৰজালৈ ভয় কৰিছা, সেই দেশ পৰিত্যক্ত হ’ব।
Isaiah 8:4 in Assamese 4 কাৰণ লৰাটিয়ে মোৰ মা, আৰু মোৰ দেউতা, বুলি মাতিবলৈ জনাৰ পূৰ্বেই, দম্মেচকৰ ধন-সম্পত্তি আৰু চমৰীয়াৰ লুটদ্ৰব্য ৰজা অচূৰৰ দ্বাৰাই কঢ়িয়াই নিয়া হ’ব।”
Isaiah 10:9 in Assamese 9 কলনো জানো কৰ্কমীচৰ দৰে নহয় নে? হমাৎ অৰ্পদৰ দৰে নহয় নে? চমৰীয়া জানো দম্মেচকৰ দৰে নহয় নে?
Isaiah 16:14 in Assamese 14 পুনৰ যিহোৱাই কৈছে, “তিনি বছৰৰ ভিতৰত মোৱাবৰ গৌৰৱ দূৰ কৰা হ’ব; তেওঁৰ অনেক লোকৰ ওপৰিও, তেওঁৰ অৱশিষ্ট ভাগ অতি ক্ষুদ্ৰ আৰু নগণ্য হ’ব।
Isaiah 17:4 in Assamese 4 সেই দিনা এই দৰে হ’ব যাকোবৰ গৌৰৱ অতি দুৰ্ব্বল হ’ব, আৰু তাৰ হৃষ্টপুষ্ট শৰীৰ ক্ষীণ হ’ব।
Isaiah 28:1 in Assamese 1 ইফ্ৰয়িমৰ মতলীয়াসকলৰ অহঙ্কাৰৰ ৰাজমুকুট, আৰু দ্ৰাক্ষাৰসেৰে পৰাজিত হোৱাসকলৰ উৰ্ব্বৰা উপত্যাকৰ মূৰত থকা জয় পৰা সুন্দৰ ভূষণস্বৰূপ ফুলৰ সন্তাপ হ’ব।
Hosea 1:4 in Assamese 4 তেতিয়া যিহোৱাই হোচেয়াক ক`লে, “তুমি সেই ল’ৰাৰ নাম যিজ্ৰিয়েল (ঈশ্বৰে ৰোপণ কৰে) ৰাখা; কিয়নো কিছু সময়ৰ ভিতৰত যিজ্ৰিয়েল নগৰত যেহূৱে কৰা ৰক্তপাতৰ কাৰণে মই যেহূৰ বংশক দণ্ড দিম আৰু মই ইস্ৰায়েল-বংশৰ ৰাজ্য শেষ কৰি দিম।
Hosea 1:6 in Assamese 6 পাছত গোমৰ পুনৰায় গৰ্ভৱতী হৈ এজনী ছোৱালী প্ৰসৱ কৰিলে; তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি ছোৱালীজনীৰ নাম লো-ৰুহামা (দয়াৰ পাত্র নহয়) ৰাখা ; কিয়নো ইস্ৰায়েলৰ লোক সকলক মই পুনৰায় দয়া নকৰিম, তেওঁলোকক কোনোমতেই ক্ষমা নকৰিম।
Hosea 3:4 in Assamese 4 কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব।
Hosea 5:13 in Assamese 13 ইফ্ৰয়িমে নিজৰ অসুস্থতা দেখা পালে, আৰু যিহূদাই নিজৰ আঘাত দেখা পালে; সেয়ে ইফ্ৰয়িমে অচুৰীয়াৰ ওচৰলৈ সহায়ৰ বাবে গ’ল; মহাৰাজৰ ওচৰলৈ লোক পঠাই বার্তা প্রেৰণ কৰিলে; কিন্তু মহাৰাজে তোমাক আৰোগ্য কৰিব নোৱাৰিব; তেওঁ তোমাৰ আঘাত নিৰাময় কৰিব নোৱাৰিব।
Hosea 8:8 in Assamese 8 ইস্ৰায়েলক গ্ৰাস কৰা হ’ল; তেওঁলোক এতিয়া বিভিন্ন জাতিবোৰৰ মাজত এক অৱহেলিত পাত্রৰ নিচিনাকৈ আছে।
Hosea 9:11 in Assamese 11 ইফ্ৰয়িমৰ বিষয়ে হ’লে, চৰাইৰ নিচিনাকৈ তেওঁলোকৰ গৌৰৱ দূৰলৈ উড়ি যাব; তেতিয়া সন্তানৰ জন্ম নহ’ব, কোনো গর্ভৱতী নহ’ব আৰু কোনেও গৰ্ভধাৰণো নকৰিব।
Hosea 9:16 in Assamese 16 ইফ্ৰয়িমক আহত কৰা হৈছে, তেওঁলোকৰ শিপা শুকাই গৈছে, তেওঁলোকে কোনো ফল উৎপন্ন নকৰিব; তেওঁলোকৰ সন্তান জন্ম হ’লেও, মই তেওঁলোকৰ গৰ্ভৰ প্রিয় সন্তানবোৰক মাৰি পেলাম।”
Hosea 10:14 in Assamese 14 সেই কাৰণে তোমাৰ লোকসকলৰ মাজত যুদ্ধৰ কোলাহল উঠিব, তোমালোকৰ সকলো দুর্গবোৰ বিনষ্ট হ’ব। যেনেকৈ চলমনে যুদ্ধৰ দিনা বৈৎ-অৰ্বেলক ধ্বংস কৰিছিল। সেই সময়ত ল’ৰা-ছোৱালীবোৰৰ সৈতে মাকসকলক আছাৰি ছিৰা-ছিৰ কৰা হৈছিল।
Hosea 13:7 in Assamese 7 সেই কাৰণে মই তেওঁলোকৰ ওপৰত সিংহৰ দৰেই হ’ম; নাহৰ-ফুটুকী বাঘৰ নিচিনাকৈ বাটত খাপ দি থাকিম।
Hosea 13:15 in Assamese 15 ইফ্ৰয়িমে তেওঁৰ ভাইসকলৰ মাজত সফলতা লাভ কৰিলেও, যিহোৱাৰ পৰা এক প্রৱল পূবৰ বতাহ আহিব, মৰুভূমিৰ পৰা বৈ আহিব; ইফ্রয়িমৰ জুৰিবোৰ শুকাই যাব আৰু কুঁৱাত পানী নোহোৱা হ’ব; শত্ৰুৱে তেওঁৰ ভঁৰালৰ সকলো মূল্যৱান বস্তু লুট কৰি নিব।
Amos 2:6 in Assamese 6 যিহোৱাই এই কথা কৈছে: “ইস্ৰায়েলৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কাৰণ তাৰ লোকসকলে ৰূপৰ বিনিময়ত সৎ লোকক আৰু এযোৰ জোতাৰ বিনিময়ত দৰিদ্ৰক বিক্রি কৰে।
Amos 3:9 in Assamese 9 তোমালোকে অচদোদ আৰু মিচৰৰ সকলো দুর্গৰ লোকসকলৰ ওচৰত প্ৰচাৰ কৰি কোৱা, ‘তোমালোকে চমৰিয়াৰ পৰ্ব্বতবোৰৰ ওপৰত গোট খোৱা; চোৱা, তাৰ মাজত কিমান বিশৃঙ্খল হৈছে! লোকসকলৰ মাজত কিমান অত্যাচাৰ হৈছে’!”
Amos 5:25 in Assamese 25 হে ইস্ৰায়েল-বংশ, মৰুপ্রান্তৰত চল্লিশ বছৰ তোমালোকে মোৰ উদ্দেশ্যে জানো কোনো বলি আৰু নৈবেদ্য আনিছিলা?
Amos 6:7 in Assamese 7 গতিকে বন্দী হৈ অন্য দেশলৈ যাব লগা সকলৰ মাজত এইসকলেই প্রথমে দেশান্তৰিত হ’ব; তেতিয়া ভোগবিলাসত আৰামেৰে থকাসকলৰ চিঞৰ-বাখৰ নাইকিয়া হ’ব।
Amos 8:14 in Assamese 14 যিসকলে চমৰিয়াৰ পাপৰ শপত খাই কয়, ‘হে দান, তোমাৰ জীৱন্ত দেৱতাৰ শপত’ নাইবা কয়, ‘বেৰ-চেবাৰ জীৱন্ত দেৱতাৰ শপত’ তেওঁলোক পতিত হ’ব; পুনৰায় কেতিয়াও নুঠিব।
Micah 1:4 in Assamese 4 জুইৰ তাপত মম গলাৰ দৰে পৰ্ব্বতবোৰ তেওঁৰ আগত পমি যাব, এঢলীয়া ঠাইৰ পৰা যেনেকৈ পানী ঢালিলে তললৈ বৈ আহে তেনেকৈ তেওঁৰ আগত উপত্যকাবোৰ ভাঙি ছিন্ন ভিন্ন হৈ যাব।