Isaiah 17:10 in Assamese 10 কাৰণ তোমালোকে তোমালোকৰ পৰিত্ৰাণকৰ্ত্তা ঈশ্বৰক পাহৰিলা, আৰু তোমালোকৰ বলস্বৰূপ শিলালৈ অৱহেলা কৰিলা; সেয়ে তোমালোক আনন্দদায়ক পুঁলিবোৰ ৰোপন কৰা, আৰু অদ্ভুত শেলুৱইবোৰ আঁতৰোৱা;
Other Translations King James Version (KJV) Because thou hast forgotten the God of thy salvation, and hast not been mindful of the rock of thy strength, therefore shalt thou plant pleasant plants, and shalt set it with strange slips:
American Standard Version (ASV) For thou hast forgotten the God of thy salvation, and hast not been mindful of the rock of thy strength; therefore thou plantest pleasant plants, and settest it with strange slips.
Bible in Basic English (BBE) For you have not given honour to the God of your salvation, and have not kept in mind the Rock of your strength; for this cause you made a garden of Adonis, and put in it the vine-cuttings of a strange god;
Darby English Bible (DBY) For thou hast forgotten the God of thy salvation, and hast not been mindful of the rock of thy strength; therefore shalt thou plant pleasant plantations, and shalt set them with foreign slips:
World English Bible (WEB) For you have forgotten the God of your salvation, and have not been mindful of the rock of your strength; therefore you plant pleasant plants, and set it with strange slips.
Young's Literal Translation (YLT) Because thou hast forgotten the God of thy salvation, And the rock of thy strength hast not remembered, Therefore thou plantest plants of pleasantness, And with a strange slip sowest it,
Cross Reference Leviticus 26:16 in Assamese 16 তেন্তে তোমালোকে এনে কৰাত মইও তোমালোকলৈ এইদৰে আচৰণ কৰিম: মই তোমালোকৰ ওপৰত চকু নাশকাৰী আৰু প্ৰাণ ক্ষয়কাৰী ব্যাকুলতা, যক্ষ্মাৰোগ আৰু পোৰণি জ্বৰ নিৰূপণ কৰিম; আৰু তোমালোকে মিছায়ে গুটি ববা; কিয়নো তোমালোকৰ শত্ৰুৱে সেইবোৰ খাব।
Leviticus 26:20 in Assamese 20 তাতে তোমালোকৰ পৰিশ্ৰম বিফল হ’ব; কিয়নো তোমালোকৰ ভুমিয়ে শস্য উৎপন্ন নকৰিব; আৰু দেশৰ গছবোৰত গুটি নালাগিব।
Deuteronomy 6:12 in Assamese 12 কিন্তু সাৱধান হ’ব, আপোনালোকে যিহোৱাক যেন পাহৰি নাযায়, যি জনে আপোনালোকক মিচৰ দেশৰ দাসত্বৰ বন্ধনগৃহৰ পৰা বাহিৰ কৰি আনিলে।
Deuteronomy 8:11 in Assamese 11 আপোনালোক সাৱধান হ’ব; আজি মই আপোনালোকক তেওঁৰ যি সকলো আজ্ঞা, নির্দেশ আৰু শাসন-প্রণালীবোৰ দিছো, সেইবোৰ যেন অমান্য কৰি আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি নাযাব।
Deuteronomy 8:14 in Assamese 14 তেতিয়া আপোনালোকৰ হৃদয় অহঙ্কাৰী হৈ উঠিব আৰু যি জনে আপোনালোকক মিচৰ দেশৰ বন্দীগৃহৰ পৰা উলিয়াই আনিলে আপোনালোকৰ সেই ঈশ্বৰ যিহোৱাক আপোনালোকে পাহৰি যাব।
Deuteronomy 8:19 in Assamese 19 আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈ আন দেৱতাবোৰৰ পাছত চলে আৰু সেইবোৰৰ সেৱা-পূজা কৰে, তেন্তে আজি মই আপোনালোকৰ বিৰুদ্ধে এই কথা নিশ্চয় কৰি কৈছো যে, আপোনালোক ধ্বংস হৈ যাব।
Deuteronomy 28:30 in Assamese 30 আপোনালোকৰ কোনো ছোৱালী বাগদত্তা হ’ব, কিন্তু আন পুৰুষে তাইৰ লগত শয়ন কৰিব; আপোনালোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব; আৰু দ্ৰাক্ষাবাৰী পাতিব, কিন্তু তাৰ গুটি ভোগ কৰিবলৈ নাপাব।
Deuteronomy 28:38 in Assamese 38 আপোনালোকে খেতিলৈ অধিক বীজ লৈ যাব, কিন্তু গোটাব অলপহে ; কিয়নো কাকতি ফৰিঙে তাক বিনষ্ট কৰিব।
Deuteronomy 32:4 in Assamese 4 তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত, তেওঁৰ সকলো পথ ন্যায়, তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে; তেওঁ ন্যায়বান আৰু সৎ।
Deuteronomy 32:15 in Assamese 15 যাকোবে হৃষ্ট-পুষ্ট হৈ খালে; কিন্তু যিচুৰূণৰ চর্বি বাঢ়িল আৰু লাথ মাৰিলে; হে যিচুৰূণ, তুমি মেদযুক্ত, স্থূলকায় আৰু মসৃণ হ’লা; তাৰ পাছত তেওঁ নিজৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক ত্যাগ কৰিলে, আৰু নিজৰ পৰিত্ৰাণৰ শিলাক অগ্রাহ্য কৰিলে।
Deuteronomy 32:18 in Assamese 18 যি ঈশ্বৰে তোমালোকক জন্ম দিলে তোমালোকৰ পিতৃ হ’ল, তোমালোকে সেই শিলাক অগ্রাহ্য কৰিলা, তোমালোকৰ জন্মদাতা ঈশ্বৰক তোমালোকে পাহৰিলা;
Deuteronomy 32:31 in Assamese 31 শত্রুৰ শিলা আমাৰ শিলাৰ নিচিনা নহয়; আমাৰ শত্ৰুবোৰেও এইদৰে স্বীকাৰ কৰে।
1 Chronicles 16:35 in Assamese 35 আৰু কোৱা, “হে আমাৰ উদ্ধাৰকৰ্তা ঈশ্ৱৰ, আমাক উদ্ধাৰ কৰা। তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিবলৈ, তোমাৰ প্ৰশংসাত জয়-ধ্বনি কৰিবলৈ; আমাক একলগ কৰি আন জাতিবোৰৰ পৰা আমাক উদ্ধাৰ কৰা। যাতে আমি আপোনাৰ পবিত্র নামত ধন্যবাদ কৰিব পাৰো আৰু আপোনাৰ প্রশংসাত মহিমা কৰিব পাৰো।
Psalm 9:17 in Assamese 17 যি জাতিয়ে ঈশ্বৰক পাহৰি যায়, তেনে দুষ্টবোৰৰ মৃত্যু হ’ব আৰু চিয়োললৈ (মৈদামলৈ) ঘূৰি যাব;
Psalm 18:2 in Assamese 2 যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা; তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতে আশ্ৰয় লৈছোঁ; তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ আশ্রয়স্থান।
Psalm 31:2 in Assamese 2 মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা; মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয়-শিলা হোৱা, মোৰ দৃঢ় কোঁঠ হোৱা।
Psalm 65:5 in Assamese 5 তোমাৰ ধার্মিকর্তাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা; ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা; পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি; সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকাসকলৰো।
Psalm 68:19 in Assamese 19 প্রতিদিনে আমাৰ বোজা বহন কৰা যিহোৱা ধন্য; তেৱেঁই আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ। (চেলা)
Psalm 79:9 in Assamese 9 হে আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ, তোমাৰ নামৰ গৌৰৱৰ কাৰণে আমাক সহায় কৰা; তোমাৰ নামৰ কাৰণে আমাক উদ্ধাৰ কৰা আৰু আমাৰ পাপবোৰ ক্ষমা কৰা।
Psalm 85:4 in Assamese 4 হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুনৰ উদ্ধাৰ কৰা; আমাৰ প্রতি থকা তোমাৰ ঘৃণামিশ্রিত ক্ৰোধ দূৰ কৰা।
Psalm 106:13 in Assamese 13 কিন্তু তেওঁৰ কার্যবোৰৰ কথা তেওঁলোকে শীঘ্ৰেই পাহৰিলে; তেওঁলোকে তেওঁৰ পৰামৰ্শলৈ বাট নাচালে;
Psalm 106:21 in Assamese 21 তেওঁলোকৰ উদ্ধাৰকর্তা ঈশ্বৰক তেওঁলোকে পাহৰি গ’ল, যি জনাই মিচৰত অনেক মহৎ কাৰ্য্য কৰিছিল;
Isaiah 12:2 in Assamese 2 চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।”
Isaiah 26:4 in Assamese 4 তোমালোকে চিৰকাললৈকে যিহোৱাত ভৰসা কৰা; কিয়নো যিহোৱা চিৰস্থায়ী শিলা।
Isaiah 51:13 in Assamese 13 যি জনাই আকাশ-মণ্ডল বিস্তাৰ কৰিলে, আৰু পৃথিবীৰ মূল স্থাপন কৰিলে, তোমালোকৰ সেই নিৰ্ম্মাণকৰ্ত্তা যিহোৱাক কিয় পাহৰিছা ? কাৰণ যেতিয় অতি ক্রোধত অত্যাচাৰীয়ে ধ্বংস কৰিবলৈ সিদ্ধান্ত লয়, তেতিয়া প্রতিদিনে তোমালোক অবিৰাম ভাবে আতঙ্কত থাকা। সেই অত্যাচাৰীসকলৰ ক্ৰোধ ক’ত ?
Isaiah 65:21 in Assamese 21 তেওঁলোকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব।
Jeremiah 2:32 in Assamese 32 যুৱতিয়ে জানো নিজৰ অলঙ্কাৰ বা কন্যাই জানো নিজৰ পিন্ধা সাজ পাহৰিব পাৰে? কিন্তু মোৰ প্ৰজাসকলে অসংখ্য দিন মোক পাহৰি আছে।
Jeremiah 12:13 in Assamese 13 তেওঁবিলাকে ঘেঁহু বৈ কাঁইট দালে। তেওঁলোকে দুখ কৰিও একো উপকাৰ নাপালে; তোমালোকে যিহোৱা প্ৰচণ্ড ক্ৰোধৰ কাৰণে নিজ নিজ ফলৰ বিষয়ে লজ্জিত হোৱা।
Jeremiah 17:13 in Assamese 13 যিহোৱাই ইস্ৰায়েলৰ আশা-ভুমি। যিসকলে তোমাক ত্যাগ কৰে, তেওঁলোক সকলোৱেই লজ্জিত হব; যিসকলে সেই ঠাইত তোমাৰ পৰা আঁতৰি যায় তেওঁলোক বঞ্চিত হ’ব। কিয়নো তেওঁলোকে জীৱিত জলৰ ভুমুকস্বৰূপ যিহোৱাক ত্যাগ কৰিলে।
Hosea 2:13 in Assamese 13 তাই যিমান দিন ধৰি বাল দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছিল, নথ (মহিলাসকলে নাকত পিন্ধা অলঙ্কাৰ) আৰু অলঙ্কাৰেৰে সৈতে নিজকে ভূষিত কৰি প্ৰেমিকসকলৰ পাছত গৈ মোক পাহৰি গৈছিল, সিমান দিনৰ বাবে মই তাইক শাস্তি দিম। যিহোৱাই এই কথা কৈছে।
Hosea 4:6 in Assamese 6 জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলো। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে মইও তোমালোকৰ সন্তানসকলক পাহৰি যাম।
Hosea 8:14 in Assamese 14 ইস্ৰায়েলে মোক, তেওঁলোকৰ সৃষ্টিকৰ্ত্তাক পাহৰি গৈ ডাঙৰ ডাঙৰ ৰাজগৃহ নির্মাণ কৰিলে; যিহূদাই অনেক নগৰ গড়েৰে আবৃত কৰিলে; কিন্তু মই তেওঁৰ নগৰবোৰৰ ওপৰত জুই বর্ষাম; তাতে তেওঁৰ সকলো কোঁঠ জুইয়ে পুৰি গ্ৰাস কৰিব।
Hosea 13:6 in Assamese 6 মই তোমাৰ লোকসকলক খুউৱাৰ পাছত তেওঁলোক তৃপ্ত হ’ল, তৃপ্ত হৈ তেওঁলোক অহংকাৰী হ’ল; সেয়ে তেওঁলোকে মোক পাহৰিলে।
Amos 5:11 in Assamese 11 তোমালোকে দুখীয়াক অত্যাচাৰেৰে গছকি বলেৰে ঘেঁহু ধান আদায় কৰা। সেয়ে যদিও তোমালোকে কটা-শিলৰ ডাঙৰ ঘৰ তৈয়াৰ কৰিলা, তথাপিও তোমালোকে তাত বাস বাস কৰিবলৈ নাপাবা; মনোহৰ দ্ৰাক্ষাবাৰী পাতিলেও, তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাবা ।
Habakkuk 3:18 in Assamese 18 তথাপিও মই যিহোৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰত মই উল্লাস কৰিম।
Zephaniah 1:13 in Assamese 13 তেওঁলোকৰ সম্পদ লুট কৰা হ’ব, তেওঁলোকৰ ঘৰ-বাৰীবোৰ ধ্বংসস্থান হ’ব; এনে কি, তেওঁলোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব; দ্ৰাক্ষাবাৰী পাতিব, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাব।